Wednesday, August 31, 2011

ভাষা স্থানীয়কৰণৰ প্ৰয়োগ আৰু প্ৰয়োজনীয়তা

আজিৰ পৰা বিশ বছৰৰ আগতে localization (স্থানীয়কৰণ) এটা বৃত্তি আৰু উদ্যোগ হিচাপে আমাৰ মাজত প্ৰচলিত নাছিল৷ আনকি চফট্‌ৱেৰ প্ৰকাশকসকলেও ইয়াৰ বিষয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল৷ ১৯৮০ চন মানৰ পৰাহে চফট্‌ৱেৰ প্ৰকাশকসকলে স্থায়ী-অস্থায়ীভাৱে কিছুমান ব্যক্তিক নিয়োগ কৰি নিৰ্দিষ্ট কিছুমান ভাষাত তেওঁলোকৰ উপাদিত দ্ৰব্য (product)সমূহৰ বিভিন্ন তথ্যপাতি স্থানীয় ভাষালৈ অনুবাদ কৰিছিল৷ কিন্তু একাধিক ভাষাত অনুবাদ কৰিবলৈ তেওঁলোকৰ হাতত কোনো অনুবাদক নাছিল৷ ১৯৮০ চনৰ মাজ ভাগত পোন প্ৰথমবাৰৰ বাবে পৃথিৱীৰ বিভিন্ন ভাষাৰ সেৱা প্ৰদান কৰিবৰ কাৰণে multi-language vendors (MLVs) স্থাপন কৰা হয়৷ সেইসময়তে INK (এতিয়া Lionbridge), IDOG (এতিয়া Bowne) আদিৰ দৰে নতুন কোম্পানীসমূহে বিভিন্ন ভাষাত কাৰিকৰী নথিপত্ৰ আৰু চফট্‌ৱেৰ সমলসমূহ অনুবাদ কৰাক বিশেষভাৱে গুৰুত্ব দিয়ে৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে ১৯৯০ চন মানৰ পৰা localization  প্ৰায়বিলাক সফল ভাষা স্থানীয়কৰণ কোম্পানীতে, বিশেষকৈ চফট্‌ৱেৰ, দ্ৰব্য নথিভুক্তকৰণ আৰু ই-বাণিজ্যিক ক্ষেত্ৰসমূহত সাধাৰণভাৱে ব্যৱহৃত এটা শব্দত পৰিণত হৈ পৰে৷ ইণ্টাৰনেটৰ জনপ্ৰিয়তাৰ লগে লগে চফট্‌ৱেৰ প্ৰকাশকসকলে তেওঁলোকৰ উপাদিত সামগ্ৰীসমূহ আন্তঃৰাষ্ট্ৰীয়কৰণ (internationalize) কৰাত অধিক মনোনিবেশ কৰে আৰু  সাধাৰণ মানুহৰ বোধগম্য হোৱাকৈ তাক সজায় তোলাৰ ওপৰত গুৰুত্ব দিয়ে৷ বৰ্তমান ভাৰতবৰ্ষত একাধিক এনে ভাষা-অনুবাদ কৰা কোম্পানী গঢ়ি উঠিছে৷ ইয়াৰে বেছিভাগ উদ্যোগে বাহিৰত থাকি কাম কৰা ব্যক্তি (freelancer)-ৰ হতুৱাই কাম কৰাই যদিও স্থায়ী কৰ্মচাৰী ৰাখিও কাম কৰা দুই এটা কোম্পানী আছে৷
             Translation (অনুবাদ) আৰু localization (স্থানীয়কৰণ) প্ৰায় সমসাময়িক শব্দ হ’লেও অৰ্থ আৰু ইয়াৰ কাৰ্য্য পদ্ধতিৰ ফালৰ পৰা দুয়োটাৰ মাজৰ প্ৰভেদ আছে৷ বৰ্তমান সময়ত মাইক্ৰ’চফ্টৰ বিভিন্ন অপাৰেটিং চিষ্টেমসমূহ (Windows Vista, Windows-7 আদি)  বিভিন্ন স্থানীয় ভাষাত অনুবাদ কৰা দেখা পোৱা গৈছে৷ ইয়াৰ বিভিন্ন সংলাপ বাকচ,  আইকন,  সহায় তথ্য আদি সকলো অংশ localization প্ৰক্ৰিয়াৰে কৰা হৈছে৷ প্ৰধানতঃ localization  প্ৰক্ৰিয়াত এটা নিদিষ্ট পৰিৱেশ বা অঞ্চলত খাপ খাব পৰাকৈ কোনো পাঠ (বিভিন্ন চফট্‌ৱেৰ প্ৰ’গ্ৰাম) অনুবাদ কৰা হয়৷ এই নিৰ্দিষ্ট পৰিৱেশ বা অঞ্চলটোকেই ক’ব পাৰি locale বা “স্থানীয়”৷  সাধাৰণ অৰ্থত locale বা “স্থানীয়” শব্দটোৱে এটা সৰু ক্ষেত্ৰ বা অঞ্চলক বুজা যায় যদিও বৰ্তমান এই স্থানীয় শব্দটোৱে সাধাৰণ অৰ্থত ব্যৱহাৰ কৰা অৰ্থতকৈ কিছু বিস্তৃত ৰূপ পৰিগ্ৰহণ কৰিছে৷ The Localization Industry Standards Association (LISA)- ৰ মতে Localization involves taking a product and making it linguistically and culturally appropriate to the target locale (country/region and language) where it will be used and sold.  বৰ্তমান সময়ত locale শব্দটোক কাৰিকৰী দিশত অধিক প্ৰয়োগ কৰা হয়৷ যি কোনো এটা নিৰ্দিষ্ট ভাষা, সম্প্ৰদায় আৰু ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰে৷ উদাহৰণ স্বৰূপে অসমীয়াভাষী কম্পিউটাৰ ব্যৱহাৰকাৰী এজনে মাতৃভাষাতে তেওঁৰ নিজৰ কম্পিউটাৰটো ব্যৱহাৰৰ উপযোগি কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হয়৷ এটা স্থানীয়কৰণ কোম্পানীত সাধাৰণতে তলত উল্লেখ কৰা কাৰ্য্যকাৰিতাসমূহ দেখা যায়৷
(ক) প্ৰকল্প পৰিচালনা৷
(খ) অনুবাদ আৰু চফট্‌ৱেৰৰ কাৰিকৰী দিশসমূহৰ পৰীক্ষা৷
(গ) অনুবাদ, কাৰিকৰী পৰীক্ষা আৰু অনলাইন সহায় বা ৱেব সমলৰ পৰীক্ষণ৷
(ঘ) বিভিন্ন নথিপত্ৰৰ অনুবাদ আৰু ডি.টি.পি৷
(ঙ) মাল্টিমিডিয়া আৰু কম্পিউটাৰ আধাৰিত উপাদানসমূহৰ প্ৰশিক্ষণ৷
(চ) স্থানীয়কৰণ কৰা চফট্‌ৱেৰ বা ৱেব প্ৰয়োগসমূহৰ (application)-ৰ কাৰ্য্যকাৰিতা পৰীক্ষণ৷

