Showing posts with label Good News. Show all posts
Showing posts with label Good News. Show all posts

Wednesday, March 16, 2011

ভাল খবৰৰ সন্ধানত

ৰাতিপুৱা বাতৰি কাকতখন মেলি লৈ এফালৰ পৰা বাতৰিবোৰ চাই গ'লে অনুভৱ হয় পৃথিৱীত ভাল খবৰ নাইকিয়া হৈ পৰিছে নেকি? চাৰিওফালে মৰা-মৰি, খোৱা-কামোৰা, হিংসা, দুৰ্নীতি, শোষণ-বঞ্চনাৰ ছবি একোখনকে আমালৈ বাতৰি কাকতসমূহে কঢ়িয়াই আনে৷ তাৰ মাজতো যি দুই এটা ভাল খবৰ থাকে সি ভিতৰ পৃষ্ঠাৰ কোনোবা চোক এটাত গুৰুত্বহীন বাতৰিৰ দৰে স্থান পায়৷ কিন্তু প্ৰশ্ন হয় পৃথিৱীৰ চাৰিওফালে ঘটি থকা ভাল ভাল খবৰবোৰৰ সন্ধান আমাক কোনে দিব? তাৰ বাবে আমি কাৰ ওচৰত আশা কৰিম৷ বাতৰি কাকত এখন কেৱল বয়োজেষ্ঠসকলৰ বাবেই নহয়৷ ঘৰ এখনৰ সকলো বয়সৰ ব্যক্তিয়েই তাক পঢ়ে৷ কিন্তু এনেবোৰ বিষয় দেখি দেখি অভ্যস্ত হৈ পৰা আজিৰ শিশু এজনে কি সংস্কাৰ লৈ সমাজত আগবাঢ়ি যাব৷ কালিলৈ এজন শিশু কোনো এটা অপৰাধ কৰিলে আমি কাৰ আৰ্হিৰে তেওঁক সংশোধনৰ পথ দেখুৱাম৷

টিভিৰ পৰ্দাত আগতে 'চিত্ৰহাৰ' চালে দেউতাই আমাক গালি পাৰিছিল৷ লুকাই চুৰকৈ কেতিয়াবা চালেও মাৰিছিল৷ চিনেমা এখন চাই থাকোতে যদি অলপ ৰোমাণ্টিক গান এটা দিয়ে তেতিয়া আমি কাহটো অহা বা পানী এগিলাচ খোৱাৰ সুবিধাৰে আঁতৰি গৈছিলোঁ৷ এইয়া আমাৰ সংস্কাৰ আছিল৷ কিন্তু এতিয়া 'মুন্নী বদনাম হুয়ী'ৰ তালে তালে নাচি গীনিজ বুকত ৰেকৰ্ড কৰিছে৷ এতিয়া সকলোতে বদনামি মুন্নীৰ জনপ্ৰিয়তা৷ এতিয়া বাতৰি-কাকতৰ চলচিত্ৰ পৃষ্ঠাতো সদায় তাহানিৰ বৰ্জনীয় 'চিত্ৰহাৰ'ৰ দৃশ্যই ভৰি থাকে৷ যি কথা আমি তেতিয়া জনা নাছিলোঁ এতিয়া মোৰ আঁঠ বছৰীয়া ভাগিনটোৱে জানে৷ এতিয়া সকলোতে 'মুন্নী'ৰ দিন৷ যিমানেই বদনাম হ'ব সিমানেই জনপ্ৰিয়তাৰ শীৰ্ষত থাকিব৷ আমাৰ বাতৰি কাকতসমূহেও সেইসকলকলৈ ডাঙৰ ডাঙৰ বাতৰিৰে পৃষ্ঠা ভৰাই তোলিব৷

কিন্তু এইয়া কেৱল সময়ৰ পৰিৱৰ্তন বুলিয়েই আমি গ্ৰহণ কৰা উচিতনে? আমি সময়ত একো শিকা নাছিলোঁ বুলি এতিয়া প্ৰয়োজনত একো নিশিকাকৈ আছোঁনে৷ এই ভোগবাদি মানসীকতাই আমাৰ সমাজখনক প্ৰত্যক্ষভাৱে হয়তো একো ক্ষতি কৰা নাই৷ কিন্তু আমি ক'ব নোৱাৰাকৈয়ে আমাক পৰোক্ষভাৱে ক্ষতি কৰি আহিছে৷ সেই ক্ষতি হৈছে আমাৰ সংস্কাৰত, আমাৰ কথা-বতৰাত, আমাৰ প্ৰমোল্যবোধত৷ ক'ব নোৱাৰাকৈয়ে আমাৰ মনবোৰ জটিল হৈ পৰিছে৷ আমাৰ মনবোৰ ঠেক হৈ পৰিছে৷ এনে পৰিপেক্ষিতত আমাক ভাল কথাৰে, ভাল সম্বাদেৰে ভৰি থকা প্ৰেৰণাদায়ক এখন নতুন বাতৰি কাকতৰ প্ৰয়োজন হৈছে৷ লেতেৰা ৰাজনীতিৰ বোকাৰে ভৰি থকা, মৰা-কটা, বোমা-বাৰুদেৰে ভৰি থকা বাতৰিয়ে আমাক কিবা উপকাৰ সাধিব পাৰিছেনে? জনসাধাৰণৰ সম্পাদকীয় চিঠিবোৰে কোনো মন্ত্ৰী-বিধায়কৰ মগজুত আঘাত কৰিব পাৰিছেনে? দিনৰ পিচত ৰাতি, ৰাতিৰ পিচত দিন হোৱাৰ দৰে বাতৰি কাকতত একেবোৰ কথা প্ৰকাশ হৈয়ে আছে আৰু ৰাজনৈতিক নেতাসকলে মেকুৰীৰ গাত পানী পৰিলে গাটো জোকাৰি জৰজৰীয়া হোৱাৰ দৰে নিকা হৈ আকৌ আমাৰ মাজত আহি ফুলাম গামোচা লৈছে৷

এশটা বেয়া খবৰৰ মাজত এটা ভাল খবৰ বিচাৰি মই প্ৰতিদিন বাতৰি কাকত পঢ়োঁ৷ ভাল লগা বাতৰিটো দুবাৰ পঢ়োঁ৷ তাক মই মোৰ ছিষ্টেমত সংৰক্ষণ কৰি ৰাখোঁ৷ কাৰণ ভালখবৰ যে লাহে লাহে আমাৰ বাবে দুৰ্লভ হৈ পৰিছে৷