Monday, February 28, 2011

আনন্দৰাম বৰুৱা বঁটা আৰু কম্পিউটাৰ শিক্ষা

আমাৰ অসম কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত

যোৱা বহুবছৰৰ পৰা অসম চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰাম বৰুৱা বঁটাৰ নামত কম্পিউটাৰ বিতৰণ কৰি আহিছে ৷ চৰকাৰে হয়টো ইয়াৰ জড়িয়তেই অসমত কম্পিউটাৰ বিপ্লৱৰ সুচনা কৰিছোঁ বুলি সাধাৰণ ৰাইজক প্ৰতিয়ন নিয়াবলৈ চেষ্টা কৰিছে ৷ কিন্তু দিনটোৰ অধিক সময়েই বিজুলী যোগানৰ স্থিৰতা নথকা বহুটো গাঁৱৰ বাবে আৰু আৰ্থিক দৰিদ্ৰতাৰ লগত প্ৰতিদিন যুঁজ চলাই যাব লগা একোখন ঘৰৰ বাবে এনে একোটা কম্পিউটাৰ প্ৰয়োজন কিমান তাক নকলেও হ’ব ৷ আমাৰ অসমত এনে বহুটো স্থান দখল কৰা ছাত্ৰ-ছাত্ৰী আছে যাক মেট্ৰিক পাছ কৰাৰ পিছত পঢ়োৱাবলৈ মাক-দেউতাকে চিন্তা কৰিব লগা হয় ৷ ইয়াৰ ফলত বহুটো পৰিয়ালে লাভ কৰা কম্পিউটাৰটো ষোল্ল-সোতৰ হাজাৰ টকাতে কাৰোবাক বিক্ৰী কৰি দিবলৈ বাধ্য হৈছে ৷ আনহাতে কোনো ধনী ঘৰৰ ল’ৰা-ছোৱালীৰ বাবে কম্পিউটাৰটো হৈ পৰিছে বিলাসিতাৰ বস্তু ৷ কম্পিউটাৰত খেল খেলা, ভিচিডি প্লেয়াৰ লগাই চিনেমা চোৱা, গান শুনা আদি কামতেই ইয়াক ব্যৱহাৰ কৰিছে ৷ আকৌ দেখা গৈছে কম্পিউটাৰ লাভ কৰা বহুটো গাঁৱত বিজুলী যোগানৰ ব্যৱস্থাই নাই ৷ গতিকে ৰাইজৰ কোটি কোটি টকা খৰছ কৰি বিতৰণ কৰা এনে কম্পিউটাৰসমূহৰ সঠিক ব্যৱহাৰ হৈছেনে নাই, বা কম্পিউটাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ গাঁৱসমূহত বিজুলী যোগান আছেনে নাই সেই কথা চৰকাৰে অনুসন্ধান নকৰি প্ৰতিবছৰে এনে আঁচনিসমূহ ৰূপায়ন কৰি থকাৰ ফলত ৰাইজৰ টকাৰ অপচয় হৈছে বুলিহে ভাবিব পাৰি ৷ বৰ্তমান সময়ত দেখা গৈছে কিছুমান ছাত্ৰ-ছাত্ৰীৰ বাবে একোটা কম্পিউটাৰতকৈ উন্নত শিক্ষাৰ বাবে আৰ্থিক অনুদানৰহে বেছি প্ৰয়োজন হৈছে ৷ যাৰ এসাঁজ ভালকৈ খাবলৈ নাই, থাকিবলৈ এটা ভাল ঘৰ নাই, পঢ়িবলৈ এখন ভাল ডেস্ক-বেঞ্চ নাই, প্ৰতিবছৰৰ নামভৰ্তি মাচুল, পৰীক্ষাৰ মাচুল দিবলৈ আনৰ পৰা ধাৰ কৰিব লগা অৱস্থা  সেইসকল প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ বাবে লাভ কৰা কম্পিউটাৰটো চৰকাৰে আঁচনি গ্ৰহণৰ নামত ৰাইজক কৰা প্ৰতাৰণাৰ এটা নমুনা বুলিহে ভাবিব পাৰি ৷ আজি চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ পিছটো অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে অৰ্থৰ অভাৱত উন্নত শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে বা আধাতে শিক্ষা সমাপ্ত কৰি সৰু-বৰ কামত সোমাব লগা হৈছে ৷ অথচ চৰকাৰে কম্পিউটাৰ বিতৰণ, মধাহ্ন ভোজন আদিৰ জড়িয়তেই অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিছোঁ বুলি কোটি কোটি টকা ব্যয় কৰিছে ৷ অসুখৰ মূল উত্সটো চিনাক্ত কৰি তাক চিকিত্সা নকৰাকৈ বাহিৰত বেণ্ডেজ লগাই থৈ অসুখটো বাঢ়ি যাবলৈ দিয়াৰ দৰে চৰকাৰেও অসমৰ শিক্ষা ব্যৱস্থাৰ মূল কেৰুণসমূহ চিনাক্ত নকৰি শিক্ষাৰ ক্ষেত্ৰত কিছুমান অপ্ৰয়োজনীয় আঁচনি গ্ৰহণ কৰি অসমক বহু পিছলৈ নি আছে ৷ যাৰ ফলত আৰ্থিকভাৱে সৱল এচাম ছাত্ৰ-ছাত্ৰী বাহিৰলৈ ওলাই যাবলৈ বাধ্য হৈছে আৰু আৰ্থিকভাৱে দূৰ্বল ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভাক সীমিত পৰিৱেশৰ মাজতে আৱদ্ধ ৰাখিব লগা হৈছে আৰু চিৰ দিনৰ বাবে সেই প্ৰতিভা স্তব্ধ হৈ পৰিছে ৷