প্ৰশ্ন হয় ভাষা অনুবাদ কৰা কোম্পানীসমূহে অনুবাদৰ ক্ষেত্ৰত Translation (অনুবাদ) শব্দটোৰ পৰিৱৰ্তে localization (স্থানীয়কৰণ) শব্দটো কিয় ব্যৱহাৰ কৰিব লগা হ’ল৷ কিছুমান ব্যক্তিৰ মতে ইয়াৰ কাৰণ হ’ল- পূৰ্বতে বিভিন্ন অনুবাদৰ ক্ষেত্ৰত সকলো শব্দ বা সমলকে নিৰ্দিষ্ট ভাষাটোলৈ অৰ্থগত অনুবাদ কৰি দিয়াৰ ফলত কিছুমান শব্দ আৰু অৰ্থৰ ক্ষেত্ৰত এটা হাস্যকৰ পৰিৱেশ দেখা দিছিল৷ যাৰ বাবে গোটেই বিষয়বস্তুটোৱেই ৰম্য-ৰচনাৰ শাৰীলৈ গতি কৰিছিল৷ এই ক্ষেত্ৰত প্ৰধান সমস্যা হৈ দেখা দিছিল ইণ্টাৰনেট আৰু কম্পিউটাৰত ব্যৱহৃত বিভিন্ন নতুন নতুন শব্দৰ অনুবাদৰ ক্ষেত্ৰত৷ কম্পিউটাৰ,  ম’বাইল আদিত ব্যৱহাৰ কৰা অনেক শব্দই সাধাৰণ মানুহৰ মাজত প্ৰচলিত হৈ পৰে আৰু তেনে বহু শব্দই স্থানীয় ভাষাটোৰ মাজত নিগাজিকৈ স্থান লাভ কৰে৷ তেনে শব্দবোৰক অনুবাদ কৰি মানুহৰ মাজত প্ৰচাৰ কৰিলে কিছু অসুবিধাৰ সৃষ্টি হয়৷ চফট্‌ৱেৰ প্ৰকাশকসকলৰ মূল উদ্দেশ্য হৈছে পৃথিৱীৰ চুকে-কোণে তেওঁলোকৰ উপাদিত সামগ্ৰী বিক্ৰী কৰা৷ সেয়ে তেওঁলোকে স্থানীয় ভাষালৈ তেওঁলোকৰ উপাদিত সামগ্ৰীসমূহৰ নিৰ্দেশাৱলীসমূহ অনুবাদ কৰাই সাধাৰণ মানুহক জনাব বিচাৰে৷ এই ক্ষেত্ৰত তেওঁলোকে অনুবাদৰ দ্বাৰা নতুন শব্দ সৃষ্টি কৰাতকৈ স্থানীয় ভাষাটোত প্ৰচলিত শব্দৰ ওপৰত অধিক গুৰুত্ব দিয়ে৷
            ভাষা স্থানীয়কৰণ কোম্পানীসমূহে সাধাৰণতে কিছুমান নিৰ্দিষ্ট ব্যক্তিক লক্ষ্য কৰি তেওঁলোকৰ উপাদিত দ্ৰব্যসমূহ কোনো এটা ভাষালৈ অনুবাদ কৰায়৷ উদাহৰণ স্বৰূপে Samsung-ৰ দৰে বৃহ ম’বাইল কোম্পানীয়ে ভাষা স্থানীয়কৰণৰ বাবে শেহতীয়াভাৱে প্ৰস্তুত কৰা নিৰ্দেশাৱলী (guidelines)-ত এনেধৰণৰ ব্যৱহাৰকৰ্তাসকলক (Target users) লক্ষ্য কৰি লৈছিল৷ () ম’বাইল ব্যৱহাৰ কৰে অথচ কোনো ভাষাকেই লিখিব বা পঢ়িব নাজানে৷ () ইংৰাজী নাজানে গতিকে মাতৃভাষাত হ’লে সুবিধা হয়৷ () ইংৰাজী শব্দ জানে, কিন্তু মাতৃভাষাত লিখা থাকিলে বুজাত সহায় হয়৷ () ইংৰাজী ভালদৰে জানে কিন্তু ইয়াৰ লগতে মাতৃভাষাক লৈ গৰ্ব অনুভৱ কৰে৷ আৰু () ইংৰাজী জানে, সেয়ে মাতৃভাষা থকাৰ কোনো প্ৰয়োজন নাই৷ ইয়াৰে প্ৰথম তিনি ধৰণৰ ব্যৱহাৰকৰ্তাৰ কথা আগত ৰাখিয়েই দ্ৰব্য এটা স্থানীয়কৰণৰ কাৰণে নিৰ্বাচন কৰা হয়৷ বৰ্তমান বহুটো দেশৰ কম্পিউটাৰ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ স্থানীয় ভাষাত চফট্‌ৱেৰসমূহ ব্যৱহাৰ কৰি কাম কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে৷ সাধাৰণতে এনে কোম্পানীত কাম কৰিবৰ কাৰণে এজন ব্যক্তিৰ কেইটামান বিষয়ত দক্ষতা থকা অতি প্ৰয়োজন৷ তাৰ ভিতৰত-
(ক) কাম কৰিব বিচৰা ব্যক্তিজন ভাষাটোৰ মাতৃভাষী লোক হ’ব লাগিব৷
(খ) কম্পিউটাৰ এপ্লিকেশ্বনসমূহৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে জানিব লাগিব৷
(গ) কম্পিউটাৰত ব্যৱহৃত বিভিন্ন সঁজুলি (tools)-ৰ বিষয়ে জ্ঞান থাকিব লাগিব৷
(ঘ) বিভিন্ন বিষয়ত (subject) দক্ষতা থাকিব লাগিব৷ যেনে-চিকিসা বিজ্ঞান, আইন ইত্যাদি৷
(ঙ) কাম কৰাৰ সময়সূচী, লেন-দেন আৰু কামৰ মানদণ্ডৰ ক্ষেত্ৰত নিষ্ঠাবান হ’ব লাগিব৷
(চ) পাৰিভাষিক (terminology) শব্দৰ বিষয়ে সাধাৰণ জ্ঞান থাকিব লাগিব

বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন অনুবাদ বিদ্যালয়সমূহে ওপৰৰ বিষয়সমূহক সামৰি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে আৰু কোম্পানীসমূহৰৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰি নিয়োগ কৰিছে৷ আনহাতে বিভিন্ন ব্যক্তিয়ে নিজাকৈ ওপৰৰ অৰ্হতাসমূহ আহৰণ কৰিও বিভিন্ন ভাষা স্থানীয়কৰণ কোম্পানীসমূহত সফলতাৰে কাম কৰি আছে৷ তথাপি এই বিষয়ে উচিত শিক্ষাৰ প্ৰয়োজনীয়তা নথকা নহয়৷
        বৰ্তমান সময়ত ভাষা স্থানীয়কৰণ এটা অতি লাভজনক উদ্যোগত পৰিণত হৈছে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে বিভিন্ন অত্যাধুনিক সা-সৰঞ্জামে আমাৰ বজাৰ দখল কৰিছে৷ এনে বিভিন্ন সা-সৰঞ্জামসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰ্ৰত শিক্ষিত-অশিক্ষিত কোনো লোকেই বাদ পৰা নাই৷ সেয়েহে একেবাৰে অশিক্ষিত ব্যক্তিসকলৰ বাবে ভাষা স্থানীয়কৰণৰ প্ৰয়োজন আহি পৰিছে৷ বৰ্তমান ভাৰতবৰ্ষত বহুটো এনে সৰু-বৰ কোম্পানী গঢ় লৈ উঠিছে৷ আমি অসমতো এনে একোটা কোম্পানীৰ কথা ভাবিব পাৰোঁ৷ ইয়াৰ বাবে প্ৰয়োজনীয় আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে কাম আৰু সময়ৰ প্ৰতি থাকিব লগা দায়বদ্ধতা৷ ইয়াৰ লগতে কম্পিউটাৰ, বিভিন্ন অনুবাদ সঁজুলি, পাৰিভাষিক শব্দাৱলীৰ জ্ঞানৰ লগতে ভাষা-সাহিত্য-সংস্কৃতি দিশৰো জ্ঞানৰ অতি প্ৰয়োজন৷ তেনে পাৰ্গত এজন ব্যক্তিৰ পৰাহে আমি ভাল অনুবাদ আশা কৰিব পাৰোঁ৷ ভাষা স্থানীয়কৰণক এক সন্মানজনক বৃত্তি বুলি অনুভৱ কৰিব পাৰিলেহে ইয়াৰ পৰা ভাল ফলাফল আশা কৰিব পাৰি৷ কাৰণ এটা বিদেশী ভাষাক স্থানীয় ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত অনুবাদ কৰা ব্যক্তিজন সচেতন নহ’লে ভাষাটো বিকৃত ৰূপত প্ৰকাশ হ’ব পাৰে৷ এজন অনুবাদকৰ ওপৰতে এটা ভাষাৰ ভৱিষ্যত বহুখিনি নিৰ্ভৰ কৰে৷

