‘টেট’ত
অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ
কথাও চৰকাৰে ভাবক
(অসমীয়া প্ৰতিদিন, 15-02-12)
অসমত প্ৰথম বাৰলৈ অনুষ্ঠিত হোৱা ‘টে’ট’ পৰীক্ষাৰ ফলাফল অনুসৰি মুঠ ৩,৩০,৯২৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫২,৭২২ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়৷ (অসমীয়া
প্ৰতিদিন ২৬ জানুৱাৰী) অৰ্থাৎ ৫২,৭২২ গৰাকী পৰীক্ষাৰ্থীয়ে নিজকে শিক্ষক পদৰ বাবে যোগ্য
কৰি তুলিলে৷ কিন্তু সীমিত পদৰ বিপৰীতে অধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বাবে পুনৰ
আন এখন প্ৰতিযোগীতাৰ সৃষ্টি হ’ব৷ এইবাৰ এই প্ৰতিযোগীতা হ’ব যোগ্যসকলৰ মাজতে৷ এই
দৰেই বছৰ বছৰ ধৰি যোগ্যতৰ মাপকাঠি নিৰ্ণয় হৈ থাকিব৷ কিন্তু মনকৰিবলগীয়া কথাটো হ’ল প্ৰথম
বাৰৰ পৰীক্ষাতে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা হ’ল ২,৭৮,২০৫ জন৷ গতিকে একেষাৰে ক’ব পাৰি অসমত বৰ্তমান
সময়্ত শিক্ষকৰ চাকৰিৰ বাবে অযোগ্য ৮৫% শিক্ষিত ছাত্ৰ-ছাত্ৰী আছে৷ কিন্তু ৮৫% ছাত্ৰ-ছাত্ৰী শিক্ষক পদৰ বাবে অযোগ্য
হোৱাৰ অৰ্থ এইটো নহয় যে, তেওঁলোক আন কামৰ বাবে যোগ্য নহয়৷ সেয়ে এতিয়া প্ৰশ্ন হৈছে
এই বৃহৎ
সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব? তেওঁলোকক তেওঁলোকৰ আন যোগ্যতা প্ৰদৰ্শনৰ বাবে আমি
বিকল্প পথৰ সন্ধান দিব পাৰিমনে? বিভাগীয় মন্ত্ৰী মহোদয়ে এই কথা কৈছে যে ইয়াৰ বেছিভাগ
ছাত্ৰ-ছাত্ৰীয়েই ইংৰাজীত ‘শূন্য’ বা অসমীয়াত ‘অসমীয়া’ শব্দটো লিখিব জনা নাই৷ যিটো
এফালৰ পৰা চাবলৈ গ’লে অতি পৰিতাপৰ কথা৷ কিন্তু এই বিষয়টোৱে অসমৰ শিক্ষা ব্যৱস্থাৰ
স্বৰূপটোহে উদঙাই দেখুৱাইছে৷ মন্ত্ৰী মহোদয়ে এতিয়া এই কথাটোক তেনেই সাধাৰণ কথা
বুলি উৰুৱাই নিদি অসমৰ প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাৰ প্ৰতিহে অধিক
গুৰুত্ব দিয়া উচিত৷ কাৰণ বৰ্তমান সময়তো যিসকল ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে
তেওঁলোকৰ মাজতো ভৱিষ্যতলৈ যে এনেধৰণৰ ছাত্ৰ-ছাত্ৰীৰ সৃষ্টি নোহোৱাকৈ নাথাকিব তাৰ
কোনো নিশ্চয়তা নাই৷ বৰ্তমান শিক্ষা ব্যৱস্থাৰ মতে কোনো ছাত্ৰ-ছাত্ৰীকে পৰীক্ষাত
ফেল কৰাই ৰাখিব নোৱাৰে৷ গতিকে শিক্ষকসকলে কম বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক
ব্যক্তিগতভাৱে অধিক শিক্ষা প্ৰদান কৰি হ’লেও পাছ কৰাব লাগে৷ কিন্তু ইয়াৰ বিপৰীতে শিক্ষকসকলে
নিজৰ কষ্ট লাঘব কৰিবলৈকে সকলোকে পাছ কৰাই নিশ্চিন্ত মনে নিজৰ কৰ্তব্য সমাপন কৰে৷ গতিকে
এই ব্যৱস্থা চলি থাকিলে ভৱিষ্যতলৈও এচাম অযোগ্য ছাত্ৰ-ছাত্ৰীৰ জন্ম হৈয়ে থাকিব৷ সেয়ে
সময় থাকোতেই ইয়াৰ বিষয়ে গুৰুত্ব সহকাৰে সকলোৱে চিন্তা কৰা উচিত৷
দ্বিতীয়তে সমাজ এখন চলিবলৈ সকলো ধৰণৰ মানৱ
সম্পদৰেই প্ৰয়োজন হয়৷ কোনো কোনো সময়ত দেখা যায় যে লিখা-পঢ়া নজনা একোজন ব্যক্তিয়েও
সমাজ এখনলৈ এজন শিক্ষক, অভিযন্তা বা ডাক্তৰৰ সমানেই বৰঙণি আগবঢ়াই আছে৷ সকলো
ছাত্ৰ-ছাত্ৰী বুদ্ধি-বৃত্তিৰ ফালৰ পৰা কেতিয়াও সমান হ’ব নোৱাৰে৷ কিন্তু হাতৰ কামৰ
ক্ষেত্ৰত সেইসকল ছাত্ৰ-ছাত্ৰীয়ে সমাজ এখনলৈ অধিক বৰঙণি আগবঢ়াব পাৰে৷ সেয়ে বৰ্তমান
টে’ট পৰীক্ষাত অনুত্তীৰ্ণ হোৱা ৮৫% ছাত্ৰ-ছাত্ৰীৰ কাৰণে চৰকাৰে কোনো অন্য ব্যৱস্থাৰ
কথা চিন্তা কৰা উচিত৷ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি এইসকল
ছাত্ৰ-ছাত্ৰীক স্বনিয়োজনৰ ব্যৱস্থা কৰি দিব নোৱাৰিলে সমাজত শিক্ষিত নিবনুৱাই ভয়াবহ
ৰূপ ধাৰণ কৰাতো প্ৰায় নিশ্চিত হৈ পৰিছে৷ বৰ্তমান সমাজত দেখা দিয়া বিভিন্ন
অপৰাধজনিত ঘটনা, চুৰি, ডকাইতি আদিৰ ৮০%ৰে মূল কাৰণ হৈছে টকা৷ অৰ্থাৎ উপাৰ্জনৰ অন্য পথ সন্মুখত নথকাৰ বাবেই
কিছু সংখ্যক ব্যক্তিয়ে এনে কিছুমান সহজ পথৰ সন্ধান কৰা দেখা যায়৷ গতিকে সমাজৰ পৰা
এনে ঘটনাসমূহ নিৰাময় কৰিবৰ বাবে আৰু ২,৭৮,২০৫ গৰাকী ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতৰ কণ্টকময় পথৰ পৰা
আঁতৰাই ৰাখিবৰ বাবে চৰকাৰে উচিত ব্যৱস্থা কৰিব লাগিব৷ অন্যথা ভৱিষ্যতে হ’ব লগা
অনেক ঘটনাৰ বাবে ইতিহাসে আমাকেই জগৰীয়া কৰিব৷ সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিয়ে এই
বিষয়ে সময় থাকোতেই চিন্তা কৰা উচিত৷