“সুৱদী সুৰীয়া মোৰ অসমীয়া ভাষা জগতসভালৈ যাব,
উজ্জ্বল, সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হব”
উজ্জ্বল, সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হব”
জন্মৰ পিছৰে পৰা আমি দৈনন্দিন জীৱনত আইৰ মুখত যি মাত শুনো, যি মাত শুনিলে আমাৰ মন বিমল সুখ-শান্তিৰে ভৰি পৰে সেই ভাষাই হৈছে মাতৃভাষা৷ মাতৃভাষা এটা জাতিৰ জীৱনী শক্তিৰ প্ৰতীক৷ এটা জাতিৰ কৃষ্টি-সংস্কৃতি, ইয়াৰ ঐতিহ্য-পৰম্পৰা সকলো সেই ভাষাৰ মাজতে নিহিত হৈ থাকে৷ সেয়ে এটা ভাষাৰ মৃত্যু মানে এটা জাতিৰ মৃত্যু৷ আজি বিশ্বত প্ৰতি ১৪ দিনৰ মূৰে মূৰে এটা ভাষাৰ মৃত্যু হ'বলৈ ধৰিছে৷ ইউনেস্ক'ৰ তথ্য মতেও ভাষা বিলুপ্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থান শীৰ্ষত৷ ইতিমধ্যে 196 টা ভাষাৰ বিলুপ্তি হৈছে৷ ফলত সেই সেই জাতিসমূহো ইতিহাসৰ কোনোবা পৃষ্ঠাত সোমাই পৰিছে৷ এনে পৰিপেক্ষিততে পৃথিৱীৰ প্ৰতিটো ভাষাক ৰক্ষাৰ ক্ষেত্ৰত ভাষাবিজ্ঞানীসকল আগবাঢ়ি আহিছে, ভাষাৰ সংকট সম্পৰ্কীয় বিভিন্ন আলোচনাই মুখ্য ভূমিকা গ্ৰহণ কৰিছে আৰু যুগে যুগে ভাষা ৰক্ষাৰ বাবে অনেক মাতৃভাষা প্ৰেমি জনগণে নিজৰ প্ৰাণ আহুতি দি আহিছে৷
আন্তঃজাতিক মাতৃভাষা দিৱসৰ আঁৰৰ কথা:
১৯৪৮ চনৰ ২১ মাৰ্চৰ কথা৷ পাকিস্থানৰ গৱৰ্ণৰ জেনেৰেল মহম্মদ আলী জিন্নাই ঘোষণা কৰিলে যে "পশ্চিম আৰু পূব পাকিস্থানৰ বাবে প্ৰশাসনীয় ভাষা হ'ব উৰ্দু ভাষা"৷ এই কথা প্ৰচাৰ হোৱাৰ লগে লগেই পূব পাকিস্থানৰ (এতিয়াৰ বাংলাদেশ) জনতাৰ মাজত এক প্ৰতিবাদৰ ঢৌ বাগৰি আহিল৷ পূৰ্বৰে পৰা চলি থকা বাংলা ভাষাক আঁতৰাই উৰ্দু ভাষাক জাপি দিবলৈ চেষ্টা কৰাৰ ফলত ২১ ফেব্ৰুৱাৰী ১৯৫২ চনত ঢাকাত গৰিষ্ঠ সংখ্যক ছাত্ৰই ধৰ্মঘত কৰি প্ৰতিবাদ সাৱস্ত কৰে৷ চৰকাৰে এই প্ৰতিবাদক বাধা দিবলৈ সান্ধ্য আইন জাৰী কৰে৷ কিন্তু শেষত ঢাকা বিশ্ববিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক ছাত্ৰই ১৪৪ ধাৰা অমান্য কৰি ৰাজপথত প্ৰৱেশ কৰাত পাকিস্থান পুলিচে প্ৰতিবাদী ছাত্ৰসকলৰ ওপৰত নিৰ্বিচাৰে গুলিচালনা কৰে আৰু বহুসংখ্যক ছাত্ৰ এই ঘ্টনাত মৃত্যু হয়৷ ইয়াৰ প্ৰায় ৫০ বছৰৰ পিছত ১৯৯৯ চনত ইউনেস্ক'ই ফেব্ৰুৱাৰী মাহৰ ২১ তাৰিখটোক আন্তঃজাতিক মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰে৷