প্ৰসঙ্গ পুথি-
Ø  A practical guide to localization By Bert Esselink
Ø  Perspectives on localization By Keiran J. Dunne
Ø  The moving text: localization, translation, and distribution By Anthony Pym

Sunday, August 14, 2011

স্বাধীনতা, অধিকাৰ আৰু সাম্প্ৰতিক সময়

ভাৰতবৰ্ষৰ ইতিহাসত 1947 চনৰ 15 আগষ্ট ভাৰতীয় জাতীয় সংগ্ৰামৰ এটা সোণালী দিন৷  1617 চন মানতে মোগল সম্ৰাট জাহাঙ্গীৰৰ অনুমতি সাপেক্ষে বৃটিচ ইষ্ট-ইণ্ডিয়া কোম্পানি ভাৰতত  প্ৰৱেশ কৰি বেহা-বেপাৰৰ কাৰণে সুবিধা লাভ কৰে৷ ফলত গোঁজেই গজালি হৈ এটা সময়ত পৰাক্ৰমী মোগল সাম্ৰাজ্যক যুদ্ধত হেৰুৱাই ভাৰতবৰ্ষৰ শাসনভাৰ নিজৰ হাতলৈ নিয়ে৷ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ ধ্বজা উৰুৱাই যি ভাৰতীয়ই নিজকে স্বতন্ত্ৰ নাগৰিক হিচাপে চিনাকি দি আহিছিল৷ সেই ভাৰতবৰ্ষই ইংৰাজৰ শাসনৰ তলত নিজৰ জন্মগত স্বাধীনতা, অধিকাৰ হেৰুৱাই পৰাধীনতাৰ শিকলি পিন্ধিব লগা হৈছিল৷ কিন্তু বহু বছৰৰ সংগ্ৰাম আৰু বহু ব্যক্তিৰ ত্যাগ, কষ্ট আৰু আত্মবলীদানৰ পৰিণতিত ভাৰতে বৃটিচৰ শাসন উফৰাই নিজৰ হেৰুৱা মৰ্যদা ঘুৰাই আনিছিল৷ তাৰপিছত ভাৰতত ইংৰাজ চৰকাৰৰ আৰ্হিৰে পশ্চিমীয়া ধৰণেৰে গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা হ’ল৷ সংবিধান সৃষ্টি কৰা হ’ল৷ জনসাধাৰণেই দেশৰ শাসক হিচাপে জনসাধাৰণৰ মাজৰ পৰা প্ৰতিনিধি নিৰ্বাচন কৰি ৰাজ্যই ৰাজ্যই চৰকাৰ গঠন কৰা হ’ল৷ সাংসদৰ প্ৰতিষ্ঠা কৰি জনসাধাৰণৰ অভাৱ-অভিযোগ,  প্ৰয়োজন,  সমস্যা আদি আলোচনা কৰাৰ ব্যৱস্থা কৰা হ’ল৷ মুঠৰ ওপৰত স্বাধীনতাই ভাৰতীয় মানুহৰ সুখ-সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিলে আৰু বৃটিচৰ শাসন কালৰ দুখ-কষ্ট,  অত্যাচাৰ পাহৰি স্বাধীনতাৰ আনন্দত নিমজ্জিত হ’ল৷

