Thursday, December 30, 2010

ভাষা স্থানীয়কৰণ এক সন্মানজনক বৃত্তি

                আজিৰ পৰা বিশ বছৰৰ আগতে localization (স্থানীয়কৰণ) এটা বৃত্তি আৰু উদ্যোগ হিচাপে আমাৰ মাজত প্ৰচলিত নাছিল৷ আনকি চফ্টৱেৰ প্ৰকাশকসকলে ইয়াৰ বিষয়ে কোনো ধৰণৰ গুৰুত্বই দিয়া নাছিল৷ 1980 চন মানৰ পৰা কিছুমান চফ্টৱেৰ প্ৰকাশকে স্থায়ী-অস্থায়ীভাৱে কিছুমান ব্যক্তিক নিয়োগ কৰি নিৰ্দিষ্ট কিছুমান ভাষাত তেওঁলোকৰ উত্পাদিত দ্ৰব্যসমূহ অনুবাদ কৰিছিল৷ একাধিক ভাষালৈ (multilingual) অনুবাদ কৰিবলৈ তেওঁলোকৰ হাতত কোনো অনুবাদক নাছিল৷ কিন্তু 1980 চনৰ মধ্যম কালত প্ৰথম multi-language vendors (MLVs) স্থাপন কৰা হয়৷ সেইসময়তে INK (এতিয়া Lionbridge), IDOG (এতিয়া Bowne) আদিৰ দৰে নতুন কোম্পানীসমূহে বিভিন্ন ভাষাত কাৰিকৰী নথিপত্ৰ আৰু চফ্টৱেৰ অনুবাদ কৰাক বিশেষভাৱে গুৰুত্ব দিয়ে৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে 1990 চন মানৰ পৰা localization প্ৰায়বিলাক সফল ভাষা উদ্যোগতে সাধাৰণভাৱে ব্যৱহৃত এটা শব্দত পৰিণত হৈ পৰে৷ ইণ্টাৰনেটৰ জনপ্ৰিয়তাৰ লগে লগে চফ্টৱেৰ প্ৰকাশকসকলে তেওঁলোকৰ উত্পাদিত সামগ্ৰীসমূহ আন্তঃৰাষ্ট্ৰীয়কৰণ কৰাৰ লগতে, সাধাৰণ মানুহৰ মাজলৈকো লৈ যোৱাৰ কথা অনুভৱ কৰে৷ বিশেষকৈ চফ্টৱেৰ, দ্ৰব্য নথিভুক্তকৰণ, বিজ্ঞাপন আৰু ই-ব্যাণিজ্যিক ক্ষেত্ৰসমূহত localization বৃত্তি হিচাপে এটা নতুন পৰিচয় বহন কৰিছে৷ বৰ্তমান ভাৰতবৰ্ষতে একাধিক এনে ভাষা-অনুবাদ কৰা উদ্যোগ গঢ়ি উঠিছে৷ ইয়াৰে বেছিভাগ উদ্যোগে বাহিৰত থাকি কাম কৰা ব্যক্তি (freelancer)-ৰ হতুৱাই কাম কৰাই যদিও স্থায়ী কৰ্মচাৰী ৰাখিও কাম কৰা দুই এটা কোম্পানী আছে৷
             Translation (অনুবাদ) localization (স্থানীয়কৰণ)-ৰ প্ৰায় সমসাময়িক শব্দ হ'লেও অৰ্থ আৰু ইয়াৰ কাৰ্য্য পদ্ধতিৰ ফালৰ পৰা দুয়োটাৰ মাজৰ প্ৰভেদ আছে৷ বৰ্তমান সময়ত মাইক্ৰ'চফ্টৰ বিভিন্ন অপাৰেটিং চিষ্টেমসমূহ বিভিন্ন স্থানীয় ভাষাত অনুবাদ কৰা দেখা পোৱা গৈছে৷ ইয়াৰ বিভিন্ন সংলাপ বাকচসমূহ, বিভিন্ন আইকনসমূহ, সহায় তথ্যসমূহ আদি সকলো অংশ localization প্ৰক্ৰিয়াৰে কৰা হৈছে৷ প্ৰধানতঃ localization প্ৰক্ৰিয়াত এটা নিদিষ্ট পৰিৱেশত খাপ খাব পৰাকৈ কোনো পাঠ (বিভিন্ন চফ্টৱেৰ প্ৰ'গ্ৰাম) অনুবাদ কৰা হয়৷ এই নিৰ্দিষ্ট পৰিৱেশটোকেই ক'ব পাৰি "locale" বা "স্থানীয়", এই ক্ষেত্ৰত উদাহৰণ স্বৰূপে অসমীয়াভাষী কম্পিউটাৰ ব্যৱহাৰকাৰী এজনে অসমীয়াতে তেওঁৰ নিজৰ কম্পিউটাৰটো ব্যৱহাৰ কৰিব পাৰে৷ এতিয়া প্ৰধান কথা হ'ল কিয় এই নতুন "locale" বা "স্থানীয়" শব্দটো ব্যৱহাৰ কৰা হ'ল? প্ৰথম কাৰণ হ'ল ই স্থানীয়কৰণ উদ্যোগসমূহৰ পৰা আহিছে৷ কিন্তু এই স্থানীয় শব্দটোৱে সাধাৰণ অৰ্থত ব্যৱহাৰ কৰা অৰ্থতকৈ কিছু বিস্তৃত ৰূপ পৰিগ্ৰহণ কৰে৷ The Localization Industry Standards Association (LISA)- ৰ মতে "Localization involves taking a product and making it linguistically and culturally appropriate to the target locale (country/region and language) where it will be used and sold."  এটা স্থানীয়কৰণ উদ্যোগত সাধাৰণতে তলত উল্লেখ কৰা কাৰ্য্যকাৰিতাসমূহ দেখা যায়৷
(ক) প্ৰকল্প পৰিচালনা
(খ) চফ্টৱেৰৰ অনুবাদ আৰু ইঞ্জিনিয়াৰিং
(গ) অনলাইন সহায় বা ৱেব সমলৰ অনুবাদ, ইঞ্জিনিয়াৰিং আৰু সমীক্ষা
(ঘ) বিভিন্ন নথিপত্ৰৰ অনুবাদ আৰু ডি.টি.পি
(ঙ) মাল্টিমিডিয়া আৰু কম্পিউটাৰ আধাৰিত উপাদানসমূহৰ অনুবাদ (স্থানীয়কৰণ)
(চ) স্থানীয়কৰণ কৰা চফ্টৱেৰ বা ৱেব প্ৰয়োগ (application)-ৰ কাৰ্য্যকাৰিতা

প্ৰশ্ন হয় ভাষা অনুবাদ কৰা উদ্যোগসমূহে অনুবাদৰ ক্ষেত্ৰত Translation (অনুবাদ) শব্দটোৰ পৰিৱৰ্তে localization (স্থানীয়কৰণ) শব্দটো কিয় ব্যৱহাৰ কৰিব লগা হ'ল৷ কিছুমান ব্যক্তিৰ মতে ইয়াৰ কাৰণ হ'ল- পূৰ্বতে বিভিন্ন অনুবাদৰ ক্ষেত্ৰত সকলো শব্দ, দ্ৰব্যকে নিৰ্দিষ্ট ভাষাটোলৈ অৰ্থগত অনুবাদ কৰি দিয়াৰ ফলত কিছুমান শব্দ আৰু অৰ্থৰ ক্ষেত্ৰত এটা হাস্যকৰ পৰিৱেশ দেখা দিছিল৷ যাৰ বাবে গোটেই বিষয়বস্তুটোৱেই ৰম্য-ৰচনাৰ শাৰীলৈ গতি কৰিছিল৷ এই ক্ষেত্ৰত প্ৰধান সমস্যা হৈ দেখা দিছিল ইণ্টাৰনেট আৰু কম্পিউটাৰত ব্যৱহৃত বিভিন্ন নতুন নতুন শব্দৰ অনুবাদৰ ক্ষেত্ৰত৷ কম্পিউটাৰ, ম'বাইল আদিত ব্যৱহাৰ কৰা অনেক শব্দই সাধাৰণ মানুহৰ মাজত প্ৰচলিত হৈ পৰে আৰু তেনে বহু শব্দই স্থানীয় ভাষাটোৰ মাজত নিগাজিকৈ স্থান লাভ কৰে৷ তেনে শব্দবোৰক অনুবাদ কৰি মানুহৰ মাজত প্ৰচাৰ কৰিলে কিছু অসুবিধাৰ সৃষ্টি হয়৷ চফ্টৱেৰ প্ৰকাশকসকলৰ মূল উদ্দেশ্য হৈছে পৃথিৱীৰ চুকে-কোণে তেওঁলোকৰ উত্পাদিত সামগ্ৰী বিক্ৰী কৰা৷ সেয়ে তেওঁলোকে স্থানীয় ভাষালৈ তেওঁলোকৰ উত্পাদিত সামগ্ৰীসমূহৰ নিৰ্দেশাৱলীসমূহ অনুবাদ কৰাই সাধাৰণ মানুহক জনাব বিচাৰে৷ এই ক্ষেত্ৰত তেওঁলোকে অনুবাদৰ দ্বাৰা নতুন শব্দ সৃষ্টি কৰাতকৈ স্থানীয় ভাষাটোত প্ৰচলিত শব্দৰ ওপৰত অধিক গুৰুত্ব দিয়ে৷
                বৰ্তমানসময়ত ভাষা স্থানীয়কৰণ এটা অতি লাভজনক উদ্যোগত পৰিণত হৈছে৷ এটা কম্পিউটাৰত ইণ্টাৰনেট সংযোগ কৰি ঘৰতে এজন ব্যক্তিয়ে এনে কাম হাতত ল'ব পাৰে৷ কিন্তু ইয়াৰ বাবে ব্যক্তিজন স্থানীয় হোৱা অতি প্ৰয়োজন৷ কম্পিউটাৰৰ, বিভিন্ন অনুবাদ সঁজুলি, পৰিভাষিক শব্দাৱলীৰৰ জ্ঞানৰ লগতে ভাষা-সাহিত্য-সংস্কৃতি দিশৰো জ্ঞানৰ অতি প্ৰয়োজন৷ তেনে পাৰ্গত এজন ব্যক্তিৰ পৰাহে আমি ভাল অনুবাদ আশা কৰিব পাৰোঁ৷ আমি ওপৰত ভাষা স্থানীয়কৰণক এক সন্মানজনক বৃত্তি বুলি কৈছোঁ কাৰণ এটা বিদেশী ভাষাক স্থানীয় ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত অনুবাদ কৰা ব্যক্তিজন সচেতন নহ'লে ভাষাটো বিকৃত ৰূপত প্ৰকাশ হ'ব পাৰে৷ এজন অনুবাদকৰ ওপৰতে এটা ভাষাৰ ভৱিষ্যত বহুখিনি নিৰ্ভৰ কৰে৷

Tuesday, December 28, 2010

ভাৰতীয় ৰাজনীতিত বাৰ্ধক্যৰ অৱসাদ

            ৰাজনীতিয়েই হয়টো এনে এটা ব্যৱস্থা য'ত বয়সৰ কোনো সীমা নাই৷ বিশেষকৈ ভাৰতীয় ৰাজনৈতিক দৃশ্যপটলৈ লক্ষ্য কৰিলে দেখা যায় যে জননেতাসকলৰ বয়স যিমানেই বেছি হয় সিমানেই ক্ষমতাৰ প্ৰতি অধিক লালায়িত হৈ উঠে৷ বাৰে বাৰে ভৰি, হাত, ককাল আৰু হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি থাকিও তেওঁলোক যেন ভাগৰি নপৰে৷ কিন্তু পৃথিৱীৰ অন্যান্য দেশসমূহলৈ চালে দেখা যায় যে ৰাজনৈতিক ক্ষেত্ৰত দপদপাই থকা ব্যক্তিসকলৰ অধিকাংশই 50 বছৰৰ তলৰ একো একোজন সক্ষম নেতা৷ 
           ভাৰতীয় গণতন্ত্ৰত সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে অৱসৰৰ সৰ্বাধিক সীমা 60 বছৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে৷ এজন চৰকাৰী কৰ্মচাৰীয়ে হয়টো 60 পিছত নিজৰ কৰ্তব্য সুকলমে সমাধান কৰিব নোৱাৰিব বুলি ভাবিয়েই এনে বিধান তৈয়াৰ কৰা হৈছে৷ কিন্তু এনে নীতি ভাৰতীয় ৰাজনৈতিক নেতাসকলৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য নহয় সেয়া অতি চিন্তনীয় বিষয়৷  

চিকিৎসা শাস্ত্ৰৰ মতেও বয়সৰ লগে লগে মানুহৰ স্মৃতি শক্তি ধৰি ৰখা কোষসমূহ লাহে লাহে মৰি আহে৷ 65 বছৰৰ পিছত এলজাইমাৰ(Alzheimer)-ৰ দৰে ৰোগৰো সৃষ্টি হয়৷ কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈকে সকলোৰে বয়স 70 বছৰৰ ওপৰত৷ এনে ক্ষেত্ৰত এইসকল বক্তিয়ে দেশৰ অতি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰত কি দৰে উচিত পদক্ষেপ ল'ব পাৰিব তাক ভাবিবলগীয়া৷ ড. মনমোহন সিং মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত ড. সিংৰ বয়সেই   আটাইটকৈ বেছি৷ আনহাতে বয়সৰ সৰ্বাধিক গড়মান হৈছে 66.90%৷

                 সাধাৰণতে দেখা যায় যে যিসকল যুৱনেতাই ইতিমধ্যে ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ আধিপত্য দখল কৰিছে সেইসকলেও বৰ্ষীয়ান নেতাসকলক সকলো কামৰ ক্ষেত্ৰত আগবঢ়াই দিয়ে৷ আকৌ কেতিয়াবা কোনো যুবনেতাই নিজকে প্ৰাৰ্থীত্বৰ প্ৰতি মত আগবঢ়ালে পৌঢ় নেতাসকলে 'লেংমৰাৰ ৰাজনীতি' কৰিছে বুলি মত আগবঢ়াই৷ তেতিয়া তেওঁলোকে কিমান বছৰৰ পৰা দলটোৰ প্ৰতি সেৱা আগবঢ়াই আছে তাক হাইকামাণ্ডৰ ওচৰত প্ৰকাশ কৰি নিজকে যোগ্যতাৰ তুলাচনীত তোলে৷ অথচ এনে বৃহত সংখ্যক নেতাই সাংসদৰ অধিৱেশনত কি হৈছে তাক নাজানি টোপনিয়াই থাকে৷

              আচলতে বিকশিত ভাৰতবৰ্ষৰ সপোন দেখা বেচি সংখ্যক নেতাৰেই দুচকুত এতিয়া ছানি পৰিছে৷ খোলা চকুৰে সপোন দেখিবলৈ হ'লে এটা সতেজ মনৰ প্ৰয়োজন৷ কিন্তু ভাৰতীয় ৰাজনীতিত যেন এতিয়া চাৰিওফালে মাথো বাৰ্ধক্য অৱসাদে আৱৰি ধৰিছে৷