১৯৫২ চনৰ ঠিক ৮ বছৰৰ পিছত ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ অসম ৰাজ্যটো একেই মাতৃভাষাক লৈয়ে এটা আন্দোলনে গা কৰি উঠিছিল৷ বাংলাদেশত হোৱা আন্দোলনতকৈ ই কোনো গুণে কম নাছিল৷ মাথো পাৰ্থক্য আছিল বাংলাদেশৰ আন্দোলন হৈছিল গোটেই দেশখনৰ ভাষাক লৈ আৰু অসমৰ আন্দোলন হৈছিল কেৱল অসমীয়া ভাষাক লৈ৷ উমি উমি জ্বলি উঠা এই আন্দোলনৰ পৰিণতি আছিল অতি ভয়ানক৷ শ-শ ছাত্ৰ-ছাত্ৰী এই আন্দোলনত স্বইচ্চাৰেই জপিয়াই পৰিছিল৷ এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত ঢলি পৰিছিল৷ ৰঞ্জিত বৰপূজাৰীয়েই আছিল অসম ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ৷ ইয়াৰ পিছটো অনেক যুৱকে অসমীয়া ভাষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে৷ এই আন্দোলনৰ সমান্তৰালভাৱে বৰাক উপত্যাকাৰ শিলচৰটো বাংলা ভাষা ৰক্ষাৰ বাবে আন্দোলনৰ সৃষ্টি হয়৷ এই আন্দোলনটো অনেক বাংলা নৰ-নাৰীয়ে নিজৰ ভাষাৰ বাবে প্ৰাণ আহুতি দিলে৷ ফলত এদিন সংগ্ৰামৰ অন্ত পেলাই একেখন ৰাজ্যৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাত দুটা পৃথক (অসমীয়া আৰু বাংলা) ভাষায় সমিল মিলৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিলে৷
এটা জাতিৰ ভাষা ৰক্ষাৰ বাবে অসমৰ দৰে এখন ৰাজ্যতে দুটা ভিন্ন ভাষীক সম্প্ৰদায়ে কিমান তেজৰ নৈ বোৱালে সেই তথ্য ইউনেস্ক'ৰ হাতত মজুত আছেনে নাই নাজানো৷ (ইণ্টাৰনেটত বাংলা ভাষাৰ সংগ্ৰামৰ বিষয়ে যিমান তথ্য আছে তাৰ তুলনাত অসমীয়া ভাষাৰ সংগ্ৰামৰ কোনো তথ্য নাই)৷ একেদৰে পাকিস্থানৰ দমন নীতিৰ সমান্তৰালকৈ ভাষাৰ ওপৰত (বিশেষকৈ অসমৰ) ভাৰতবৰ্ষৰ দমননীতিৰ কোনো তথ্য আজি ইণ্টাৰনেটত পাবলৈ নাই৷ ইংৰাজৰ সময়টো ৩৬ বছৰে (১৮৩৬-১৮৭৩) অসমীয়া ভাষাক অসমৰ স্কুল-আদলতৰ পৰা আঁতৰাই ৰখাৰ সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে কোনো ভাৰতীয় স্বাধীনতা সংগ্ৰামীয়েই মাত মতা নাছিল৷ যিসময়ত ভাৰতৰ সমস্ত মানুহ বৃটিছৰ শাসন ওফৰাই ৰাজনৈতিক অধিকাৰ সাৱস্ত কৰাৰ সংগ্ৰামত নিমজ্জিত আছিল, তেনে এক সময়তে “ৰাজনীতিক ‘ৰাজ্য’ৰ” বাহিৰ কৰি কেৱল অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কলিকতা প্ৰৱাসী এচাম ছাত্ৰ আগবাঢ়ি আহিছিল৷ মূলতঃ এই সময়েই আছিল অসমীয়া ভাষা উদ্ধাৰৰ প্ৰথম সংগ্ৰামৰ সময়৷ সেই প্ৰৱাসী ছাত্ৰসকলেই বুজি উঠিছিল অসমীয়া ভাষা প্ৰতিষ্ঠাৰ মূল মন্ত্ৰ৷ সেয়ে মাতৃভাষাৰ প্ৰতি থকা সেই প্ৰৱাসী ছাত্ৰসকলৰ গভীৰ শ্ৰদ্ধা, ৰঞ্জিত বৰপূজাৰীৰ লগতে অনেক অসমীয়া যুৱকৰ আত্মবলিদানে আমাক প্ৰতিদিন সোঁৱৰাই থাকিব "স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গলমন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা"৷