এটা কথা মন কৰিব লগীয়া যে, চৰকাৰে মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কম্পিউটাৰ বিতৰণ কৰি বাঃ বাঃ লৈছে যদিও ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি হৈ অহা শিক্ষিত নিবনুৱাসকলৰ বাবে কোনো আঁচনি আজিলৈকে গ্ৰহণ কৰা নাই ৷ বাস্তৱ ক্ষেত্ৰত দেখা যায় যে, মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰা একোজন ছাত্ৰ-ছাত্ৰীয়েও পিছত কম্পিউটাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলতকৈ অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ এনে ক্ষেত্ৰত মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলতকৈ স্নাতক পৰ্যায়ত কলা বা বিজ্ঞান শাখাত ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একোটা কম্পিউটাৰ প্ৰদান কৰাটোহে  অধিক বাস্তৱ পদক্ষেপ বুলি ভাবিব পাৰি ৷ এনে একোটা কম্পিউটাৰ জড়িয়তে একোজন শিক্ষিত নিবনুৱাই চাকৰি নোপোৱা পৰ্যন্ত ডিটিপি, গ্ৰাফিক্স ডিজাইন আদি সৰু-বৰ কাম কৰিও নিজৰ দৈনিক প্ৰয়োজনীয়খিনি পূৰণ কৰিব পাৰিব৷

এই খিনিতে এটা প্ৰশ্ন হয়, মেট্ৰীক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কম্পিউটাৰ বিতৰণ কৰাৰ লগে লগে আমাৰ স্কুল-কলেজসমূহত সঠিক ৰূপত কম্পিউটাৰ শিক্ষা আৰম্ভ হৈছে নে? আজিও অসমত আধুনিক তথ্য-প্ৰযুক্তিৰ সহায়েৰে শিক্ষা দিয়াৰ ব্যৱস্থা সহজলভ্য হৈ উঠা নাই৷ আনকি বিশ্ববিদ্যালয় পৰ্যায়টো কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰিব পৰাকৈ কম্পিউটাৰ আৰু ইণ্টাৰনেট সেৱাৰ ব্যৱস্থা নাই৷ গুৱাহাটীৰ দৰে মহানগৰতে পৰ্যাপ্ত ছাইবাৰকেফে (Cybercafé) নাই বা থকাসমূহটো ইণ্টাৰনেট সেৱা সুবিধাজনক আৰু সহজলভ্য নহয়৷ অসমত আজিলৈকে কোনো উন্নত ছফ্‌টৱেৰ কোম্পানী গঢ়ি উঠা দেখা নগ’ল৷ আজিও চৰকাৰী বিদ্যালয়সমূহত অন্যান্য শিক্ষাৰ লগতে কম্পিউটাৰ শিক্ষা বাধ্যতামূলক হোৱা দেখা নগ’ল৷ যাৰ অভাৱত অসমৰ বৃহত সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে কম্পিউটাৰ বিপ্লৱৰ ন-ন উদ্ভাৱনী শক্তিয়ে ছানি ধৰা নতুন পৃথিৱীখনৰ কথা গম নোপোৱাকৈয়ে বাস্তৱৰ এখন জটিল সমাজত ভৰি দি দিকবিদিক হেৰুৱাব লগা হৈছে আনহাতে বৰ্তমান কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা লেপট’পসমূহৰো সঠিক ব্যৱহাৰ হ’ব বুলি আশা কৰিব নোৱাৰি৷ বিশেষকৈ ছাত্ৰসকলে সস্তীয়া চিনেমা চোৱা, কম্পিউটাৰ খেল খেলা আদিতে লেপট’পসমূহ ব্যৱহাৰ কৰিব পাৰে বুলিও কোনো কোনোৱে সন্দেহ প্ৰ্ৰকাশ কৰিছে৷ এই ক্ষেত্ৰত অভিভাৱকসকল সজাগ হোৱা অতি প্ৰয়োজন৷