http://indianmuslims.in/indian-politicians-age/-ৰ সৌজন্যত৷

Thursday, December 16, 2010

সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা

     সম্প্ৰতি অসমীয়া ভাষাত কেইবাখনো সংবাদ-পত্ৰ আৰু নিউজ চেনেলৰ প্ৰচলন হৈছে৷ ইয়াৰ ফলত সংবাদ মাধ্যমৰ মাজত দেখা দিছে এক অঘোষিত প্ৰতিযোগিতা৷ এহাতে সংবাদ-পত্ৰ আৰু নিউজ চেনেলসমূহৰ বৃদ্ধিয়ে পাকঘৰৰ পৰা ৰজাঘৰলৈকে সকলো সংবাদ কঢ়িয়াই আনিছে আনহাতে সংবাদ মাধ্যমৰ ব্যৱসায়িক প্ৰতিযোগিতাই সংবাদপত্ৰৰ বিশ্বাসযোগ্যতা বহু ক্ষেত্ৰতে ভঙ্গ কৰিছে৷ সংবাদ-পত্ৰ আৰু নিউজ চেনেলসমূহৰ নিৰপেক্ষতা অতি প্ৰয়োজনীয় বিষয়৷ কাৰোপক্ষত নাথাকি ৰাইজৰ পক্ষত থকাই হৈছে সংবাদ সেৱাৰ মূল লক্ষ্য৷ ৰাইজৰ বিভিন্ন সমস্যাৰ লগতে সমাজৰ বিভিন্ন চুকে-কোণে হোৱা ঘ্টনাসমূহক লোকচক্ষ্যুৰ আওতালৈ আনি চৰকাৰৰ সজাগ কৰি তোলাই প্ৰধান ধৰ্ম হোৱা উচিত৷ কিন্তু সম্প্ৰতি অসমৰ সংবাদ-পত্ৰ আৰু নিউজ চেনেলসমূহে বহু ক্ষেত্ৰত নিজৰ নীতি-আদৰ্শ বিসৰ্জন দি ৰাজনৈতিক নেতাৰ বহতীয়া হৈ পৰিছে৷ সংবাদ মাধ্যমসমূহৰ মালিকপক্ষও কোনো একোটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ পৃষ্ঠপোষক হোৱাৰ বাবেই সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা বহু ক্ষেত্ৰত ভঙ্গ হৈছে৷ নিজে নিৰপেক্ষ নহ’লে সেইজন মালিকৰ দ্বাৰা প্ৰচলিত সংবাদ-পত্ৰ বা নিউজ চেনেল একোটাৰ পৰা কেতিয়াও নিৰপেক্ষ সংবাদৰ আশা কৰিব নোৱাৰি৷ আমি ব্যক্তিগতভাৱে অনলাইনত প্ৰতিখন সংবাদ-পত্ৰ পঢ়োঁ৷ টেলিভিচনতো নিউজ চেনেলসমূহ চাওঁ৷ কোনোখন বাতৰি কাকতৰ লগতে কোনোখন বাতৰি কাকতৰ সংবাদ নিমিলে৷ কোনো কাকতত যদি একোজন ৰাজনৈতিক নেতাই কৰা দুৰ্নীতিৰ তথ্য উদঙাই দেখুৱাইছে আন এখন কাকতে সেইখন কাকতৰ বিৰুদ্ধে সেইজন নেতাৰ একপক্ষীয় ভাষ্যকে বৰ বৰ আখৰেৰে প্ৰকাশ কৰিছে৷ মূল দুৰ্নীতিৰ ছবিখনৰ বিষয়ে কোনো অনুসন্ধানেই কৰা দেখা নগ’ল৷ নিউজ চেনেলসমূহৰো একেই দশা৷ অনৰ্থক হৈ-চৈ৷ তিলটোকে তালটো কৰি ২৪ ঘ্ণ্টাই একেটা বাতৰিকে চলাই থাকিব পাৰিলেই যেন নিজৰ দায়িত্ব শেষ৷  সাম্প্ৰতিক নিউজ চেনেলসমূহৰ এনে চৰিত্ৰকে অতি সুন্দৰ ৰূপত ব্যঙ্গ কৰিছে ‘পিপলি লাইভ’ নামৰ বোলছবিখনে৷
 আমি ব্যক্তিগতভাৱে এটা কথা অনুভৱ কৰিব নোৱাৰো যে, অসমৰ প্ৰায় সংবাদ-পত্ৰ আৰু নিউজ চেনেলৰ মালিকসকলে ৰাজনীতি আৰু সংবাদসেৱা একেলগে কৰাৰ কথা কিয় ভাৱে? আমি কোনো সংবাদ মাধ্যমৰ নাম উল্লেখ নকৰিলেও পাঠকসকলে দৃষ্টি নিক্ষেপ কৰিলে দেখা পাব মালিকসকল প্ৰায়ে লাহে-লাহে ৰাজনীতিলৈ প্ৰৱেশ কৰে নাইবা ৰাজনীতিৰ পৰা সংবাদ-মাধ্যমলৈ প্ৰৱেশ কৰিছে৷ অসমত এতিয়াও বহুটো উদ্যোগৰ অভাৱ, ব্যক্তিগত কোম্পানী প্ৰায় নাই বুলিবই পাৰি৷ এনে ক্ষেত্ৰত সংবাদ মাধ্যমৰ সংখ্যা দিনে দিনে বৃদ্ধি পায় আহিছে৷ সেই দৰে সাংবাদিকৰো সংখ্যাও বৃদ্ধি পাইছে৷ একো চাকৰি নাপালেও যেন সাংবাদিক হ’ব পাৰি৷ কাৰণ আজিৰ তাৰিখত ডাক্তৰ আৰু সাংবাদিকৰ কেতিয়াও মৰণ নাই৷ বেমাৰৰ দৰে সমাজত খবৰৰ অভাৱ নহয়৷ ইয়াৰ কাৰণ কি? আজি সংবাদ মাধ্যম কোটি টকাৰ ব্যৱসায়ৰ একোটা উদ্যোগলৈ পৰিণত হৈছে৷ সেয়ে আজি জকাইচুকৰ পোহাৰীৰ চুপটিৰ পৰা বিধানসভাৰ মুখাপিন্ধা ভদ্ৰলোকৰ চুপটিলৈকে, নদাই-ভদাইৰ বেজী চোৰৰ পৰা ক-খ-গ-ঘৰ কোটি কোটি টকাৰ চোৰলৈকে সকলো এই উদ্যোগৰ কেচামাল হৈছে৷ ৰাইজৰ উপকাৰ আহক নাহক এই উদ্যোগসমূহ লহ-পহকৈ বাঢ়ি গৈছে৷ এনে ধৰণৰ বিষয়েও সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা বহু ক্ষেত্ৰত ভঙ্গ কৰিছে বুলি ভাবিব পাৰি৷
ব্যক্তিগতভাৱে আমি বৰ্তমান সংবাদ মাধ্যমত কাম নকৰিলেও বহুদিন সংবাদ-পত্ৰৰ লগত জড়িত আছিলোঁ৷ লগতে কটন-কলেজৰ পৰা সাংবাদিকতাৰ ডিপ্লমাও গ্ৰহণ কৰিছিলোঁ৷ সাংবাদিকতাৰ পাঠদান কৰোঁতে ৰাজ্যখনৰ লগতে বাহিৰৰো বিভিন্ন প্ৰতিষ্ঠিত সম্পাদক আৰু সংবাদ সেৱাৰ লগত জড়িত ব্যক্তিয়ে পাঠদান কৰিছিল৷ তেওঁলোকে আমাক সংবাদ মাধ্যমৰ নীতি-আদৰ্শৰ বিভিন্ন শিক্ষা দিছিল৷ কিন্তু যেতিয়া বাস্তৱত ভৰি দিছিলোঁ তেতিয়া লক্ষ্য কৰিছিলোঁ পাঠদানৰ শিক্ষা আৰু সংবাদ মাধ্যমৰ ব্যৱসায় একে নহয়৷ ব্যৱসায়ৰ স্বাৰ্থতে আজি সংবাদ মাধ্যমে নিজৰ নীতি আদৰ্শ বহু ক্ষেত্ৰত জলাঞ্জলি দিছে৷ আজি সংবাদ মাধ্যমে বহু হাজাৰ ব্যক্তিক দৈনিক ৰোজগাৰ দিছে৷ সংসাৰ চলিবলৈ অৰ্থৰ প্ৰয়োজন৷ এই অৰ্থৰ তাগিদাই হয়টো বহু সাংবাদিকক পথভ্ৰষ্ট হ’বলৈ বাধ্য কৰিছে৷ কিন্তু সংবাদ সেৱাৰ নীতি-আদৰ্শত শপত লোৱা একোজন ব্যক্তিৰ বাবে এয়া উচিত নে? এই প্ৰশ্নৰো উত্তৰ নথকা নহয়৷ উচিত অনুচিতৰ বিচাৰ যেতিয়া জীৱন-মৰণৰ সমস্যা হয় তেতিয়াই হয়টো প্ৰতিজন সাংবাদিকেই নীতি-আদৰ্শ জলাঞ্জলি দিবলৈ বাধ্য হয়৷ অসমত পৰাগ দাস আৰু অন্য বহুজন ইয়াৰ জলন্ত উদাহৰণ৷ এতিয়া অসমত সংবাদ-পত্ৰ ৰাজনৈতিক নেতাৰ চিকাৰ হৈ পৰিছে৷ এতিয়াও অসমত সাংবাদিকতাৰ আদৰ্শক খামুচি ধৰি থকা বহুটো সাংবাদিক আছে৷ কিন্তু তেনে সাংবাদিকসকল হয়টো কোনোবা ৰাজনৈতিক নেতাৰ ক্ষোভৰ কাৰণ হৈছে নাইবা মালিকৰ পক্ষপাতিত্বৰ বলী হৈছে৷ নিজৰ চাকৰিৰ স্বাৰ্থতে ইচ্ছাৰ বাহিৰেও মালিকৰ কথাত সংবাদৰ ৰেহ-ৰূপ সলনি কৰিবলৈ বাধ্য হৈছে৷ ৰাজনীতিৰ অবিহনে ৰাজ্য এখন চলিব নোৱাৰে৷ কিন্তু ৰাজনীতিয়েই এতিয়া অসমৰ সকলো সমস্যাৰ মূল কাৰণ বুলিব পাৰি৷ ৰাজনীতিত কোনো নিৰপেক্ষতাৰ আশা কৰিব নোৱাৰি৷
সংবাদ মাধ্যম সমাজ এখনৰ আইনা স্বৰূপ৷ সমাজৰ প্ৰত্যেকজন শিক্ষিত অশিক্ষিত ব্যক্তিয়েই ইয়াৰ মাজেদি নিজৰ সমাজখনক দেখা পায়৷ প্ৰত্যেক ব্যক্তিয়ে যিহেতু সমাজৰ একোটা অঙ্গ গতিকে সেই আইনাখনত কেতিয়াবা নিজক দেখাটো কোনো ডাঙৰ কথা হ’ব নোৱাৰে৷ নিজৰ মুখখন পৰিষ্কাৰ নকৰি আইনাখন ভাঙি পেলোৱা যেন অৰ্থহীন কথা একেদৰে নিজকে সংশোধন নকৰি সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লোৱাও অবিবেকী আচৰণ৷ একেদৰে সংবাদ মাধ্যমেও নিজকে সমাজৰ আইনা হ’বলৈ যাওতে নিজৰ স্বচ্চতাৰ প্ৰতি গুৰুত্ব দিয়া উচিত৷ আইনাৰ স্বচ্ছতা যেনেকৈ পিছফালৰ চিলিকনৰ লেয়াৰটোৰ ওপৰত নিৰ্ভৰ কৰে সেইদৰে সংবাদ মাধ্যমসমূহেও উন্নতমানৰ নিৰপেক্ষতাৰ এটা লেয়াৰ সৃষ্টি কৰিব পাৰিলেহে সমাজ এখন উজ্জ্বল ৰূপত প্ৰতিফলিত হৈ উঠিব৷ অন্যথা সমাজে এদিন তেনে আইনাক ভাঙি পেলালেও কোনো ডাঙৰ কথা নহ’ব৷

Monday, December 13, 2010

এনিমেশ্বন চিৰিয়েল আৰু আমাৰ সাধুকথা

         বৰ্তমান টিভিত শিশুৰ বাবে কেইবাটাও চেনেলত বিভিন্ন এনিমেশ্বন ধাৰাবাহিক প্ৰচাৰ কৰে৷ যিবোৰ এতিয়া শিশুৰ বাবে অধিক মনোৰঞ্জনৰ আহিলা হৈ পৰিছে৷ মিকি-মাউচৰ দৰে হাঁহি উঠা এনিমেশ্বনবোৰ অৱশ্যে চাই থাকিলে কেতিয়াবা নিজৰো মনটো পাতল লাগে৷ আনপিনে বাল গনেশ, বাল হনুমান, শ্ৰীকৃষ্ণ আদিৰ দৰে এনেমেশ্বন চিৰিয়েলবোৰেও শিশুৰ মনত অনেক প্ৰভাৱ বিস্তাৰ কৰিছে৷ ইয়াৰ দ্বাৰা শিশুসকলক আমাৰ পৌৰাণিক কাহিনীৰ শিক্ষা দিয়াটোও উচিত পদক্ষেপ বুলিব পাৰি৷ কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান অভিভাৱকৰ পৰা শুনা যায় তেওঁলোকৰ শিশুসকলে এতিয়া টিভিৰ সন্মুখৰ পৰা উঠিবলৈকে মন নকৰে৷ আনকি বাহিৰত খেলা-ধূলা কৰাৰ পৰাও বিৰত থাকে৷ আন এচামৰ মতে আকৌ ডাঙৰ সকলে কেতিয়াবা টিভিৰ ৰিম'ৰ্ট ল'বলৈকে সুবিধা নাপায়৷ চেনেল সলনি কৰিলেই চিঞৰ-বাখৰ!
        মোৰ ইয়াত মানে ইন্দ'ৰত এঘৰ অসমীয়া পৰিয়াল আছে৷ তেওঁলোকৰ এহাল সৰু ল'ৰা-ছোৱালী আছে৷ মই প্ৰায় বন্ধ দিনত তালৈ যাওঁ৷ দিনটো সিহঁত এনিমেশ্বন ধাৰাবাহিক চাই থাকে৷ দেউতাক বা মই চাওঁ বুলিও বাতৰি এটা বা চিনেমা এখন চাবলৈ নাপাওঁ৷ সিহঁত বাহিৰলৈ গ'লে আমি চল-চাতুৰি কৰি চেনেলটো সলনি কৰোঁ আৰু ৰিম'ৰ্টো লুকুৱাই থওঁ৷ কিন্তু সিহঁত আহিয়েই ৰিম'ৰ্টটো নাপালে টিভিটোতে পুনৰ চেনেল সলনি কৰি দিয়ে৷ গতিকে
আকৰীৰ সৈতে গৃহ বাস কৰিবলৈ হ'লে অকৰা হ'ব লগা হোৱাৰ দৰে আমিও কাৰ্টুন হ'বলৈ ৰাজি হ'লো৷ যোৱা দেওবাৰে ভাত খাই উঠি ল'ৰা-ছোৱালীহালৰ লগতে টিভি চাই আছোঁ৷ মই সিহঁতক মাজে মাজে এইটো কোন, সেইটো কোন আদি সুধি থাকো আৰু সিহঁতে মোক আনন্দতে কাহিনীটো কৈ থাকে৷ এখন ধাৰাবাহিক চাই থাকোতে এবাৰ সুধিলোঁ এইটো কোন?
ছোৱালীজনীৰ উত্তৰ- ভীম
আকৌ সুধিলোঁ সেইটো কোন?
তাই পুনৰ ক'লে - টাৰজান
         মই চক্ খাই গ'লোঁ৷ লগে লগে তাইৰ দেউতাক আৰু মই চকুৱে চকুৱে চালোঁ৷ ক'ত মহাভাৰতৰ ভীমৰ কাহিনী আৰু ক'ত আধুনিক টাৰজানৰ কাহিনী৷ এই এনিমেশ্বন ধাৰাবাহিকবোৰে মানে এনেদৰেই পৃথিৱীৰ সমষ্ট সাধুকথাবোৰক খিচিৰি কৰি এটা নতুন কাহিনী কৰিছে৷ আমি তাকে সিহঁতৰ আগত মেলি ধৰিছোঁ৷ কাহিনীটোত মন কৰিলোঁ "টাৰজানৰ বাঘ পোৱালীএটাক এটা চিকাৰীয়ে জালত বন্দী কৰিছে আৰু ভীমে গৈ তাক মোকোলাই আনিছে"৷ কিযে হাঁহি উঠা৷ হাঁহি হাঁহি চকুৰ পানী ওলাই গ'ল৷
        মই তাইক ক'লো ভীম আৰু টাৰজান কেনেকৈ একেলগ হ'ল? তাইৰ সহজ উত্তৰ "কিয়া পতা?" (তাই অসমীয়া, ইংৰাজী জানে যদিও সৰু সুৰা উত্তৰ দিওঁতে হিন্দীতে কয়)৷ হয় সিহঁতেনো কেনেকৈ জানিব৷ আমিয়েই বাৰু সিহঁতক শিকাবলৈ যত্ন কৰিছোঁ জানোঁ৷ আমাৰ "বুঢ়ি আইৰ সাধু", "পঞ্চতন্ত্ৰ"ৰ সাধু এতিয়া ক'ৰবাত পৰি ভেকুৰ লাগিছে৷ মনতে ভাবিছিলোঁ এই সাধুবোৰকো কোনোবাই এনিমেশ্বন ধাৰাবাহিক হিচাপে তৈয়াৰ কৰা হ'লে!  কিন্তু আমি মাক-দেউতাকক আমনি নকৰাকৈ, বাহিৰৰ ধূলি-বালি নেখেলাকৈ, শান্ত-শিষ্টভাৱে টিভিৰ সন্মুখত বহি থকা শিশু কেইটাক দেখি আনন্দ পাওঁ৷ গৌৰৱ কৰোঁ আমাৰ মইনা বৰ ভাল৷ অকনো আমনি নকৰে৷ টিভিটো পালে তাক একোকে নালাগে!!
হয়৷ হয়৷ হয়৷ আমাক একোকে নালাগে৷

দূৰবীক্ষণৰ লেন্সত অসম, অসমীয়া ইত্যাদি...

