Wednesday, August 31, 2011

ভাষা স্থানীয়কৰণৰ প্ৰয়োগ আৰু প্ৰয়োজনীয়তা

আজিৰ পৰা বিশ বছৰৰ আগতে localization (স্থানীয়কৰণ) এটা বৃত্তি আৰু উদ্যোগ হিচাপে আমাৰ মাজত প্ৰচলিত নাছিল৷ আনকি চফট্‌ৱেৰ প্ৰকাশকসকলেও ইয়াৰ বিষয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল৷ ১৯৮০ চন মানৰ পৰাহে চফট্‌ৱেৰ প্ৰকাশকসকলে স্থায়ী-অস্থায়ীভাৱে কিছুমান ব্যক্তিক নিয়োগ কৰি নিৰ্দিষ্ট কিছুমান ভাষাত তেওঁলোকৰ উপাদিত দ্ৰব্য (product)সমূহৰ বিভিন্ন তথ্যপাতি স্থানীয় ভাষালৈ অনুবাদ কৰিছিল৷ কিন্তু একাধিক ভাষাত অনুবাদ কৰিবলৈ তেওঁলোকৰ হাতত কোনো অনুবাদক নাছিল৷ ১৯৮০ চনৰ মাজ ভাগত পোন প্ৰথমবাৰৰ বাবে পৃথিৱীৰ বিভিন্ন ভাষাৰ সেৱা প্ৰদান কৰিবৰ কাৰণে multi-language vendors (MLVs) স্থাপন কৰা হয়৷ সেইসময়তে INK (এতিয়া Lionbridge), IDOG (এতিয়া Bowne) আদিৰ দৰে নতুন কোম্পানীসমূহে বিভিন্ন ভাষাত কাৰিকৰী নথিপত্ৰ আৰু চফট্‌ৱেৰ সমলসমূহ অনুবাদ কৰাক বিশেষভাৱে গুৰুত্ব দিয়ে৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে ১৯৯০ চন মানৰ পৰা localization  প্ৰায়বিলাক সফল ভাষা স্থানীয়কৰণ কোম্পানীতে, বিশেষকৈ চফট্‌ৱেৰ, দ্ৰব্য নথিভুক্তকৰণ আৰু ই-বাণিজ্যিক ক্ষেত্ৰসমূহত সাধাৰণভাৱে ব্যৱহৃত এটা শব্দত পৰিণত হৈ পৰে৷ ইণ্টাৰনেটৰ জনপ্ৰিয়তাৰ লগে লগে চফট্‌ৱেৰ প্ৰকাশকসকলে তেওঁলোকৰ উপাদিত সামগ্ৰীসমূহ আন্তঃৰাষ্ট্ৰীয়কৰণ (internationalize) কৰাত অধিক মনোনিবেশ কৰে আৰু  সাধাৰণ মানুহৰ বোধগম্য হোৱাকৈ তাক সজায় তোলাৰ ওপৰত গুৰুত্ব দিয়ে৷ বৰ্তমান ভাৰতবৰ্ষত একাধিক এনে ভাষা-অনুবাদ কৰা কোম্পানী গঢ়ি উঠিছে৷ ইয়াৰে বেছিভাগ উদ্যোগে বাহিৰত থাকি কাম কৰা ব্যক্তি (freelancer)-ৰ হতুৱাই কাম কৰাই যদিও স্থায়ী কৰ্মচাৰী ৰাখিও কাম কৰা দুই এটা কোম্পানী আছে৷
             Translation (অনুবাদ) আৰু localization (স্থানীয়কৰণ) প্ৰায় সমসাময়িক শব্দ হ’লেও অৰ্থ আৰু ইয়াৰ কাৰ্য্য পদ্ধতিৰ ফালৰ পৰা দুয়োটাৰ মাজৰ প্ৰভেদ আছে৷ বৰ্তমান সময়ত মাইক্ৰ’চফ্টৰ বিভিন্ন অপাৰেটিং চিষ্টেমসমূহ (Windows Vista, Windows-7 আদি)  বিভিন্ন স্থানীয় ভাষাত অনুবাদ কৰা দেখা পোৱা গৈছে৷ ইয়াৰ বিভিন্ন সংলাপ বাকচ,  আইকন,  সহায় তথ্য আদি সকলো অংশ localization প্ৰক্ৰিয়াৰে কৰা হৈছে৷ প্ৰধানতঃ localization  প্ৰক্ৰিয়াত এটা নিদিষ্ট পৰিৱেশ বা অঞ্চলত খাপ খাব পৰাকৈ কোনো পাঠ (বিভিন্ন চফট্‌ৱেৰ প্ৰ’গ্ৰাম) অনুবাদ কৰা হয়৷ এই নিৰ্দিষ্ট পৰিৱেশ বা অঞ্চলটোকেই ক’ব পাৰি locale বা “স্থানীয়”৷  সাধাৰণ অৰ্থত locale বা “স্থানীয়” শব্দটোৱে এটা সৰু ক্ষেত্ৰ বা অঞ্চলক বুজা যায় যদিও বৰ্তমান এই স্থানীয় শব্দটোৱে সাধাৰণ অৰ্থত ব্যৱহাৰ কৰা অৰ্থতকৈ কিছু বিস্তৃত ৰূপ পৰিগ্ৰহণ কৰিছে৷ The Localization Industry Standards Association (LISA)- ৰ মতে Localization involves taking a product and making it linguistically and culturally appropriate to the target locale (country/region and language) where it will be used and sold.  বৰ্তমান সময়ত locale শব্দটোক কাৰিকৰী দিশত অধিক প্ৰয়োগ কৰা হয়৷ যি কোনো এটা নিৰ্দিষ্ট ভাষা, সম্প্ৰদায় আৰু ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰে৷ উদাহৰণ স্বৰূপে অসমীয়াভাষী কম্পিউটাৰ ব্যৱহাৰকাৰী এজনে মাতৃভাষাতে তেওঁৰ নিজৰ কম্পিউটাৰটো ব্যৱহাৰৰ উপযোগি কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হয়৷ এটা স্থানীয়কৰণ কোম্পানীত সাধাৰণতে তলত উল্লেখ কৰা কাৰ্য্যকাৰিতাসমূহ দেখা যায়৷
(ক) প্ৰকল্প পৰিচালনা৷
(খ) অনুবাদ আৰু চফট্‌ৱেৰৰ কাৰিকৰী দিশসমূহৰ পৰীক্ষা৷
(গ) অনুবাদ, কাৰিকৰী পৰীক্ষা আৰু অনলাইন সহায় বা ৱেব সমলৰ পৰীক্ষণ৷
(ঘ) বিভিন্ন নথিপত্ৰৰ অনুবাদ আৰু ডি.টি.পি৷
(ঙ) মাল্টিমিডিয়া আৰু কম্পিউটাৰ আধাৰিত উপাদানসমূহৰ প্ৰশিক্ষণ৷
(চ) স্থানীয়কৰণ কৰা চফট্‌ৱেৰ বা ৱেব প্ৰয়োগসমূহৰ (application)-ৰ কাৰ্য্যকাৰিতা পৰীক্ষণ৷

প্ৰশ্ন হয় ভাষা অনুবাদ কৰা কোম্পানীসমূহে অনুবাদৰ ক্ষেত্ৰত Translation (অনুবাদ) শব্দটোৰ পৰিৱৰ্তে localization (স্থানীয়কৰণ) শব্দটো কিয় ব্যৱহাৰ কৰিব লগা হ’ল৷ কিছুমান ব্যক্তিৰ মতে ইয়াৰ কাৰণ হ’ল- পূৰ্বতে বিভিন্ন অনুবাদৰ ক্ষেত্ৰত সকলো শব্দ বা সমলকে নিৰ্দিষ্ট ভাষাটোলৈ অৰ্থগত অনুবাদ কৰি দিয়াৰ ফলত কিছুমান শব্দ আৰু অৰ্থৰ ক্ষেত্ৰত এটা হাস্যকৰ পৰিৱেশ দেখা দিছিল৷ যাৰ বাবে গোটেই বিষয়বস্তুটোৱেই ৰম্য-ৰচনাৰ শাৰীলৈ গতি কৰিছিল৷ এই ক্ষেত্ৰত প্ৰধান সমস্যা হৈ দেখা দিছিল ইণ্টাৰনেট আৰু কম্পিউটাৰত ব্যৱহৃত বিভিন্ন নতুন নতুন শব্দৰ অনুবাদৰ ক্ষেত্ৰত৷ কম্পিউটাৰ,  ম’বাইল আদিত ব্যৱহাৰ কৰা অনেক শব্দই সাধাৰণ মানুহৰ মাজত প্ৰচলিত হৈ পৰে আৰু তেনে বহু শব্দই স্থানীয় ভাষাটোৰ মাজত নিগাজিকৈ স্থান লাভ কৰে৷ তেনে শব্দবোৰক অনুবাদ কৰি মানুহৰ মাজত প্ৰচাৰ কৰিলে কিছু অসুবিধাৰ সৃষ্টি হয়৷ চফট্‌ৱেৰ প্ৰকাশকসকলৰ মূল উদ্দেশ্য হৈছে পৃথিৱীৰ চুকে-কোণে তেওঁলোকৰ উপাদিত সামগ্ৰী বিক্ৰী কৰা৷ সেয়ে তেওঁলোকে স্থানীয় ভাষালৈ তেওঁলোকৰ উপাদিত সামগ্ৰীসমূহৰ নিৰ্দেশাৱলীসমূহ অনুবাদ কৰাই সাধাৰণ মানুহক জনাব বিচাৰে৷ এই ক্ষেত্ৰত তেওঁলোকে অনুবাদৰ দ্বাৰা নতুন শব্দ সৃষ্টি কৰাতকৈ স্থানীয় ভাষাটোত প্ৰচলিত শব্দৰ ওপৰত অধিক গুৰুত্ব দিয়ে৷
            ভাষা স্থানীয়কৰণ কোম্পানীসমূহে সাধাৰণতে কিছুমান নিৰ্দিষ্ট ব্যক্তিক লক্ষ্য কৰি তেওঁলোকৰ উপাদিত দ্ৰব্যসমূহ কোনো এটা ভাষালৈ অনুবাদ কৰায়৷ উদাহৰণ স্বৰূপে Samsung-ৰ দৰে বৃহ ম’বাইল কোম্পানীয়ে ভাষা স্থানীয়কৰণৰ বাবে শেহতীয়াভাৱে প্ৰস্তুত কৰা নিৰ্দেশাৱলী (guidelines)-ত এনেধৰণৰ ব্যৱহাৰকৰ্তাসকলক (Target users) লক্ষ্য কৰি লৈছিল৷ () ম’বাইল ব্যৱহাৰ কৰে অথচ কোনো ভাষাকেই লিখিব বা পঢ়িব নাজানে৷ () ইংৰাজী নাজানে গতিকে মাতৃভাষাত হ’লে সুবিধা হয়৷ () ইংৰাজী শব্দ জানে, কিন্তু মাতৃভাষাত লিখা থাকিলে বুজাত সহায় হয়৷ () ইংৰাজী ভালদৰে জানে কিন্তু ইয়াৰ লগতে মাতৃভাষাক লৈ গৰ্ব অনুভৱ কৰে৷ আৰু () ইংৰাজী জানে, সেয়ে মাতৃভাষা থকাৰ কোনো প্ৰয়োজন নাই৷ ইয়াৰে প্ৰথম তিনি ধৰণৰ ব্যৱহাৰকৰ্তাৰ কথা আগত ৰাখিয়েই দ্ৰব্য এটা স্থানীয়কৰণৰ কাৰণে নিৰ্বাচন কৰা হয়৷ বৰ্তমান বহুটো দেশৰ কম্পিউটাৰ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ স্থানীয় ভাষাত চফট্‌ৱেৰসমূহ ব্যৱহাৰ কৰি কাম কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে৷ সাধাৰণতে এনে কোম্পানীত কাম কৰিবৰ কাৰণে এজন ব্যক্তিৰ কেইটামান বিষয়ত দক্ষতা থকা অতি প্ৰয়োজন৷ তাৰ ভিতৰত-
(ক) কাম কৰিব বিচৰা ব্যক্তিজন ভাষাটোৰ মাতৃভাষী লোক হ’ব লাগিব৷
(খ) কম্পিউটাৰ এপ্লিকেশ্বনসমূহৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে জানিব লাগিব৷
(গ) কম্পিউটাৰত ব্যৱহৃত বিভিন্ন সঁজুলি (tools)-ৰ বিষয়ে জ্ঞান থাকিব লাগিব৷
(ঘ) বিভিন্ন বিষয়ত (subject) দক্ষতা থাকিব লাগিব৷ যেনে-চিকিসা বিজ্ঞান, আইন ইত্যাদি৷
(ঙ) কাম কৰাৰ সময়সূচী, লেন-দেন আৰু কামৰ মানদণ্ডৰ ক্ষেত্ৰত নিষ্ঠাবান হ’ব লাগিব৷
(চ) পাৰিভাষিক (terminology) শব্দৰ বিষয়ে সাধাৰণ জ্ঞান থাকিব লাগিব

বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন অনুবাদ বিদ্যালয়সমূহে ওপৰৰ বিষয়সমূহক সামৰি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে আৰু কোম্পানীসমূহৰৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰি নিয়োগ কৰিছে৷ আনহাতে বিভিন্ন ব্যক্তিয়ে নিজাকৈ ওপৰৰ অৰ্হতাসমূহ আহৰণ কৰিও বিভিন্ন ভাষা স্থানীয়কৰণ কোম্পানীসমূহত সফলতাৰে কাম কৰি আছে৷ তথাপি এই বিষয়ে উচিত শিক্ষাৰ প্ৰয়োজনীয়তা নথকা নহয়৷
        বৰ্তমান সময়ত ভাষা স্থানীয়কৰণ এটা অতি লাভজনক উদ্যোগত পৰিণত হৈছে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে বিভিন্ন অত্যাধুনিক সা-সৰঞ্জামে আমাৰ বজাৰ দখল কৰিছে৷ এনে বিভিন্ন সা-সৰঞ্জামসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰ্ৰত শিক্ষিত-অশিক্ষিত কোনো লোকেই বাদ পৰা নাই৷ সেয়েহে একেবাৰে অশিক্ষিত ব্যক্তিসকলৰ বাবে ভাষা স্থানীয়কৰণৰ প্ৰয়োজন আহি পৰিছে৷ বৰ্তমান ভাৰতবৰ্ষত বহুটো এনে সৰু-বৰ কোম্পানী গঢ় লৈ উঠিছে৷ আমি অসমতো এনে একোটা কোম্পানীৰ কথা ভাবিব পাৰোঁ৷ ইয়াৰ বাবে প্ৰয়োজনীয় আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে কাম আৰু সময়ৰ প্ৰতি থাকিব লগা দায়বদ্ধতা৷ ইয়াৰ লগতে কম্পিউটাৰ, বিভিন্ন অনুবাদ সঁজুলি, পাৰিভাষিক শব্দাৱলীৰ জ্ঞানৰ লগতে ভাষা-সাহিত্য-সংস্কৃতি দিশৰো জ্ঞানৰ অতি প্ৰয়োজন৷ তেনে পাৰ্গত এজন ব্যক্তিৰ পৰাহে আমি ভাল অনুবাদ আশা কৰিব পাৰোঁ৷ ভাষা স্থানীয়কৰণক এক সন্মানজনক বৃত্তি বুলি অনুভৱ কৰিব পাৰিলেহে ইয়াৰ পৰা ভাল ফলাফল আশা কৰিব পাৰি৷ কাৰণ এটা বিদেশী ভাষাক স্থানীয় ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত অনুবাদ কৰা ব্যক্তিজন সচেতন নহ’লে ভাষাটো বিকৃত ৰূপত প্ৰকাশ হ’ব পাৰে৷ এজন অনুবাদকৰ ওপৰতে এটা ভাষাৰ ভৱিষ্যত বহুখিনি নিৰ্ভৰ কৰে৷

প্ৰসঙ্গ পুথি-
Ø  A practical guide to localization By Bert Esselink
Ø  Perspectives on localization By Keiran J. Dunne
Ø  The moving text: localization, translation, and distribution By Anthony Pym

Sunday, August 14, 2011

স্বাধীনতা, অধিকাৰ আৰু সাম্প্ৰতিক সময়

ভাৰতবৰ্ষৰ ইতিহাসত 1947 চনৰ 15 আগষ্ট ভাৰতীয় জাতীয় সংগ্ৰামৰ এটা সোণালী দিন৷  1617 চন মানতে মোগল সম্ৰাট জাহাঙ্গীৰৰ অনুমতি সাপেক্ষে বৃটিচ ইষ্ট-ইণ্ডিয়া কোম্পানি ভাৰতত  প্ৰৱেশ কৰি বেহা-বেপাৰৰ কাৰণে সুবিধা লাভ কৰে৷ ফলত গোঁজেই গজালি হৈ এটা সময়ত পৰাক্ৰমী মোগল সাম্ৰাজ্যক যুদ্ধত হেৰুৱাই ভাৰতবৰ্ষৰ শাসনভাৰ নিজৰ হাতলৈ নিয়ে৷ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ ধ্বজা উৰুৱাই যি ভাৰতীয়ই নিজকে স্বতন্ত্ৰ নাগৰিক হিচাপে চিনাকি দি আহিছিল৷ সেই ভাৰতবৰ্ষই ইংৰাজৰ শাসনৰ তলত নিজৰ জন্মগত স্বাধীনতা, অধিকাৰ হেৰুৱাই পৰাধীনতাৰ শিকলি পিন্ধিব লগা হৈছিল৷ কিন্তু বহু বছৰৰ সংগ্ৰাম আৰু বহু ব্যক্তিৰ ত্যাগ, কষ্ট আৰু আত্মবলীদানৰ পৰিণতিত ভাৰতে বৃটিচৰ শাসন উফৰাই নিজৰ হেৰুৱা মৰ্যদা ঘুৰাই আনিছিল৷ তাৰপিছত ভাৰতত ইংৰাজ চৰকাৰৰ আৰ্হিৰে পশ্চিমীয়া ধৰণেৰে গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা হ’ল৷ সংবিধান সৃষ্টি কৰা হ’ল৷ জনসাধাৰণেই দেশৰ শাসক হিচাপে জনসাধাৰণৰ মাজৰ পৰা প্ৰতিনিধি নিৰ্বাচন কৰি ৰাজ্যই ৰাজ্যই চৰকাৰ গঠন কৰা হ’ল৷ সাংসদৰ প্ৰতিষ্ঠা কৰি জনসাধাৰণৰ অভাৱ-অভিযোগ,  প্ৰয়োজন,  সমস্যা আদি আলোচনা কৰাৰ ব্যৱস্থা কৰা হ’ল৷ মুঠৰ ওপৰত স্বাধীনতাই ভাৰতীয় মানুহৰ সুখ-সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিলে আৰু বৃটিচৰ শাসন কালৰ দুখ-কষ্ট,  অত্যাচাৰ পাহৰি স্বাধীনতাৰ আনন্দত নিমজ্জিত হ’ল৷

          এতিয়া এইয়া এক ইতিহাস মাত্ৰ৷ সময়ৰ পৰিবৰ্তনৰ লগে লগে গণতান্ত্ৰিক শাসন প্ৰক্ৰিয়া  একেই থাকিল কিন্তু সমাজত অনেক নতুন নতুন সমস্যাই দেখা দিলে৷ এদিন বৃটিচৰ শাসনত মুক্তিৰ সপোন দেখা নাগৰিকে ভাবিবলৈ বাধ্য হ’ল "বৃটিচৰ শাসন ইয়াতকৈ যেন বহু ভাল আছিল"৷ কলাগুৰু বিষ্ণু ৰাভাই চিঞৰি উঠা "এই আজাদী ঝুঠা হ্যায়" বাক্যশাৰী যেন এতিয়া তপত হুমুনিয়াহৰ দৰে প্ৰতিজন নিষ্পেষিত মানুহৰ বুকুত বাজি থাকে৷ জ্বৰে এৰিলেও কৰ্পতিয়ে নেৰাৰ দৰে বৃটিচ গ’ল যদিও বৃটিচৰ স্বৈৰাচাৰিতা দেশৰ নেতাসকলৰ গাত যেন থাকি গ’ল৷ প্ৰতিবছৰে 15 আগষ্টৰ বিশেষ দিনটোত জাক-জমকতাৰে স্বাধীনতাৰ স্মৃতি সজীব কৰি ৰখা হয়৷ প্ৰত্যেক বছৰে স্বাধীনতা সংগ্ৰামত আত্ম আহুতি দিয়া সেই মহান ব্যক্তি কেইজনক স্মৰণ কৰিবলৈকে নানা আলোক-সজ্জাৰে স্বাধীনতা দিৱস পালন কৰা হয়৷ কিন্তু বাস্তৱ ক্ষেত্ৰত সেই আলোক-সজ্জাৰ পোহৰৰ পৰা বহু আঁতৰত থাকি যায় নিষ্পেসিত মানুহৰ বুকুৰ হুমুনিয়াহ৷ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বৰ্তমান জনসাধাৰণৰ কাৰণে প্ৰচলিত প্ৰত্যেকটো নিয়ম,  কাৰ্য্য,  অধিকাৰৰ ক্ষেত্ৰত আমাৰ মনত এটাই প্ৰশ্ন উদ্বেগ হয়- এই সকলোবিলাকে আমাক প্ৰকৃত স্বাধীনতা দিব পাৰিছেনে?  এখন সাধাৰণ সমাজত আমি জীয়াই থাকিবৰ কাৰণে প্ৰতি মুহুৰ্ততে আমি স্বাধীনতাৰ ওচৰত আত্ম-সমৰ্পন কৰি অহা নাইনে?  যি স্বাধীনতাই এদিন মানুহক ব্যক্তি-স্বাধীনতা,  বাক-স্বাধীনতা,  মৌলিক অধিকাৰৰ মাজেৰে জীয়াই থকাৰ সপোন দেখুৱাইছিল সেই সকলোবোৰ আজি ডাঙৰ ডাঙৰ বক্তৃতাৰ মাজত মাথো আৱদ্ধ হৈ ৰ’ল৷

           পৃথিৱীৰ আটাইতকৈ সুন্দৰ অনুভৱটোৱেই হ’ল স্বাধীনতা৷ ই মানুহৰ জন্মগত অধিকাৰ৷ ই কাৰো ওপৰত জাপি দিয়া অধিকাৰ নহয়৷ এই কথা মহাত্মা গান্ধীয়ে ভালদৰে অনুভৱ কৰিছিল৷ সেয়ে নিস্বাৰ্থভাৱে ভাৰতীয় মানুহৰ মুক্তিৰ সপোন দেখিছিল৷ হিন্দু-মুছলমানৰ একতাৰ মাজেৰে,  জাতি-ধৰ্ম নিৰ্বিশেষে তেওঁ ভাৰতীয় সভ্যতাক জীয়াই ৰাখিব বিচাৰিছিল৷ সত্য,  অহিংসাৰ পথেৰে,  কৰ্মৰ সাধনাৰে তেওঁ ভাৰতীয়ৰ মুক্তি কামনা কৰিছিল৷ অহিংসাৰ পথেৰেই তেওঁ দেশবাসীৰ মনত জাতীয়তাবাদী ভাৱ জাগ্ৰত কৰি ভাৰতক স্বাধীনতা প্ৰদান কৰিছিল৷ কিন্তু যি অহিংসা নীতিৰ আধাৰত ভাৰতে স্বাধীনতা লাভ কৰিলে সেই অহিংসাই এতিয়া হিংসাৰ ভয়ত পেপুৱা লাগিল৷ ক’ত আছে এতিয়া মহাত্মাৰ নীতি-আদৰ্শ?  মুৰত গান্ধী টুপি পিন্ধি, গাত খদ্দৰৰ চোলা পিন্ধি এতিয়া প্ৰায় সংখ্যক নেতাৰ মুখাপিন্ধা অভিনয়৷ এতিয়া হত্যাকাৰীৰ মুৰত গান্ধী টুপি,  অপৰাধীৰ গাত খদ্দৰৰ হাত কটা চোলা৷ হত্যাকাৰী,  ধৰ্ষণকাৰী এতিয়া গণতান্ত্ৰিক চৰকাৰৰ মন্ত্ৰী বা বিধায়ক৷ এয়াই এতিয়া স্বাধীনতাৰ 64  বছৰীয়া ইতিহাসৰ নিৰ্মম সাক্ষী৷ স্বাধীনতাৰ বাবে অতি প্ৰয়োজনীয় "জাতীয়তাবাদ" এতিয়া "ব্যক্তিস্বাৰ্থৰ" মোহত আৱদ্ধ৷ ডাঙৰ ডাঙৰ উদ্যোগপতি, মন্ত্ৰী, বিষযা, দালাৰৰ পৰ্বত সম ব্যক্তিগত সম্পত্তিৰ বৃদ্ধিয়েই দেশৰ উন্নতিৰ পূৰ্ণ পৰিচয় নহয়৷ দেশৰ বৃহত সংখ্যক গ্ৰামাঞ্চলৰ উন্নতিৰ খতিয়ান ল’লেই দেশখনৰ সামগ্ৰিক উন্নতিৰ পৰিচয় পোৱা যাব৷