          এতিয়া এইয়া এক ইতিহাস মাত্ৰ৷ সময়ৰ পৰিবৰ্তনৰ লগে লগে গণতান্ত্ৰিক শাসন প্ৰক্ৰিয়া  একেই থাকিল কিন্তু সমাজত অনেক নতুন নতুন সমস্যাই দেখা দিলে৷ এদিন বৃটিচৰ শাসনত মুক্তিৰ সপোন দেখা নাগৰিকে ভাবিবলৈ বাধ্য হ’ল "বৃটিচৰ শাসন ইয়াতকৈ যেন বহু ভাল আছিল"৷ কলাগুৰু বিষ্ণু ৰাভাই চিঞৰি উঠা "এই আজাদী ঝুঠা হ্যায়" বাক্যশাৰী যেন এতিয়া তপত হুমুনিয়াহৰ দৰে প্ৰতিজন নিষ্পেষিত মানুহৰ বুকুত বাজি থাকে৷ জ্বৰে এৰিলেও কৰ্পতিয়ে নেৰাৰ দৰে বৃটিচ গ’ল যদিও বৃটিচৰ স্বৈৰাচাৰিতা দেশৰ নেতাসকলৰ গাত যেন থাকি গ’ল৷ প্ৰতিবছৰে 15 আগষ্টৰ বিশেষ দিনটোত জাক-জমকতাৰে স্বাধীনতাৰ স্মৃতি সজীব কৰি ৰখা হয়৷ প্ৰত্যেক বছৰে স্বাধীনতা সংগ্ৰামত আত্ম আহুতি দিয়া সেই মহান ব্যক্তি কেইজনক স্মৰণ কৰিবলৈকে নানা আলোক-সজ্জাৰে স্বাধীনতা দিৱস পালন কৰা হয়৷ কিন্তু বাস্তৱ ক্ষেত্ৰত সেই আলোক-সজ্জাৰ পোহৰৰ পৰা বহু আঁতৰত থাকি যায় নিষ্পেসিত মানুহৰ বুকুৰ হুমুনিয়াহ৷ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বৰ্তমান জনসাধাৰণৰ কাৰণে প্ৰচলিত প্ৰত্যেকটো নিয়ম,  কাৰ্য্য,  অধিকাৰৰ ক্ষেত্ৰত আমাৰ মনত এটাই প্ৰশ্ন উদ্বেগ হয়- এই সকলোবিলাকে আমাক প্ৰকৃত স্বাধীনতা দিব পাৰিছেনে?  এখন সাধাৰণ সমাজত আমি জীয়াই থাকিবৰ কাৰণে প্ৰতি মুহুৰ্ততে আমি স্বাধীনতাৰ ওচৰত আত্ম-সমৰ্পন কৰি অহা নাইনে?  যি স্বাধীনতাই এদিন মানুহক ব্যক্তি-স্বাধীনতা,  বাক-স্বাধীনতা,  মৌলিক অধিকাৰৰ মাজেৰে জীয়াই থকাৰ সপোন দেখুৱাইছিল সেই সকলোবোৰ আজি ডাঙৰ ডাঙৰ বক্তৃতাৰ মাজত মাথো আৱদ্ধ হৈ ৰ’ল৷