            স্বাধীনতাৰ ষাঠি বছৰৰ পিছটো এই কথা ভাবি দুখ লাগে যে আজিও অসমৰ বাহিৰত শিক্ষিত দুই এজন ব্যক্তিয়ে সোঁধে “গুৱাহাটী” ক'ত? অসমত সমতল ঠাই আছেনে? নে অসম পাহাৰ-পৰ্বতৰে আগুৰা অঞ্চল৷ ভাৰতবৰ্ষ স্বাধীন হোৱা অত বছৰ হ’ল, এসময়ৰ সাতভণী বিভাজন হৈ একো একোখন সুকীয়া ৰাজ্য হোৱাৰো ক’ত বছৰ হ’ল অথচ আজিও মানুহে সোঁধে শ্বিলং, দাৰ্জিলিং অসমৰ ক’ত? অসমৰ সকলো মানুহ খ্ৰীষ্টান নেকি? এয়া সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি শিক্ষিত মানুহলৈকে সকলোৰে প্ৰশ্ন৷ অসমৰ বাহিৰৰ ৰাজ্যত বা বিভিন্ন দেশত থাকি আজি এচাম অসমীয়া ব্যক্তিয়ে একোটা অনুষ্ঠানৰ দৰেই অসমীয়া জাতিটোৰ বাবে বহুত কিবাকিবি কৰি আছে৷ কিন্তু অসমৰ ভিতৰতে সেই সকলো কাম কৰিবৰ বাবে আজি এটা সুষ্ঠ পৰিবেশৰ অভাৱ৷ এবাৰ মই বৰ্তমান থকা ঠাই মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা ঘৰলৈ যাবলৈ ৰে’ল ষ্টেচনত ৰৈ থাকোতে লগৰ যাত্ৰী এজনে প্ৰশ্ন কৰিছিল ক’ত যাব? মই “অসম” বুলি কোৱাৰ লগে লগে তেওঁ ভয় খাই মোৰ মুখলৈ চাই আছিল৷ মোৰ বুজিবলৈ বাকি নাছিল যে তেওঁৰ মনত অসম কিমান ভয়ঙ্কৰ এখন ৰাজ্য৷ ৰাজ্যখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত জনসাধাৰণৰ দ্বাৰা সৃষ্ট কোনোবা নেতাই হওক বা আন দল-সংগঠনৰ নেতাই হওক সকলোৱেই এবাৰ নিজৰ মুখখন নিস্বাৰ্থৰ আইনাত চাই অসমৰ স্থবিৰতাৰ কাৰণবোৰ বিশ্লেষণ কৰক৷ নেতাগিৰীৰ পোচাকি সাজযোৰ সলাই এজন সাধাৰণ ব্যক্তিহৈ প্ৰত্যেকজন সাধাৰণ ব্যক্তিৰ মনত সৃষ্টি হোৱা প্ৰশ্নবোৰৰ উত্তৰ ভাবক৷ কিন্তু এই কাম কোনেও কৰিব  নোৱাৰে, কাৰণ নিকৃষ্ট ৰাজনীতিৰ অন্ধ ক্ষমতাত উদবাউল হৈ থকা সকলো ৰাজনৈতিক ব্যক্তিৰ কাৰণেই এইবোৰ কথাৰ কোনো মূল্য নাই আৰু প্ৰকৃত জাতীয়তাবোধৰ অবিহনে ই কেতিয়াও হৈ উঠিব নোৱাৰে৷
      নিজৰ ৰাজ্যখনৰ ভিতৰত থাকি যি কথা অনুভৱ কৰিব পৰা নাছিলো, তাক আজি অনুভৱ কৰিছোঁ৷ আমি কিমান পিছলৈ গৈ আছোঁ৷ সকলো ফালেই অস্থিৰতা, দলাদলি, স্বাৰ্থপৰতাই গোটেই অসমখনকে আজি স্থবিৰ কৰি তুলিছে৷ ৰাজনৈতিক সদিচ্ছাৰ অভাৱত শিক্ষা, স্বাস্থ্য, অৰ্থনীতি, সকলোফালে উন্নতিত বাধাৰ সৃষ্টি হৈছে৷ মাজে মাজে দুই এটা চমক লগোৱা উন্নতি আৰু প্ৰতিশ্ৰুতিয়ে ৰাইজক আভুৱাভৰুৱাৰ বাদে আন সামূহিক উন্নতি আজিও আনিব পৰা নাই৷ যি উন্নতি আৰু প্ৰগতিয়ে অসমক বাহিৰত নিজৰ পৰিচয় দিব পাৰে৷ ভাবিলে আচৰিত লাগে অসমত সামান্য ৰাজহুৱা কামটোৰ পৰা আৰম্ভ কৰি বৃহত কামলৈকে দুৰ্নীতি নোহোৱাকৈ নাথাকে৷ সকলো দুৰ্নীতিয়ে স্পষ্ট আৰু সৰ্বজনবিদিত৷ অসমৰ মন্ত্ৰী আমোলাসকলে সততে ৰাইজৰ টকা খৰছ কৰি অসমৰ উন্নতি কৰিবলৈ দেশ-বিদেশ ভ্ৰমণ কৰি আহে, অথচ এই কথা কোনো দিনেই জানিব নোৱাৰি যে প্ৰকৃততে তেওঁলোকে কি ‘সোণৰ সোলেং’টো আনিবলৈ গৈছিল৷ অথচ অসমৰ গাতে লাগি থকা অন্যান্য বহু ৰাজ্যই শিক্ষা, অৰ্থনীতি আদিৰ ক্ষেত্ৰত চকুৰ আগতে উন্নতি কৰি আছে৷ ক’ৰবাত কিবা এটা গণ্ডগোল আছে৷ হয়টো অৰ্থ, ক্ষমতাই মানুহক বিবেকহীন কৰি তুলিছে নহয় মানুহৰ মনৰ মাজত জাতীয় চেতনাৰ বিলোপ ঘতিছে৷ সকলোফালেই মাথো কৃত্ৰিম, বাহ্যিক উন্নতিৰ ফুলজাৰি৷ কিবা এটা হোৱাৰ আশাত, কিবা এটা পোৱাৰ আশাত ৰাজনৈতিক নেতাৰ পিছত দৌৰি থকা আধুনিক যুৱকসকলৰ মুখতো প্ৰচণ্ড ক্ষোভ আৰু হতাশাৰ মাজত লুকাই আছে সেই একেই কৃত্ৰিম হাঁহি আৰু আনন্দ৷ কিন্তু নিৰ্বাচনৰ পিছত কাৰোবাৰ জীৱনলৈ সেই আনন্দ, ফূৰ্তি ঘূৰি আহিছেনে? মাথো সুবিধাবাদী এচাম ব্যক্তিয়ে ক্ষমতাৰ অপব্যৱহাৰে নিজৰ জীৱনটো সুন্দৰ কৰি চলাই আছে৷ কিমান দিন, কিমান দিন আমি এই একেই নাটকৰ অভিনয় চাই থাকিম? কিমান দৌৰি থাকিম ভুৱা, অৰ্থহীন কিছুমান কামৰ পিছে পিছে৷ এটা পৰিবৰ্তনৰ প্ৰয়োজন৷ নতুন স্বাৰ্থহীন শক্তিৰ প্ৰয়োজন৷ এবাৰ, মাথো এবাৰ প্ৰয়োজন সেই প্ৰকৃত জাতীয়তাবোধৰ চেতনা৷ যি চেতনাই জাতিটোক আগবঢ়াই নিব পাৰে৷
       আজি অসমৰ ভাল খবৰ (যদিও অসমত এতিয়া ভাল খবৰ কমেই থাকে) অসমৰ বাহিৰৰ বাতৰি কাকতত দেখা পোৱা নাযায়৷ হত্যা, বোমা-বাৰুদৰ সংবাদে অসমৰ প্ৰতি বাহিৰৰ ব্যক্তিৰ মনত বেয়া ইমেজ প্ৰতিফলিত হৈ উঠিছে৷ কোনো বাহিৰৰ ৰাজ্যৰ পৰা যোৱা কোনো বিশেষ অনুষ্ঠানৰ প্ৰতিনিধিসকলক যদি আমি অসমৰ বিষয়ে এটা ভাল ইমেজ দেখুৱাব নোৱাৰো তেন্তে আমি কেতিয়াও অসমৰ বিষয়ে বাহিৰত এটা ভাল ইমেজ আশা কৰিব নোৱাৰোঁ৷ এই ক্ষেত্ৰত অসমৰ সংবাদ পত্ৰসমূহৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ কিন্তু সংবাদপত্ৰসমূহে কৰিব কি? প্ৰকৃত সত্য সংবাদ প্ৰকাশ কৰাৰ পিছতো জনসাধাৰণ সজাগ হ’ব পৰা নাই৷ জনসাধাৰণ কিয় সজাগ হ’ব পৰা নাই? সংবাদপত্ৰ এখন কিনি পঢ়াৰ পিছতো, নিউজ চেনেল এটাত সকলো দেখাৰ পিছতো কিয় তেওঁলোকে বিশ্বাস কৰিবলৈ বাধ্য নহয়? কোনো এজন মন্ত্ৰীৰ দুৰ্নীতি, নাগৰিকত্ব, শিক্ষা, অপৰাধ আদিৰ বিষয়ে একেটা সংবাদকে যদি দহখন সংবাদপত্ৰই একেদৰেই প্ৰকাশ কৰে তেন্তে জনসাধাৰণে এক উমৈহতীয়া ৰায় গ্ৰহণ কৰি তেওঁক কিয় পদচ্যুত কৰিব নোৱাৰে৷ দলীয় স্বাৰ্থ, ব্যক্তি স্বাৰ্থৰ ঠেক গণ্ডীৰ মাজত মানুহে আৰু কিমান নিজক ফাকি দিব, নিজকে নিজে প্ৰতাৰণা কৰিব৷ আজি এচাম অশিক্ষিত, অৰ্দ্ধশিক্ষিত, পৰিচয়হীন, থানাত নাম পঞ্জীয়নভুক্ত অপৰাধীয়েই আমাৰ নেতা৷ লাখ-লাখ উচ্চ শিক্ষিত, জ্ঞানী সমাজপ্ৰিয় জনসাধাৰণৰ প্ৰতিনিধি৷ কোনে পঠাইছে তেওঁলোকক সেই আসনলৈ?  আমি৷ গতিকে আমিয়েই আমাৰ আজিৰ অৱস্থাৰ বাবে জগৰীয়া, আমিয়েই আমাক, আমাৰ সন্তানক এখন অন্ধকাৰ সমাজৰ মুখলৈ থেলি নি আছোঁ৷ সেইবাবেই আমি নিজকে ফাকি দিবলৈ তেওঁলোকৰ অপৰাধবোৰৰ ওপৰত প্ৰিয় নেতাৰ প্ৰলেপ লগাই, এটাই আনটোক বিৰোধী দলৰ পৰিকল্পনা বুলি জাতিটোৰ উন্নতিত কুঠাৰঘাট মাৰিছোঁ৷ সকলো কথা কেৱল ব্যক্তিস্বাৰ্থৰ গণ্ডিৰ মাজত ভৰাই লক্ষ্য কৰিলেও কেতিয়াও শুভফল আশা কৰিব নোৱাৰি৷ কাৰণ অসমত এই কথা প্ৰায়েই লক্ষ্য কৰা দেখা যায় যে ৰাজনৈতিক দলসমূহৰ পৰা আৰম্ভ কৰি অন্যান্য অৰাজনৈতিক দলসমূহৰো প্ৰধান লক্ষ্য হৈ পৰে সামূহিক উন্নতিৰ চৰ্ত আগত ৰাখি সেই চৰ্তৰ মাজেদি নিজৰ ব্যক্তিস্বাৰ্থ পূৰণ কৰা৷ যাৰ ফলত ব্যক্তি স্বাৰ্থৰ উৰ্দ্ধত ৰাজহুৱা কামটো প্ৰায়েই এলাগি হৈ পৰে৷ এতিয়া এনেদৰেই এলাগি হৈ পৰা অনেক কামেই অসমৰ স্থবিৰতাৰ মূল কাৰণ৷ প্ৰগতিৰ প্ৰধান হেঙাৰ৷ (লিখাৰ সময় মে' মাহ 2009)৷ ( প্ৰকাশিত)৷

Friday, December 10, 2010

ইণ্টাৰনেটত অসমীয়া ভাষা আন্দোলন

       সম্প্ৰতি এটা কথা প্ৰায়ে শুনা যায় যে অসমীয়া ভাষা সংকটৰ সন্মুখিন হৈছে৷ বিভিন্ন আলোচনা, যুক্তি-তৰ্কও হৈছে৷ কোনোৱে আৱেগিকভাৱে প্ৰচলিত অসমীয়া ভাষালৈ লক্ষ্য কৰি কৈছে এনেকৈ থাকিলে এদিন অসমীয়া ভাষা হেৰাই যাব৷ কিন্তু আন এচামে যুক্তি  তৰ্কৰে প্ৰমাণ কৰিছে অসমীয়া ভাষা নমৰে, মৰিব নোৱাৰে৷ কিন্তু সকলো যুক্তি তৰ্কলৈ লক্ষ্য কৰিও এটা কথা নুই কৰিব নোৱাৰি যে, কিছু কিছু ক্ষেত্ৰত ভাষাটো সংকটৰ সন্মুখিন হৈছে৷ কিন্তু কি কৰা যায় ? এটা ডাঙৰ প্ৰশ্ন৷ এদিন অসমীয়া ভাষাক উদ্ধাৰ কৰিবৰ কাৰণেই ভাষা অন্দোলন হৈছিল৷ মাধ্যমিক আন্দোলন হৈছিল৷ অনেক যুৱক শ্বহিদ হ'ল৷ সেই সকল ব্যক্তিয়ে চৰকাৰ গঠন কৰি ৰাজপাত খালে৷ কিন্তু ফল !!! ফুটুকাৰ ফেন৷ নিজেই নিজৰ কাৰ্য্যকালতে অসমীয়া ভাষাক প্ৰশাসনীয় কাম-কাজত ব্যৱহাৰ কৰিব নোৱাৰিলে৷ আজি এনে পৰিৱেশ হৈছে আমি অসমীয়াত দৰখাস্ত এখন লিখিবলৈ লাজ পাওঁ৷ আনৰ হতুৱাই হ'লেও ইংৰাজীত লিখি নিলেহে অফিচত জমা দিব পাৰি৷
     কিন্তু এনেকৈ থাকিলে হ'বনে? বিজ্ঞানে আমাক কিছুমান সুবিধা প্ৰদান কৰিছে৷ তেনে এটা সুবিধা হ'ল ইণ্টাৰনেট৷ সিদিনা মোৰ এজন বন্ধুৱে কথাৰ প্ৰসঙ্গত ক'লে "যি উদ্দেশ্য আগত ৰাখি ইণ্টাৰনেট আৱিস্কাৰ হৈছিল তাৰ আধাও উচিত কামত ব্যৱহাৰ নহয়" তেওঁ অৱশ্যে "ছ'চিয়েল নেটৱৰ্কিং চাইট"বোৰৰ কথা লক্ষ্য ৰাখিহে কৈছিল৷ কিন্তু সিদিনা যেতিয়া মই ফেচবুকত "অসমীয়া কথা বতৰা" আৰু বিজ্ঞাপনৰ বিষয়ত 60 টা মন্তব্য প্ৰকাশ পোৱা আৰু শেষত কাকতলৈ চিঠি লিখাৰ কথা জনালোঁ তেওঁ আমাৰ কাৰ্য্যৰ সলাগ লৈ ক'লে "সঁচাই এই চাইটবোৰ মূলতঃ এনে গঠনমূলক কাৰ্য্যৰ বাবেহে তৈয়াৰ কৰা হৈছিল, আমিহে অনৰ্থক চাট কৰি নষ্ট কৰিছোঁ"৷ মনটো ভাল লাগি গ'ল৷
    শেহতীয়া ভাৱে ইণ্টাৰনেটৰ জড়িয়তে অসমীয়া ভাষা ৰক্ষাৰ যি আন্দোলন হৈছে তাত অসমীয়া যুৱকসকলৰ নব্য চিন্তাৰ বীজ লুকাই আছে৷ ইয়াৰ মাজতে যেন বহুতৰে সুপ্ত প্ৰতিভা প্ৰকাশ হৈছে৷ সঁচাই যুৱ উশৃংখলতাৰ ভাষণ দিয়া সকলৰ সন্মুখত এই সকলো একো একোজন আদৰ্শৰ প্ৰতিক৷ আমাৰ সকলোৰে এতিয়া দায়িত্ব হৈছে এই আদৰ্শক প্ৰতিজন ব্যক্তিৰ প্ৰাণত সঞ্চাৰিত কৰা৷ প্ৰতিজন যুৱকৰ বুকুলৈ কঢ়িয়াই নিয়া৷ আহক এই নতুন "ফেইচবুক ভষা আন্দোলন"ত আমি নিজকে জড়িত কৰি নিজকে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ৷