উপসংহাৰ:
অসমৰ বাবে দুৰ্ভাগ্যৰ কথা যে, আপোন সন্তানৰ তেজেৰে মহিয়ান হৈ উঠা অসমীয়া ভাষাৰ প্ৰতি সেই পুৰণি আৱেগ এতিয়া লাহে লাহে স্তিমিত হৈ আহিছে৷ ১৯৬০ চনত ভাষা আন্দোলনত অসমীযা ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ, ১৯৬৩ চনত ভাষা আইন গ্ৰহণ আৰু ১৯৭২ চনত মাধ্যম আন্দোলন মানি শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ পিছটো আজিলৈকে অসমত চৰকাৰী কাৰ্যলয় আদিত অসমীয়া ভাষা প্ৰয়োগ হোৱা দেখা নগ’ল৷ ইয়াৰ লগতে ৰাজহুৱা স্থানত বা অন্যান্য প্ৰচাৰ মাধ্যমত ভুলকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ৰাজহুৱাভাৱে মাত মতা দুই-এজন ব্যক্তিৰ বাহিৰে কোনো দল-সংগঠন দেখা পোৱা নাযায়৷ (সম্প্ৰতি সময়ৰ লগত ফেৰ মাৰি ফে'চবুকত এনে এটা আন্দোলনে গঢ় লৈ উঠিছে)৷ অসমত অসমীয়া ভাষাৰ বাবে ১৯৬০ চনৰ পৰা ১৯৭২(অসমীয়া মাধ্যম আন্দোলন) চনলৈকে যিদৰে সংগ্ৰাম কৰিব লগা হৈছিল ভাৰতৰ আন কোনো ৰাজ্যতে হয়টো তেনে আন্দোলন গঢ় লৈ উঠা নাছিল৷ ইয়াৰ পিছটো ব্ৰিটিছে অসমৰ আদালত আৰু প্ৰশাসনিক ক্ষেত্ৰত ইংৰাজী ভাষা প্ৰয়োগ কৰা অচিলা লৈ আজিও অসম চৰকাৰে অসমীয়া ভাষাৰ সঠিক প্ৰয়োগৰ প্ৰতি গুৰুত্ব নিদিয়াটো সঁচাই এক পৰিতাপৰ কথা৷

শেষত আমাৰ বোধেৰে ২১ ফেব্ৰুৱাৰীৰ দিনা আমি আন্তঃজাতিক মাতৃভাষা দিৱসৰ উদ্যাপন কৰাতকৈ বা তাৰ সমান্তৰালকৈ ৪ জুলাই তাৰিখৰ দিনা অসমীয়া ভাষাৰ বাবে প্ৰাণ আহুতি দিয়া ৰঞ্জিত বৰপূজাৰীৰ নামত এটা দিৱস উদ্যাপন কৰাহে অধিক প্ৰাসঙ্গিক হ'ব যেন লাগে৷
ভাল লাগিল পঢ়ি৷ ৰঞ্জিত বৰপূজাৰীৰ স্মৃতি স্তম্ভৰ ফটোখন দেখি ভাল লাগিল৷
ReplyDeleteধন্যবাদ বিক্ৰমদা, আপোনাৰ হয়টো আৰু বহু কথা মনত আছে... পাৰিলে লিখিবচোন৷ ইণ্টাৰনেটত বাংলা ভাষাৰ আন্দোলনৰ কথাবোৰ অনেক ব্যক্তিয়ে ব্ল'গত লিখিছে৷ দুই এটা ব্ল'গত কিছু ভুল ধাৰণাও আছে৷ অথচ অনুসন্ধান কৰিলে অসমীয়া ভাষা আন্দোলন বা ৰঞ্জিত বৰপূজাৰীৰ নামেই পোৱা নাযায়৷
ReplyDeleteবহুত ভাল লাগিল, সঁচা কথা কবলৈ গলে বৰপুজাৰীৰ আত্মাহুতি উপেক্ষিত হৈ আছে | তেখেতৰ স্মৃতিত ৪ জুলাইৰ দিনা কিবা এটা কৰাটো নিত্যান্তই জৰুৰী |
ReplyDeleteভাল লাগিল। নজনা কথা কিছুমান জানিবলৈ পালোঁ।
ReplyDeleteভাল লাগিল পঢ়ি ।
ReplyDeleteসুন্দৰ অতি সুন্দৰ ।
ReplyDeleteভাল লাগিল পঢ়ি ৷ বহুত কথা জানিব পাৰিলো । ধন্যবাদ
ReplyDeleteঅতি সুন্দৰ এইখিনি যদি চছিয়েল মিডিয়া ইউটিউবত ভিডিঅ এটা বনাই আপলোড কৰা হলে বহুত ভাল আছিল
ReplyDeleteসুন্দৰ
ReplyDelete