         অসমৰ প্ৰেক্ষাপটলৈ চালে দেখা যায় যে,  ভাৰতৰ অন্যান্য অঞ্চলসমূহ বৃটিচৰ শাসনৰ তললৈ যোৱাৰ সময়তো অসম আছিল এখন স্বাধীন ৰাষ্ট্ৰ৷ ওঠৰ শতিকাৰ শেষৰ ফাললৈ হোৱা আহোম ৰাজপৰিয়ালৰ গৃহকন্দল আৰু মোৱামৰীয়া বিদ্ৰোহ,  মানৰ আক্ৰমণ আদিয়েই অসমলৈ বৃটিচৰ প্ৰৱেশৰ পথ সুগম কৰে৷ 1926 চনৰ ইয়াণ্ডাবু সন্ধিয়েই ইয়াৰ আৰম্ভণি যদিও বৃটিচ শাসন দৰাচলতে অসমত আৰম্ভ হয় 1838 চনৰ পৰাহে৷ সেয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগে লগে অসমতো ইয়াৰ প্ৰভাৱ পৰিল৷ অসমৰ স্বাধীনতা সংগ্ৰামিসকলে কেৱল অসমৰ স্বাধীনতাৰ বাবে ইংৰাজৰ বিপক্ষে আন্দোলন নকৰি মহাত্মা গান্ধীৰ আদৰ্শৰে নিজকে ভাৰতৰ লগত মিলাই দিলে৷ যি অসমত ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ 55 শতাংশ চাহ উৎপন্ন হয়,  তেল,  প্ৰাকৃতিক গেছ,  23 খন ৰাষ্ট্ৰীয় উদ্যান আৰু অসংখ্য বনস্পতি, কাঠ আদিৰে ভৰি আছে সেই অসমৰ স্বাধীনতাও 1947 চনৰ পিছত ভাৰতৰ লগত চামিল হৈ পৰিল৷ সেয়ে আজি আমিও গৌৰবেৰে নিজকে ভাৰতীয় বুলি পৰিচয় দি সন্তুষ্টি লাভ কৰোঁ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত ভাৰতৰ অংগ ৰাজ্য হৈও অসম যেন ভাৰতৰ অৱহেলা আৰু বঞ্চনাৰ সাক্ষী হৈ ৰ’ল৷ স্বাধীনতাৰ আনন্দ অসমে লাভ কৰিলে৷ গণতান্ত্ৰিক অধিকাৰেৰে শাসন যন্ত্ৰ পৰিচালিত হ’ল৷ কিন্তু নিজৰ ভূ-গৰ্ভত অসংখ্য সম্পদৰ অধিকাৰী হৈও অসমে আজি অন্যান্য ৰাজ্যৰ তুলনাত নিজকে আগুৱাই নিব পৰা নাই৷ কেন্দ্ৰৰ বঞ্চনা আৰু প্ৰতাৰণাৰ ফলশ্ৰুতিত আলফাৰ দৰে জাতীয় সংগঠনৰ জন্ম হ’ল৷ এয়া এক অন্য বিষয়৷ কিন্তু তাৰ ফল ভুগিছে আজি সাধাৰণ জনসাধাৰণে৷ অসমত সৈন্য বাহিনীৰ অত্যাচাৰ,  উৎপীড়ন চলিল৷ যি অত্যাচাৰ প্ৰাক-স্বাধীনতা কালৰ বৃটিচ সৈন্যৰ অত্যাচাৰতকৈ কোনো গুণে কম নাছিল৷ চৰকাৰৰ প্ৰৰোচনাত গুপ্তহত্যাৰ ক’লা অধ্যায়েৰে স্বাধীন নাগৰিকক হত্যা কৰা হ’ল৷ প্ৰতিপল শংকা,  ভয় বুকুত বান্ধি আজি অসমৰ প্ৰতিজন মানুহ জীয়াই আছে৷ এফালে উগ্ৰপন্থিৰ ভয়-ভাবুকি আৰু আনফালে চৰকাৰী নিৰাপত্তাৰ নামত পুলিচৰ অত্যাচাৰ৷ এতিয়া যেন শান্তিৰে, স্বাধীন চিন্তাৰে জীয়াই থকাটো সাধাৰণ মানুহৰ বাবে এটা সপোন হৈ পৰিছে৷ বাস্তৱ ক্ষেত্ৰত এয়াই স্বাধীনতানে?  ক’ত গ’ল আজি স্বাধীনতাৰ অধিকাৰ?  প্ৰতিপল যেন অসমত এতিয়া মানৱ অধিকাৰ ভঙ্গৰ ন-ন কাহিনী ৰচিত হ’ব লাগিছে৷  এতিয়া ভাৰতবৰ্ষ স্বাধীন,  সকলো জাতিয়েই স্বাধীন কিন্তু প্ৰতিজন প্ৰতাৰিত,  নিষ্পেষিত মানুহেই হাহাকাৰ কৰে অকণমান স্বাধীনতাৰ বাবে৷

           আজি 64 বছৰীয়া স্বাধীনতা আন্দোলন উদযাপন কৰাৰ মুহুত্বত অসমত মাথো দেখা গৈছে অৰাজক শাসনতন্ত্ৰৰ নিদাৰুণ কাহিনী৷ চৰকাৰৰ হাতত উন্নতিৰ অনেক খতিয়ান আছে৷ ৰাইজেও দেখিছে৷ তাৰ পিছতো যেন চাৰিওফালে অভাৱ, অনাটন আৰু বঞ্চিত মানুহৰ হাহাকাৰ৷ শান্তি সমদল,  মৌন সমদল,   লাষ্টগে’টত ধৰ্ণা-বিক্ষোভ,  গণতান্ত্ৰিক অধিকাৰেৰে কৰা বাদ-প্ৰতিবাদ সকলোকে এতিয়া পুলিচৰ লাঠিৰে মষিমূৰ কৰা হৈছে৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অপমান কৰা হৈছে৷ বাতৰি কাকত জ্বলাই দিয়া হৈছে৷ কোনো ব্যক্তিয়ে যদি চৰকাৰৰ বিপক্ষে,  অপশাসনৰ বিৰুদ্ধে মাত মাতিছে তেন্তে তেওঁক বৃটিচৰ দৰেই হত্যা কৰা হৈছে বা অনাহকত জে’ললৈ প্ৰেৰণ কৰা হৈছে৷ মানুহে ভোটাধিকাৰ পাইছে কিন্তু প্ৰশ্ন হয় পাৰিছেনে নিজৰ বিবেকেৰে সঠিক নিৰ্বাচন কৰিব?  অৰ্থ,  লালসা,  ভয়-ভাবুকিৰে মানুহৰ স্বাধীনতাক কিনিবলৈ চেষ্টা কৰা হৈছে৷ আনপিনে দিনে দিনে অপৰাধীৰ সংখ্যা বাঢ়িছে৷ বিনা বিচাৰেৰে অপৰাধীক মুক্তভাৱে ফুৰিবলৈ সুবিধা দিছে৷ ক্ষমতাৰ লালসাত জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছে৷ মুঠৰ ওপৰত সাম্প্ৰতিক সময়ত যেন দেশৰ জনসাধাৰণ অন্য এক পৰাধীনতাৰ শিকলিৰ মাজত বন্দী হৈছে৷ এই পৰাধীনতাৰ শিকলি কোনো বিদেশী ৰাষ্ট্ৰৰ নহয়৷ নিজেই নিজৰ অধিকাৰেৰে নিৰ্বাচন কৰি পঠিওৱা এচাম নেতা-মন্ত্ৰী-বিধায়কেৰে গঠিত এক গণতান্ত্ৰিক ব্যৱস্থাৰ শিকলি৷ য’ত জনসাধাৰণৰ অধিকাৰ কেৱল ভোট দিয়াৰ মাজতে সীমাবদ্ধ৷

         আজি স্বাধীনতা দিৱস উদযাপন কৰাৰ প্ৰাকক্ষণত এইবোৰ কথাৰ প্ৰাসঙ্গিকতা উলাই কৰিব নোৱাৰি৷ কিন্তু উদযাপনৰ ৰঙচঙীয়া পোহৰ,  ক্ষন্তেকিয়া আনন্দ আৰু দেশৰ নেতাসকলৰ ডাঙৰ ডাঙৰ বক্তৃতাৰ মাজত এই সকলো দোষ-কালিমা লুকাই পৰিব৷ ভাষা-ভাষী, জাতি-ধৰ্মৰ মাজৰ বিভেদ একেই থাকিব, গ্ৰামাঞ্চলৰ সাধাৰণ মানুহৰ দুখবোৰ জুপুৰিৰ মাজৰ আন্ধাৰতে লুকাই থাকিব, বানপানী আৰু খৰাং বতৰে সৃষ্টি কৰা কৃষকৰ শুকান মুখৰ বেদনা বেদনা হৈ ৰ’ব৷ মাথো মিছা সাফল্যৰ হাঁহিৰে আকৌ এবাৰ ভাৰতবাসীয়ে সেই হাজাৰ-হাজাৰ শ্বহীদৰ ত্যাগ,  আত্মবলিদানৰ স্মৃতি ৰোমন্থন কৰিব৷ গান্ধীৰ অহিংসা, ত্যাগ আৰু পঞ্চায়তী ৰাজৰ সপোনৰ বুকুচাত উঠি, দেশৰ নেতাসকলে কোনোবা আমোলাই শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি লিখি দিয়া ভাষণ দিল্লীৰ ৰাজপথত পাঠ কৰিব৷ অসমৰ আকাশো শান্তি-সম্প্ৰীতিৰ তিৰঙ্গ পতাকাই ভৰি পৰিব৷ 15 আগষ্ট এটা দিন,  বাস্তৱতাক আওকান কৰি সেই দিনটো হৈ পৰিব মাথো স্মৃতি ৰোমন্থনেৰে এক দীঘলীয়া সফলতাৰ লিখিত প্ৰতিবেদন৷

Friday, August 5, 2011

মোৰ জীৱনৰ স্মৰণীয় ঘটনা

মোৰ শৈশৱৰ ফটো
তেতিয়া মোৰ বয়স ৮/৯ বছৰ। মোৰ ভীষণ জ্বৰ হৈছিল। গাঁৱৰ ডাক্তৰে ভাল কৰিব নোৱাৰাত দেউতাই বিশ্বনাথ চাৰিআলিলৈ নিয়াৰ কথা ভাবিলে। (সেইয়া আছিল মোৰ প্ৰথম বিশ্বনাথ চাৰিআলি যাত্ৰা) তেতিয়া গাঁৱৰ পৰা বিশ্বনাথ চাৰিআলিলৈ প্ৰত্যক্ষ গাড়ী নাছিল। গতিকে আমি গহপুৰত গাড়ী সলাব লগা হৈছিল। দেউতাই মোক বেলেগ এখন গাড়ীত বহুৱাই মোৰ বাবে এটা আপেল আৰু কিবা আনিবলৈ গৈছিল। সিপিনে অলপ পিছতে গাড়ী এৰি দিছিল। বহু দূৰ অহাৰ পিছ্ত মোৰ মনত খেলালে দেউতা মোৰ কাষত নাই। মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। মানুহবোৰে কি হ'ল একো ধৰিব নোৱাৰি গাড়ী ৰখাই মোক নানান প্ৰশ্ন কৰিবলৈ ধৰিলে। যেতিয়া আচল কথাটো গম পালে তেওঁলোকে কি হ'ব, কি কৰিব একো ধৰিব নোৱাৰি এঠাইত গাড়ীখন ৰখাই থ'লে। খাবৰ বাবে মোক ধেৰ কিবা কিবি আনি দিলে। দেউতাৰ এটা ভাল অভ্যাস আছিল যে, সদায় গাড়ীত উঠাৰ আগতে গাড়ীৰ নম্বৰটো লিখি ৰাখিছিল। দেউতাই সিপিনে আহি মোক নেদেখি পিছৰ গাড়ী এখনত উঠি আহিল। ড্ৰাইভাৰজনক আমাৰ গাড়ীখনৰ নম্বৰটো চাই আহিবলৈ ক'লে। শেষত আমাৰ গাড়ীখন ৰখাই থোৱা দেখি দেউতা নামি আহিল আৰু আমি দুয়ো একেলগে পুনৰ যাত্ৰা কৰিলোঁ।

(এই লেখাটো ১৯৯৫ চনত তিনিদিনীয়া অগ্ৰদূত কাকতৰ অকণিৰ চ'ৰাত প্ৰকাশ হৈছিল। আৰু এই লেখাটোৱেই আছিল মোৰ জীৱনৰ প্ৰথম লেখা।)

Monday, July 18, 2011

গান্ধীৰ তিনিটা বান্দৰ


"অন্য দেৱী-দেৱ, নকৰিবা সেৱ
গৃহকো নাযাইবা, প্ৰসাদো নাখাইবা,
ভক্তি হৈব ব্যভিচাৰ৷" (কীৰ্ত্তন-শংকৰদেৱ)

যোৱা বছৰ মই ট্ৰেইনত ইন্দ'ৰলৈ আহোঁতে মোৰ পুৰণি এজন বন্ধুক লগ পাইছিলোঁ৷ কথাৰ প্ৰসঙ্গত ওপৰৰ ঘোষাফাকিৰ কথা ওলাল৷ বন্ধুৰ লগত আলোচনা কৰোঁতে ইয়াৰ এটা নতুন ব্যাখ্যা বিচাৰি পাইছিলোঁ৷ তেতিয়াই মোৰ ডায়েৰীত তাক লিখি ৰাখিছিলোঁ৷ আজি পুৰণি ডায়েৰীৰ পাতৰ পৰা আগবঢ়ালোঁ৷