Wednesday, December 8, 2010

অসমীয়া ভাষাৰ সংকট আৰু ভৱিষ্যত

গুৱাহাটী মহাবিদ্যালয়ত পাঠ কৰা গৱেষণা-পত্ৰৰ সংক্ষিপ্ত ৰূপ৷

           অসমীয়া ভাষা অসমৰ উত্তৰ-পূব প্ৰান্তৰ এটা অতি শক্তিশালী ভাষা৷ ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি চৰকাৰীভাৱে স্বীকৃত অসমীয়া ভাষা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক সংযোগী ভাষা হিচাপেও প্ৰচলিত হৈ আছে৷ অসমৰ ২,৬৬,৩৮,৪০৭ জন (২০০১ চনৰ লোকপিয়ল অনুসৰি) লোকৰ আধা সংখ্যকৰ বাবেই অসমীয়া ভাষা প্ৰধান ভাব বিনিময়ৰ মাধ্যম৷ সেয়েহে এক স্বকীয় ভাষা শৈলীৰে জোনাকী যুগৰ পৰা আজিৰ অৱস্থাত উপনিত হোৱা অসমীয়া ভাষাৰ ভৱিষ্যত বোৱতী নদীৰ দৰেই বহ্নিমান৷ তথাপি সময়ে সময়ে অসমীয়া ভাষাৰ সংকট আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন উত্থাপন নোহোৱাকৈ থকা নাই৷ সময়ৰ পৰিৱৰ্তন, উচ্চ শিক্ষা, ঔদ্যোগিক বিকাশ আৰু ন-ন আধুনিক বৈজ্ঞানিক সঁজুলিৰ ব্যৱহাৰে এখন সমাজলৈ বিভিন্ন পৰিৱৰ্তন কঢ়িয়াই আনে৷ সমাজৰ এই পৰিৱৰ্তনে পোন প্ৰথমে আমাৰ অজ্ঞাতে পৰোক্ষভাৱে প্ৰভাৱ পেলাই সমাজখনত প্ৰচলিত হৈ থকা ভাষাটোৰ ওপৰত৷ কাৰণ সমাজ এখনৰ ভাবৰ আদান প্ৰদানৰ প্ৰধান আহিলাই হ’ল ইয়াৰ ভাষা৷ বৰ্তমান অসমীয়া ভাষাৰ ৰূপটোলৈ লক্ষ্য কৰিলে দেখা যায় যে, উপৰোক্ত কাৰকসমূহে অসমীয়া ভাষাৰ মাজত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে৷ প্ৰধানতঃ ইংৰাজী, হিন্দী আৰু বাংলা শব্দৰ প্ৰভাৱে অসমীয়া কথিত আৰু লিখিত দুয়োটা ৰূপতে প্ৰভাৱ বিস্তাৰ কৰি বহুতো পূৰণি অসমীয়া শব্দৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে৷
     এটা জাতিৰ জাতীয় ভাষাটো কথিত আৰু লিখিত দুয়োটা ৰূপতে জীয়াই থাকে৷ ভাষাৰ কথিত ৰূপটোৱেই ভাষা এটাক জীয়াই ৰখাৰ প্ৰধান সম্বল যদিও ইয়াৰ লিখিত ৰূপটোৱেও বহু সময়ত ভাষাটোক প্ৰভাৱিত কৰা দেখা যায়৷ ভাষাৰ লিখিত ৰূপটো জীয়াই থাকে প্ৰচলিত সাহিত্যৰ মাধ্যমেৰে৷ লিখিত ভাষাই ভাষাটোৰ শুদ্ধ ৰূপ আৰু জাতীয় শব্দসমূহক ধৰি ৰাখি ভাষাটোক আন আন জাতিৰ ওচৰত আত্মমৰ্য্যদাৰে জীয়াই থকাৰ পথ ৰচনা কৰে৷ কিন্তু বৰ্তমান অসমীয়া ভাষাৰ লিখিত সাহিত্যৰ মাজত অনেক দেশী-বিদেশী শব্দৰ প্ৰচলনে নিভাজ অসমীয়া শব্দসমূহৰ ব্যৱহাৰত বাধাৰ সৃষ্টি কৰিছে৷ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সংবাদ-পত্ৰ, বিভিন্ন আলোচনী আৰু দূৰদৰ্শনৰ ব্যক্তিগত নিউজ চেনেলসমূহৰ লগতে এফ.এম ৰেডিঅ’সমূহে৷
     এটা কথা অনস্বীকাৰ্য্য যে, ভাষা পৰিৱৰ্তনশীল৷ গতিয়েই ভাষা একোটাৰ প্ৰাণ৷ স্থিতিশীল ভাষাই কেতিয়াও প্ৰাণ পাই উঠিব নোৱাৰে৷ সময়ৰ লগত খাপ খাবলৈ যাওতে বা উদ্যোগ আৰু বিজ্ঞানৰ ন-ন সঁজুলিৰ লগত জীৱন যাপন কৰোঁতে, সেই বস্তুসমূহক ব্যৱহাৰ কৰোঁতে দেখা যায় যে, বৰ্তমান অসমীয়া ভাষাত তাৰ প্ৰতিশব্দৰ অভাৱৰ বাবেই হওক বা সময়ৰ লগত খোজ মিলাবলৈ যাওতে হাতৰ কাষতে পোৱা ইংৰাজী শব্দকে আমি গ্ৰহণ কৰোঁ৷ ইয়াৰ ফলত অসমীয়া ভাষালৈ হোৱা পৰিৱৰ্তনে সুদূৰ ভৱিষ্যতে এক গভীৰ সংকট কঢ়িয়াই অনাৰ সন্দেহ নুই কৰিব নোৱাৰি৷

অসমীয়া ভাষাৰ জন্ম আৰু সাম্প্ৰতিক অসমত ইয়াৰ ব্যৱহাৰ:

        পৃথিৱীৰ বৃহত্তম ভাষাগোষ্ঠী ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ বিভিন্ন পৰিৱৰ্তনৰ ফলস্বৰূপে খ্ৰীষ্টীয় দশম-একাদশ শতিকাতে অসমীয়া ভাষাৰ জন্ম হয়৷  সেই সময়ৰ পৰা আজিৰ অৱস্থা পাওঁতে অসমীয়া ভাষাই বিভিন্ন ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্বিক পৰিৱৰ্তন বহন কৰিছে৷ ইয়াৰ লগে লগে অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰতো অনেক দেশী-বিদেশী শব্দই চহকী কৰিছে৷ এনে শব্দবোৰক ধাৰ কৰা শব্দ বা ঋণ শব্দ বুলি কোৱা হয়৷ দুটা ভাষা সম্প্ৰদায়ৰ মাজত সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক যোগাযোগৰ প্ৰধান মাধ্যম হ’ল এই ঋণ শব্দসমূহ৷ কোনো এখন সমাজত এটা উচ্চ শ্ৰেণীৰ ভাষাই প্ৰভাৱ বিস্তাৰ কৰাৰ পিছত নিম্ন শ্ৰেণীৰ ভাষা এটালৈ অনেক ধৰণৰ শব্দ কথিত আৰু লিখিত ভাষাৰ মাধ্যমেৰে প্ৰচলিত হয়৷ পিছলৈ এই শব্দসমূহেই স্থানীয় ভাষাটোত নিগাজিকৈ বহি সেই ভাষাৰ ব্যাকৰণীক ৰূপসমূহ গ্ৰহণ কৰি প্ৰতিষ্ঠা লাভ কৰে৷ শব্দৰ ধাৰে ভাষা এটালৈ যোগাত্মক প্ৰভাৱ কঢ়িয়াই আনে যদিও অত্যাধিক ধাৰ কৰা শব্দই ভাষা এটাক ক্ষতিও কৰিব পাৰে৷ সাম্প্ৰতিক অসমীয়া ভাষাৰ মাজত মন কৰিলে দেখা যায় যে কোনো বাচ বিচাৰ নোহোৱাকৈ ইংৰাজী, হিন্দী, বাংলা শব্দক ব্যৱহাৰ কৰা হৈছে৷ আনহাতে ভাব, কথনভঙ্গীৰ ক্ষেত্ৰতো হিন্দী, ইংৰাজী ভাষাৰ সুৰ-লয়ৰ প্ৰভাৱে আমাৰ ‘সুৱদী সুৰীয়া’ ভাষাক বিকৃত কৰিছে৷
          সাম্প্ৰতিক অসমীয়া ভাষাৰ ব্যৱহাৰৰ দিশটোলৈ লক্ষ্য কৰিলে দেখা যায় যে, ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলো ৰাজহুৱা ক্ষেত্ৰতে আমি সচেতন নহয়৷ আজি অসমত অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ কাৰো সদিচ্ছা নাই৷ প্ৰাথমিক পৰ্যায়ৰ কন কন শিশুৰ শিক্ষাৰ বাবে সৰ্বশিক্ষা, ডি.পি.ই.পি আদি যি শিক্ষা মিছন গঠন কৰিছিল সি বহুক্ষেত্ৰতে অসমীয়া ভাষাটোক বিকৃতহে কৰিছিল৷ ছপাখানাৰ ভুল আৰু অনভিজ্ঞ লোকৰ দ্বাৰা পাঠ্যপুথি প্ৰণয়নৰ ব্যৱস্থাটোৱে অসমীয়া ভাষালৈ বিভিন্ন সংকট নমাই আনিছে৷ আজি চিটিবাছৰ পৰা দল-সংগঠনৰ বেনাৰ, প’ষ্টাৰতো অশুদ্ধ-অদ্ভুত বানানৰ প্ৰয়োভৰ দেখা যায়৷ কোনো কাৰ্য্যলয়লৈ প্ৰয়োজনত এখন দৰ্খাস্ত দিবলগা হ’লে অসমীয়াত লিখাটো লজ্জাজনক কথা হৈ পৰিছে৷ দল-সংগঠনসমূহেও চৰকাৰলৈ কোনো দাবিসম্বলিত পত্ৰ প্ৰেৰণ কৰিব লগা হ’লেও অসমীয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰা অৱস্থা এটাই গা কৰি উঠিছে৷ ইয়াৰ মূলতে হ’ল চৰকাৰী কাৰ্য্যলয়সমূহত অসমীয়া ভাষা জনা আমোলাৰ অভাৱ বা অসমীয়া ভাষা নজনা কোনো ইংৰাজী মাধ্যমত অধ্যয়ন কৰা অসমীয়া ব্যক্তিৰ প্ৰয়োভৰ৷ এনেবোৰ কাৰণেই অসমীয়া ভাষাই পূৰ্বৰ আত্মমৰ্যাদা হেৰুৱাইছে৷
          অসমীয়া ভাষাৰ আন এক দুৰ্যোগৰ বাট কঢ়িয়াই আনিছে ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে৷ এই কথা অনস্বীকাৰ্য্য যে বৰ্তমান ইংৰাজী ভাষাৰ জ্ঞান আৰু ইংৰাজী শিক্ষাইহে ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতে স্বাৱলম্বি হোৱাত সহায় কৰিব পাৰিব৷ কিন্তু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ ফলত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত অসমীয়া ভাষাৰ চৰ্চ্চাৰ অভাৱে দেখা দিছে, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষা এলাগী হৈ পৰিছে৷ বিদ্যালয়ৰ পৰা ঘৰুৱা পৰিৱেশলৈকে সকলোতে ইংৰাজী ভাষাৰ ব্যৱহাৰ অসমীয়া ভাষাৰ অস্তিত্ব সংকটৰ আন এক কাৰণ বুলিব পাৰি৷ অসমীয়া সাহিত্য, সংস্কৃতি, জাতি আৰু মাটিৰ গোন্ধ নথকা পাঠ্যপুথিৰ ব্যৱস্থাইও ছাত্ৰ-ছাত্ৰীক মাতৃভাষানুৰাগী কৰি তুলিব পৰা নাই৷ অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানসমূহেও অসমীয়া ভাষাৰ শুদ্ধতা নিৰ্ণয়ৰ ক্ষেত্ৰত যিমান সচেতন আৰু দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনে ভূমিকা গ্ৰহণ কৰা দেখা পোৱা নাই৷ ইয়াৰ লগতে চৰকাৰৰ সদৃচ্চা আৰু শিক্ষা বিভাগৰ দায়িত্বহীনতাৰ অভাৱেও অসমীয়া ভাষালৈ সংকট নমাই আনিছে আৰু অসমীয়া ভাষাৰ অস্তিত্বক লৈ সন্দেহৰ সৃষ্টি হৈছে৷

সংবাদ-পত্ৰ আৰু অন্যান্য প্ৰচাৰ মাধ্যমে অসমীয়া ভাষালৈ নমাই অনা বিভিন্ন সংকটৰ দিশসমূহ:

          সংবাদ-পত্ৰ আৰু অন্যান্য প্ৰচাৰ মাধ্যমে অসমীয়া ভাষালৈ নমাই অনা সংকটসমূহ হ’ল প্ৰধানত অসমীয়া ভাষাৰ শব্দ আৰু ব্যাকৰণক কেন্দ্ৰ কৰি৷ অশুদ্ধ বানান আৰু উচ্চাৰণৰ ব্যৱহাৰৰ লগতে বিশেষণ আৰু ক্ৰিয়াৰ ব্যৱহাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমসমূহে সচেতন হোৱা দেখা পোৱা নাযায়৷ ইয়াৰোপৰি অসমীয়া বাক্যৰ মাজত অত্যাধিক ইংৰাজী আৰু হিন্দী শব্দৰ ব্যৱহাৰে অসমীয়া ভাষাক বিকৃত কৰা দেখা গৈছে৷ ভাষা এটা বিনিময়ৰ ক্ষেত্ৰত বা বজাৰত যেনেদৰে চলি আছে সেই দৰেই শব্দসমূহক আমদানি কৰি লিখিত সাহিত্যৰ মাজত ব্যৱহাৰ কৰাৰ ফলতে অসমীয়া ভাষাৰ মাজত সংকটে দেখা দিছে৷ উদাহৰণ স্বৰূপে “ইয়াতে চব্জী মাছৰ এখন ডেইলি বজাৰ বহে৷” (সাতসৰী, জানুৱাৰী ২০১০, পৃষ্ঠা-১৫)৷, “মটৰচাইকেলৰ ওপৰত বে-ফিটিৰভাৱে বহি থাকি৷” (সাদিন, ১৮ ডিচেম্বৰ, ২০০৯, পৃষ্ঠা-১৮), “আগতে সি ৰাতিপুৱা শুই উঠি নিউজ পেপাৰ পঢ়ে, ঈশিতাৰ লগত অলপদেৰি কথা পাতি ডিউটিলৈ যাবলৈ সাজু হয়, ডিউটিলৈ যাওঁতে কেণ্টিনত ব্ৰেকফাষ্ট কৰে, দুপৰীয়া ডিউটি শেষ হোৱাৰ পিচত লান্স কৰি ৰুমলৈ আহে৷” (সাদিন, ৮ জানুৱাৰী ২০১০) আদি বাক্যত মন কৰিলে দেখা যায় যে সহজভাৱে উপযুক্ত অসমীয়া শব্দৰে প্ৰকাশ কৰিব পৰা বাক্যৰ ক্ষেত্ৰটো হিন্দী, ইংৰাজী শব্দৰে অসমীয়া বাক্য সৃষ্টি কৰা প্ৰৱণতা এটা গঢ় লৈ উঠিছে৷ প্ৰচাৰ মাধ্যমসমূহত ব্যৱহাৰ হোৱা বিজ্ঞাপনসমূহতো বহু সময়ত বাংলা ভাষাৰ ‘র’ ব্যৱহাৰ হোৱাও লক্ষ্য কৰা দেখা যায়৷ তলত বিভিন্ন প্ৰচাৰ মাধ্যমসমূহে কি দৰে সংকট কঢ়িয়াই আনিছে তাৰ বিশদ আলোচনা আগবঢ়োৱা হ’ল৷

বাতৰি কাকতৰ মাধ্যমেৰে অহা বিভিন্ন সংকট:

       বৰ্তমান সময়ৰ অতি জনপ্ৰিয় সংবাদ মাধ্যম হ’ল বাতৰি কাকত৷ বাতৰি কাকত এখন কেৱল সংবাদ প্ৰচাৰৰ মাধ্যমেই নহয়, ই অনানুষ্ঠানিক শিক্ষাৰো এক মাধ্যম৷ বাতৰি কাকত এখনৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন জ্ঞান লাভ কৰাৰ উপৰিও নিজৰ ভাষা সম্পকীয় জ্ঞানো লাভ কৰে৷ সেয়ে এটা সময়ত বাতৰি কাকতৰ প্ৰচলন আৰু সাংবাদিকতাৰ বৃত্তিক এক সেৱা হিচাপে গ্ৰহণ কৰা হৈছিল৷ অসমীয়া বাতৰি কাকতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়া ভাষাক নিভাজ আৰু শুদ্ধ ৰূপত প্ৰয়োগ কৰি অসমীয়া ভাষা-সাহিত্যক জীয়াই ৰখাৰ স্বাৰ্থতে বাতৰি কাকতৰ জন্ম হৈছিল৷ বঙালী ভাষাৰ ঠাইত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰাত, অসমীয়া ভাষাৰ প্ৰচাৰ আৰু চৰ্চ্চাত, বহিঃজগতৰ ভাবধাৰাৰ লগত অসমীয়া পাঠকৰ মানসিক সংযোগ স্থাপন কৰাত ‘অৰুনোদই’ কাকতে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ উজনি অসমৰ কথিত ভাষাক সাহিত্যৰ ভাষাৰ মৰ্য্যাদা দান কৰে ‘অৰুনোদই’ কাকতেই৷ ইয়াৰ পিছতো হেমচন্দ্ৰ বৰুৱাৰ ‘আসাম নিউজ’, চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘সাদিনীয়া অসমীয়া’, নীলমণি ফুকনৰ ‘দৈনিক বাতৰি’ আদি সংবাদ-পত্ৰই প্ৰকৃততে সেৱাৰ মনোভাৱেৰে অসমীয়া ভাষা-সাহিত্যক উজ্বলাই তুলিছিল৷ কিন্তু সাম্প্ৰতিক সময়ত বাতৰি কাকতৰ প্ৰচাৰ আৰু সংবাদ সংগ্ৰহ এক ব্যৱসায়লৈ ৰূপান্তৰিত হোৱা বাবে সাংবাদিকসকলৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ সৃষ্টি হৈছে৷ এইসকল সংবাদদাতাৰ ক্ষীপ্ৰ আৰু আকৰ্ষণীয় ৰূপত সংবাদ পৰিৱেশন কৰাই মূল উদ্দেশ্য হোৱা বাবে ভাষাৰ শুদ্ধতালৈ মনোযোগ দিয়া দেখা নাযায়৷ ফলত অশুদ্ধ বানান, বাক্যগাঁঠনী আৰু বিসঙ্গতিপূৰ্ণ বিশেষণ আৰু ক্ৰিয়াৰ প্ৰয়োগে অসমীয়া ভাষাক বিকৃত কৰা দেখা গৈছে৷ প্ৰকৃত অসমীয়া শব্দলৈ মন নকৰি প্ৰায়ে বিভিন্ন স্থানীয় কথিত ভাষাতে সংবাদসমূহ প্ৰচাৰ কৰাৰ ফলত অসমীয়া ভাষালৈ প্ৰতিদিনে অলেখ ন-ন শব্দৰ আমদানি হৈছে৷ এই প্ৰসঙ্গত সাংবাদিক-সাহিত্যিক হোমেন বৰগোহাঞিয়ে উল্লেখ কৰিছে যে, “মোৰ নিজৰ হিচাপ মতে অসমীয়া বাতৰি কাকতৰ কল্যাণত প্ৰতি মাহে গড়ে পাঁচটামান বাংলা তদ্ভৱ শব্দ অসমীয়াত প্ৰৱেশ কৰে৷”(প্ৰজ্ঞাৰ সাধনা, পৃষ্ঠা-১০২)৷
      সম্প্ৰতি অসমীয়া বাতৰি কাকতে কঢ়িযাই অনা এটা ডাঙৰ সংকট হ’ল অসঙ্গত বিশেষণৰ প্ৰয়োগ৷ উদাহৰণ স্বৰূপে অসমীয়া ‘তাণ্ডৱ’ শব্দটো বাতৰি কাকতসমূহত প্ৰায়ে ‘বন্যহস্তীৰ তাণ্ডৱ, ধুমুহাৰ তাণ্ডৱ, বানপানীৰ তাণ্ডৱ, উগ্ৰপন্থীৰ তাণ্ডৱ, মেলেৰিয়াৰ তাণ্ডৱ, চিটিবাছৰ তাণ্ডৱ’ এনেদৰে প্ৰয়োগ দেখা যায়৷ প্ৰকৃত শব্দটোৰ গভীৰতা উপলব্ধি নকৰাকৈয়ে সকলো শব্দৰ পিছতে প্ৰয়োগ কৰাৰ ফলত শব্দটোৰ প্ৰকৃত অৰ্থ লোপ পোৱা পৰিলক্ষিত হৈছে৷

