Showing posts with label Localization. Show all posts
Showing posts with label Localization. Show all posts

Wednesday, August 31, 2011

ভাষা স্থানীয়কৰণৰ প্ৰয়োগ আৰু প্ৰয়োজনীয়তা

আজিৰ পৰা বিশ বছৰৰ আগতে localization (স্থানীয়কৰণ) এটা বৃত্তি আৰু উদ্যোগ হিচাপে আমাৰ মাজত প্ৰচলিত নাছিল৷ আনকি চফট্‌ৱেৰ প্ৰকাশকসকলেও ইয়াৰ বিষয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল৷ ১৯৮০ চন মানৰ পৰাহে চফট্‌ৱেৰ প্ৰকাশকসকলে স্থায়ী-অস্থায়ীভাৱে কিছুমান ব্যক্তিক নিয়োগ কৰি নিৰ্দিষ্ট কিছুমান ভাষাত তেওঁলোকৰ উৎপাদিত দ্ৰব্য (product)সমূহৰ বিভিন্ন তথ্যপাতি স্থানীয় ভাষালৈ অনুবাদ কৰিছিল৷ কিন্তু একাধিক ভাষাত অনুবাদ কৰিবলৈ তেওঁলোকৰ হাতত কোনো অনুবাদক নাছিল৷ ১৯৮০ চনৰ মাজ ভাগত পোন প্ৰথমবাৰৰ বাবে পৃথিৱীৰ বিভিন্ন ভাষাৰ সেৱা প্ৰদান কৰিবৰ কাৰণে multi-language vendors (MLVs) স্থাপন কৰা হয়৷ সেইসময়তে INK (এতিয়া Lionbridge), IDOG (এতিয়া Bowne) আদিৰ দৰে নতুন কোম্পানীসমূহে বিভিন্ন ভাষাত কাৰিকৰী নথিপত্ৰ আৰু চফট্‌ৱেৰ সমলসমূহ অনুবাদ কৰাক বিশেষভাৱে গুৰুত্ব দিয়ে৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে ১৯৯০ চন মানৰ পৰা localization  প্ৰায়বিলাক সফল ভাষা স্থানীয়কৰণ কোম্পানীতে, বিশেষকৈ চফট্‌ৱেৰ, দ্ৰব্য নথিভুক্তকৰণ আৰু ই-বাণিজ্যিক ক্ষেত্ৰসমূহত সাধাৰণভাৱে ব্যৱহৃত এটা শব্দত পৰিণত হৈ পৰে৷ ইণ্টাৰনেটৰ জনপ্ৰিয়তাৰ লগে লগে চফট্‌ৱেৰ প্ৰকাশকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ আন্তঃৰাষ্ট্ৰীয়কৰণ (internationalize) কৰাত অধিক মনোনিবেশ কৰে আৰু  সাধাৰণ মানুহৰ বোধগম্য হোৱাকৈ তাক সজায় তোলাৰ ওপৰত গুৰুত্ব দিয়ে৷ বৰ্তমান ভাৰতবৰ্ষত একাধিক এনে ভাষা-অনুবাদ কৰা কোম্পানী গঢ়ি উঠিছে৷ ইয়াৰে বেছিভাগ উদ্যোগে বাহিৰত থাকি কাম কৰা ব্যক্তি (freelancer)-ৰ হতুৱাই কাম কৰাই যদিও স্থায়ী কৰ্মচাৰী ৰাখিও কাম কৰা দুই এটা কোম্পানী আছে৷
             Translation (অনুবাদ) আৰু localization (স্থানীয়কৰণ) প্ৰায় সমসাময়িক শব্দ হ’লেও অৰ্থ আৰু ইয়াৰ কাৰ্য্য পদ্ধতিৰ ফালৰ পৰা দুয়োটাৰ মাজৰ প্ৰভেদ আছে৷ বৰ্তমান সময়ত মাইক্ৰ’চফ্টৰ বিভিন্ন অপাৰেটিং চিষ্টেমসমূহ (Windows Vista, Windows-7 আদি)  বিভিন্ন স্থানীয় ভাষাত অনুবাদ কৰা দেখা পোৱা গৈছে৷ ইয়াৰ বিভিন্ন সংলাপ বাকচ,  আইকন,  সহায় তথ্য আদি সকলো অংশ localization প্ৰক্ৰিয়াৰে কৰা হৈছে৷ প্ৰধানতঃ localization  প্ৰক্ৰিয়াত এটা নিদিষ্ট পৰিৱেশ বা অঞ্চলত খাপ খাব পৰাকৈ কোনো পাঠ (বিভিন্ন চফট্‌ৱেৰ প্ৰ’গ্ৰাম) অনুবাদ কৰা হয়৷ এই নিৰ্দিষ্ট পৰিৱেশ বা অঞ্চলটোকেই ক’ব পাৰি “locale” বা “স্থানীয়”৷  সাধাৰণ অৰ্থত “locale” বা “স্থানীয়” শব্দটোৱে এটা সৰু ক্ষেত্ৰ বা অঞ্চলক বুজা যায় যদিও বৰ্তমান এই স্থানীয় শব্দটোৱে সাধাৰণ অৰ্থত ব্যৱহাৰ কৰা অৰ্থতকৈ কিছু বিস্তৃত ৰূপ পৰিগ্ৰহণ কৰিছে৷ The Localization Industry Standards Association (LISA)- ৰ মতে “Localization involves taking a product and making it linguistically and culturally appropriate to the target locale (country/region and language) where it will be used and sold.”  বৰ্তমান সময়ত “locale” শব্দটোক কাৰিকৰী দিশত অধিক প্ৰয়োগ কৰা হয়৷ যি কোনো এটা নিৰ্দিষ্ট ভাষা, সম্প্ৰদায় আৰু ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰে৷ উদাহৰণ স্বৰূপে অসমীয়াভাষী কম্পিউটাৰ ব্যৱহাৰকাৰী এজনে মাতৃভাষাতে তেওঁৰ নিজৰ কম্পিউটাৰটো ব্যৱহাৰৰ উপযোগি কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হয়৷ এটা স্থানীয়কৰণ কোম্পানীত সাধাৰণতে তলত উল্লেখ কৰা কাৰ্য্যকাৰিতাসমূহ দেখা যায়৷
(ক) প্ৰকল্প পৰিচালনা৷
(খ) অনুবাদ আৰু চফট্‌ৱেৰৰ কাৰিকৰী দিশসমূহৰ পৰীক্ষা৷
(গ) অনুবাদ, কাৰিকৰী পৰীক্ষা আৰু অনলাইন সহায় বা ৱেব সমলৰ পৰীক্ষণ৷
(ঘ) বিভিন্ন নথিপত্ৰৰ অনুবাদ আৰু ডি.টি.পি৷
(ঙ) মাল্টিমিডিয়া আৰু কম্পিউটাৰ আধাৰিত উপাদানসমূহৰ প্ৰশিক্ষণ৷
(চ) স্থানীয়কৰণ কৰা চফট্‌ৱেৰ বা ৱেব প্ৰয়োগসমূহৰ (application)-ৰ কাৰ্য্যকাৰিতা পৰীক্ষণ৷

প্ৰশ্ন হয় ভাষা অনুবাদ কৰা কোম্পানীসমূহে অনুবাদৰ ক্ষেত্ৰত Translation (অনুবাদ) শব্দটোৰ পৰিৱৰ্তে localization (স্থানীয়কৰণ) শব্দটো কিয় ব্যৱহাৰ কৰিব লগা হ’ল৷ কিছুমান ব্যক্তিৰ মতে ইয়াৰ কাৰণ হ’ল- পূৰ্বতে বিভিন্ন অনুবাদৰ ক্ষেত্ৰত সকলো শব্দ বা সমলকে নিৰ্দিষ্ট ভাষাটোলৈ অৰ্থগত অনুবাদ কৰি দিয়াৰ ফলত কিছুমান শব্দ আৰু অৰ্থৰ ক্ষেত্ৰত এটা হাস্যকৰ পৰিৱেশ দেখা দিছিল৷ যাৰ বাবে গোটেই বিষয়বস্তুটোৱেই ৰম্য-ৰচনাৰ শাৰীলৈ গতি কৰিছিল৷ এই ক্ষেত্ৰত প্ৰধান সমস্যা হৈ দেখা দিছিল ইণ্টাৰনেট আৰু কম্পিউটাৰত