           পৃথিৱীৰ আটাইতকৈ সুন্দৰ অনুভৱটোৱেই হ’ল স্বাধীনতা৷ ই মানুহৰ জন্মগত অধিকাৰ৷ ই কাৰো ওপৰত জাপি দিয়া অধিকাৰ নহয়৷ এই কথা মহাত্মা গান্ধীয়ে ভালদৰে অনুভৱ কৰিছিল৷ সেয়ে নিস্বাৰ্থভাৱে ভাৰতীয় মানুহৰ মুক্তিৰ সপোন দেখিছিল৷ হিন্দু-মুছলমানৰ একতাৰ মাজেৰে,  জাতি-ধৰ্ম নিৰ্বিশেষে তেওঁ ভাৰতীয় সভ্যতাক জীয়াই ৰাখিব বিচাৰিছিল৷ সত্য,  অহিংসাৰ পথেৰে,  কৰ্মৰ সাধনাৰে তেওঁ ভাৰতীয়ৰ মুক্তি কামনা কৰিছিল৷ অহিংসাৰ পথেৰেই তেওঁ দেশবাসীৰ মনত জাতীয়তাবাদী ভাৱ জাগ্ৰত কৰি ভাৰতক স্বাধীনতা প্ৰদান কৰিছিল৷ কিন্তু যি অহিংসা নীতিৰ আধাৰত ভাৰতে স্বাধীনতা লাভ কৰিলে সেই অহিংসাই এতিয়া হিংসাৰ ভয়ত পেপুৱা লাগিল৷ ক’ত আছে এতিয়া মহাত্মাৰ নীতি-আদৰ্শ?  মুৰত গান্ধী টুপি পিন্ধি, গাত খদ্দৰৰ চোলা পিন্ধি এতিয়া প্ৰায় সংখ্যক নেতাৰ মুখাপিন্ধা অভিনয়৷ এতিয়া হত্যাকাৰীৰ মুৰত গান্ধী টুপি,  অপৰাধীৰ গাত খদ্দৰৰ হাত কটা চোলা৷ হত্যাকাৰী,  ধৰ্ষণকাৰী এতিয়া গণতান্ত্ৰিক চৰকাৰৰ মন্ত্ৰী বা বিধায়ক৷ এয়াই এতিয়া স্বাধীনতাৰ 64  বছৰীয়া ইতিহাসৰ নিৰ্মম সাক্ষী৷ স্বাধীনতাৰ বাবে অতি প্ৰয়োজনীয় "জাতীয়তাবাদ" এতিয়া "ব্যক্তিস্বাৰ্থৰ" মোহত আৱদ্ধ৷ ডাঙৰ ডাঙৰ উদ্যোগপতি, মন্ত্ৰী, বিষযা, দালাৰৰ পৰ্বত সম ব্যক্তিগত সম্পত্তিৰ বৃদ্ধিয়েই দেশৰ উন্নতিৰ পূৰ্ণ পৰিচয় নহয়৷ দেশৰ বৃহত সংখ্যক গ্ৰামাঞ্চলৰ উন্নতিৰ খতিয়ান ল’লেই দেশখনৰ সামগ্ৰিক উন্নতিৰ পৰিচয় পোৱা যাব৷

         অসমৰ প্ৰেক্ষাপটলৈ চালে দেখা যায় যে,  ভাৰতৰ অন্যান্য অঞ্চলসমূহ বৃটিচৰ শাসনৰ তললৈ যোৱাৰ সময়তো অসম আছিল এখন স্বাধীন ৰাষ্ট্ৰ৷ ওঠৰ শতিকাৰ শেষৰ ফাললৈ হোৱা আহোম ৰাজপৰিয়ালৰ গৃহকন্দল আৰু মোৱামৰীয়া বিদ্ৰোহ,  মানৰ আক্ৰমণ আদিয়েই অসমলৈ বৃটিচৰ প্ৰৱেশৰ পথ সুগম কৰে৷ 1926 চনৰ ইয়াণ্ডাবু সন্ধিয়েই ইয়াৰ আৰম্ভণি যদিও বৃটিচ শাসন দৰাচলতে অসমত আৰম্ভ হয় 1838 চনৰ পৰাহে৷ সেয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগে লগে অসমতো ইয়াৰ প্ৰভাৱ পৰিল৷ অসমৰ স্বাধীনতা সংগ্ৰামিসকলে কেৱল অসমৰ স্বাধীনতাৰ বাবে ইংৰাজৰ বিপক্ষে আন্দোলন নকৰি মহাত্মা গান্ধীৰ আদৰ্শৰে নিজকে ভাৰতৰ লগত মিলাই দিলে৷ যি অসমত ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ 55 শতাংশ চাহ উৎপন্ন হয়,  তেল,  প্ৰাকৃতিক গেছ,  23 খন ৰাষ্ট্ৰীয় উদ্যান আৰু অসংখ্য বনস্পতি, কাঠ আদিৰে ভৰি আছে সেই অসমৰ স্বাধীনতাও 1947 চনৰ পিছত ভাৰতৰ লগত চামিল হৈ পৰিল৷ সেয়ে আজি আমিও গৌৰবেৰে নিজকে ভাৰতীয় বুলি পৰিচয় দি সন্তুষ্টি লাভ কৰোঁ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত ভাৰতৰ অংগ ৰাজ্য হৈও অসম যেন ভাৰতৰ অৱহেলা আৰু বঞ্চনাৰ সাক্ষী হৈ ৰ’ল৷ স্বাধীনতাৰ আনন্দ অসমে লাভ কৰিলে৷ গণতান্ত্ৰিক অধিকাৰেৰে শাসন যন্ত্ৰ পৰিচালিত হ’ল৷ কিন্তু নিজৰ ভূ-গৰ্ভত অসংখ্য সম্পদৰ অধিকাৰী হৈও অসমে আজি অন্যান্য ৰাজ্যৰ তুলনাত নিজকে আগুৱাই নিব পৰা নাই৷ কেন্দ্ৰৰ বঞ্চনা আৰু প্ৰতাৰণাৰ ফলশ্ৰুতিত আলফাৰ দৰে জাতীয় সংগঠনৰ জন্ম হ’ল৷ এয়া এক অন্য বিষয়৷ কিন্তু তাৰ ফল ভুগিছে আজি সাধাৰণ জনসাধাৰণে৷ অসমত সৈন্য বাহিনীৰ অত্যাচাৰ,  উৎপীড়ন চলিল৷ যি অত্যাচাৰ প্ৰাক-স্বাধীনতা কালৰ বৃটিচ সৈন্যৰ অত্যাচাৰতকৈ কোনো গুণে কম নাছিল৷ চৰকাৰৰ প্ৰৰোচনাত গুপ্তহত্যাৰ ক’লা অধ্যায়েৰে স্বাধীন নাগৰিকক হত্যা কৰা হ’ল৷ প্ৰতিপল শংকা,  ভয় বুকুত বান্ধি আজি অসমৰ প্ৰতিজন মানুহ জীয়াই আছে৷ এফালে উগ্ৰপন্থিৰ ভয়-ভাবুকি আৰু আনফালে চৰকাৰী নিৰাপত্তাৰ নামত পুলিচৰ অত্যাচাৰ৷ এতিয়া যেন শান্তিৰে, স্বাধীন চিন্তাৰে জীয়াই থকাটো সাধাৰণ মানুহৰ বাবে এটা সপোন হৈ পৰিছে৷ বাস্তৱ ক্ষেত্ৰত এয়াই স্বাধীনতানে?  ক’ত গ’ল আজি স্বাধীনতাৰ অধিকাৰ?  প্ৰতিপল যেন অসমত এতিয়া মানৱ অধিকাৰ ভঙ্গৰ ন-ন কাহিনী ৰচিত হ’ব লাগিছে৷  এতিয়া ভাৰতবৰ্ষ স্বাধীন,  সকলো জাতিয়েই স্বাধীন কিন্তু প্ৰতিজন প্ৰতাৰিত,  নিষ্পেষিত মানুহেই হাহাকাৰ কৰে অকণমান স্বাধীনতাৰ বাবে৷