আলোচনীৰ মাধ্যমেৰে অহা বিভিন্ন সংকট:

    অসমীয়া আলোচনী সাহিত্যৰ ইতিহাসত জোনাকী যুগৰ পৰা বৰ্তমান সময়লৈকে বিভিন্ন আলোচনীয়ে অসমীয়া ভাষা-সাহিত্য চহকী কৰি আহিছে৷ ইয়াৰ লগে লগে ন-ন লেখক-সাহিত্যিকৰ সৃষ্টিয়েও অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰ কলা-কৌশলৰো নানান পৰিৱৰ্তন হৈছে৷ একেদৰে নতুন নতুন লেখকসকলৰ সৃষ্টি কৰ্মৰ মাজতো ভাষা, বাক্যগাঁঠনি আৰু শব্দ প্ৰয়োগৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা পোৱা গৈছে৷ অসমীয়া সাহিত্যৰ যুগ নিৰ্ণয়কাৰী জোনাকী, বাঁহী, আৱাহন, ৰামধেনু আদি আলোচনীৰ মাজতো সময়ৰ পৰিৱৰ্তনে অসমীয়া ভাষাৰ ব্যাপক পৰিৱৰ্তনৰ সৃষ্টি কৰিছিল৷ কিন্তু অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত এই আলোচনীসমূহৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ৷ অশুদ্ধ বানান, অশুদ্ধ বাক্যগাঁঠনি আৰু বিদেশী শব্দ প্ৰয়োগৰ প্ৰতি এই আলোচনীসমূহ সদা সতৰ্ক আছিল৷ অসমীয়া সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ বহুতো ৰচনাৰ মাজত আমি ঋণ শব্দ দেখা পাওঁ যদিও বেজবৰুৱাই অনাহকত কোনো প্ৰয়োজন নোহোৱাকৈ অসমীয়া ভাষাৰ মাজত বিদেশী শব্দ ব্যৱহাৰ কৰাৰ পক্ষপাতি নাছিল৷ তেওঁ বিদেশী শব্দটোক জীণ নিয়াই নিজৰ ভাষাৰ উপযোগী কৰি তাক ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ সেয়েহে বেজবৰুৱাই তেওঁৰ বিভিন্ন লেখাৰ মাজত কেতিয়াবা বিদেশী শব্দ (ইংৰাজী, আৰৱী, হিন্দী, পাৰ্চি) ব্যৱহাৰ কৰিলেও যতদূৰ সম্ভৱ তাৰ সমান্তৰালকৈ অসমীয়া সমাৰ্থক শব্দটোকো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ মাজত দেখা দিয়া অসংখ্য ইংৰাজী শব্দৰ লগতে অন্যান্য দেশী-বিদেশী শব্দৰ প্ৰয়োগে অসমীয়া ভাষালৈ সংকটৰ বাৰ্তা কঢ়িয়াই আনিছে৷ বৰ্তমান লেখক-সাহিত্যিকসকলে সময়ৰ লগত খাপ খুৱাই গল্প-উপন্যাস ৰচনা কৰোঁতে প্ৰতিটো চৰিত্ৰৰ মুখত দৈনন্দিন ব্যৱহাৰ হোৱা অনেক ইংৰাজী শব্দৰ হুবহু ৰূপ দিবলৈ চেষ্টা কৰা দেখা যায়৷ যাৰ ফলত সাহিত্যই প্ৰাণ পায় উঠে যদিও ইয়ে অসমীয়া ভাষাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা দেখা যায়৷ মনৰ ভাব প্ৰকাশৰ বাবে হাতৰ কাষতে পোৱা ইংৰাজী শব্দটোৰ লিপ্যন্তৰ(Transliterate) ৰূপটোকে ব্যৱহাৰ কৰাৰ ফলত বহুতো অসমীয়া শব্দ বৰ্তমান হেৰাই যাবলৈ ধৰিছে৷ এনেবোৰ শব্দ ব্যৱহাৰৰ অভাৱত পাহৰণিৰ গৰ্ভত লুকাই গৈছে৷ এই কথা অনস্বীকাৰ্য্য যে বৰ্তমান অসমীয়া অভিধানত নতুন নতুন অসমীয়া শব্দ (প্ৰকৃততে যিবোৰ ঋণ শব্দ) অন্তৰ্ভুক্ত হৈছে৷ কিন্তু অভিধান এখনত থকা আধা সংখ্যক পুৰণি শব্দৰ ব্যৱহাৰ অসমীয়া সাহিত্যৰ মাজত বৰ্তমান দেখা পোৱা নাযায়৷ অসমীয়া অভিধানসমূহত থকা বহুতো পুৰণি অসমীয়া শব্দ সংগ্ৰাহালয়ত থকা বস্তুৰ দৰে অসমীয়া শব্দৰ ভঁৰাল চহকী কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত নতুন শ্ৰেণী যুৱক-যুৱতীৰ বাবে এনেবোৰ শব্দৰ ব্যৱহাৰ আওপুৰণি বস্তুৰ দৰেই মূল্যহীন হৈ পৰিছে৷ এনে ধৰণৰ পৰিৱৰ্তনে বৰ্তমান অসমীয়া ভাষালৈ গভীৰ সংকট নমাই আনিছে৷
      সাম্প্ৰতিক সময়্ত এনেবোৰ শব্দ উচ্চ শিক্ষিত লোকসকলৰ দৈনন্দিন জীৱনৰ ভাব প্ৰকাশৰ মাজত ব্যৱহাৰ হোৱা দেখা যায়৷ কিন্তু কথিত ভাষাৰ মাজত ব্যৱহাৰ হোৱা এনেবোৰ শব্দই যেতিয়া লিখিত সাহিত্যৰ মাজত আত্মপ্ৰকাশ কৰে স্বাভাৱিকতে ভাষাৰ সংকটে দেখা দিয়ে৷ বৰ্তমান আমাৰ সমাজত সাধাৰণ ঘৰুৱা শব্দত পৰিণত হোৱা টেবুল, কাপ, পেন, অফিচ, স্কুল, কলেজ, টিভি আদি শব্দবোৰৰ ফলত নিভাজ অসমীয়া শব্দ ক্ৰমে মেজ, পিয়লা, কলম, কাৰ্য্যলয়, বিদ্যালয়, মহাবিদ্যালয়, দূৰদৰ্শন আদি শব্দবোৰ প্ৰায় এলাগি হৈ পৰিছে৷ এনে পৰিপেক্ষিততে ওপৰৰ শব্দবোৰৰ ফলটো এদিন বহুতো অসমীয়া শব্দ হেৰাই যোৱাৰ সন্দেহ নুই কৰিব নোৱাৰি৷ আনহাতে বহু সময়ত আমি প্ৰকৃত, নিভাজ অসমীয়া শব্দ থকাৰ পিছটো ইংৰাজী শব্দৰ সহায় লোৱাও দেখা পোৱা যায়৷ উদাহৰণ স্বৰূপে- গুৰু ট্ৰেইনিং, টাউন-চহৰ (গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৫০) ইত্যাদি৷

ব্যক্তিগত নিউজ চেনেলসমূহৰ পৰা অহা সংকট:

    সম্প্ৰতি অসমত বহুলভাৱে প্ৰচাৰিত দূৰদৰ্শনৰ ব্যক্তিগত নিউজ চেনেলসমূহৰ মাজতো অসলগ্ন বাক্যগাঁঠনি আৰু অত্যাধিক ইংৰাজী শব্দৰ ব্যৱহাৰে অসমীয়া ভাষালৈ সংকট নমাই আনিছে৷ এই ক্ষেত্ৰত অতি সাধাৰণভাৱে অসমীয়া বাক্যৰ মাজত ব্যৱহাৰ কৰা ইংৰাজী শব্দ ‘So’-ৰ অত্যাধিক ব্যৱহাৰে অসমীয়া ভাষাক বিকৃত কৰাই নহয়, ‘সেইকাৰণে’, ‘সেইবাবে’ আদি শুৱলা অসমীয়া শব্দবোৰৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে৷ অসমীয়া ভাষাৰ ক্ষেত্ৰত ব্যক্তিগত নিউজ চেনেলসমূহত দেখা এটা সংকট হ’ল অসমীয়া ‘হলন্ত’ৰ ব্যৱহাৰ৷ প্ৰায়েই দেখা যায় যে কিছুমান শব্দ উচ্চাৰণ কৰোঁতে অনৰ্থক ‘হলন্ত’ ব্যৱহাৰ কৰি অসমীয়া শব্দক বিকৃত কৰি তোলে৷ উদাহৰণ স্বৰূপে- ৰণ্‌কৌশল (ৰণকৌশল), দেহ্‌ৰক্ষী (দেহৰক্ষী), দল্‌পতি (দলপতি) (News Live, বাতৰি, ৪ জানুৱাৰী, ২০১০) ইত্যাদি শব্দত অনৰ্থক হলন্তৰ ব্যৱহাৰ কৰা দেখা যায়৷ ইয়াৰোপৰি প্ৰায়েই ‘ৰ’-কাৰ যুক্ত শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ‘ৰ’-কাৰ প্ৰয়োগ কৰা দেখা নাযায়৷ উদাহৰণ স্বৰূপে- ‘মন্ত্ৰী’ শব্দৰ উচ্চাৰণ কৰা দেখা যায় ‘মন্তী’ হিচপে৷
     ইংৰাজী, হিন্দী ভাষাৰ আৰ্হিৰে এনেধৰণৰ নিউজ চেনেলসমূহ পৰিচালনা কৰিবৰ চেষ্টা কৰাৰ কাৰণে বহু সময়তে সঠিক অসমীয়া ভাষাৰ অভাৱত কিছুমান সংলগ্নহীন শব্দ ব্যৱহাৰ কৰা দেখা যায়৷ চেনেলসমূহত প্ৰায়ে দেখা যায় কোনো অনুষ্ঠানৰ মাজত বিজ্ঞাপন দিব লগা হ’লে ঘোষক-ঘোষিকাই অসমীয়াত ঘোষনা কৰে ‘এটা সৰু বিৰতি’৷ ‘বিৰতি’ শব্দৰ লগত ‘সৰু’ শব্দৰ ব্যৱহাৰ অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ বুলিব নোৱাৰি৷ একেদৰে ব্যক্তিগত চেনেলসমূহত অসমীয়া ভাষাৰ ক্ৰিয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰতো অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ হৈছে বুলি ক’ব নোৱাৰি৷ যোৱা ১৫ জানুৱাৰীৰ ‘নিউজ লাইভ’ৰ ৭ বজাৰ বাতৰিত দেখা পোৱা কেইটামান বাক্য আছিল এনেধৰণৰ “মাটিৰ তলত ছোৱালীজনীক পোতা হৈছে কিয়?”, “ৰাইজে পুতিছে গাঁতত”, “বিঘাই বিঘাই কৰিছে ধানৰ খেতি” ইত্যাদি৷ ইয়াত ‘হৈছে’, ‘পুতিছে’ আৰু ‘কৰিছে’ ক্ৰিয়া কেইটাৰ ব্যৱহাৰ অসমীয়া ভাষাৰ ব্যাকৰণৰ মতে শুদ্ধ বুলিব নোৱাৰি৷ কিন্তু সম্প্ৰতি অসমীয়া ভাষাৰ চেনেলৰ পৰা আৰম্ভ কৰি বাতৰি কাকতলৈকে সকলোতে এনেধৰণৰ বাক্যই ভৰি পৰা দেখা গৈছে৷ এনে চেনেলসমূহত ব্যৱহৃত ভাষাৰ বিষয়্ত সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে মন্তব্য আগবঢ়াইছে যে “অসমীয়া ভাষাৰ কথা শুনিবলৈ ভয়লগা হৈছে৷ ব্যক্তিগত নিউজ চেনেল আৰু এফ-এম ৰেডিঅ’ই অসমীয়া ভাষাৰ নতুনত্ব প্ৰদানত যিদৰে উঠি-পৰি লাগিছে, তাৰ নমুনা এনেধৰণৰ- পৰাগ দাসৰ হত্যাৰ বিচাৰত মূল অভিযুক্ত প্ৰমাণ নোহোৱাৰ দিনা, এটা চেনেলত এগৰাকী যুৱতী সাংবাদিকে পৰাগ দাসৰ মাতৃক সুধিলে- এই বিচাৰৰ জাজমেণ্ট শুনি আপোনাৰ চাগে বেয়া লাগিছে ন...”৷ (সাদিন, ৩০ অক্টোবৰ, ২০০৯, পৃষ্ঠা-১১)৷ কেৱল ব্যৱসায়িক স্বাৰ্থতে ভাষা নজনা, অসমীয়া সমাজ-সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নথকা এচাম ন-ন সাংবাদিকৰ আগমনেই অসমীয়া ভাষাৰ এনে আসোঁৱাহৰ মূল কাৰণ বুলিব পাৰি৷    
  
এফ.এম ৰেডিঅ’ৰ মাধ্যমেৰে অহা বিভিন্ন সংকট:

        বৰ্তমান অসমত বহুলভাৱে প্ৰচাৰিত এফ.এম ৰেডিঅ’ অনুষ্ঠানসমূহেও অসমীয়া ভাষাৰ উচ্চাৰণ আৰু বাক্যগাঁঠনিৰ ক্ষেত্ৰত এক সংকটৰ বাৰ্তা কঢ়িয়াই আনিছে৷ গাঁৱে-ভূঞে সকলোতে বিয়পি পৰা এফ.এম ৰেডিঅ’ দোকান-পোহাৰৰ বাহিৰেও এতিয়া ৰিক্সা, অট’ৰিক্সা, বাছ আদিটো যাত্ৰীক শুনোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা দেখা যায়৷ আনকি ম’বাইল ফোনটো সহজতে উপলভ্য হোৱা বাবে এফ.এম ৰেডিঅ’ই সকলোৰে সাজত জনপ্ৰিয়তা লাভ কৰিছে৷ কিন্তু এনে সহজলভ্য মাধ্যমত দেখা যায় যে, হিন্দীমাৰ্কা ষ্টাইলেৰে নিজকে তথাকথিত আধুনিক সজোৱাৰ মানসেৰে ঘোষক-ঘোষিকাসকলে প্ৰায়েই বিকৃত অসমীয়া ভাষা ব্যৱহাৰ কৰে৷ তেওঁলোকে হিন্দী, ইংৰাজী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰনেৰে এক মিশ্ৰিত ভাষা ব্যৱহাৰ কৰে৷ যি অলপ অচৰপ অসমীয়া ভাষা ব্যৱহাৰ কৰে সেইখিনিতো ভাষাটোৰ শুদ্ধ প্ৰয়োগ দেখা পোৱা নাযায়৷ বাক্যগাঁঠনিত অত্যাধিক সুৰ-লয়ৰ ব্যৱহাৰে নিভাজ শুৱলা অসমীয়া বাক্যক সততে বিকৃত কৰি তুলিছে৷ ইয়াৰ ফলত কেৱল অসমীয়া কথিত ভাষাইযে বিপদাপন্ন হৈছে এনে নহয়, হয়টো সুদূৰ ভৱিষ্যতে অসমীয়া লিখিত সাহিত্যৰ মাজতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে৷
        মিশ্ৰিত ভাষা ব্যৱহাৰে অনুকৰণপ্ৰিয় সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে৷ উদাহৰণস্বৰূপে গুৱাহাটীৰ এফ.এম অনাতাঁৰ কেন্দ্ৰ এটাৰ অনুষ্ঠানত সঘনাই ব্যৱহাৰ হোৱা এটা বাক্য হ’ল – “শুনক শুনাওক লাইফ বনাওক”৷ এই বাক্যটো এটা মিশ্ৰিত ভাষাৰ বাক্য৷ ইয়াৰ অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ নাই৷ লগতে এই প্ৰতিষ্ঠানসমূহৰ বিজ্ঞাপন সমূহতো ইয়াক কোৱাৰ ধৰণেই ব্যৱহাৰ কৰা হয়৷ আনহাতে অসমীয়া সমাজত প্ৰচাৰিত, অসমীয়া সংস্কৃতিৰ বাৰ্তা বাহক এই অনুষ্ঠানবোৰত নিজৰ পৰিচয় দিয়াৰ ক্ষেত্ৰতো ‘হাই’, ‘হেল্লো’ আদি শব্দৰ ব্যৱহাৰ কৰা দেখা যায়৷ একেদৰে এই কথা প্ৰায়েই লক্ষ্য কৰা দেখা যায় যে ঘোষক-ঘোষিকাসকলে কাৰোবাৰ ঘৰলৈ যাবলৈ হ’লে বা কাৰোবালৈ ৰৈ থাকিবলৈ হ’লে ব্যৱহাৰ কৰে “মই এতিয়া খগেন মহন্তৰৰ ঘৰলৈ যায় আছোঁ৷” আৰু “মই তেওঁৰ বাবে ৰখি আছোঁ” এনে ধৰণৰ বাক্য৷ ইয়াত ব্যৱহাৰ কৰা ‘যায়’ আৰু ‘ৰখি’ শব্দ দুটা সম্প্ৰতি সকলো শ্ৰেণী মানুহৰ মাজতে ব্যৱহাৰ হ’বলৈ ধৰিছে৷ সাধাৰণ মানুহৰ মাজত কথিত ভাষাত কি ব্যৱহাৰ হয় সেইটো কোনো গুৰুত্বপূৰ্ণ কথা নহয় যদিও সেই ভাষা যেতিয়া প্ৰচাৰ মাধ্যমত ব্যৱহাৰ কৰা হয় তেতিয়াই ই ভাষালৈ সংকট নমাই অনা বুলিব পাৰি৷ নতুন প্ৰজন্মৰ মাজত বহুলভাৱে প্ৰচাৰিত এফ.এম ৰেডিঅ’ৰ ঘোষক-ঘোষিকাসকলৰ ভাষাৰ ব্যৱহাৰৰ বিষয়ে অনুৰাধা শৰ্মা পূজাৰীয়ে কেইটামান অতি গুৰুত্বপূৰ্ণ উদাহৰণ দাঙি ধৰিছে- “আপুনি কুকিং কৰি ভাল পায়নে? আপোনাৰ স্কুল গয়িং বাচ্ছাটোৰ টিফিন বনাবলৈ টাইম এডজাষ্ট কেনেকৈ কৰে? আমি এতিয়া যায় আছো, গায়িকা দীপালী বৰঠাকুৰৰ ঘৰলৈ, যদিও তেওঁ এতিয়া গান নাগায়, তেওঁৰ পুৰণা গানচব বজাম৷” (সাদিন, ৩০ অক্টোবৰ, ২০০৯, পৃষ্ঠা-১১)৷