আমাৰ পঞ্চেন্দ্ৰিয় চকু, কাণ, নাক, জিভা আৰু ছাল হৈছে "অন্য দেৱ-দেৱী"৷ আমাৰ শৰীৰ বা আত্মা হৈছে প্ৰধান দেৱতা কৃষ্ণ বা বিষ্ণু৷ যদি আমি চকু, নাক, জিভা, কাণ আৰু ছালৰ পৰিতৃপ্তিৰ বাবে বেলেগ বেলেগকৈ কাৰ্য্য কৰোঁ তেতিয়া আমাৰ মন বা আত্মাই কেতিয়াও সঠিক চিন্তা কৰিব নোৱাৰিব৷ চকুৰ তৃপ্তিৰ কাৰণে যদি আমি ভাল বেয়াৰ বিচাৰ নকৰি সাময়িক আকৰ্ষণতে মোহ যাওঁ, নাক আৰু জিভাৰ তৃপ্তিৰ বাবে যদি নাখাবলগীয়া বস্তু খাওঁ, শুদ্ধ বায়ু সেৱব নকৰোঁ, ভাল কথা নুশুনি যদি সদায় বেয়া কথাকে শুনি থাকোঁ তেন্তে আমাৰ শাৰীৰিক আৰু মানসিক সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ পৰিব৷ একেদৰে কাৰোবাৰ স্পৰ্শক যদি হৃদয়লৈ বোৱাই নিনি তাক অন্য ধৰণে অনুভৱ কৰোঁ তেন্তে আমাৰ মনত কেতিয়াবা অসৎ ভাৱৰো সৃষ্টি হ'ব পাৰে৷

প্ৰত্যেক মানুহেই যদি ভাল চিন্তা কৰে, গান্ধীৰ তিনিটা বান্দৰৰ দৰে বেয়া নাচাবা, বেয়া নক'বা, বেয়া নুশুনিবা নীতি অৱলম্বন কৰে তেন্তে প্ৰত্যেক মানুহৰে মনবোৰ পবিত্ৰ আৰু নিকা হৈ থাকিব৷ চকু, কাণ, নাক, জিভা আৰু ছালে গ্ৰহণ কৰিব পৰা সমাজৰ নেতিবাচক দিশবোৰলৈ আমাৰ মনটোক এৰি নিদি, সমাজৰ ইতিবাচক দিশবোৰ লক্ষ্য ৰাখোঁ তেন্তে নিজৰ মনটোক সদায় ভাল চিন্তাৰ বাবে প্ৰস্তুত কৰি ৰাখিব পাৰিম৷ আমাৰ সমাজত থকা প্ৰধান ছটা নেতিবাচক দিশ হ'ল কাম, ক্ৰোধ, লোভ, মোহ, মদ (অহংকাৰ) আৰু মৎস্য (পৰশ্ৰীকাতৰতা)৷ এই ছটা কাৰ্য্যৰো প্ৰধান উপকৰণ হ'ল আমাৰ পঞ্চেন্দ্ৰিয়৷ সেয়ে আমি চকু, কাণ, নাক, জিভা আৰু ছালৰ কথালৈ নগৈ অৰ্থাৎ "অন্য দেৱ-দেৱীক" পূজা নকৰি তাৰ সন্মুখত থকা লোভনীয় উপকৰণসমূহলৈ চকু নিদি অৰ্থাৎ "প্ৰসাদ" গ্ৰহণ নকৰি নিজকে সংযম কৰোঁ তেতিয়া আমি আমাৰ শৰীৰ আৰু মনটোক ব্যভিচাৰী হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম৷

মহাপুৰুষ শংকৰদেৱ আছিল এজন সমাজ সংস্কাৰক৷ এখন আদৰ্শ সমাজ প্ৰতিষ্ঠাৰ বাবেই তেওঁ মানুহৰ মনত ভক্তিৰ সঞ্চাৰ কৰিছিল৷ ভক্তি কোনো বাহ্যিকভাৱে দেখুৱাব লগা বস্তু নহয়৷ ভক্তি হৈছে আমাৰ আত্মাৰ ভিতৰৰ পৰা ওলাই অহা এটা মহৎ গুণ৷ সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰা, মানুহক মানুহ হিচাপে জ্ঞান কৰা, মানুহৰ মনত থাকিব লগা মানৱতা, ভ্ৰাতৃত্ববোধ, প্ৰেম, দয়া আদি গুণসমূহৰ সামগ্ৰিক ৰূপটোৱেই হৈছে ভক্তিৰ আধাৰ৷ আমাৰ বোধেৰে এইবিলাকৰ লগত কোনো দেৱ-দেৱীৰ পূজা বা প্ৰসাদৰ লগত সম্পৰ্ক নাই৷ আমাৰ পঞ্চেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি আমাৰ আধ্যাত্মিক বিকাশেহে সেই ভক্তি ব্যভিচাৰী হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব৷ কাৰণ কোনো পূজাৰে উদ্দেশ্য সমাজক ব্যভিচাৰী কৰি তোলা নহয়৷ সৎ, সুন্দৰ আৰু মহৎ উদ্দেশ্য আগত ৰাখি কৰা সকলো পূজাই সমাজ এখন পবিত্ৰময় কৰি তুলিব পাৰে৷

Monday, June 20, 2011

পূবেৰুণ : অসমীয়া ইউনিক'ড কী-ব'ৰ্ড

দৈনিক জনমভূমিৰ 20 জুন 2011 তাৰিখে প্ৰকাশিত লেখা-

Monday, June 6, 2011

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি!

(এনাজৰী ডট্ কমৰ জুন মাহৰ সংখ্যাত প্ৰকাশিত)
অসমত জুন মাহটো অহাৰ লগে লগেই সকলো কলাপ্ৰেমী মানুহৰ মুখতেই এটা নাম শুনা যায়৷ অৱশ্যে নাম নুশুনা ব্যক্তি বা উচ্চ শিক্ষিত মানুহৰ সংখ্যা যে কম নহ’ব এনে নহয়৷ সেই নামটোৱেই হ’ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা৷ অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতি, গীত-নৃত্য, অভিনয় সকলো ক্ষেত্ৰতে বিষ্ণু ৰাভাৰ অৱদান অনস্বীকাৰ্য৷ তেওঁ জাতি-ভেদ, উচ্চ-নীচ ভেদে এখন বৃহত্তৰ অসমীয়া সমাজ প্ৰতিষ্ঠাৰ বাবে গোটেই জীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল৷ তেওঁ ইয়াৰ বাবে যি বিপ্লৱৰ পোষকতা কৰিছিল সেই আদৰ্শৰ আজি সঠিক মূল্যায়ন হৈছে বুলি ক’ব নোৱাৰি৷ বৰ্তমান সময়ত অনুষ্ঠিত কৰি অহা “ৰাভা দিৱস” সমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে কেৱল মাত্ৰ কেইটামান গীত-নৃত্যৰ প্ৰতিযোগিতাৰে বা বক্তৃতানুষ্ঠানৰ মাজেৰে বছৰ ধৰি পাহৰি থকা এজন ব্যক্তিক স্মৰণ কৰা হয়৷ এই অনুষ্ঠানসমূহ মূলতঃ বিষ্ণু ৰাভাৰ নামত এক চৰম প্ৰহসনতহে পৰিণত হোৱা দেখা যায়৷ য’ত বিষ্ণু ৰাভাৰ আদৰ্শ, তেওঁৰ স্বপ্ন আৰু কলা-সংস্কৃতিৰ অন্তৰালত থকা তেওঁৰ ত্যাগ কষ্ট কোনোবা ৰচনাৱলীৰ মাজতে বন্দী হৈ পৰে৷ ইয়াৰ মূলতে হ’ল বিষ্ণু ৰাভাই যিখন সমাজ প্ৰতিষ্ঠাৰ বাবে গোটেই জীৱন ত্যাগ আৰু কষ্টৰ মাজেৰে সাধাৰণ হালোৱা-হজুৱাৰ মাজত কটাইছিল সেইখন সমাজক এই বৰ্জোৱা সমাজে কোনো দিনাই সমৰ্থন কৰা নাছিল৷ সেয়ে আজি বিষ্ণু ৰাভাক কেৱল কলাৰ পূজাৰী হিচাপেই মনত ৰাখিবলৈ চেষ্টা কৰি অহা হৈছে৷ কিন্তু সেই কলাৰ অন্তৰালত থকা তেওঁৰ সপোনটোক সততে ভৰিৰে মোহাৰি পেলাবলৈ এচাম মধ্যবিত্ত সদা প্ৰস্তুত থাকে৷
        বিষ্ণু ৰাভাৰ বিপ্লৱী সত্তা জাগ্ৰত হৈ উঠিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মাজেৰেই৷ মহাত্মা গান্ধীৰ দৰে তেওঁ এখন শ্ৰেণীহীন সমাজৰেই পোষকতা কৰিছিল যদিও ভাৰতৰ স্বাধীনতা লাভৰ পিছত এচাম নেতা-মন্ত্ৰীৰ কাৰ্যকলাপে তেওঁক সন্তুষ্ট কৰিব পৰা নাছিল৷ সেয়ে তেওঁ ভাৰতৰ স্বাধীনতাৰ পিছতে উদাত্ত কণ্ঠৰে চিঞৰি উঠিছিল “ইয়ে আজাদী ঝুঠা হ্যায়” আৰু হাতত বন্দুক তুলি সাধাৰণ হালোৱা-হজুৱা কৃষক সমাজৰ মুক্তিৰ কামনাৰে এটা নতুন বিপ্লৱৰ জন্ম দিছিল৷ যিদৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা অনেক স্বাধীনতা সংগ্ৰামীয়ে স্বাধীনতা লাভ কৰাৰ পিছত চৰকাৰ গঠন কৰি নিজৰ ভোগ-বিলাসৰ স্বাৰ্থত গান্ধীৰ সপোনৰ ৰাম ৰাজ্যক ভৰিৰে মোহাৰি পেলাইছিল, সেইদৰে বিষ্ণু ৰাভাৰ নতুন সংগ্ৰামী আন্দোলনকো মষিমূৰ কৰিবলৈ চেষ্টা কৰিছিল৷ সাধাৰণ কৃষকৰ মাজত সোমাই থকা বিষ্ণু ৰাভাক কেইবাবাৰো অসম চৰকাৰে বন্দী কৰি কোনো বিচাৰ নোহোৱাকৈয়ে জে’লত ভৰাই ৰাখিছিল৷ আনকি ১৯৬২ চনৰ নৱেম্বৰ মাহত ভাৰতবৰ্ষত চীনৰ আক্ৰমণৰ অগ্ৰগতি লাভ কৰাৰ কথা বিয়পি পৰাৰ লগে-লগে ভাৰত ৰক্ষা আইনৰ অধীনত ১৯ নৱেম্বৰত কংগ্ৰেছ চৰকাৰে বিষ্ণু ৰাভাক বন্দী কৰি তেজপুৰ জেলত আৱদ্ধ কৰি ৰাখে আৰু পিছদিনা হাতত হেণ্ড-কাফ লগাই কঁকালত শকত জৰীৰে বান্ধি প্ৰকাশ্যভাৱে আলিয়েদি তেওঁক অন্য জেললৈ চালান দিছিল৷ 