Thursday, February 17, 2011

ইজিপ্তৰ গণবিদ্ৰোহ অন্যায়ৰ বিৰুদ্ধে এক অশনি সংকেত হওঁক

এইবছৰৰ আৰম্ভণিতে চলা ইজিপ্তৰ গণবিদ্ৰোহে পুনৰ এই কথ প্ৰমাণ কৰিলে যে 'ৰাইজে নখ জোকাৰিলে নৈ বয়'৷ তিনি সপ্তাহৰ গণবিদ্ৰোহত চাৰিশৰো অধিক লোকৰ প্ৰাণহানি হ'ল৷ অৱশেষত চৰকাৰৰ দমন-অত্যাচাৰৰ ওচৰতো সেও নমনা প্ৰৱল গণবিদ্ৰোহৰ ওচৰত শিৰনত কৰিবলৈ বাধ্য হ'ল ইজিপ্তৰ ৰাষ্ট্ৰপতি হোছনি মোবাৰক৷ ইয়াৰ লগে লগে অন্ত পৰিল ৩০ বছৰীয়া অপশাসনৰ৷ মহম্মদ হোছনি ছয়ীদ মোবাৰকৰ বিদায়ৰ লগে লগে উল্লসিত হৈ পৰিছে দেশখনৰ লাখ লাখ জনতা৷ প্ৰকাশিত বাতৰি অনুসৰি যোৱা ২৫ জানুৱাৰীৰ পৰা তাহৰিৰ স্কোৱেৰতেই আৰম্ভ হৈছিল চৰকাৰবিৰোধী প্ৰতিবাদ৷ ৩১ জানুৱাৰীত ২ লাখ ৫০ হাজাৰ জনতাই মোবাৰক বিৰোধী প্ৰতিবাদ কাৰ্য্যসূচী গ্ৰহণ কৰিছিল৷ আকৌ ১ ফেব্ৰুৱাৰীত ১ নিযুত ইজিপ্তৰ জনতাই ইয়াত মৌন প্ৰতিবাদী সমদল উলিয়াই৷ ২ ফেব্ৰুৱাৰীৰ নিশা মোবাৰক বিৰোধী আৰু সমৰ্থকৰ মাজত সংঘৰ্ষ হয়৷ কিন্তু শেষত ইজিপ্তৰ একনায়কত্ববাদী ৰাষ্ট্ৰপতি গৰাকীয়ে নিশায় পদত্যাগ কৰি কোনো অজ্ঞাত স্থানলৈ গুচি যাবলৈ বাধ্য হয়৷ আজি দেশে দেশে 'তাহৰিৰ স্কোৱেৰ' হৈ উঠিছে এক প্ৰতিবাদী কণ্ঠৰ অন্যনাম৷