ব্যৱহৃত বিভিন্ন নতুন নতুন শব্দৰ অনুবাদৰ ক্ষেত্ৰত৷ কম্পিউটাৰ,  ম’বাইল আদিত ব্যৱহাৰ কৰা অনেক শব্দই সাধাৰণ মানুহৰ মাজত প্ৰচলিত হৈ পৰে আৰু তেনে বহু শব্দই স্থানীয় ভাষাটোৰ মাজত নিগাজিকৈ স্থান লাভ কৰে৷ তেনে শব্দবোৰক অনুবাদ কৰি মানুহৰ মাজত প্ৰচাৰ কৰিলে কিছু অসুবিধাৰ সৃষ্টি হয়৷ চফট্‌ৱেৰ প্ৰকাশকসকলৰ মূল উদ্দেশ্য হৈছে পৃথিৱীৰ চুকে-কোণে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰা৷ সেয়ে তেওঁলোকে স্থানীয় ভাষালৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ নিৰ্দেশাৱলীসমূহ অনুবাদ কৰাই সাধাৰণ মানুহক জনাব বিচাৰে৷ এই ক্ষেত্ৰত তেওঁলোকে অনুবাদৰ দ্বাৰা নতুন শব্দ সৃষ্টি কৰাতকৈ স্থানীয় ভাষাটোত প্ৰচলিত শব্দৰ ওপৰত অধিক গুৰুত্ব দিয়ে৷
            ভাষা স্থানীয়কৰণ কোম্পানীসমূহে সাধাৰণতে কিছুমান নিৰ্দিষ্ট ব্যক্তিক লক্ষ্য কৰি তেওঁলোকৰ উৎপাদিত দ্ৰব্যসমূহ কোনো এটা ভাষালৈ অনুবাদ কৰায়৷ উদাহৰণ স্বৰূপে Samsung-ৰ দৰে বৃহৎ ম’বাইল কোম্পানীয়ে ভাষা স্থানীয়কৰণৰ বাবে শেহতীয়াভাৱে প্ৰস্তুত কৰা নিৰ্দেশাৱলী (guidelines)-ত এনেধৰণৰ ব্যৱহাৰকৰ্তাসকলক (Target users) লক্ষ্য কৰি লৈছিল৷ (১) ম’বাইল ব্যৱহাৰ কৰে অথচ কোনো ভাষাকেই লিখিব বা পঢ়িব নাজানে৷ (২) ইংৰাজী নাজানে গতিকে মাতৃভাষাত হ’লে সুবিধা হয়৷ (৩) ইংৰাজী শব্দ জানে, কিন্তু মাতৃভাষাত লিখা থাকিলে বুজাত সহায় হয়৷ (৪) ইংৰাজী ভালদৰে জানে কিন্তু ইয়াৰ লগতে মাতৃভাষাক লৈ গৰ্ব অনুভৱ কৰে৷ আৰু (৫) ইংৰাজী জানে, সেয়ে মাতৃভাষা থকাৰ কোনো প্ৰয়োজন নাই৷ ইয়াৰে প্ৰথম তিনি ধৰণৰ ব্যৱহাৰকৰ্তাৰ কথা আগত ৰাখিয়েই দ্ৰব্য এটা স্থানীয়কৰণৰ কাৰণে নিৰ্বাচন কৰা হয়৷ বৰ্তমান বহুটো দেশৰ কম্পিউটাৰ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ স্থানীয় ভাষাত চফট্‌ৱেৰসমূহ ব্যৱহাৰ কৰি কাম কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে৷ সাধাৰণতে এনে কোম্পানীত কাম কৰিবৰ কাৰণে এজন ব্যক্তিৰ কেইটামান বিষয়ত দক্ষতা থকা অতি প্ৰয়োজন৷ তাৰ ভিতৰত-
(ক) কাম কৰিব বিচৰা ব্যক্তিজন ভাষাটোৰ মাতৃভাষী লোক হ’ব লাগিব৷
(খ) কম্পিউটাৰ এপ্লিকেশ্বনসমূহৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে জানিব লাগিব৷
(গ) কম্পিউটাৰত ব্যৱহৃত বিভিন্ন সঁজুলি (tools)-ৰ বিষয়ে জ্ঞান থাকিব লাগিব৷