        বিষ্ণু ৰাভাৰ দোষ কি আছিল? চৰকাৰৰ শোষণ-শাসন আৰু অন্যায় অত্যাচাৰৰ বিৰুদ্ধে সাধাৰণ জনগণক সজাগ কৰি দিয়াই আছিল তেওঁৰ অপৰাধ৷ সেয়ে সাধাৰণ হালোৱা-হজুৱা কৃষক শ্ৰেণীৰ বুকুৰ মাজতে সোমাই থকা বিষ্ণু ৰাভাক চৰকাৰে বিচাৰি উলিয়াব নোৱাৰি তেওঁক জীৱন্তে বা মৃত ধৰিব পৰাজনলৈ দহ হাজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল৷ কিন্তু তেওঁ সেই দহ হাজাৰ টকীয়া পুৰষ্কাৰৰ বিপদ বুকুত বান্ধিও গাঁৱৰ বুকুৰ পৰা অসমীয়া সোণসেৰীয়া সংস্কৃতিৰ গীত-মাত বুটলি আনিছিল৷ প্ৰকৃত কলাৰ সৃষ্টিৰে অসমীয়া সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিল৷ বিষ্ণু ৰাভাই মূলতঃ মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তি ৰাজৰেই কামনা কৰিছিল৷ তেওঁ আশা কৰিছিল যিদিনা সমাজত পঞ্চায়তৰ বিকাশ হ’ব, সকলো মানুহে সম অধিকাৰৰ মাজেৰে জীয়াই থাকিব সেইদিনাই ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিব৷ তেওঁ আছিল প্ৰকৃততে এজন দেশ প্ৰেমিক আৰু সমাজ সেৱক৷ পিতৃ পদত্ত আঢ়ৈ হেজাৰ বিঘা মাটি সাধাৰণ কৃষকৰ মাজত বিলাই দি, বৃটিছ চৰকাৰে দিয়া ডি-এছ-পি চাকৰিও পৰিত্যাগ কৰি বিষ্ণু ৰাভাই সেয়ে সাধাৰণ মানুহৰ মাজতেই জীয়াই থাকি কৃষক সমাজৰ বাবেই জীৱন আত্মনিয়োগ কৰিছিল৷
        আজি বিষ্ণু ৰাভাৰ নামেৰে “ৰাভা দিৱস” উদযাপন কৰোঁতে এই সকলোবোৰ কথা ক’ৰবাত এলাগি হৈ পৰে৷ লাখ লাখ টকা খৰছ কৰি পঞ্চায়ত বা বিধান সভাৰ দলীয় টিকট কিনি নিজকে ধোঁৱা-তুলসীৰ পাত সজায় শাসন গাদিলৈ অহা জননেতাসকলে বিষ্ণু ৰাভাৰ সেই দহ হাজাৰ টকীয়া মূৰত মাল্যদান কৰি বক্তৃতা দিয়ে৷ তেওঁৰ নৃত্য-গীতৰ প্ৰশংসাৰে, কবিতা আবৃত্তিৰে মানুহক আমোদ দিয়ে৷ কিন্তু সততে ৰাভাৰ সেই আদৰ্শ আৰু স্বপ্নৰ পৰা আঁতৰি থাকে৷ আজিৰ বাস্তৱ সমাজখন যেন বিষ্ণু ৰাভাৰ স্বপ্নৰ পৰা বহু পৃথক৷ সেয়া পঞ্চায়তীৰাজেই হওক বা বিধান সভাই হওক৷ বিধান সভাৰ ক্ষেত্ৰটো বিষ্ণু ৰাভাৰ মত আছিল “প্ৰকৃত ৰাইজৰ কামত অহা ৰাইজৰ দৰবাৰ” প্ৰতিষ্ঠা কৰা৷ ৰাইজৰ কামত নহা অপ্ৰয়োজনীয় বাদ-বিবাদবোৰ আৰু ৰাইজৰ অৰ্থৰ অপচয়বোৰ তেওঁ আঁতৰ কৰিব বিচাৰিছিল৷ কিন্তু অসমৰ ৰাজনৈতিক নেতাসকলে ৰাভাই যি দুটা দিশক অধিক অগ্ৰাধিকাৰ দিছিল তাকেই উপেক্ষা কৰি তেওঁক অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ সুৰৰ পূজাৰী হৈ আজি বিষ্ণু ৰাভা সকলোৰে প্ৰাণত জীয়াই আছে আৰু অসমীয়া জাতি থাকে মানে জীয়াই থাকিব কিন্তু সেয়াই বিষ্ণু ৰাভাই পাব লগা প্ৰকৃত স্বীকৃতি বুলি একেষাৰে ক’ব নোৱাৰি৷

উপসংহাৰ :বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি!
তুমি সাৰে আছা
সাৰে আছে প্ৰীতি...
 কবিৰ প্ৰশ্নটোৰ যেন এতিয়া সহজেই উত্তৰ দিব পৰা হৈছে৷ হয় “বিষ্ণু ৰাভা এতিয়া বহু ৰাতি” গোটেই জীৱন হাবিয়ে-জঙ্গলে সাধাৰণ জনজীৱনৰ মাজত উজাগৰে (সাৰে) থাকি নিস্বাৰ্থভাৱে দেশ আৰু মানুহৰ বাবে গান ৰচা বিষ্ণু ৰাভাৰ সেই উজাগৰি নিশাৰ ত্যাগ কষ্টৰ সন্মান অসমবাসীয়ে ৰক্ষা কৰিব নোৱাৰিলে৷ মাথো তেওঁৰ সেই ভালপোৱা “প্ৰীতি” সকলো জীয়াই থাকিল এটা নিৰ্দিষ্ট দিনত কোনোবা জকমকীয়া অনুষ্ঠানত বা এচাম মুখা-পিন্ধা মানুহৰ কণ্ঠত৷ সকলোৱেই যেন পাহৰি গ’ল বিষ্ণু ৰাভাৰ আদৰ্শ, ত্যাগ আৰু তেওঁৰ বৈপ্লৱিক চেতনাৰ অন্তৰালত থকা এখন শ্ৰেণীহীন, স্বাৰ্থহীন সমাজৰ স্বপ্নটো৷ এতিয়া আৰু তেওঁক প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি‌!”

Monday, May 23, 2011

চহৰীয়া ছোৱালী

হুদিনৰ পিছত হৰকান্ত পথাৰলৈ বুলি ওলাল৷ বিয়া বুলিলে বাৰু কমখন সমস্যানে, তাতে নিজৰ বিয়া৷ বৰষুণে জাগল পাতিছে যদিও উপায় নাই৷ ছোৱালীৰ বোলে এতিয়া পৰীক্ষা-চৰীক্ষা নাই, ব'হাগতে নাপাতিলে একেবাৰে মাঘ-ফাগুন পাবগৈ৷ আনপিনে হৰকান্তৰো লৰালৰি৷ মাক অকলশৰীয়া৷ বোৱাৰী এজনী নহ'লেই নহয়৷ খোবাহীৰ পিছতে আলহী বুলিবলৈ কোনোৱেই নাথাকিল৷ আজিকালি সকলোৰে ঘৰতে যেন একেটাই সমস্যা৷ সকলো অকলশৰীয়া৷ হৰকান্তই আজি পুৱাই পথাৰখনকে চাই আহো বুলি বিচনাৰ পৰা উঠি দেখে কাষত মিনতি নাই৷ ন-বোৱাৰী পুৱা সোনকালে উঠি আগচোতাল সৰাত লাগিল বুলি হৰকান্তই উঠিয়েই আগফাল পালেহি৷ পিছে মিনতি নাই৷ মুখত ব্ৰাছডাল লৈ কুঁৱাপাৰলৈ গৈয়ো দেখে মিনতি নাই৷ হৰকান্তই ইটো-সিটো ৰুম চাই মেলি দেখে সঁচাই মিনতি নাই৷ দুই-এবাৰ মিনতি.. মিনতি.. বুলি মাতিও যেতিয়া মিনতিৰ মাত নাপালে হৰকান্তৰ মনত নানান চিন্তাই আমনি দিবলৈ ধৰিলে৷ মাকক চিঞৰি চিঞৰি মাতি বোৱাৰীয়েক নথকাৰ কথা কোৱাৰ পিছতে একেজাপে মাক উঠি আহি আগচোতাল পালেহি৷ ইতিমধ্যে কাষৰ কেইঘৰ মানুহৰ বোৱাৰীকেইজনীয়ে আগচোতাল সৰা আৰম্ভ কৰিছে৷ মাকে উত্কন্ঠা সামৰিব নোৱাৰি ইপিনে-সিপিনে থকা বোৱাৰী কেইজনীক মিনিতৰ কথা সুধিবলৈহে পালে, লগে লগে হৰকান্তৰ চোতালত হাতে হাতে বাঢ়নী লৈ মাইকী মানুহৰ এখন ফুচফুচিয়া মেলেই বহিল৷ মুখ ফুটাই নকলেও ন-বোৱাৰী মিনতিৰ চৰিত্ৰত ধৰি ভোন-ভোন আৰম্ভ হ'লেই৷ কডো বাঁহত জুই দিবলৈহে যেন বাকি আছিল৷ কাষৰ ঘৰৰে হলিৰামে দৌৰি আহি ফোপাই-জোপাই যি সম্বাদ দিলে তাক শুনি সকলোৰে চকু কেইটা বাটলু গুটিটো যেন হ'ল৷ মিনতিয়ে দীঘল চোলা এটা পিন্ধি ৰাষ্টাই ৰাষ্টাই কোবাকুবিকৈ গৈ আছে৷ সি ৰাষ্টাৰ কাষৰ পথাৰখনত হাল বাই থাকোতে দেখি আহিছে৷
কথা শুনি হৰকান্ত পিৰালিতে বহি পৰিল৷ মাকে খালে খালে, মৰতিয়ে মোৰ ল'ৰাটোৰ মুৰটো খালে বুলি চিঞৰি বোৱাৰীয়েকৰ ৰুম পালেগৈ৷ নাই নাই হাতত একো নিয়া নাই৷ গহনাখিনি, কাপোৰ-কানি সকলো আছে৷ ইতিমধ্যে মাইকী মানুহবিলাকৰ মাজত চলি থকা ফুচ-ফুচনিবিলাক এইবাৰ ডাঙকৈয়ে ওলাল৷ এজনী ক'লে "কাৰোবাৰ লগত কিবা লেতি-পেতি আছিল যদি আমাৰ ল'ৰাটোৰ জীৱনটোনো কিয় ধ্বংস কৰিব লাগে?" আন এজনীয়ে আকৌ ক'লে "সেই কাৰণে মই কৈছিলোঁ, বোলো চহৰৰ ছোৱালী বিয়া পাতিব নালাগে, কাৰ লগত লীলিমাই কৰি থাকে ধৰিবকে নোৱাৰি৷" সিপিনে মাকৰ খঙে চুলিৰ আগ পাইছেগৈ৷ পিছে হৰকান্তই পিৰালিতে জুপুকা মাৰি ভাবিছে, ক'ত ভুল হ'ল তাৰ৷ বিয়াৰ আগতেটো তাইৰ লগত সি মুকলিভাৱেই কথা পাতিছে৷ কিছুসময়ৰ পিছত ন-বোৱাৰীৰ সাত-পুৰুষ উধাৰি গালি পাৰি যেতিয়া সকলো মানুহ ঘৰা-ঘৰি যাবলৈ ধৰিছে, মিনতি আহি চোতালত উপস্থিত৷ ৰাতিপুৱাই ইমানবোৰ মানুহ দেখি মিনতিয়ে তল মুৰ কৰিয়েই ভিতৰলৈ বুলি যাবলৈ ধৰিলে৷ কিন্তু মাকে দৰজাৰ মুখতে আগভেটা দি কিছু টানকৈয়ে সুধিলে-ক'ত গৈছিলা? শাহুৱেকৰ প্ৰশ্নটোত থতমত খাই মিনতিয়ে লাহেকৈ কওঁ নকওঁকৈ ক'লে - ম..ম..ম..মৰনিংওৱাক কৰিবলৈ গৈছিলোঁ৷ বোৱাৰীয়েকৰ কথা শুনি শাহুৱেকৰ লগতে সকলোৰে মুখৰ মাত হৰিল৷ মাকে মৰমতে বোৱাৰীয়েকৰ মুৰত হাত ফুৰাই ক'লে - মই জানো নহয় আমাৰ বোৱাৰীয়ে এনেকুৱা কেতিয়াও নকৰে বুলি৷ যা আই ভিতৰলৈ যা, চাহ-তাহ কৰগৈ !!!