সংকট মোচনৰ বিভিন্ন দিশসমূহ:

        আমাৰ গৱেষণা পত্ৰত উল্লেখ কৰা বিভিন্ন সংকটসমূহে অসমীয়া ভাষাৰ আভ্যন্তৰিণ ক্ষেত্ৰত ভাষাটোক ক্ষতি কৰা দেখা গৈছে৷ এই সংকটৰ পৰা অসমীয়া ভাষাক ৰক্ষা কৰিবলৈ হ’লে সংবাদ-পত্ৰৰ পৰা আৰম্ভ কৰি সকলো প্ৰচাৰ মাধ্যমে সতৰ্কতা অৱলম্বন কৰিব লাগিব৷ ভাষাটোক জীয়াই ৰাখিবলৈ কথিত আৰু লিখিত দুয়োটা মাধ্যমতে ভাষাটোৰ শুদ্ধ প্ৰয়োগ অতি প্ৰয়োজনীয় বিষয়৷ সাধাৰণতে কথিত ভাষাৰ শব্দ আৰু লিখিত ভাষাৰ শব্দৰ মাজত কিছু পাৰ্থক্য বা ব্যৱধান ৰাখি চলিলেহে নিভাজ অসমীয়া ভাষাৰ শব্দসমূহ জীয়াই থাকিব বুলি আশা কৰিব পাৰি৷  ইংৰাজী শব্দৰ ব্যৱহাৰৰ প্ৰ্ৰয়োজন নোহোৱা বা ভাব প্ৰকাশৰ বাবে উপযুক্ত অসমীয়া শব্দ থাকিলে তাক ব্যৱহাৰ কৰাৰ প্ৰতি গুৰুত্ব দিলেহে অসমীয়া ভাষাৰ চাহিদা বৃদ্ধি পাব৷ এই প্ৰসঙ্গতে ডঃ গকুল গোস্বামীয়ে মত আগবঢ়াইছে যে, “নিজৰ শব্দৰ ব্যৱহাৰ অটুট ৰাখি আৱশ্যকানুযায়ী আন ভাষাৰ শব্দ গ্ৰহণ কৰিলে, ভাষাৰ মৃত্যু নঘটে বৰং উৎকৰ্ষহে হয়৷... কিন্তু যেতিয়া, বিশেষকৈ লিখিত ভাষাত নিজস্ব শব্দক উঘালি আন ভাষাৰ শব্দক বৰপীৰা পাৰি দিয়া হয়, তেতিয়াই ভাষা মৃত্যুমুখী হয়৷” (গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৪৮)৷
     ইয়াৰ পিছতে সংবাদ মাধ্যমত প্ৰকাশিত বিজ্ঞাপনসমূহৰ ভুল বানান আৰু আশুদ্ধ বাক্যগাঁঠনিসমূহ শুদ্ধৰূপত প্ৰচাৰৰ বাবে বিজ্ঞাপন প্ৰতিষ্ঠানসমূহে চিন্তা কৰা উচিত৷ বাতৰি কাকতত বিজ্ঞাপন দিওঁতা ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী কৰ্তৃপক্ষৰ বিজ্ঞাপনসমূহ প্ৰচাৰ কৰা নকৰাটো সংবাদ পত্ৰ বা অন্যান্য প্ৰচাৰ মাধ্যমসমূহৰ নিজস্ব কথা যদিও এই ক্ষেত্ৰত সংবাদ-পত্ৰসমূহে কিছু ভূমিকা গ্ৰহণ কৰিব পাৰে৷ ভাষাৰ শুদ্ধতাৰ স্বাৰ্থত বিজ্ঞাপনৰ শব্দবোৰ শুদ্ধ কৰাৰ লগতে বিজ্ঞাপনদাতালৈ সেইবোৰ ওভতাই পঠোৱাৰো ব্যৱস্থা কৰিব পাৰে৷
     বৰ্তমান সময়্ত সাংবাদিকতাৰ প্ৰশিক্ষণত সংবাদ সংগ্ৰহৰ বিভিন্ন দিশসমূহ আলোচনা কৰা হয় যদিও ভাষাৰ ব্যৱহাৰৰ দিশটো বিচাৰ কৰা নহয়৷ সঠিক ভাষা প্ৰয়োগৰ বাবে বিভিন্ন ভাষাতত্ত্ববিদৰ জড়িয়তে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা প্ৰয়োজন৷ কাৰণ সাংবাদিক বৃত্তিৰ অতি প্ৰয়োজনীয় দিশটোৱেই হ’ল ভাষা৷ অৰ্থাৎ কোনো এটা বিষয়ক সঠিকভাৱে বুজাব পৰাকৈ কোনো এটা ভাষাৰ অভিধান আৰু ব্যাকৰণৰ জ্ঞান অতি আৱশ্যক৷
 
অসমীয়া ভাষাৰ ভৱিষ্যত:

         অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে সময়ে সময়ে বিভিন্ন চিন্তাবিদে বিভিন্ন মত দাঙি ধৰিছে৷ ভাষা এটাৰ ভৱিষ্যত নিৰ্ভৰ কৰে প্ৰধানত দুটা বিষয়ৰ ওপৰত: (ক) যদি ভাষাটো ব্যৱহাৰ কৰা ব্যক্তিৰ সংখ্যা দিনে দিনে কমি আহে আৰু (খ) যদি ভাষাটোৰ মাজত অধিকভাৱে আন ভাষাৰ শব্দই বৰপীৰা পাৰি বহে৷ সাম্প্ৰতিক অসমীয়া ভাষালৈ লক্ষ্য কৰিলে ওপৰৰ দুয়োটা কাৰণেই কম বেছি পৰিমাণে লক্ষ্য কৰা দেখা যায়৷ ভাৰতৰ লোকপিয়লৰ পৰিসংখ্যাত শেহতীয়াভাৱে এই কথা প্ৰকাশ পাইছে যে, অসমত অসমীয়াভাষী লোকৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে৷ লোকপিয়লৰ তথ্যত প্ৰকাশ পোৱা তথ্য মতে ১৯৯১ আৰু ২০০১ চনত অসমৰ জনসংখ্যা আছিল ক্ৰমে ২২,৪১৪,৩১২ আৰু ২৬,৬৩৮,৪০৭ আৰু শতকৰা বৃদ্ধিৰ হাৰ আছিল ১৮.৯৷ ১৯৯১ চনত অসমীয়া, বাংলা, হিন্দী আৰু অন্যান্য জনগোষ্ঠীয়-ভাষীৰ সংখ্যা (হেজাৰ হিচাপত) আছিল যথাক্ৰমে ১২,৯৫৮, ৪,৮৫৭, ১,০৩৫, আৰু ৩,৫৬৪৷ আটাইকেইটা ভাষীৰ লোকৰ বৃদ্ধিৰ হাৰ একে বুলি ধৰিলে (১৮.৯%), ২০০১ চনত অসমীয়াভাষী লোকৰ সংখ্যা হ’ব লাগে (হেজাৰত) ১৫,৪২০ জন৷ কিন্তু ২০০১ চনৰ প্ৰকৃত তথ্যলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়াভাষী লোকৰ সংখ্যা হয় (হেজাৰত)১৩,১৭৫ জন৷ অৰ্থাৎ ১৯৯১ চনৰ পিয়লৰ অনুসাৰে ২০০১ চনৰ পিয়লত মাতৃভাষা অসমীয়া বুলি লিখিবলগীয়া ২,২৪৫ হেজাৰ লোকে অসমীয়া বুলি নিলিখিলে৷ (গোস্বামী, গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৪৮)৷ উক্ত প্ৰৱন্ধত ১৯৯১ আৰু ২০০১ চনৰ ভিতৰত নগাঁও, বৰপেটা, দৰং, শোণিতপুৰ, মৰিগাঁও, লখিমপুৰ আৰু ধেমাজি আদি সাতখন জিলাত পোন্ধৰ লাখ লোকে মাতৃভাষা সলোৱাৰ এক ভয়ঙ্কৰ তথ্যও দাঙি ধৰিছে৷ ইয়াৰে প্ৰায় দুই-তৃতীয়াংশই মাতৃভাষা বাংলা আৰু বাকীখিনীয়ে অন্যান্য জনজাতীয় ভাষাকে মাতৃভাষা বুলি মানি ল’লে৷ স্বাভাৱিকতেই অসমলৈ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশ তথা শেহতীয়াকৈ এই অনুপ্ৰৱেশকাৰীসকলে নিজকে বঙালীভাষী বুলি পৰিচয় দিয়া বাবেই ৰাজ্যখনৰ ভাষিক জনগাঁথনিৰ এনে অস্বাভাৱিক পৰিৱৰ্তনৰ মূল কাৰণ বুলি ভাবিব পাৰি৷ আনহাতে তথাকথিত স্বায়ত্বশাসনৰ সংঘাতেও বৃহত্তৰ অসমীয়া জাতি গঠনত বাধাৰ সৃষ্টি কৰিছে৷ ইয়াৰ লগে লগে সেই জনজাতিসমূহে নিজৰ থলুৱা ভাষাকে মাতৃভাষা হিচাপে গ্ৰহণ কৰাৰ বাবেও অসমীয়া ভাষালৈ সংকট নামি আহিছে৷ ১৯৯১ চনৰ পৰা ২০০১ চনৰ সময়ছোৱাত অসমৰ প্ৰতি দহ হেজাৰ লোকৰ ভিতৰত অসমীয়াভাষী লোকৰ সংখ্যা ৮৩৭ হ্ৰাস পোৱাৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা ৬২৪ বৃদ্ধি পাইছে৷ এনেদৰে হিন্দীভাষী লোকৰ সংখ্যা ১৩৫, নেপালীভাষী লোকৰ সংখ্যা ২২, উৰিয়াভাষী লোকৰ সংখ্যা ২৫ বৃদ্ধি পাইছে৷ (অসমীয়া প্ৰতিদিন, ৬ জানুৱাৰী ২০০৮)৷
       ওপৰৰ তথ্যৰ পৰা এটা কথা প্ৰতিয়মান হয় যে প্ৰতি বছৰে অসমীয়াভাষী লোকৰ সংখ্যা হ্ৰাস পায় আহিছে৷ যিটো অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ বিষয়৷ এনে এক সন্দেহৰ আধাৰতে ২০২০ চনত অসম বাংলাদেশীৰ দখললৈ যাব বুলি জাৰ্মান চৰকাৰৰ সংস্থা ‘জাৰ্মান এডভাইজাৰি কাউন্সিল ফৰ গ্ল’বেল চেঞ্জ’ নামৰ প্ৰতিষ্ঠানটোৱে এক তথ্যভিত্তিক প্ৰতিবেদনো প্ৰকাশ কৰিছে৷
    অসমীয়া ভাষাৰ ভৱিষ্যত নিৰ্ভৰ কৰা আনটো দিশ আলোচনা কৰি চালে দেখা যায় যে সাম্প্ৰতিক অসমীয়া ভাষাৰ মাজত সকলো ক্ষেত্ৰতে ইংৰাজী, হিন্দী আৰু বাংলা ভাষাৰ প্ৰভাৱে থলুৱা অসমীয়া শব্দসমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ এনে সন্দেহৰ আধাৰতে হোমেন বৰগোহাঞে ‘মিচিং আগম কৌবাং’ৰ মুকলি সভাত “ঘাতক ভাষা ৰূপে ইংৰাজীয়ে ক্ষুদ্ৰ ভাষাবোৰক ধ্বংস কৰিব” বুলিও মত প্ৰকাশ কৰে৷ তেওঁৰ মতে “এইটো ধ্ৰুব সত্য যে আৰু এশ বছৰৰ পিছত পৃথিৱীত মাত্ৰ পোন্ধৰটা জীৱন্ত ভাষা ৰূপে চলি থাকিব৷ আনহাতে আৰু ১৫০ টা ভাষা মাত্ৰ জীয়াই থাকিব৷ এই ১৫০ টা ভাষা মাত্ৰ ঘৰুৱা ব্যৱহাৰতে সীমাবদ্ধ থাকিব৷” (আমাৰ অসম, ১৫ নৱেম্বৰ ২০০৯)৷ আমাৰ ওপৰৰ আলোচনাত সাম্প্ৰতিক লিখিত আৰু কথিত প্ৰচাৰ মাধ্যমসমূহে কিদৰে ইংৰাজী ভাষা ব্যৱহাৰ কৰিছে তাৰ এক সম্যক ধাৰণা দিয়া হৈছে৷ ইয়াৰোপৰি দেখা যায যে মধ্যবৃত্ত বেছিভাগ লোক আজিও মাতৃভাষানুৰাগী হৈ উঠিব পৰা নাই৷ শিক্ষাৰ মাধ্যমৰ লগতে ঘৰুৱা ভাব বিনিময়টো বেছিভাগ লোকেই মাতৃভাষা ব্যৱহাৰ নকৰি নিজৰ সন্তানৰ লগত ইংৰাজী ভাষা ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷ অসমৰ সাধাৰণ চাহ-তামোলৰ দোকানৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠানসমূহ নামফলক, কাৰ্য্যলয়ৰ জাননী, গোহাৰীপত্ৰ বা চিঠী আদি আজিও অসমীয়া ভাষাত বাধ্যতামূলকভাৱে ব্যৱহাৰ হোৱা নাই৷ এনে বিভিন্ন কাৰণ বিশ্লেষণ কৰি অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে বিভিন্নজনৰ মনৰ মাজত সন্দেহ জাগ্ৰত নোহোৱাকৈ থকা নাই৷ কিন্তু সকলো সন্দেহৰ মাজতো অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে বহুতো ভাষাবিদে কিছু আশা ব্যঞ্জক মত আগবঢাইছে৷
     ভাষাবিদ ডঃ গোলোক চন্দ্ৰ গোস্বামীৰ মতে “অসমীয়া পৃথিৱীৰ শক্তিশালী ভাষাবোৰৰ অন্যতম৷ এই ভাষাৰ ভৱিষ্যত অতি উজ্জ্বল৷ এই শক্তিশালী ভাষাৰ কোনো দিন মৃত্যু হ’ব নোৱাৰে বা লুপ্ত হ’ব পাৰে বুলি কৰা আশংকাও অমূলক৷” (আমাৰ অসম, ১৬ নৱেম্বৰ ২০০৯)৷ অসমীয়া ভাষাৰ মাজলৈ বিভিন্ন সংকট নামি আহিলেও অসমীয়া ভাষাৰ মৃত্যু হ’ব বুলি একেষাৰে ক’ব নোৱাৰি৷ অসমৰ বিভিন্ন জনগোষ্ঠীসমূহে অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে চিনাকী নিদিলেও এই কথা নিশ্চিত যে, সামাজিক ভাবৰ আদান প্ৰদানৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকলে, বড়োসকলে আৰু আন আন জনগোষ্ঠীসমূহে অসমীয়া ভাষাকে ব্যৱহাৰ কৰে৷ শিক্ষা আৰু সংস্থাপনৰ বাবে এই জনগোষ্ঠীয় লোকসকল যিমানেই বাহিৰলৈ ওলাই আহিছে সিমানেই অসমীয়া ভাষা ক’বলৈ আৰম্ভ কৰিছে৷ মুঠৰ ওপৰত বৃহৎ সংখ্যক ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৱে অসমীয়া ভাষাকে যোগাযোগৰ একমাত্ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে৷ আনহাতে ১.৩১ কোটি অসমীয়াৰ মাজত অসমীয়া ভাষা চিৰদিন জিলিকি থাকিব৷ এক লাখ শব্দৰে হেমকোষৰ পূৰ্ণতা, দুই লাখ অসমীয়া শব্দৰ পূৰ্ণাঙ্গ ‘জাতীয় অভিধান’ৰ সৃষ্টিও অসমীয়া ভাষাৰ উজ্জ্বল ভৱিষ্যতৰ এক সম্ভাৱনাপূৰ্ণ দিশ৷ অসমীয়া ভাষাৰ শব্দক বিশ্বৰ যিকোনো প্ৰান্তত চাব পৰাকৈ ‘শব্দ’ (http://www.xobdo.org/) নামৰ এখন অনলাইন অসমীয়া অভিধানো বৰ্তমান ইণ্টাৰনেটত উপলভ্য হৈছে৷ প্ৰায় ২২০০০ অসমীয়া শব্দৰ ইংৰাজী প্ৰতিশব্দৰ লগতে এই অভিধানখনত অসমীয়া ভাষাৰ অনেক ফকৰা-যোজনাও সংলগ্ন কৰা হৈছে৷ অসমীয়া ভাষাত এখন ইন্টাৰনেট বিশ্বকোষ প্ৰণয়নৰ কাৰণেও ৱিকিপেডিয়া (http://www.as.wikipedia.org/) নামৰ ৱেবচাইটটোৱে অসমীয়া ভাষাত যথেষ্ট কাম হাতত লৈছে৷ সাম্প্ৰতিক সময়ত অসমীয়া আখৰ কম্পিউটাৰত ব্যৱহাৰ কৰিব পৰাকৈ বিভিন্ন প্ৰযুক্তিৰ উদ্ভাৱন কৰা হৈছে৷ মাইক্রছ‌ফ্‌টৰ দৰে ছ‌ফ্‌টৱেৰ কোম্পানিসমূহেও বৰ্তমান অসমীয়া ভাষাক কম্পিউটাৰত ব্যৱহাৰৰ বাবে বিভিন্ন আচঁনী গ্ৰহণ কৰিছে৷ এই ক্ষেত্ৰত মাইক্রছ‌ফ্‌টৰ প্ৰাক্তন পৰিচালক সঞ্চালক বিল গেটছৰ এক সুদূৰ প্ৰসাৰি কাম হ’ল Windows Vista আৰু Windows-7 নামৰ নতুন ‘অপাৰেটিং ছিষ্টেম’ দুটা অসমীয়া ভাষাত অনুবাদ কৰা৷ ইয়াৰ ফলত কম্পিউটাৰ এটাৰ মনিটৰত ভাহি উঠা সকলো আদেশ, বাক্য, শব্দ, সহায় আদি অসমীয়া ভাষাত ব্যৱহাৰ কৰিব পৰা হ’ব৷ ইয়াৰ লগে লগে Nokia-ৰ দৰে ম’বাইল কোম্পানিসমূহেও অসমীয়া ভাষাক ম’বাইল পৰিচালনাত সহায় হ’ব পৰাকৈ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিছে৷ এই ফালৰ পৰা অসমীয়া ভাষাৰ ভৱিষ্যতকলৈ কোনো ধৰণৰ শংকা বা সন্দেহৰ অৱকাশ নাই৷ কিন্তু এই আস্বাসৰ মাজতো আমি এই কথা পাহৰিলে নহ’ব যে ভাষা এটাৰ সঠিক শুদ্ধ ৰূপটো জীয়াই থাকে লিখিত সাহিত্যৰ মাজেৰেহে৷ সেয়েহে অসমীয়া ভাষাৰ নিভাজ শব্দসমূহক কেৱল অভিধানৰ মাজতে সীমাবদ্ধ নাৰাখি তাক ব্যৱহাৰৰ মাধ্যমেৰেহে অসমীয়া ভাষাক জীয়াই ৰাখিব পৰা হ’ব৷ ইয়াৰ ওপৰতেই অসমীয়া ভাষাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব৷