ইজিপ্তৰ এই গণবিদ্ৰোহৰ সফল পৰিণতিয়ে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহকো অনুপ্ৰাণিত কৰিছে৷ সেয়ে এইবাৰ ইৰানৰ কঠোৰপন্থী চৰকাৰৰ বিৰুদ্ধে জাগি উঠিছে বিৰোধীৰ নেতৃত্বত সংগঠিত জনতা৷ ইৰানৰ ৰাজনৈতিক ব্যৱস্থাৰ বিৰুদ্ধে সৰব হৈ যোৱা ১৪ ফেব্ৰুৱাৰীত ৰাজধানী তেহৰানত হেজাৰ হেজাৰ জনতাই প্ৰতিবাদ সাৱস্ত কৰে৷ আজি ইজিপ্তৰ বিক্ষোভেৰে অনুপ্ৰাণিত হৈ ইৰানৰ বিৰোধী নেতৃত্বই দেশখনৰ কঠোৰনমা ইছলামিক শাসকৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়াত বিমোৰত পৰিছে ইৰানৰ শাসকবৰ্গ৷ লগে লগে চীন, গিনি, উগাণ্ডা, জিম্বাব'ৱেৰ দৰে কঠোৰ নীতিৰে শাসন কৰি দেশসমূহকো বিপদত পেলাব পাৰে বুলি সন্দেহ কৰা হৈছে৷ যাৰ কাৰণে এই দেশকেইখনত ইজিপ্তৰ এই গণবিদ্ৰোহৰ ঘ্টনাৰ সংবাদ প্ৰচাৰ কৰাৰ পৰাও বিৰত আছে৷

যেতিয়াই এনেধৰণৰ বিদ্ৰোহবিলাকে গা কৰি উঠে তেতিয়াই প্ৰত্যেক ব্যক্তিৰ মনৰ মাজত জাগি উঠে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ স্পৃহা৷ মনৰ মাজত প্ৰশ্ন হয় আমি নিজেও আজি ৰাষ্ট্ৰযন্ত্ৰৰ বহু অন্যায় সহ্য কৰি আছোঁ নেকি? আমাৰ আশে-পাশে এনে বহু ঘ্টনা ঘটি আছে যাক দেখিও আমি প্ৰতিবাদ কৰিব পৰা নাই নেকি? ১৯৪৭ চনতে ২০০ বছৰ ব্ৰিটিছৰ গোলামিকতাক অতিক্ৰম কৰি আমি স্বাধীন হৈছিলোঁ৷ তথাপি মনৰ মাজত বাৰে বাৰে প্ৰতিধ্বনি হয় আমি প্ৰকৃততে এতিয়াও স্বাধীননে? আজি ভাৰতবৰ্ষত গণতান্ত্ৰিক ব্যৱস্থা আছে৷ সময়ে সময়ে নিৰ্বাচন হয়৷ ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি আছে৷ ৰাইজৰ টকাৰেই দেশ পৰিচালিত হৈছে৷ ন্যায় ব্যৱস্থা আছে৷ জনতাৰ অধিকাৰ সুৰক্ষাৰ বাবে আদালত-পুলিচ আছে৷ বিভিন্ন সামাজিক সংগঠন আছে৷ আমাৰ বাক স্বাধীনতা আছে৷ তথাপি কেতিয়াবা এনে নালাগেনে? আমি কিবা এটা বন্ধনৰ মাজত সোমাই আছোঁ...!! আমি যেন আমাৰ স্বাধীনতাক উপভোগ কৰিবলৈ স্বাধীন পৰিবেশ পোৱা নাই৷ ন্যায়ৰ নামত আজিও আমি বছৰ বছৰ ধৰি অপেক্ষা কৰিব লগা হৈছে৷ আটাত নিমখ মিহলি হৈ যোৱাৰ দৰে দুৰ্নীতি এতিয়া আমাৰ মজ্জাত নিমজ্জিত হৈ পৰিছে৷ কমনৱেলথ গেইম কেলেংকাৰী, আদৰ্শ হাউচিং ছ'চাইটি কেলেংকাৰী, ২-জি স্পেকট্ৰাম কেলেংকাৰীৰ পৰা আৰম্ভ কৰি গুপ্ত হত্যা, কোটি টকীয়া উত্তৰ কাছাৰ জিলাৰ কেলেংকাৰীলৈকে আমি আজি নিৰৱে সহ্য কৰিব লগা হৈছে৷ কিন্তু কিয়? যাৰ কোনো উত্তৰ আজি দেশখনৰ এশ কোটি জনতাৰ কাষত নাই৷