Friday, April 8, 2011

যেন হেৰাই গৈছে এটা সেউজীয়া সপোন৷

বিহু বুলিলেই অসমীয়া জাতিৰ বুকুলৈ যিদৰে এটা নতুন উল্লাহৰ ঢৌ বাগৰি আহে, প্ৰকৃতিৰ সেউজীয়া আন্দোলিত ৰূপে যিদৰে মানুহৰ বুকুলৈ প্ৰেমৰ বন্যতা নমাই আনে, কপৌফুলৰ সোবাসে যিদৰে নাচনি গাভৰুৰ খোপাত এখোপা হৈ পাহুৱাল ডেকাৰ বুকুত ভালপোৱাৰ জন্ম দিয়ে তাক পৃথিৱীৰ কোনো জাতিয়েই অনুভৱ কৰিব নোৱাৰে৷

মাহ-হালধি সানি নদীৰ ঘাটত নোৱাবলৈ লৈ যোৱা গৰুবোৰৰ হেম্বেলনি, আনন্দ, চাটৰ পৰা চটিয়াই দিয়া 'লাও খা, বেঙেনা খা'ৰ সন্মিহলি শব্দবোৰ, পৰিষ্কাৰ গৰুবোৰক নতুন পঘা দিবৰ বাবে তুলসী, দুবৰি আৰু ৰঙা সূতাৰে বন্ধা সেই আনন্দবোৰ, গধুলি খোৱাবৰ বাবে বনোৱা পিঠাগুৰিৰ লাডুবোৰ, ধোৱাৰে আৱৰি ধৰা জাগটো... ক'ত বিচাৰি পোৱা যাব৷

জাক জাক শিশুৰ পৰা নামঘৰৰ ভকতসকলৈলে যোৰা-যোৰে আহি চোতালত হৰিধ্বনি দি গোৱা হুঁচৰি, বিহুনাম, হৰিনাম, বিহুগীতৰ মোখৰিত শব্দ, মিচিং ভাই-ভণীৰ মিচিং সুৰত গোৱা ঐনিতম... ঘৰে ঘৰে লাডু পিঠা দৈ সান্দহ খাই শেষ কৰিব নোৱাৰা সমন্বয়ৰ প্ৰতিক এই বিহুৰ আনন্দ অসমীয়া জাতিৰ জাতীয় সংস্কৃতিৰ বাহক৷

সময়ৰ পৰিৱৰ্তন জীৱনৰ ব্যস্ততা, সন্থাপনৰ চিন্তাই হয়টো হাজাৰ-হাজাৰ অসমীয়াৰ বুকুত এটা কঠিন প্ৰশ্নৰ সৃষ্টি কৰিছে৷ তাহানিতে কোনোবা গাঁৱৰ শিক্ষিত নিবনুৱাই হয়টো এই বিহু, এই প্ৰকৃতি, এই গাঁৱৰ সৰলতাৰ মোহ এৰিব নোৱাৰি চাকৰিৰ সন্ধানত নিজৰ পৈত্তিক সম্পত্তি বিক্ৰী কৰিয়েই গাঁৱৰ মাজতেই থকাৰ কথা ভাবি মনৰ কথা প্ৰকাশ কৰিছিল

পঢ়িলোঁ শুনিলোঁ  বি-এ পাছ কৰিলোঁ
 চাকৰি মুখলৈ চাই
ভেটি বন্ধক দিলোঁ  মাটিও বেচিলোঁ
 চাকৰি পাবলৈ নাই৷

কিন্তু সময়ৰ পৰিৱৰ্তন আৰু সংস্থাপনৰ চিন্তাই মানুহক আজি গাঁৱৰ মোহ এৰিবলৈ বাধ্য কৰিছে৷ জীয়াই থকাৰ তাড়নাত আজি মানুহে নিজৰ শিক্ষা সামৰ্থ অনুসৰি নিজৰ জাতিৰ সীমা এৰি আঁতৰি আহিছে এখন নতুন সমাজলৈ৷ সমাজৰ পৰিৱৰ্তনে জন্ম দিছে এটা নতুন ৰুটিন মাফিক জীৱন৷ নিজৰ কৃষ্টি-সংস্কৃতিৰ আনন্দৰ মূৰ্হুত্বত কামৰ বোজা মুৰত লৈ আনৰ কৃষ্টি-সংস্কৃতিত কামৰ পৰা আঁতৰি থাকি আনন্দ কৰাৰ যন্ত্ৰনা হয়টো কোনো স্বদেশৰ মানুহেই বুজিব নোৱাৰিব৷হয়টো আজি প্ৰবাসত থকা প্ৰতিজন অসমীয়াৰে প্ৰাণত এবাৰলৈ হ'লেও বাজি উঠিছে নিজৰ গাঁৱৰ পৰা, আপোনজনৰ পৰা আঁতৰি থকাৰ যন্ত্ৰনা৷ হয়টো মনটো উৰা মাৰিছে নিজৰ গাঁৱখনলৈ, বিহুৰ বতৰত লগেভাগে এসাঁজ ভাত খাবলৈ, চুবুৰিৰ আইতাৰ হাতৰ গাখিৰ দিয়া সান্দহ খাবলৈ, নিজৰ আপোন ভালপোৱা মানুহৰ সংগত অলপ হাঁহিবলৈ...!

বিহু বুলিলেই ডেকা-গাভৰুৰ প্ৰাণত জাগি উঠে প্ৰেম আৰু ভালপোৱা৷ প্ৰকৃতিৰ ন-কুঁহিপাতে সেউজীয়া কৰি তোলা মন প্ৰাণত জগাই তোলে অনাবিল ভালপোৱা৷ গাঁৱৰ পৰা চহৰলৈকে প্ৰতিখন দোকান, ৰেষ্টোৰা, প্ৰতিঘৰ মানুহৰ ঘৰতে বাজি উঠা বিহুগীতৰ সুৰে, প্ৰেম আৰু যৌৱনৰ উন্মাদনি শক্তিয়ে মনলৈ কঢ়িয়াই আনে জীয়াই থকাৰ প্ৰেৰণা৷ ডেকা-গাভৰুৰ সুখ-দুখ বিৰহ-বেদনা, প্ৰেম, হৰ্ষ-বিষাদ, আশা-আকাঙ্খাৰ প্ৰতিক এই বিহুগীত শুনিলে আজিও দৌৰ মাৰে নিজৰ বন্ধু-বান্ধৱীৰ সংগত জীৱনৰ দুখবোৰ বিলাই দিবলৈ৷ আজি যেন চকুৰ চাৱনিত জীপাল হৈ উঠা সেই হৃদয়ৰ ভালপোৱা ম'বাইলৰ মুখেৰে কুণ্ডলি পকাই পকাই যান্ত্ৰিক হৈ পৰিছে৷ চেনেহৰ গামোচাখন নহ'লেও কিনি দিয়া ৰুমালখন, খোপাৰ কপৌফুল নহ'লেও দোকানৰ পৰা আনি দিয়া পাৰ্ফিউমটোৱেও যেন জীয়াই ৰাখিছে পৰিৱৰ্তনশীল সময়ৰ বিহুৰ পৰম্পৰা৷ কিন্তু শিক্ষাজীৱনৰ পৰীক্ষাৰ তাগিদা আৰু কোম্পানী চাকৰিৰ ব্যস্ততাই যেন ক্ৰমে ক্ৰমে শেষ কৰি দিছে এটা সেউজীয়া সপোন, জীৱনৰ মাদকতা৷

হয়টো আজি বহু প্ৰবাসিয়ে একেলগে গোটখাই স্বেদেশ বা বিদেশ সকলোতে ৰঙালী উত্সৱ পালন কৰিব৷ কিন্তু জাকজমকিয়া লাইটৰ পোহৰত, হাতে-হাতে পিজা, বাৰগাৰ কাটাচামুচলৈ আনন্দ কৰাৰ যন্ত্ৰনা হয়টো প্ৰতিজন অসমীয়াৰ বুকুতেই দাগ কাটি যায়৷ তথাপি সেই আনন্দ, অসমীয়া কৃষ্টি-সংস্কৃতিক বাহিৰৰ পৃথিৱীৰ মানুহৰ আগত প্ৰকাশ কৰাৰ সেই সত প্ৰচেষ্টাই কিছু সময়লৈ হ'লেও নিজৰ মনত শান্তি দিয়ে, এৰি অহা আৰু যাব নোৱাৰা যন্ত্ৰনাক শান্ত কৰে৷

(সকলো পাঠকলৈ ব'হাগ বিহুৰ শুভেচ্ছ যাচিলোঁ)

Tuesday, March 22, 2011

অসমীয়া ইনস্ক্ৰীপ্ট কীবোৰ্ড

ইনস্ক্ৰীপ্ট (ভাৰতীয় লিপি) কীবোৰ্ড কম্পিউটাৰত ভাৰতীয় পাঠ ইনপুট কৰিবলৈ ব্যৱহাৰ কৰা হৈছে৷ এইটো হৈছে অসমীয়া লিপিত লিখা স্থায়ী ব্যৱস্থা৷ ইয়াৰ দ্বাৰা এজন ছিষ্টেম ব্যৱহাৰকাৰীয়ে সহজতে কোনো বেলেগ চফ্টৱেৰ বা কীবোৰ্ড সংস্থাপন নকৰাকৈ অসমীয়া লিখিব পাৰে৷ তলত এই ব্যৱস্থাৰ কিছু আভাষ প্ৰদান কৰা হ'ল৷

ছিষ্টেম আৱশ্যকতা:
Windows Vista
Windows 7


নিৰ্দেশাৱলী: (নিৰ্দেশাৱলীসমূহ অসমীয়াত দিবলৈ চেষ্টা কৰা হৈছে)৷

Windows Vista আৰু Windows 7-ত

1.নিয়ন্ত্ৰণ কক্ষলৈ যাওক
2.যদি আপুনি সাধাৰণ দৰ্শনত আছে, তেন্তে ঘড়ী, ভাষা আৰু ক্ষেত্ৰৰ পৰা কীবোৰ্ড আৰু অন্য ইনপুট পদ্ধতি পৰিৱৰ্তন কৰক চয়ন কৰক৷
3.যদি আপুনি ক্লাছিক দৰ্শনত আছে, তেন্তে ক্ষেত্ৰীয় আৰু ভাষা বিকল্পসমূহ চয়ন কৰক৷
4.যদি আগতে ইয়াক চয়ন কৰা নাই তেন্তে কীবোৰ্ডসমূহ আৰু ভাষাসমূহ টেব চয়ন কৰক৷ তাৰপিছত কীবোৰ্ডসমূহ পৰিৱৰ্তন কৰক... বুটাম চয়ন কৰক৷
5.সাধাৰণ টেবৰ ভিতৰত যোগ কৰক বুটাম ক্লিক কৰক৷
6.সূচীৰ পৰা প্ৰয়োজন হোৱা ভাষা (অসমীয়া) চয়ন কৰক আৰু + চিন ব্যৱহাৰ কৰি ইয়াক বিস্তাৰ কৰক৷ তাৰপিছত, কীবোৰ্ড আইটেম বিস্তাৰ কৰক আৰু আপোনাৰ প্ৰয়োজনীয় কীবোৰ্ড লেআউট  (অসমীয়া – ইনস্ক্ৰীপ্ট) চয়ন কৰক৷ ঠিক ক্লিক কৰক৷
7.এতিয়া আপুনি অসমীয়া – ইনস্ক্ৰীপ্ট দেখা পাব৷ পৰিৱৰ্তনসমূহ সংৰক্ষণ কৰিবলৈ ঠিক ক্লিক কৰক৷

ইনস্ক্ৰ্ৰীপ্ট লেআউট মান্য 101 কীবোৰ্ড ব্যৱহাৰ কৰে৷ বৰ্ণসমূহৰ মেপিং এনেদৰে কৰা হৈছে যাতে সকলো ভাৰতীয় ভাষাৰ (বাঁও ফালৰ পৰা সোঁ ফাললৈ লিখা) কাৰণে সমান হয়৷ ইয়াৰ সকলো কী সমান হোৱা বাবে কোনো এটা ভাষাত পাৰ্গত এজন ব্যৱহাৰকৰ্তাই অন্য এটা ভাষা সহজতে টাইপ কৰিব পাৰে৷

ইয়াত মজুত থকা কীবোৰ্ডৰ আটাইটকৈ ডাঙৰ সুবিধা হৈছে ভাৰতীয় লিপিৰ পৰা লেটিন আৰু ইয়াৰ ৱিপৰীত দিশলৈ স্থানান্তৰ কৰিব পৰাটো৷ আপুনি Alt + Shift দবায় ইংৰাজীৰ পৰা অসমীয়া বা অসমীয়াৰ পৰা ইংৰাজীলৈ কীবোৰ্ড পৰিৱৰ্তন কৰিব পাৰে৷


ইনস্ক্ৰীপ্ট কীবোৰ্ড লেআউটত তলত দিয়াৰ দৰে কীসমূহ দেখা যায়:

Shift ব্যৱহাৰ নকৰাকৈ:



 Shift ব্যৱহাৰ কৰি:




বৰ্ণ লিখন:

এটা বৰ্ণ টাইপ কৰিববলৈ আপুনি কীবোৰ্ড লেআউট পৰীক্ষা কৰা উচিত (অসমীয়া কীবোৰ্ড পৰিৱৰ্তন কৰাৰ সময়ত আপোনাৰ ছিষ্টেমৰ বাঁও ফালৰ তলৰ সঁজুলি দণ্ডিকাত AS দেখা পাব৷)  এতিয়া তলৰ নিয়ম ব্যৱহাৰ কৰি বৰ্ণ টাইপ কৰক৷ কিছুমান বৰ্ণ কীৰ সৈতে Shift ব্যৱহাৰ কৰি টাইপ কৰা হয়৷ আন কিছুমান বৰ্ণ টাইপ কৰিবলৈ Shift কীৰ প্ৰয়োজন নহয়৷


উদাহৰণ:  K = ক,  Shift + k = খ


মাত্ৰা লিখন:

মাত্ৰাৰ সৈতে এটা বৰ্ণ টাইপ কৰিবলৈ, বৰ্ণ টাইপ কৰক আৰু তাৰপিছত আপোনাৰ প্ৰয়োজন হোৱা মাত্ৰা টাইপ কৰক৷

পা = h+e, পী = h+r,  পি = h+f,  পু = h+ g,  পূ = h+ t, পে = h+s,  পৈ = h+w, পো = h+a,  পৌ = h+q


শব্দ লিখন:

ভাৰত = Shift + y + e + j + l

কিৰণ = k + f + j + Shift + c
বিদ্যালয় = y + f + o + d + Shift + / + e + n + /
ৰাষ্ট্ৰীয় = j + e + Shift + , + d + ’ + d + j + r + /
এক = Shift + s + k  
দুই = o + g + Shift + f  
তিনি = l + f + v + f  
সোমবাৰ = m + a + c + y + e + j
মঙ্গলবাৰ = c + Shift + u + d + I + n + y + e + j


বাক্য লিখন:

আপোনাৰ খবৰ ভালনে?
Shift + e + h + a + v + e + j shift + k + y + j  shift + y + e + n + v + s ?