(ঘ) বিভিন্ন বিষয়ত (subject) দক্ষতা থাকিব লাগিব৷ যেনে-চিকিৎসা বিজ্ঞান, আইন ইত্যাদি৷
(ঙ) কাম কৰাৰ সময়সূচী, লেন-দেন আৰু কামৰ মানদণ্ডৰ ক্ষেত্ৰত নিষ্ঠাবান হ’ব লাগিব৷
(চ) পাৰিভাষিক (terminology) শব্দৰ বিষয়ে সাধাৰণ জ্ঞান থাকিব লাগিব৷

বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন অনুবাদ বিদ্যালয়সমূহে ওপৰৰ বিষয়সমূহক সামৰি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে আৰু কোম্পানীসমূহৰৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰি নিয়োগ কৰিছে৷ আনহাতে বিভিন্ন ব্যক্তিয়ে নিজাকৈ ওপৰৰ অৰ্হতাসমূহ আহৰণ কৰিও বিভিন্ন ভাষা স্থানীয়কৰণ কোম্পানীসমূহত সফলতাৰে কাম কৰি আছে৷ তথাপি এই বিষয়ে উচিত শিক্ষাৰ প্ৰয়োজনীয়তা নথকা নহয়৷
        বৰ্তমান সময়ত ভাষা স্থানীয়কৰণ এটা অতি লাভজনক উদ্যোগত পৰিণত হৈছে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে বিভিন্ন অত্যাধুনিক সা-সৰঞ্জামে আমাৰ বজাৰ দখল কৰিছে৷ এনে বিভিন্ন সা-সৰঞ্জামসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰ্ৰত শিক্ষিত-অশিক্ষিত কোনো লোকেই বাদ পৰা নাই৷ সেয়েহে একেবাৰে অশিক্ষিত ব্যক্তিসকলৰ বাবে ভাষা স্থানীয়কৰণৰ প্ৰয়োজন আহি পৰিছে৷ বৰ্তমান ভাৰতবৰ্ষত বহুটো এনে সৰু-বৰ কোম্পানী গঢ় লৈ উঠিছে৷ আমি অসমতো এনে একোটা কোম্পানীৰ কথা ভাবিব পাৰোঁ৷ ইয়াৰ বাবে প্ৰয়োজনীয় আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে কাম আৰু সময়ৰ প্ৰতি থাকিব লগা দায়বদ্ধতা৷ ইয়াৰ লগতে কম্পিউটাৰ, বিভিন্ন অনুবাদ সঁজুলি, পাৰিভাষিক শব্দাৱলীৰ জ্ঞানৰ লগতে ভাষা-সাহিত্য-সংস্কৃতি দিশৰো জ্ঞানৰ অতি প্ৰয়োজন৷ তেনে পাৰ্গত এজন ব্যক্তিৰ পৰাহে আমি ভাল অনুবাদ আশা কৰিব পাৰোঁ৷ ভাষা স্থানীয়কৰণক এক সন্মানজনক বৃত্তি বুলি অনুভৱ কৰিব পাৰিলেহে ইয়াৰ পৰা ভাল ফলাফল আশা কৰিব পাৰি৷ কাৰণ এটা বিদেশী ভাষাক স্থানীয় ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত অনুবাদ কৰা ব্যক্তিজন সচেতন নহ’লে ভাষাটো বিকৃত ৰূপত প্ৰকাশ হ’ব পাৰে৷ এজন অনুবাদকৰ ওপৰতে এটা ভাষাৰ ভৱিষ্যত বহুখিনি নিৰ্ভৰ কৰে৷

প্ৰসঙ্গ পুথি-
Ø  A practical guide to localization By Bert Esselink
Ø  Perspectives on localization By Keiran J. Dunne
Ø  The moving text: localization, translation, and distribution By Anthony Pym