আমি আজি বিদ্ৰোহ কৰিম কাৰ ওচৰত? কাৰ ওচৰত আমি ন্যায়ৰ আশা কৰিম? কাক শুনাম আমাৰ প্ৰতিবাদী কণ্ঠ? বিধান সভাত পোহাৰী চুপতি অথচ লাষ্ট গেটত ন্যায়ৰ আশাত মৃত্যুৰ সৈতে যুঁজ দিব লগা হৈছে সাধাৰণ জনতায়৷ মন্ত্ৰী-বিধায়কৰ বিলাস বহুল জীৱন আনপিনে এমুঠি ভাতৰ আশাত, এখনি বস্ত্ৰৰ  আশাত, এটা ঘৰৰ আশাত সহস্ৰজনৰ হাহাকাৰ৷ বচ৷ বহুত হ'ল৷ আৰু সহ্য কৰা নহ'ব৷ এনেদৰেই এদিন জাগি উঠিব লাগিব প্ৰবুদ্ধ জনতা৷ এদিন ইজিপ্তৰ বিদ্ৰোহৰ দৰেই হয়টো প্ৰতিখন দেশত, প্ৰতিখন ৰাজ্যতে জনতা একত্ৰিত হ'ব৷ 'তাহৰিৰ স্কোৱেৰ'ৰ প্ৰতিবাদী কণ্ঠই সকলো জনতাকে অনুপ্ৰাণিত কৰিব৷ সেই দিনটোলৈ আৰু বেছি দিন নাই৷

Monday, February 14, 2011

আন্তঃজাতিক মাতৃভাষা দিৱস আৰু অসমৰ ভাষা আন্দোলন

“সুৱদী সুৰীয়া মোৰ অসমীয়া ভাষা জগতসভালৈ যাব,
উজ্জ্বল, সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হব”

জন্মৰ পিছৰে পৰা আমি দৈনন্দিন জীৱনত আইৰ মুখত যি মাত শুনো, যি মাত শুনিলে আমাৰ মন বিমল সুখ-শান্তিৰে ভৰি পৰে সেই ভাষাই হৈছে মাতৃভাষা৷ মাতৃভাষা এটা জাতিৰ জীৱনী শক্তিৰ প্ৰতীক৷ এটা জাতিৰ কৃষ্টি-সংস্কৃতি, ইয়াৰ ঐতিহ্য-পৰম্পৰা সকলো সেই ভাষাৰ মাজতে নিহিত হৈ থাকে৷ সেয়ে এটা ভাষাৰ মৃত্যু মানে এটা জাতিৰ মৃত্যু৷ আজি বিশ্বত প্ৰতি ১৪ দিনৰ মূৰে মূৰে এটা ভাষাৰ মৃত্যু হ'বলৈ ধৰিছে৷ ইউনেস্ক'ৰ তথ্য মতেও ভাষা বিলুপ্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থান শীৰ্ষত৷ ইতিমধ্যে 196 টা ভাষাৰ বিলুপ্তি হৈছে৷ ফলত সেই সেই জাতিসমূহো ইতিহাসৰ কোনোবা পৃষ্ঠাত সোমাই পৰিছে৷ এনে পৰিপেক্ষিততে পৃথিৱীৰ প্ৰতিটো ভাষাক ৰক্ষাৰ ক্ষেত্ৰত ভাষাবিজ্ঞানীসকল আগবাঢ়ি আহিছে, ভাষাৰ সংকট সম্পৰ্কীয় বিভিন্ন আলোচনাই মুখ্য ভূমিকা গ্ৰহণ কৰিছে আৰু যুগে যুগে ভাষা ৰক্ষাৰ বাবে অনেক মাতৃভাষা প্ৰেমি জনগণে নিজৰ প্ৰাণ আহুতি দি আহিছে৷

আন্তঃজাতিক মাতৃভাষা দিৱসৰ আঁৰৰ কথা:

১৯৪৮ চনৰ ২১ মাৰ্চৰ কথা৷ পাকিস্থানৰ গৱৰ্ণৰ জেনেৰেল মহম্মদ আলী জিন্নাই ঘোষণা কৰিলে যে "পশ্চিম আৰু পূব পাকিস্থানৰ বাবে প্ৰশাসনীয় ভাষা হ'ব উৰ্দু ভাষা"৷ এই কথা প্ৰচাৰ হোৱাৰ লগে লগেই পূব পাকিস্থানৰ (এতিয়াৰ বাংলাদেশ) জনতাৰ মাজত এক প্ৰতিবাদৰ ঢৌ বাগৰি আহিল৷ পূৰ্বৰে পৰা চলি থকা বাংলা ভাষাক আঁতৰাই উৰ্দু ভাষাক জাপি দিবলৈ চেষ্টা কৰাৰ ফলত ২১ ফেব্ৰুৱাৰী ১৯৫২ চনত ঢাকাত গৰিষ্ঠ সংখ্যক ছাত্ৰই ধৰ্মঘত কৰি প্ৰতিবাদ সাৱস্ত কৰে৷ চৰকাৰে এই প্ৰতিবাদক বাধা দিবলৈ সান্ধ্য আইন জাৰী কৰে৷ কিন্তু শেষত ঢাকা বিশ্ববিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক ছাত্ৰই ১৪৪ ধাৰা অমান্য কৰি ৰাজপথত প্ৰৱেশ কৰাত পাকিস্থান পুলিচে প্ৰতিবাদী ছাত্ৰসকলৰ ওপৰত নিৰ্বিচাৰে গুলিচালনা কৰে আৰু বহুসংখ্যক ছাত্ৰ এই ঘ্টনাত মৃত্যু হয়৷ ইয়াৰ প্ৰায় ৫০ বছৰৰ পিছত ১৯৯৯ চনত ইউনেস্ক'ই ফেব্ৰুৱাৰী মাহৰ ২১ তাৰিখটোক আন্তঃজাতিক মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰে৷

১৯৫২ চনৰ ঠিক ৮ বছৰৰ পিছত ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ অসম ৰাজ্যটো একেই মাতৃভাষাক লৈয়ে এটা আন্দোলনে গা কৰি উঠিছিল৷ বাংলাদেশত হোৱা আন্দোলনতকৈ ই কোনো গুণে কম নাছিল৷ মাথো পাৰ্থক্য আছিল বাংলাদেশৰ আন্দোলন হৈছিল গোটেই দেশখনৰ ভাষাক লৈ আৰু অসমৰ আন্দোলন হৈছিল কেৱল অসমীয়া ভাষাক লৈ৷ উমি উমি জ্বলি উঠা এই আন্দোলনৰ পৰিণতি আছিল অতি ভয়ানক৷ শ-শ ছাত্ৰ-ছাত্ৰী এই আন্দোলনত স্বইচ্চাৰেই জপিয়াই পৰিছিল৷ এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত ঢলি পৰিছিল৷ ৰঞ্জিত বৰপূজাৰীয়েই আছিল অসম ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ৷ ইয়াৰ পিছটো অনেক যুৱকে অসমীয়া ভাষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে৷ এই আন্দোলনৰ সমান্তৰালভাৱে বৰাক উপত্যাকাৰ শিলচৰটো বাংলা ভাষা ৰক্ষাৰ বাবে আন্দোলনৰ সৃষ্টি হয়৷ এই আন্দোলনটো অনেক বাংলা নৰ-নাৰীয়ে নিজৰ ভাষাৰ বাবে প্ৰাণ আহুতি দিলে৷ ফলত এদিন সংগ্ৰামৰ অন্ত পেলাই একেখন ৰাজ্যৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাত দুটা পৃথক (অসমীয়া আৰু বাংলা) ভাষায় সমিল মিলৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিলে৷