(অনুগ্ৰহ কৰি কীবোৰ্ড লেআউট দুখন প্ৰতিলিপি কৰিলেও অন্য কোনো স্থানত প্ৰকাশ নকৰিব৷ ব্যক্তিগতভাৱে চাবৰ কাৰণেহে দিয়া হৈছে৷)

Wednesday, March 16, 2011

ভাল খবৰৰ সন্ধানত

ৰাতিপুৱা বাতৰি কাকতখন মেলি লৈ এফালৰ পৰা বাতৰিবোৰ চাই গ'লে অনুভৱ হয় পৃথিৱীত ভাল খবৰ নাইকিয়া হৈ পৰিছে নেকি? চাৰিওফালে মৰা-মৰি, খোৱা-কামোৰা, হিংসা, দুৰ্নীতি, শোষণ-বঞ্চনাৰ ছবি একোখনকে আমালৈ বাতৰি কাকতসমূহে কঢ়িয়াই আনে৷ তাৰ মাজতো যি দুই এটা ভাল খবৰ থাকে সি ভিতৰ পৃষ্ঠাৰ কোনোবা চোক এটাত গুৰুত্বহীন বাতৰিৰ দৰে স্থান পায়৷ কিন্তু প্ৰশ্ন হয় পৃথিৱীৰ চাৰিওফালে ঘটি থকা ভাল ভাল খবৰবোৰৰ সন্ধান আমাক কোনে দিব? তাৰ বাবে আমি কাৰ ওচৰত আশা কৰিম৷ বাতৰি কাকত এখন কেৱল বয়োজেষ্ঠসকলৰ বাবেই নহয়৷ ঘৰ এখনৰ সকলো বয়সৰ ব্যক্তিয়েই তাক পঢ়ে৷ কিন্তু এনেবোৰ বিষয় দেখি দেখি অভ্যস্ত হৈ পৰা আজিৰ শিশু এজনে কি সংস্কাৰ লৈ সমাজত আগবাঢ়ি যাব৷ কালিলৈ এজন শিশু কোনো এটা অপৰাধ কৰিলে আমি কাৰ আৰ্হিৰে তেওঁক সংশোধনৰ পথ দেখুৱাম৷

টিভিৰ পৰ্দাত আগতে 'চিত্ৰহাৰ' চালে দেউতাই আমাক গালি পাৰিছিল৷ লুকাই চুৰকৈ কেতিয়াবা চালেও মাৰিছিল৷ চিনেমা এখন চাই থাকোতে যদি অলপ ৰোমাণ্টিক গান এটা দিয়ে তেতিয়া আমি কাহটো অহা বা পানী এগিলাচ খোৱাৰ সুবিধাৰে আঁতৰি গৈছিলোঁ৷ এইয়া আমাৰ সংস্কাৰ আছিল৷ কিন্তু এতিয়া 'মুন্নী বদনাম হুয়ী'ৰ তালে তালে নাচি গীনিজ বুকত ৰেকৰ্ড কৰিছে৷ এতিয়া সকলোতে বদনামি মুন্নীৰ জনপ্ৰিয়তা৷ এতিয়া বাতৰি-কাকতৰ চলচিত্ৰ পৃষ্ঠাতো সদায় তাহানিৰ বৰ্জনীয় 'চিত্ৰহাৰ'ৰ দৃশ্যই ভৰি থাকে৷ যি কথা আমি তেতিয়া জনা নাছিলোঁ এতিয়া মোৰ আঁঠ বছৰীয়া ভাগিনটোৱে জানে৷ এতিয়া সকলোতে 'মুন্নী'ৰ দিন৷ যিমানেই বদনাম হ'ব সিমানেই জনপ্ৰিয়তাৰ শীৰ্ষত থাকিব৷ আমাৰ বাতৰি কাকতসমূহেও সেইসকলকলৈ ডাঙৰ ডাঙৰ বাতৰিৰে পৃষ্ঠা ভৰাই তোলিব৷

কিন্তু এইয়া কেৱল সময়ৰ পৰিৱৰ্তন বুলিয়েই আমি গ্ৰহণ কৰা উচিতনে? আমি সময়ত একো শিকা নাছিলোঁ বুলি এতিয়া প্ৰয়োজনত একো নিশিকাকৈ আছোঁনে৷ এই ভোগবাদি মানসীকতাই আমাৰ সমাজখনক প্ৰত্যক্ষভাৱে হয়তো একো ক্ষতি কৰা নাই৷ কিন্তু আমি ক'ব নোৱাৰাকৈয়ে আমাক পৰোক্ষভাৱে ক্ষতি কৰি আহিছে৷ সেই ক্ষতি হৈছে আমাৰ সংস্কাৰত, আমাৰ কথা-বতৰাত, আমাৰ প্ৰমোল্যবোধত৷ ক'ব নোৱাৰাকৈয়ে আমাৰ মনবোৰ জটিল হৈ পৰিছে৷ আমাৰ মনবোৰ ঠেক হৈ পৰিছে৷ এনে পৰিপেক্ষিতত আমাক ভাল কথাৰে, ভাল সম্বাদেৰে ভৰি থকা প্ৰেৰণাদায়ক এখন নতুন বাতৰি কাকতৰ প্ৰয়োজন হৈছে৷ লেতেৰা ৰাজনীতিৰ বোকাৰে ভৰি থকা, মৰা-কটা, বোমা-বাৰুদেৰে ভৰি থকা বাতৰিয়ে আমাক কিবা উপকাৰ সাধিব পাৰিছেনে? জনসাধাৰণৰ সম্পাদকীয় চিঠিবোৰে কোনো মন্ত্ৰী-বিধায়কৰ মগজুত আঘাত কৰিব পাৰিছেনে? দিনৰ পিচত ৰাতি, ৰাতিৰ পিচত দিন হোৱাৰ দৰে বাতৰি কাকতত একেবোৰ কথা প্ৰকাশ হৈয়ে আছে আৰু ৰাজনৈতিক নেতাসকলে মেকুৰীৰ গাত পানী পৰিলে গাটো জোকাৰি জৰজৰীয়া হোৱাৰ দৰে নিকা হৈ আকৌ আমাৰ মাজত আহি ফুলাম গামোচা লৈছে৷

এশটা বেয়া খবৰৰ মাজত এটা ভাল খবৰ বিচাৰি মই প্ৰতিদিন বাতৰি কাকত পঢ়োঁ৷ ভাল লগা বাতৰিটো দুবাৰ পঢ়োঁ৷ তাক মই মোৰ ছিষ্টেমত সংৰক্ষণ কৰি ৰাখোঁ৷ কাৰণ ভালখবৰ যে লাহে লাহে আমাৰ বাবে দুৰ্লভ হৈ পৰিছে৷

Tuesday, March 1, 2011

ই-জোনাকী-যুগ (এটা নতুন অসমীয়া আন্দোলন)

অসমীয়া ভাষা-সাহিত্যত 'জোনাকী' যুগৰ অৱদানৰ কথা অসমীয়া ভাষা-সাহিত্যৰ খবৰ ৰখা সকলোৱে জানে৷ অসমীয়া ভাষাক আন্ধাৰৰ ক'লা ডাৱৰেৰে আৱৰি ৰখা এটা সময়ত এচাম কলেজীয়া ছাত্ৰই গঢ়ি তুলিছিল এটা বৈপ্লৱীক আন্দোলন৷ এই আন্দোলন আজিৰ দৰে ভয় লগা উগ্ৰ জাতীয়তাবাদী আন্দোলনৰ দৰে নাছিল৷ ইয়াৰ উদ্দেশ্য আছিল জোনাকৰ পোহৰেৰে অসমীয়া ভাষা-সাহিত্যক উজ্জ্বলাই তোলা৷ যি সময়ত সমগ্ৰ দেশ পৰাধীন ভাৰতক স্বাধীন কৰাৰ আন্দোলনত জড়িত আছিল সেই সময়্তে সেই কলেজীয়া ছাত্ৰসকলে ৰাজনীতিলৈ পিঠি দি মাতৃভাষাৰ সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য বুলি ভাবিছিল৷ এজাক মাতৃভাষাপ্ৰেমী যুৱকৰ এই প্ৰচেষ্টাক সেই সময়ত বহু ব্যক্তিয়ে হাঁহিছিল৷ পালতৰা নাওত উঠি মহাসাগৰ পাৰ হোৱাৰ অলিক সপোন বুলি উপলুঙা কৰিছিল৷ কিন্তু সেই বিপ্লৱী ৰনুৱাসকল হাৰি যোৱা নাছিল৷ পুৰণি ইতিহাসক সাৰোগত কৰি পশ্চিমীয়া সাহিত্যৰ ন-ন আঙ্গিকৰ পৰীক্ষা-নিৰীক্ষা কৰি অসমীয়া সাহিত্য সৃষ্টিৰ বাবে ৰাতিক দিন কৰি কষ্ট কৰিছিল৷ শেষত তেওঁলোকৰ সফলতাই অসমীয়া ভাষা-সাহিত্যৰ আত্মপ্ৰতিষ্ঠাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল৷ আজি অসমীয়া সাহিত্যই বিশ্বদৰবাৰত আপোন গৰিমাৰে থিয় হৈ থকাৰ তাৰ গুৰিত আছিল 'জোনাকী' আৰু এচাম (প্ৰৱাসী) কলেজীয়া যুৱকৰ ত্যাগ, কষ্ট আৰু ঐকান্তিক নিষ্ঠা৷


সময় সলনি হ'ল৷ জোনাকীয়ে প্ৰতিষ্ঠা কৰি যোৱা পথেৰে অসমীয়া সাহিত্যই আত্মপ্ৰতিষ্ঠা লাভ কৰিলে৷ জোনাকীৰ আদৰ্শকে সাৰোগত কৰি আজি অসমত অনেক আলোচনী, সংবাদ-পত্ৰ, গ্ৰন্থ প্ৰকাশ হোৱাৰ লগতে অনেক লিখক-সাহিত্যিকৰ সৃষ্টি হ'ল৷ আজি অসমীয়া সাহিত্য কোনো নতুন যুগৰ সৃষ্টি কৰিব পৰা নাই সঁচা, কিন্তু অসমীয়া সাহিত্যত ন-ন পৰীক্ষা-নিৰীক্ষা কৰা বহুতো প্ৰতিভাৱান সাহিত্যিকৰ জন্ম হৈছে৷ অনাগত দিনত অসমীয়া সাহিত্যলৈ আহিব খোজা সাহিত্যৰ নতুন আঙ্গিকেই হয়তো এটা নতুন যুগৰ সৃষ্টি কৰিব৷

আজি বিজ্ঞান আৰু প্ৰযিক্তিবিদ্যাই এতিয়া বহুতো কথাকে নতুন ধৰণেৰে ভাবিবলৈ বাধ্য কৰিছে৷ সাহিত্য সৃষ্টিৰ লগত কাগজ-কলমৰ যি সম্পৰ্ক তাক কোনো লেখক-সাহিত্যিকেই উপেক্ষা কৰিব নোৱাৰে৷ কাগজ-কলমৰ অৱিহনে সাহিত্য সৃষ্টি যেন স্থিবিৰ হৈ পৰিব৷ উকা শুদ্ধ বগা এখিলা কাগজত ক'লা চিঁয়াহীৰ এটা এটা শব্দৰ সন্মিলিত অনুভৱবোৰেৰে গঢ়ি তোলা এজন লিখকৰ সাহিত্যই যেতিয়া প্ৰাণ পায় উঠে, তেতিয়া লিখকজনৰ সমগ্ৰ চেতনাত যি এক সুখৰ আলোড়ন উঠে তাক ভাষাৰে ব্যক্ত কৰিব নোৱাৰি৷ কিন্তু আজি কাগজ-কলমৰ যুগ যেন কম্পিউটাৰলৈ পৰিৱৰ্তন হৈছে৷ প্ৰকাশকসমূহৰ ভূমিকা যেন ইণ্টাৰনেটে গ্ৰহণ কৰিছে৷ এয়া সময়ৰ পৰিৱৰ্তন৷ এই নতুনত্ব কাগজ-কলমৰ ব্যৱহাৰক প্ৰত্যাহ্বান জনাবলৈ নহয়৷ মানুহৰ সৃষ্টি ক্ষমতাক অধিক দ্ৰুত আৰু উন্নত কৰাৰ এক প্ৰচেষ্টা মাত্ৰ৷ অসমীয়া সাহিত্যই এই নতুনত্বৰ দিশত ধাৱমান হোৱা বেছি দিন হোৱা নাই৷ সেয়ে পৰ্যাপ্ত সাহিত্য এতিয়াও ইণ্টাৰনেটৰ জড়িয়তে প্ৰকাশিত হোৱা নাই৷ তাৰ তুলনাত কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ পৃথিৱীখন যেন অধিক আগবাঢ়ি গৈছে৷ কিন্তু কম্পিউটাৰ বিপ্লৱৰ এই নতুনত্বক আমি গ্ৰহণ কৰিব নোৱাৰিলে আমি নিজেই কম্পিউটাৰ-ইণ্টাৰনেটৰ এটা বৃহত অংশৰ পৰা আঁতৰি থাকিব লাগিব৷ সেয়ে এতিয়া আমাৰ প্ৰয়োজন হৈছে কাগজ-কলমৰ লগে লগে ইণ্টাৰনেটৰ মাধ্যমেৰেও আমাৰ ভাষা-সাহিত্যক প্ৰকাশ কৰা৷