উপসংহাৰ:

     আমাৰ গৱেষণা পত্ৰত সংবাদ-পত্ৰ, আলোচনী, ব্যক্তিগত নিউজ চেনেলসমূহ আৰু এফ.এম ৰেডিঅ’ৰ মাধ্যমে অসমীয়া ভাষালৈ নমাই অনা বিভিন্ন সংকটৰ দিশসমূহ আলোচনা কৰাৰ লগতে তাৰ সমাধানৰ দিশসমূহো আলোচনা কৰা হৈছে৷ কিন্তু বাস্তৱিকতে ওপৰোক্ত মাধ্যম কেইটাই অসমীয়া ভাষাৰ সংকটৰ মূল কাৰণ নহয়৷ ইয়াৰ মূল কাৰণ হ’ল ১৯৬০ চনত চৰকাৰী ভাষা আইন গৃহিত হোৱাৰ পিছতো আজিলৈকে অসমত এই আইন চৰকাৰীভাৱে গৃহিত হোৱা দেখা নগ’ল৷ ইয়াৰ লগতে ৰাজহুৱা স্থানত বা অন্যান্য প্ৰচাৰ মাধ্যমত ভুলকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ৰাজহুৱাভাৱে মাত মতা দুই-এজন ব্যক্তিৰ বাহিৰে কোনো দল-সংগঠন দেখা পোৱা নাযায়৷ অসমত অসমীয়া ভাষাৰ বাবে ১৯৪৬ চনৰ পৰা ১৯৭২ (অসমীয়া মাধ্যম আন্দোলন) চনলৈকে যিদৰে সংগ্ৰাম কৰিব লগা হৈছিল ভাৰতৰ আন কোনো ৰাজ্যতে তেনে আন্দোলন গঢ়ি উঠা নাছিল৷ কিন্তু অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ বাবে ১৯৬০ চনত ভাষা আন্দোলনৰ গুৰি ধৰা নেতাসকলেই ১৯৮৫ চনত ‘অসম গণ পৰিষদ’ দল গঠন কৰি চৰকাৰ গঠন কৰাৰ পিছতো চৰকাৰী কাৰ্য্যলয়সমূহত অসমীয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰাটো সচাই পৰিতাপৰ কথা৷ মনকৰিবলগীয়া যে অসমতকৈ তিনি বছৰ পাচত চৰকাৰী ভাষা আইন গৃহিত হোৱা কৰ্ণাটকত চৰকাৰী কাৰ্য্যলয়বোৰত ইংৰাজী মুদ্ৰণ লিখন যন্ত্ৰ আঁতৰাই তাৰ ঠাইত কানাড়া মুদ্ৰণ যন্ত্ৰ দিয়া হয়৷ আনকি কৰ্ণাটকত এতিয়া কানাড়া ভাষা নজনা কোনো ব্যক্তিয়ে চৰকাৰী ভাষাৰ বাবে আৱেদন কৰিব নোৱাৰে৷ একেদৰে মালয়েছিয়া চৰকাৰে দেশখনত মালয় ভাষাটো ভুলকৈ ৰাজহুৱা নামফলক আদিত লিখিলে ১০০০ ৰিংগ্ৰিট অৰ্থাৎ ১২,২০০ টকা পৰ্যন্ত জৰিমনা বিহাৰ কথা বিবেচনা কৰিছে৷ কিন্তু চাৰিওফালে অসমীয়া ভাষাৰ অশুদ্ধ ব্যৱহাৰ হৈ থকাৰ পিছতো অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷ অসমীয়া ভাষাৰ সংকটৰ বিভিন্ন দিশ সময়ে সময়ে বিভিন্ন সংবাদ-পত্ৰ, আলোচনীত আলোচনা কৰি থকাৰ পিছতো আজিলৈকে কাৰ্য্যক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল৷ ১৯৩৭ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সপ্তদশ অধিবেশনৰ সভাপতিৰ ভাষণত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে এষাৰ কথা কৈছিল- “আমাৰ ইমান ওচৰতে গাতে লাগি থকা যিবিলাক অসমীয়া ভাষা নজানা মানুহ আছে তেওঁলোকক আমি আকৰ্ষণ কৰি আনিব নোৱাৰিলে তেওঁলোকে নিজে আমাৰ ভাষা, কৃষ্টি-সংস্কৃতি অকলে মন দিব বুলি আশা কৰিব নোৱাৰি৷” কিন্তু বাস্তৱত দেখা গৈছে সৌ সিদিনা স্বায়ত্বশাসন গঠন কৰা বড়ো জনগোষ্ঠীয়ে নিজৰ বি.টি.এ.ডি এলেকাত নিজস্ব বড়ো ভাষাৰে চৰকাৰী কাম-কাজ চলোৱাৰ কথা ভাবিছে৷ অথচ অসমীয়া ভাষা সংখ্যা আৰু মানত ডাঙৰ হৈয়ো নিজৰ চৰকাৰী কাৰ্য্যলয়তে এলাগী হৈ পৰি আছে৷ হয়তো এনেদৰে থাকিলে সুদূৰ ভৱিষ্যতে অসমীয়া ভাষা কেৱল বিদ্যালয়ৰ পাঠ্যপুথিৰ মাজতে আৱদ্ধ হৈ থাকিব৷ সাম্প্ৰতিক সময়ত দূৰদৰ্শনৰ চেনেলসমূহত গ্ৰহণ কৰা সাক্ষাৎকাৰসমূহত দেখা যায় আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষা গ্ৰহণ কৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধ অসমীয়া ভাষাত এটা বাক্যও সম্পূৰ্ণ কৰিব নোৱাৰে৷ উদাহৰণ স্বৰূপে যোৱা ১৫ জানুৱাৰী ২০১০ চনৰ ‘নিউজ লাইভ’ৰ ৭ বজাৰ বাতৰিত সূৰ্য্য গ্ৰহণৰ বিষয়ে সাংবাদিকে এগৰাকী ছাত্ৰীক সোধাত তেওঁ উত্তৰ দিছিল এনেদৰে “Sunটো আৰু earthটোৰ মাজত moonটো আহি গৈছিল৷” আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ মুখৰ এনে ভাষাই অসমীয়া ভাষাৰ ভৱিষ্যত সংকটৰ আন এক কাৰণ বুলিব পাৰি৷
      যেতিয়ালৈকে অসম সাহিত্য সভাই বৃহত্তৰ অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰাৰ দাবী কৰিব নোৱাৰে, অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, যেতিয়ালৈকে চৰকাৰী আমোলা, বিষয়াই অসমীয়া ভাষা জনাতো বাধ্যতামূলক কৰিব নোৱাৰে, ইংৰাজী বিদ্যালয়সমূহত জাতীয় ভাষা হিচাপে অসমীয়া ভাষা জনাটো বাধ্যতামূলক কৰিব নোৱাৰে, ৰাজহুৱা প্ৰতিষ্ঠান, দোকান, বেনাৰ, পোষ্টাৰত অসমীয়া ভাষা ভুলকৈ লিখিলে জৰিমনাৰ ব্যৱস্থা কৰিব নোৱাৰে তেতিয়ালৈকে অসমীয়া ভাষা অসমতেই এলাগি হৈ থাকিব আৰু বিভিন্ন সংকটৰ ব্যাধি কঢ়িযাই কঢ়িয়াই কেৱল লিখিত অভিধান, ব্যাকৰণ আৰু কিতাপৰ মাজতেই আৱদ্ধ হৈ পৰিব৷

( অনুগ্ৰহ কৰি কোনো তথ্য প্ৰতিলিপি নকৰিব)