           আজি 64 বছৰীয়া স্বাধীনতা আন্দোলন উদযাপন কৰাৰ মুহুত্বত অসমত মাথো দেখা গৈছে অৰাজক শাসনতন্ত্ৰৰ নিদাৰুণ কাহিনী৷ চৰকাৰৰ হাতত উন্নতিৰ অনেক খতিয়ান আছে৷ ৰাইজেও দেখিছে৷ তাৰ পিছতো যেন চাৰিওফালে অভাৱ, অনাটন আৰু বঞ্চিত মানুহৰ হাহাকাৰ৷ শান্তি সমদল,  মৌন সমদল,   লাষ্টগে’টত ধৰ্ণা-বিক্ষোভ,  গণতান্ত্ৰিক অধিকাৰেৰে কৰা বাদ-প্ৰতিবাদ সকলোকে এতিয়া পুলিচৰ লাঠিৰে মষিমূৰ কৰা হৈছে৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অপমান কৰা হৈছে৷ বাতৰি কাকত জ্বলাই দিয়া হৈছে৷ কোনো ব্যক্তিয়ে যদি চৰকাৰৰ বিপক্ষে,  অপশাসনৰ বিৰুদ্ধে মাত মাতিছে তেন্তে তেওঁক বৃটিচৰ দৰেই হত্যা কৰা হৈছে বা অনাহকত জে’ললৈ প্ৰেৰণ কৰা হৈছে৷ মানুহে ভোটাধিকাৰ পাইছে কিন্তু প্ৰশ্ন হয় পাৰিছেনে নিজৰ বিবেকেৰে সঠিক নিৰ্বাচন কৰিব?  অৰ্থ,  লালসা,  ভয়-ভাবুকিৰে মানুহৰ স্বাধীনতাক কিনিবলৈ চেষ্টা কৰা হৈছে৷ আনপিনে দিনে দিনে অপৰাধীৰ সংখ্যা বাঢ়িছে৷ বিনা বিচাৰেৰে অপৰাধীক মুক্তভাৱে ফুৰিবলৈ সুবিধা দিছে৷ ক্ষমতাৰ লালসাত জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছে৷ মুঠৰ ওপৰত সাম্প্ৰতিক সময়ত যেন দেশৰ জনসাধাৰণ অন্য এক পৰাধীনতাৰ শিকলিৰ মাজত বন্দী হৈছে৷ এই পৰাধীনতাৰ শিকলি কোনো বিদেশী ৰাষ্ট্ৰৰ নহয়৷ নিজেই নিজৰ অধিকাৰেৰে নিৰ্বাচন কৰি পঠিওৱা এচাম নেতা-মন্ত্ৰী-বিধায়কেৰে গঠিত এক গণতান্ত্ৰিক ব্যৱস্থাৰ শিকলি৷ য’ত জনসাধাৰণৰ অধিকাৰ কেৱল ভোট দিয়াৰ মাজতে সীমাবদ্ধ৷