অসমীয়া সাহিত্যলৈ চালে দেখা যায় যে, সকলো নতুনত্বৰ গুৰিতে আছে মাতৃভাষাৰ প্ৰতি থকা এচাম আধুনিক মনৰ যুৱকৰ গভীৰ দায়িত্ব আৰু নিষ্ঠা৷ সেয়ে ইণ্টাৰনেটত অসমীয়া ভাষা প্ৰচাৰৰ ক্ষেত্ৰতো জন্ম হৈছে এটা নতুন আন্দোলন৷ এই আন্দোলনৰ নাম হৈছে "ই-জোনাকী-যুগ"৷ আকৌ সেই জোনাকী যুগৰ যেন আৰম্ভণি৷ এটা নতুন যুগৰ আৰম্ভণি৷ এই আন্দোলনৰো গুৰি ধৰিছে বিভিন্ন প্ৰান্তত থকা এচাম মাতৃভাষাপ্ৰেমী অসমীয়াই৷ আমি আশাবাদি৷ অনাগত দিনত 'ই-জোনাকী-যুগে' অসমীয়া সাহিত্যক ইণ্টাৰনেটৰ মাধ্যমেৰে গোটেই বিশ্বত প্ৰচাৰিত কৰিব৷ নতুন নতুন ব্ল'গৰ সৃষ্টিৰে অসমীয়া ভাষা-সাহিত্যক ন-ন পৰীক্ষা-নিৰীক্ষা কৰিব৷

মন্ত্ৰী আজি ভাৱৰীয়া - এটা পেৰ'ডী


মন্ত্ৰী আজি ভাৱৰীয়া,
বিধানসভাই নাটঘৰ
কোনে কি ভাও ল’বা, আহা,
সময় যে পাঁচবছৰ৷





পঢ়িব নালাগে, নালাগে শিষ্টাচাৰ
নপঢ়াকৈয়ে, আহাঁ..
দুৰ্নীতিৰ পেটতে ব্ৰিফকেষ্ট বান্ধি
উন্মাদ হৈয়ে আহা,
তেহে ৰহণ চৰিব নাটৰ,
কোনে কি ভাও ল’বা আহা
সময় যে পাঁচবছৰ..!

মন্ত্ৰীক সুধিবৰ হ’ল
মুখাৰে কিমান ঠগিবা,
‘টেকনিক’ ভৰা ভাষণেৰে কিমান
ৰাইজক প্ৰতাৰণা কৰিবা..!


সংলাপ নালাগে মিঠা ভাষাৰ
সঁচাকৈয়ে কোৱাঁ
ৰাইজৰ লগত সততাৰে থাকি
প্ৰকৃত মানুহ হোঁৱা
তেহে ৰহণ চৰিব নাটৰ
কোনে কি ভাও ল’বা আহা....সময় যে পাঁচবছৰ....

Monday, February 28, 2011

আনন্দৰাম বৰুৱা বঁটা আৰু কম্পিউটাৰ শিক্ষা

আমাৰ অসম কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত

যোৱা বহুবছৰৰ পৰা অসম চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰাম বৰুৱা বঁটাৰ নামত কম্পিউটাৰ বিতৰণ কৰি আহিছে ৷ চৰকাৰে হয়টো ইয়াৰ জড়িয়তেই অসমত কম্পিউটাৰ বিপ্লৱৰ সুচনা কৰিছোঁ বুলি সাধাৰণ ৰাইজক প্ৰতিয়ন নিয়াবলৈ চেষ্টা কৰিছে ৷ কিন্তু দিনটোৰ অধিক সময়েই বিজুলী যোগানৰ স্থিৰতা নথকা বহুটো গাঁৱৰ বাবে আৰু আৰ্থিক দৰিদ্ৰতাৰ লগত প্ৰতিদিন যুঁজ চলাই যাব লগা একোখন ঘৰৰ বাবে এনে একোটা কম্পিউটাৰ প্ৰয়োজন কিমান তাক নকলেও হ’ব ৷ আমাৰ অসমত এনে বহুটো স্থান দখল কৰা ছাত্ৰ-ছাত্ৰী আছে যাক মেট্ৰিক পাছ কৰাৰ পিছত পঢ়োৱাবলৈ মাক-দেউতাকে চিন্তা কৰিব লগা হয় ৷ ইয়াৰ ফলত বহুটো পৰিয়ালে লাভ কৰা কম্পিউটাৰটো ষোল্ল-সোতৰ হাজাৰ টকাতে কাৰোবাক বিক্ৰী কৰি দিবলৈ বাধ্য হৈছে ৷ আনহাতে কোনো ধনী ঘৰৰ ল’ৰা-ছোৱালীৰ বাবে কম্পিউটাৰটো হৈ পৰিছে বিলাসিতাৰ বস্তু ৷ কম্পিউটাৰত খেল খেলা, ভিচিডি প্লেয়াৰ লগাই চিনেমা চোৱা, গান শুনা আদি কামতেই ইয়াক ব্যৱহাৰ কৰিছে ৷ আকৌ দেখা গৈছে কম্পিউটাৰ লাভ কৰা বহুটো গাঁৱত বিজুলী যোগানৰ ব্যৱস্থাই নাই ৷ গতিকে ৰাইজৰ কোটি কোটি টকা খৰছ কৰি বিতৰণ কৰা এনে কম্পিউটাৰসমূহৰ সঠিক ব্যৱহাৰ হৈছেনে নাই, বা কম্পিউটাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ গাঁৱসমূহত বিজুলী যোগান আছেনে নাই সেই কথা চৰকাৰে অনুসন্ধান নকৰি প্ৰতিবছৰে এনে আঁচনিসমূহ ৰূপায়ন কৰি থকাৰ ফলত ৰাইজৰ টকাৰ অপচয় হৈছে বুলিহে ভাবিব পাৰি ৷ বৰ্তমান সময়ত দেখা গৈছে কিছুমান ছাত্ৰ-ছাত্ৰীৰ বাবে একোটা কম্পিউটাৰতকৈ উন্নত শিক্ষাৰ বাবে আৰ্থিক অনুদানৰহে বেছি প্ৰয়োজন হৈছে ৷ যাৰ এসাঁজ ভালকৈ খাবলৈ নাই, থাকিবলৈ এটা ভাল ঘৰ নাই, পঢ়িবলৈ এখন ভাল ডেস্ক-বেঞ্চ নাই, প্ৰতিবছৰৰ নামভৰ্তি মাচুল, পৰীক্ষাৰ মাচুল দিবলৈ আনৰ পৰা ধাৰ কৰিব লগা অৱস্থা  সেইসকল প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ বাবে লাভ কৰা কম্পিউটাৰটো চৰকাৰে আঁচনি গ্ৰহণৰ নামত ৰাইজক কৰা প্ৰতাৰণাৰ এটা নমুনা বুলিহে ভাবিব পাৰি ৷ আজি চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ পিছটো অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে অৰ্থৰ অভাৱত উন্নত শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে বা আধাতে শিক্ষা সমাপ্ত কৰি সৰু-বৰ কামত সোমাব লগা হৈছে ৷ অথচ চৰকাৰে কম্পিউটাৰ বিতৰণ, মধাহ্ন ভোজন আদিৰ জড়িয়তেই অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিছোঁ বুলি কোটি কোটি টকা ব্যয় কৰিছে ৷ অসুখৰ মূল উত্সটো চিনাক্ত কৰি তাক চিকিত্সা নকৰাকৈ বাহিৰত বেণ্ডেজ লগাই থৈ অসুখটো বাঢ়ি যাবলৈ দিয়াৰ দৰে চৰকাৰেও অসমৰ শিক্ষা ব্যৱস্থাৰ মূল কেৰুণসমূহ চিনাক্ত নকৰি শিক্ষাৰ ক্ষেত্ৰত কিছুমান অপ্ৰয়োজনীয় আঁচনি গ্ৰহণ কৰি অসমক বহু পিছলৈ নি আছে ৷ যাৰ ফলত আৰ্থিকভাৱে সৱল এচাম ছাত্ৰ-ছাত্ৰী বাহিৰলৈ ওলাই যাবলৈ বাধ্য হৈছে আৰু আৰ্থিকভাৱে দূৰ্বল ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভাক সীমিত পৰিৱেশৰ মাজতে আৱদ্ধ ৰাখিব লগা হৈছে আৰু চিৰ দিনৰ বাবে সেই প্ৰতিভা স্তব্ধ হৈ পৰিছে ৷

এটা কথা মন কৰিব লগীয়া যে, চৰকাৰে মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কম্পিউটাৰ বিতৰণ কৰি বাঃ বাঃ লৈছে যদিও ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি হৈ অহা শিক্ষিত নিবনুৱাসকলৰ বাবে কোনো আঁচনি আজিলৈকে গ্ৰহণ কৰা নাই ৷ বাস্তৱ ক্ষেত্ৰত দেখা যায় যে, মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰা একোজন ছাত্ৰ-ছাত্ৰীয়েও পিছত কম্পিউটাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলতকৈ অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ এনে ক্ষেত্ৰত মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলতকৈ স্নাতক পৰ্যায়ত কলা বা বিজ্ঞান শাখাত ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একোটা কম্পিউটাৰ প্ৰদান কৰাটোহে  অধিক বাস্তৱ পদক্ষেপ বুলি ভাবিব পাৰি ৷ এনে একোটা কম্পিউটাৰ জড়িয়তে একোজন শিক্ষিত নিবনুৱাই চাকৰি নোপোৱা পৰ্যন্ত ডিটিপি, গ্ৰাফিক্স ডিজাইন আদি সৰু-বৰ কাম কৰিও নিজৰ দৈনিক প্ৰয়োজনীয়খিনি পূৰণ কৰিব পাৰিব৷

এই খিনিতে এটা প্ৰশ্ন হয়, মেট্ৰীক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কম্পিউটাৰ বিতৰণ কৰাৰ লগে লগে আমাৰ স্কুল-কলেজসমূহত সঠিক ৰূপত কম্পিউটাৰ শিক্ষা আৰম্ভ হৈছে নে? আজিও অসমত আধুনিক তথ্য-প্ৰযুক্তিৰ সহায়েৰে শিক্ষা দিয়াৰ ব্যৱস্থা সহজলভ্য হৈ উঠা নাই৷ আনকি বিশ্ববিদ্যালয় পৰ্যায়টো কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰিব পৰাকৈ কম্পিউটাৰ আৰু ইণ্টাৰনেট সেৱাৰ ব্যৱস্থা নাই৷ গুৱাহাটীৰ দৰে মহানগৰতে পৰ্যাপ্ত ছাইবাৰকেফে (Cybercafé) নাই বা থকাসমূহটো ইণ্টাৰনেট সেৱা সুবিধাজনক আৰু সহজলভ্য নহয়৷ অসমত আজিলৈকে কোনো উন্নত ছফ্‌টৱেৰ কোম্পানী গঢ়ি উঠা দেখা নগ’ল৷ আজিও চৰকাৰী বিদ্যালয়সমূহত অন্যান্য শিক্ষাৰ লগতে কম্পিউটাৰ শিক্ষা বাধ্যতামূলক হোৱা দেখা নগ’ল৷ যাৰ অভাৱত অসমৰ বৃহত সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে কম্পিউটাৰ বিপ্লৱৰ ন-ন উদ্ভাৱনী শক্তিয়ে ছানি ধৰা নতুন পৃথিৱীখনৰ কথা গম নোপোৱাকৈয়ে বাস্তৱৰ এখন জটিল সমাজত ভৰি দি দিকবিদিক হেৰুৱাব লগা হৈছে আনহাতে বৰ্তমান কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা লেপট’পসমূহৰো সঠিক ব্যৱহাৰ হ’ব বুলি আশা কৰিব নোৱাৰি৷ বিশেষকৈ ছাত্ৰসকলে সস্তীয়া চিনেমা চোৱা, কম্পিউটাৰ খেল খেলা আদিতে লেপট’পসমূহ ব্যৱহাৰ কৰিব পাৰে বুলিও কোনো কোনোৱে সন্দেহ প্ৰ্ৰকাশ কৰিছে৷ এই ক্ষেত্ৰত অভিভাৱকসকল সজাগ হোৱা অতি প্ৰয়োজন৷