এটা জাতিৰ ভাষা ৰক্ষাৰ বাবে অসমৰ দৰে এখন ৰাজ্যতে দুটা ভিন্ন ভাষীক সম্প্ৰদায়ে কিমান তেজৰ নৈ বোৱালে সেই তথ্য ইউনেস্ক'ৰ হাতত মজুত আছেনে নাই নাজানো৷ (ইণ্টাৰনেটত বাংলা ভাষাৰ সংগ্ৰামৰ বিষয়ে যিমান তথ্য আছে তাৰ তুলনাত অসমীয়া ভাষাৰ সংগ্ৰামৰ কোনো তথ্য নাই)৷ একেদৰে পাকিস্থানৰ দমন নীতিৰ সমান্তৰালকৈ ভাষাৰ ওপৰত (বিশেষকৈ অসমৰ) ভাৰতবৰ্ষৰ দমননীতিৰ কোনো তথ্য আজি ইণ্টাৰনেটত পাবলৈ নাই৷ ইংৰাজৰ সময়টো ৩৬ বছৰে (১৮৩৬-১৮৭৩) অসমীয়া ভাষাক অসমৰ স্কুল-আদলতৰ পৰা আঁতৰাই ৰখাৰ সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে কোনো ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়েই মাত মতা নাছিল৷ যিসময়ত ভাৰতৰ সমস্ত মানুহ বৃটিছৰ শাসন ওফৰাই ৰাজনৈতিক অধিকাৰ সাৱস্ত কৰাৰ সংগ্ৰামত নিমজ্জিত আছিল, তেনে এক সময়তে “ৰাজনীতিক ‘ৰাজ্য’ৰ” বাহিৰ কৰি কেৱল অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কলিকতা প্ৰৱাসী এচাম ছাত্ৰ আগবাঢ়ি আহিছিল৷ মূলতঃ এই সময়েই আছিল অসমীয়া ভাষা উদ্ধাৰৰ প্ৰথম সংগ্ৰামৰ সময়৷ সেই প্ৰৱাসী ছাত্ৰসকলেই বুজি উঠিছিল অসমীয়া ভাষা প্ৰতিষ্ঠাৰ মূল মন্ত্ৰ৷ সেয়ে মাতৃভাষাৰ প্ৰতি থকা সেই প্ৰৱাসী ছাত্ৰসকলৰ গভীৰ শ্ৰদ্ধা, ৰঞ্জিত বৰপূজাৰীৰ লগতে অনেক অসমীয়া যুৱকৰ আত্মবলিদানে আমাক প্ৰতিদিন সোঁৱৰাই থাকিব "স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গলমন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা"৷

উপসংহাৰ:

অসমৰ বাবে দুৰ্ভাগ্যৰ কথা যে, আপোন সন্তানৰ তেজেৰে মহিয়ান হৈ উঠা অসমীয়া ভাষাৰ প্ৰতি সেই পুৰণি আৱেগ এতিয়া লাহে লাহে স্তিমিত হৈ আহিছে৷ ১৯৬০ চনত ভাষা আন্দোলনত অসমীযা ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ, ১৯৬৩ চনত ভাষা আইন গ্ৰহণ আৰু ১৯৭২ চনত মাধ্যম আন্দোলন মানি শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ পিছটো আজিলৈকে অসমত চৰকাৰী কাৰ্যলয় আদিত অসমীয়া ভাষা প্ৰয়োগ হোৱা দেখা নগ’ল৷ ইয়াৰ লগতে ৰাজহুৱা স্থানত বা অন্যান্য প্ৰচাৰ মাধ্যমত ভুলকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ৰাজহুৱাভাৱে মাত মতা দুই-এজন ব্যক্তিৰ বাহিৰে কোনো দল-সংগঠন দেখা পোৱা নাযায়৷ (সম্প্ৰতি সময়ৰ লগত ফেৰ মাৰি ফে'চবুকত এনে এটা আন্দোলনে গঢ় লৈ উঠিছে)৷ অসমত অসমীয়া ভাষাৰ বাবে ১৯৬০ চনৰ পৰা ১৯৭২(অসমীয়া মাধ্যম আন্দোলন) চনলৈকে যিদৰে সংগ্ৰাম কৰিব লগা হৈছিল ভাৰতৰ আন কোনো ৰাজ্যতে হয়টো তেনে আন্দোলন গঢ় লৈ উঠা নাছিল৷ ইয়াৰ পিছটো ব্ৰিটিছে অসমৰ আদালত আৰু প্ৰশাসনিক ক্ষেত্ৰত ইংৰাজী ভাষা প্ৰয়োগ কৰা অচিলা লৈ আজিও অসম চৰকাৰে অসমীয়া ভাষাৰ সঠিক প্ৰয়োগৰ প্ৰতি গুৰুত্ব নিদিয়াটো সঁচাই এক পৰিতাপৰ কথা৷

শেষত আমাৰ বোধেৰে ২১ ফেব্ৰুৱাৰীৰ দিনা আমি আন্তঃজাতিক মাতৃভাষা দিৱসৰ উদ্‌যাপন কৰাতকৈ বা তাৰ সমান্তৰালকৈ ৪ জুলাই তাৰিখৰ দিনা অসমীয়া ভাষাৰ বাবে প্ৰাণ আহুতি দিয়া ৰঞ্জিত বৰপূজাৰীৰ নামত এটা দিৱস উদ্‌যাপন কৰাহে অধিক প্ৰাসঙ্গিক হ'ব যেন লাগে৷