         আজি স্বাধীনতা দিৱস উদযাপন কৰাৰ প্ৰাকক্ষণত এইবোৰ কথাৰ প্ৰাসঙ্গিকতা উলাই কৰিব নোৱাৰি৷ কিন্তু উদযাপনৰ ৰঙচঙীয়া পোহৰ,  ক্ষন্তেকিয়া আনন্দ আৰু দেশৰ নেতাসকলৰ ডাঙৰ ডাঙৰ বক্তৃতাৰ মাজত এই সকলো দোষ-কালিমা লুকাই পৰিব৷ ভাষা-ভাষী, জাতি-ধৰ্মৰ মাজৰ বিভেদ একেই থাকিব, গ্ৰামাঞ্চলৰ সাধাৰণ মানুহৰ দুখবোৰ জুপুৰিৰ মাজৰ আন্ধাৰতে লুকাই থাকিব, বানপানী আৰু খৰাং বতৰে সৃষ্টি কৰা কৃষকৰ শুকান মুখৰ বেদনা বেদনা হৈ ৰ’ব৷ মাথো মিছা সাফল্যৰ হাঁহিৰে আকৌ এবাৰ ভাৰতবাসীয়ে সেই হাজাৰ-হাজাৰ শ্বহীদৰ ত্যাগ,  আত্মবলিদানৰ স্মৃতি ৰোমন্থন কৰিব৷ গান্ধীৰ অহিংসা, ত্যাগ আৰু পঞ্চায়তী ৰাজৰ সপোনৰ বুকুচাত উঠি, দেশৰ নেতাসকলে কোনোবা আমোলাই শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি লিখি দিয়া ভাষণ দিল্লীৰ ৰাজপথত পাঠ কৰিব৷ অসমৰ আকাশো শান্তি-সম্প্ৰীতিৰ তিৰঙ্গ পতাকাই ভৰি পৰিব৷ 15 আগষ্ট এটা দিন,  বাস্তৱতাক আওকান কৰি সেই দিনটো হৈ পৰিব মাথো স্মৃতি ৰোমন্থনেৰে এক দীঘলীয়া সফলতাৰ লিখিত প্ৰতিবেদন৷

Friday, August 5, 2011

মোৰ জীৱনৰ স্মৰণীয় ঘটনা

মোৰ শৈশৱৰ ফটো
তেতিয়া মোৰ বয়স ৮/৯ বছৰ। মোৰ ভীষণ জ্বৰ হৈছিল। গাঁৱৰ ডাক্তৰে ভাল কৰিব নোৱাৰাত দেউতাই বিশ্বনাথ চাৰিআলিলৈ নিয়াৰ কথা ভাবিলে। (সেইয়া আছিল মোৰ প্ৰথম বিশ্বনাথ চাৰিআলি যাত্ৰা) তেতিয়া গাঁৱৰ পৰা বিশ্বনাথ চাৰিআলিলৈ প্ৰত্যক্ষ গাড়ী নাছিল। গতিকে আমি গহপুৰত গাড়ী সলাব লগা হৈছিল। দেউতাই মোক বেলেগ এখন গাড়ীত বহুৱাই মোৰ বাবে এটা আপেল আৰু কিবা আনিবলৈ গৈছিল। সিপিনে অলপ পিছতে গাড়ী এৰি দিছিল। বহু দূৰ অহাৰ পিছ্ত মোৰ মনত খেলালে দেউতা মোৰ কাষত নাই। মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। মানুহবোৰে কি হ'ল একো ধৰিব নোৱাৰি গাড়ী ৰখাই মোক নানান প্ৰশ্ন কৰিবলৈ ধৰিলে। যেতিয়া আচল কথাটো গম পালে তেওঁলোকে কি হ'ব, কি কৰিব একো ধৰিব নোৱাৰি এঠাইত গাড়ীখন ৰখাই থ'লে। খাবৰ বাবে মোক ধেৰ কিবা কিবি আনি দিলে। দেউতাৰ এটা ভাল অভ্যাস আছিল যে, সদায় গাড়ীত উঠাৰ আগতে গাড়ীৰ নম্বৰটো লিখি ৰাখিছিল। দেউতাই সিপিনে আহি মোক নেদেখি পিছৰ গাড়ী এখনত উঠি আহিল। ড্ৰাইভাৰজনক আমাৰ গাড়ীখনৰ নম্বৰটো চাই আহিবলৈ ক'লে। শেষত আমাৰ গাড়ীখন ৰখাই থোৱা দেখি দেউতা নামি আহিল আৰু আমি দুয়ো একেলগে পুনৰ যাত্ৰা কৰিলোঁ।

(এই লেখাটো ১৯৯৫ চনত তিনিদিনীয়া অগ্ৰদূত কাকতৰ অকণিৰ চ'ৰাত প্ৰকাশ হৈছিল। আৰু এই লেখাটোৱেই আছিল মোৰ জীৱনৰ প্ৰথম লেখা।)