Tuesday, December 7, 2010

প্ৰৌঢ় উশৃংখলতা বনাম যুৱ উশৃংখলতা আৰু আমাৰ দায়িত্ব

      উশৃংখলতাৰ কোনো বয়স নাই, উশৃংখলতাই নিবিচাৰে সমাজ, সংস্কৃতি আৰু সভ্যতা৷ উশৃংখলতা এটা দুৰাৰোগ্য ব্যাধিৰ দৰে বৰ্তমান আমাৰ সমাজখনৰ সকলো বয়সৰ মানুহৰ মাজতে সোমাই পৰিছে৷ কিন্তু তাৰ বাবে কেৱল যুৱক সকলক একপক্ষীয়ভাৱে আঁজুৰি থকাটো উচিত হৈছেনে? বৰ্তমান সমাজত দেখা দিয়া অনিশ্চয়তা, অস্থিৰতা, কৃত্ৰিম-যান্ত্ৰিক জীৱনযাত্ৰাত স্বপ্ন হেৰুওৱা যুৱকসকলৰ উশৃংখলতাৰ কাৰণবোৰ আমি সহৃদয়তাৰে বিচাৰ কৰা উচিত নহয়নে? আহক আমি ভাবি চাওঁ আমাৰ সমাজত কি ঘটি আছে, কি ঘটিবলৈ ধৰিছে৷ ইয়াৰ বাবে জগৰীয়া কোন ? শৈশৱত স্কুলতে সকলো লৰা ছোৱালীৰ চৰিত্ৰ গঢ় লয়৷ নিয়মানুৱৰ্তিতা, শিষ্টাচাৰ লাভ কৰে৷ এখন সুষ্ঠ সমাজৰ প্ৰথম ভেটি গঢ়ি উঠে৷ কিন্তু উপদেশতকৈ আৰ্হি ভালনীতি কিমানজন শিক্ষকে পালন কৰে সেই কথা বিচাৰ্য্য বিষয়৷ গতানুগতিক পাঠ্যক্ৰম, নিয়মমাফিক ৰুটিন আদিৰ উপৰিও ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ পৰা আশা কৰে নিজৰ আদৰ্শ ব্যক্তিজনৰ ছবি৷ কিন্তু কিমানজন শিক্ষক স্বপ্নহৈ জিলিকে তেওঁলোকৰ চকুত? আমাৰ স্কুলত এজন ইংৰাজীৰ শিক্ষক আছিল৷ ইংৰাজী ভাল শিকাইছিল, কিন্তু আমি তেওঁৰ বেতঁৰ কোবত ভয় কৰিছিলোঁ যদিও কোনো দিনে সন্মান কৰা নাছিলোঁ, কাৰণ চাৰে প্ৰতিদিনেই সন্ধিয়া নিজৰ ছাত্ৰ-ছাত্ৰীৰ ঘৰতে মদ খাই ৰাস্তাত পৰি আছিল আৰু কোনোবা ছাত্ৰই তুলি আনি ঘৰত থৈ আহিছিল৷ একেদৰেই বিশ্ববিদ্যালয়ত পঢ়োঁতেও এদিন দেখিছিলোঁ কোনোবা ছাত্ৰীৰ লগত অসৎ কাৰ্য্য কৰা বাবে এজন অধ্যাপকৰ নাম অশ্লীলভাৱে লিখি বিশ্ববিদ্যালয়ৰ গছ, দেৱাল সকলোতে আঁৰি দিয়া হৈছিল৷ প্ৰতিজন শিক্ষকেই আদৰ্শ শিক্ষক হৈ উঠিব নোৱাৰে, কিন্তু এটা কোমল মনৰ শিশুৰ মনত আদৰ্শৰ পাঠ দিবলৈ যাওঁতে প্ৰায়ে এনে ঘটনাবোৰে বিৰূপ প্ৰভাৱ পেলায়৷ কাৰণ প্ৰতিজন শিশুৰ মনতে সুপ্ত হৈ থাকে উশৃংখলতাৰ বীজ৷
     উশৃংখলতা কেৱল বাইকত উঠি কিৰীলি পাৰি চিঞৰি যোৱাই নহয়, উশৃংখলতা কেৱল তিনিআলি, চাৰিআলিৰ চুকত মদ, চিগাৰেট খাই আড্ডা মাৰি থকাই নহয় বা পাৰ হৈ যোৱা কোনোবা ষোড়শীক সুহুৰি মৰাই নহয়৷ সমাজত ঘটি থকা ধৰ্ষণ, বলাৎকাৰ, দুৰ্নীতি, ঘোচখোৰ, প্ৰলোভন আদি সকলোৱেই উশৃংখলতাৰ একো একোটা কাৰণ৷ যৌৱনৰ তাড়নাত, বল-বীৰ্য্যৰ পিৰপিৰণিত, কোনোবা গাভৰুৰ অৰ্দ্ধ-উন্মুক্ত শৰীৰৰ কমনীয়তাত উলাই অহা সুহুৰিটো, তিনিআলি চুকৰ আড্ডাটোৱে আমাৰ সমাজখনত যিমান ক্ষতি কৰি আছে, তাতোকৈ হাজাৰ গুণে বেছি ক্ষতি কৰি আছে আমাৰ সমাজৰ প্ৰৌঢ় উশৃংখলতাৰ আভ্যন্তৰীণ কাৰণবোৰে৷ ৰাজনীতিৰ দেখদেখ দুৰ্নীতি, ঘোচৰ প্ৰকোপত মাটি-বাৰী বেচিব লগা হোৱা যুৱকৰ কাহিনী, কোনোবা চৰকাৰী গাড়ীত অসৎ কাৰ্য্য কৰি নিলম্বিত হোৱা চৰকাৰী বিষয়া, মন্ত্ৰী-বিধায়কৰ বৰ বৰ সভাৰ শেষত খালী হৈ পৰা মদৰ বটলবোৰ, পিতৃসম ব্যক্তিৰ হাতত সকলো হেৰুৱা কোনোবা গাভৰুৰ চিঞৰবোৰক আওকাণ কৰি আমি যুৱ উশৃংখলতাৰ ভাষণ দিওঁ৷ শ-শ ডেকা লৰাক (অসমৰ প্ৰেক্ষাপটত) ছালফা সজাই টকা, গাড়ী, মদেৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰা প্ৰৌঢ় মন্ত্ৰী-বিধায়ক, অসমৰ যাউতি যুগীয়া সাহিত্য অনুষ্ঠানটোৰ মাজতো টকা আৰু ক্ষমতাৰ ৰাজনীতিয়ে কোঙা কৰা অসমৰ সাহিত্য সাধনা, সংস্কৃতিৰ নামত টকাৰ মোহত ক্লাব সংস্কৃতিৰে নতুন প্ৰজন্মক ধ্বংস কৰি দিয়া সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলৰ সন্মুখত যুৱ উশৃংখলতাএটা আওপুৰণি শব্দ৷ আমি এতিয়া চিন্তা কৰিব লাগিব প্ৰৌঢ় উশৃংখলতাৰ কবলৰ পৰা আমাৰ নতুন যুৱ প্ৰজন্মক কেনেকৈ বচাই ৰাখি এখন নতুন সমাজ গঢ়িব পাৰোঁ৷
     আজি একধৰণৰ অৰাজকতা বিৰাজ কৰিছে অসমৰ ৰাজনীতিত ৷ ৰাজনীতিয়ে আজি যেন আমাক পঙ্গু কৰি তুলিছে৷ ঘৰখনৰ পৰা আৰম্ভ কৰি চুবুৰি, অঞ্চল, সমষ্টি বিয়পি আজি গোটেই ৰাজ্য তথা দেশখনকে ই মেৰুদণ্ডহীন কৰি তুলিছে ৷কাৰণ আজি মন্ত্ৰী-বিধায়ক বা অন্যান্য নেতা-পালিনেতাৰ অপৰাধ আৰু দুৰ্নীতিৰ বিষয় চি বি আইৰ অনুসন্ধানৰ বিষয় হৈ থকা নাই সাধাৰণ শিশু এটাইও সকলো দেখিছে বুজিছে৷ মানুহে ঠেকি শিকে, দেখি শিকে৷ অসমীয়া জাতিয়েও আজি ঠেকিছে আৰু দেখিছে কিন্তু দুখৰ কথা শিকিব পৰা নাই৷ আনহাতে কোনোবা এটা ইচ্ছ্যু পালেই ৰাজপথ কপাই তোলা, অসম বন্ধৰে সাধাৰণ জনজীৱন ব্যাঘাত কৰি তোলা বিৰোধী দল সমূহেও অনৰ্থক হৈ হাল্লা কৰি মাথো নিজৰ অক্ষমতাৰ পৰিচয় দিছে৷ শাসনত থকা চৰকাৰ খনৰ কোনোবা মন্ত্ৰী-বিধায়কে কোনো অপৰাধ কৰিলে আৰু বিৰোধী দলে যদি তাৰ প্ৰতিবাদ কৰে তেন্তে ৰাম ফেল, যদু ফেল গতিকে ময়ো ফেলৰ দৰে টুলুঙা মন্তব্যৰে নিজৰ অক্ষমতা তথা অপৰাধৰ ওপৰত এটা প্ৰলেপ দিবলৈ চেষ্টা কৰে৷ আচলতে অসমত এতিয়া নিজকে নিকা ৰাজনৈতিক নেতা বুলি গৰ্বৰে থিয় দি সদনত যুক্তিৰে বিষয় এটা দাঙি ধৰিব পৰা এজনো নেতা নাই ৷ সকলোৱেই কলংক, দুৰ্নীতি আৰু অপৰাধৰ বোকাত লুতুৰিপুতুৰি হৈ থাকি আনৰ বোকা দেখি হহাঁৰ নৈতিক সাহস কনো হেৰুৱাই পেলাইছে৷ গতিকে এতিয়া সকলো নিমাত৷ মুখ খুলিলেই জোলোঙাৰ মেকুৰী ওলোৱাৰ ভয়ত এতিয়া সকলো ত্ৰাসিত ৷ বাহ্যিকভাৱে দেখা যায় যে সকলো অপৰাধৰ লগত যুৱকসমাজ জড়িত হৈ থাকে কিন্তু সেই যুৱসমাজৰ মনত বিভেদৰ বীজ সিঁচি তেওঁলোকক নৈতিকভাৱে পদস্খলিত কৰিছে কোনে ? কাৰ স্বাৰ্থ পূৰণৰ আহিলাত পৰিণত হৈছে আজিৰ যুৱসমাজ৷ এই সকলো কথা আজি দিনৰ পোহৰৰ দৰেই সুস্পষ্ট৷ গতিকে কি শিকিব আজিৰ উঠি অহা নতুন পুৰুষে এই পৰিস্থিতিত৷ কি দৰে ৰচিত হ'ব অসমৰ সোণালী ভৱিষ্যত৷
    শেহতীয়াভাৱে অসম সাহিত্য সভাৰ বিভিন্ন কলংকৰ বাতৰিয়ে এচাম উঠি অহা সাহিত্যনুৰাগী যুৱকৰ মনতো সাহিত্য-সংস্কৃতিৰ প্ৰতি বিতৃষ্ণাৰ সৃষ্টি কৰিছে৷ আজি কাক আদৰ্শ পুৰুষ হিচাপে তেওঁলোকে নিজকে আগবঢ়াই নিব৷ তাহানিতে জোনাকী সৃষ্টিৰে যি এচাম যুৱকে অসমীয়া ভাষা-সাহিত্যৰ নতুন প্ৰাণ প্ৰতিষ্ঠা কৰিছিল, অসমীয়া ভাষা-সাহিত্যক আজিৰ অৱস্থাত উপনীত কৰি অসম সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানৰ প্ৰতিষ্ঠা কৰিছিল সেই অনুষ্ঠানত এতিয়া এচাম প্ৰৌঢ় উশৃংখল ব্যক্তিৰ অসাহিত্যিক দপ্‌দপনি৷ তাহানিতে বেজবৰুৱাক সাহিত্যৰথী উপাধি প্ৰদান কৰাৰ সময়ত তেওঁ কৈছিল সাহিত্য সভালৈ এনে এদিন আহিব যেতিয়া সভাই দিয়া কোনো উপাধি জগতে বহুমূলীয়া জ্ঞান কৰিব আৰু উপাধি পোৱা জনেও নিজক ধন্য মানিব (বেজবৰুৱা-ৰচনাৱলী দ্বিতীয়, পৃ: ১৪৭০) কিন্তু আজি এই অনুষ্ঠানৰ মাজত সভাপতি আসনৰ বাবে যি নিকৃষ্ট ৰাজনীতিৰ সৃষ্টি হৈছে তাক কল্পনা কৰিব নোৱাৰি৷ আজি কোন ধন্য হৈছে সেয়া পিছৰ কথা কিন্তু সমাজে যে তাক বহুমূলীয়া জ্ঞান কৰিবলৈ এৰি দিছে সেয়া নিশ্চিত৷ আমি ভাবো আজি প্ৰতিজন ব্যক্তিয়েই বেজবৰুৱাৰ তিনিওখন ৰচনাৱলী আকৌ এবাৰ পঢ়ক আৰু অনুভৱ কৰক অসমীয়া জাতি, সাহিত্য, সংস্কৃতিৰ প্ৰতি ভালপোৱাৰ অনুভৱ৷ আজি কলিকতাত ৰবীন্দ্ৰনাথ, বঙ্কিমচন্দ্ৰৰ ৰচনাৱলীৰ যি আদৰ অসমত সেই পৰিবেশ আজিও গঢ় লৈ উঠা নাই৷ ইয়াৰ মূলতে হৈছে অসমৰ একমাত্ৰ বৃহৎ সাহিত্য অনুষ্ঠানটো মানুহৰ মাজৰ পৰা আঁতৰি যোৱা ৷ আজিৰ যুৱক সমাজে নিজা উদ্যোগেৰে এই হেৰুৱা সাহিত্য সাধনা মানুহৰ মনত জাগ্ৰত কৰি সাহিত্যৰ মাধ্যমেৰে মনবোৰ সাংস্কৃতিক কৰি তুলিব লাগিব ৷ একোটা সাংস্কৃতিক মনতহে এক সুষ্ঠ পৰিবেশ বিৰাজ কৰিব পাৰে৷
   দিনে দিনে আমাৰ সাংস্কৃতিক প্ৰমূল্যবোধ আমাৰ মনৰ পৰা হেৰাই যাব ধৰিছে৷ নিজৰ সংস্কৃতি, উৎসৱ-অনুষ্ঠান পাহৰি আমি ঢাপত গজা কিছুমান উৎসৱ-অনুষ্ঠানক আদৰি নিজৰ বাপতিসাহোন কলা-সংস্কৃতিক পাহৰি গৈছোঁ৷ কিন্তু ইয়াৰ বাবে আমি কাক জগৰীয়া কৰিম? অসমীয়া বাপতিসাহোন বিহু অনুষ্ঠানটো ৰং-ধেমালীৰ মাজেৰে উদ্‌যাপন কৰিব পৰাকৈ এটা সুষ্ঠ পৰিবেশ আমি লাভ কৰিছোঁনে? এই কথা ভাবি চাবৰ হ’ল যে আজি অসমৰ চৰকাৰী বন্ধৰ তালিকাত কাতি বিহুৰ বন্ধ নোহোৱা হ'ল৷ বহাগ বিহুৰ আনন্দ ৰং-তামাচা উদ্‌যাপন কৰিব নোৱাৰাকৈ অসমৰ সকলো শিক্ষানুষ্ঠানতে পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হয়৷ ইয়াৰ ফলত প্ৰতিজন শিশু, যুৱক-যুৱতীৰ মনত বিহু বুলিলেই আনন্দৰ যি এটা পৰিৱেশ বিৰাজ কৰে সি লাহে লাহে নোহোৱা হৈ পৰিছে৷ তেন্তে কেনেকৈ শিকিব নতুন শিশুসকলে অসমৰ সংস্কৃতি আৰু জাতিটোক জীপাল কৰি ৰখা উৎসৱ-অনুষ্ঠানসমূহক৷ কিন্তু ইয়াৰ বিপৰীতে অসমীয়া সংস্কৃতিত কোনো দিনে জীন যাব নোৱাৰা পূঁজাকে আদি কৰি অন্যান্য বহুতো অনুষ্ঠান আৰু উৎসৱৰ কাৰণে চৰকাৰী বন্ধৰ সীমা সংখ্যা নাই৷ আমি আমাৰ সংস্কৃতি, উৎসৱ-অনুষ্ঠানক জীয়াই ৰাখিবলৈ আমিয়েই যদি চেষ্টা নকৰোঁ, সংস্কৃতিৰ বিষয়তো যদি ৰাজনীতিৰ স্বাৰ্থপৰতাৰে কলুষিত কৰিব বিচাৰোঁ তেন্তে আনে আমাৰ সংস্কৃতি-সভ্যতাৰ ওপৰত বৰ পিৰা পাৰি বহিবই৷ ক্লাব, বাৰ, ৰেস্তোৰাঁৰ মাজত বিহুৰ নামত উদ্যম নৃত্যৰে অপসংস্কৃতিৰ বীজ সিঁচিবলৈ যোৱা এচাম ব্যক্তিয়ে অৰ্থ আৰু নিজৰ স্বাৰ্থ পূৰণৰ বাবেই যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰিছে৷ আনহাতে আমি সাংস্কৃতিক সন্ধিয়াৰ নামত, “বিহু ফাংচন”ৰ নামত বাৰেভচহু সংগীত আৰু নৃত্যৰে যি পৰিচয় বহন কৰিছোঁ সিও আমাৰ বাবে শুভ লক্ষণ নহয়৷ কোনোবা অসমীয়া যুৱক-যুৱতীৰ “হাৰ্টথ্ৰ’শিল্পীয়ে যদি মদৰ ৰাগীত মঞ্চত নুঠি তামোল গছত বগাবলৈ যায় তেন্তে আমি সচাকৈয়ে ক’ব লাগিব “বহুত হ’ল আৰু শান্ত হোৱা”৷ আমি ভাবো অসমৰ বিভিন্ন জাতি-জনজাতীৰ মাজত যি বাৰেবৰণীয়া সংস্কৃতি বিৰাজ কৰিছে সেই সকলোবিলাকৰ মাজেৰেই অসমীয়া জাতিয়ে নিজৰ পৰিচয় বহন কৰক৷ আনৰ বজৰুৱা পিঠাৰে বৰঘৰ শুৱনী নকৰি “এবাতি লাল চাহ আৰু এটা ঘীলা পিঠাৰেই বাহিৰৰ আলহী সোধক”৷ অসমৰ প্ৰতিজন যুৱক-যুৱতীয়েই নিজৰ মাজত সেই সাংস্কৃতিক প্ৰমূল্য যি দিনা অনুভৱ কৰিব, অসমীয়া বুলি গৌৰবেৰে আনৰ আগত পৰিচয় দিব সেই দিনা সচাকৈয়ে অসমৰ বুকুৰ পৰা সকলো অপসংস্কৃতি আঁতৰি মানুহৰ মনবোৰ ফৰকাল হৈ পৰিব৷
  বাহিৰৰ ৰাজ্যত অসমীযা জাতিৰ সৰলতা, ধৈৰ্য্য আৰু পৰোপকাৰিতা গুণত আন মানুহ মোহিত হয়৷ কিন্তু আজি দুখ আৰু পৰিতাপৰ কথা যে অসমৰ নাম শুনিলে প্ৰতিজন মানুহেই নানান প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তোলে৷ এই সকলোৰে বাবে সাধাৰণ সহজসৰল অসমীয়া মানুহ জগৰীয়া নহয়৷ আনহাতে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ কোনো জাতি নাই, ধৰ্ম নাই কোনো মানৱীয় প্ৰমূল্যবোধ নাই৷ কিন্তু এই সকলোবোৰৰ বাবে জগৰীয়া আমাৰ সমাজ ব্যৱস্থা৷ আমাৰ দলীয় ৰাজনীতিৰ অন্ধ আনুগত্য৷ আমাৰ এই সৰলতা, আমাৰ উদাসীনতাৰ ফলত আমাৰ ঘৰতে শত্ৰু আহি আমাৰ বুকু সুদা কৰি কোনোবা আপোনজনক কাঢ়ি নিছে, অথবা আমাৰ চোতালতে বৰ পিৰা পাৰি বহিছে৷ অথচ আমি সজাগ হ’ব পৰা নাই৷ এটা দুঃখদায়ক স্মৃতি বুলি তাক পাহৰি প্ৰতিবাৰেই সেই পুৰণি ভুলকে সোঁৱৰি আছোঁ৷ সমাজত চামে চামে মানুহ আহে চামে চামে আঁতৰি যায়৷ সময়ৰ পৰিবৰ্তনক স্বীকাৰ কৰি আমি নতুন উদ্যম আৰু বিচাৰ-বিশ্লেষণেৰে এখন নতুন সমাজ সৃষ্টি কৰিব হ’ল৷ এই কাম কৰিব পাৰিব মাথো সমাজ এখনৰ যুৱক-যুৱতীসকলে৷ লাগে মাথো সুষ্ঠ মন আৰু মানসীকতা৷
    উলূৱনিত জুই লগাই আঁতৰৰ পৰা ৰং চোৱা এচাম মানুহ প্ৰতিখন সমাজত থাকিবই৷ সেই দৰে সকলো আদৰ্শ, সংস্কাৰ লাভ কৰাৰ পিছটো নিজকে সামাজিক অপৰাধত লিপ্ত কৰি সমাজত বিভেদৰ বীজ সিঁচি সন্ত্ৰাসৰ সৃষ্টি কৰা এচাম যুৱক থাকিবই৷ কিন্তু সেই বুলি সেই এমুঠিমান মানুহৰ বাবে আমি আমাৰ সমাজ-সংস্কৃতি-সভ্যতাক শেষ হৈ যাবলৈ দিমনে ? এতিয়া আমাক এনে সাধনাৰ প্ৰয়োজন যি আমাৰ হেৰুৱা বিবেকক জাগ্ৰত কৰিব পাৰে৷ এই কাম কৰিব পাৰিব কেৱল উঠি অহা নতুন যুৱকসমাজে৷ সময় থাকোঁতেই আমাৰ মনৰ সকলো সংকীৰ্ণতা, ভেদা-ভেদ, জাতিভেদ, উচ্চ-নীচ পাহৰি আমি এক হবৰ হল৷ সমাজৰ অশুভ শক্তিবোৰক প্ৰতিহত কৰিবলৈ একতাই হব পাৰে আমাৰ মূল আহিলা ৷
   কোমল বাঁহৰ লেকেচি ভাঁজ কৰাৰ দৰেই সহজ কোনো উশৃংখল যুৱকক এটা শুদ্ধ পথ দিয়া৷ লাগে মাথো এখন সুষ্ঠ সমাজ, সুষ্ঠ সাংস্কৃতিক বাতাবৰণ৷ আহক আমি ভাবি চাওঁ প্ৰৌঢ় উশৃংখলতাক কি দৰে নিৰাময় কৰিব পাৰি৷ কি দৰে আমি আমাৰ উঠি অহা প্ৰজন্মক এখন সুষ্ঠ সমাজ দিব পাৰোঁ, কেনেকৈ আপোনাৰ সন্তানটোক বচাই ৰাখিব পাৰে….! এই উশৃংখলতাৰ পৰা৷