Monday, July 18, 2011

গান্ধীৰ তিনিটা বান্দৰ


"অন্য দেৱী-দেৱ, নকৰিবা সেৱ
গৃহকো নাযাইবা, প্ৰসাদো নাখাইবা,
ভক্তি হৈব ব্যভিচাৰ৷" (কীৰ্ত্তন-শংকৰদেৱ)

যোৱা বছৰ মই ট্ৰেইনত ইন্দ'ৰলৈ আহোঁতে মোৰ পুৰণি এজন বন্ধুক লগ পাইছিলোঁ৷ কথাৰ প্ৰসঙ্গত ওপৰৰ ঘোষাফাকিৰ কথা ওলাল৷ বন্ধুৰ লগত আলোচনা কৰোঁতে ইয়াৰ এটা নতুন ব্যাখ্যা বিচাৰি পাইছিলোঁ৷ তেতিয়াই মোৰ ডায়েৰীত তাক লিখি ৰাখিছিলোঁ৷ আজি পুৰণি ডায়েৰীৰ পাতৰ পৰা আগবঢ়ালোঁ৷

আমাৰ পঞ্চেন্দ্ৰিয় চকু, কাণ, নাক, জিভা আৰু ছাল হৈছে "অন্য দেৱ-দেৱী"৷ আমাৰ শৰীৰ বা আত্মা হৈছে প্ৰধান দেৱতা কৃষ্ণ বা বিষ্ণু৷ যদি আমি চকু, নাক, জিভা, কাণ আৰু ছালৰ পৰিতৃপ্তিৰ বাবে বেলেগ বেলেগকৈ কাৰ্য্য কৰোঁ তেতিয়া আমাৰ মন বা আত্মাই কেতিয়াও সঠিক চিন্তা কৰিব নোৱাৰিব৷ চকুৰ তৃপ্তিৰ কাৰণে যদি আমি ভাল বেয়াৰ বিচাৰ নকৰি সাময়িক আকৰ্ষণতে মোহ যাওঁ, নাক আৰু জিভাৰ তৃপ্তিৰ বাবে যদি নাখাবলগীয়া বস্তু খাওঁ, শুদ্ধ বায়ু সেৱব নকৰোঁ, ভাল কথা নুশুনি যদি সদায় বেয়া কথাকে শুনি থাকোঁ তেন্তে আমাৰ শাৰীৰিক আৰু মানসিক সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ পৰিব৷ একেদৰে কাৰোবাৰ স্পৰ্শক যদি হৃদয়লৈ বোৱাই নিনি তাক অন্য ধৰণে অনুভৱ কৰোঁ তেন্তে আমাৰ মনত কেতিয়াবা অসৎ ভাৱৰো সৃষ্টি হ'ব পাৰে৷

প্ৰত্যেক মানুহেই যদি ভাল চিন্তা কৰে, গান্ধীৰ তিনিটা বান্দৰৰ দৰে বেয়া নাচাবা, বেয়া নক'বা, বেয়া নুশুনিবা নীতি অৱলম্বন কৰে তেন্তে প্ৰত্যেক মানুহৰে মনবোৰ পবিত্ৰ আৰু নিকা হৈ থাকিব৷ চকু, কাণ, নাক, জিভা আৰু ছালে গ্ৰহণ কৰিব পৰা সমাজৰ নেতিবাচক দিশবোৰলৈ আমাৰ মনটোক এৰি নিদি, সমাজৰ ইতিবাচক দিশবোৰ লক্ষ্য ৰাখোঁ তেন্তে নিজৰ মনটোক সদায় ভাল চিন্তাৰ বাবে প্ৰস্তুত কৰি ৰাখিব পাৰিম৷ আমাৰ সমাজত থকা প্ৰধান ছটা নেতিবাচক দিশ হ'ল কাম, ক্ৰোধ, লোভ, মোহ, মদ (অহংকাৰ) আৰু মৎস্য (পৰশ্ৰীকাতৰতা)৷ এই ছটা কাৰ্য্যৰো প্ৰধান উপকৰণ হ'ল আমাৰ পঞ্চেন্দ্ৰিয়৷ সেয়ে আমি চকু, কাণ, নাক, জিভা আৰু ছালৰ কথালৈ নগৈ অৰ্থাৎ "অন্য দেৱ-দেৱীক" পূজা নকৰি তাৰ সন্মুখত থকা লোভনীয় উপকৰণসমূহলৈ চকু নিদি অৰ্থাৎ "প্ৰসাদ" গ্ৰহণ নকৰি নিজকে সংযম কৰোঁ তেতিয়া আমি আমাৰ শৰীৰ আৰু মনটোক ব্যভিচাৰী হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম৷

মহাপুৰুষ শংকৰদেৱ আছিল এজন সমাজ সংস্কাৰক৷ এখন আদৰ্শ সমাজ প্ৰতিষ্ঠাৰ বাবেই তেওঁ মানুহৰ মনত ভক্তিৰ সঞ্চাৰ কৰিছিল৷ ভক্তি কোনো বাহ্যিকভাৱে দেখুৱাব লগা বস্তু নহয়৷ ভক্তি হৈছে আমাৰ আত্মাৰ ভিতৰৰ পৰা ওলাই অহা এটা মহৎ গুণ৷ সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰা, মানুহক মানুহ হিচাপে জ্ঞান কৰা, মানুহৰ মনত থাকিব লগা মানৱতা, ভ্ৰাতৃত্ববোধ, প্ৰেম, দয়া আদি গুণসমূহৰ সামগ্ৰিক ৰূপটোৱেই হৈছে ভক্তিৰ আধাৰ৷ আমাৰ বোধেৰে এইবিলাকৰ লগত কোনো দেৱ-দেৱীৰ পূজা বা প্ৰসাদৰ লগত সম্পৰ্ক নাই৷ আমাৰ পঞ্চেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি আমাৰ আধ্যাত্মিক বিকাশেহে সেই ভক্তি ব্যভিচাৰী হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব৷ কাৰণ কোনো পূজাৰে উদ্দেশ্য সমাজক ব্যভিচাৰী কৰি তোলা নহয়৷ সৎ, সুন্দৰ আৰু মহৎ উদ্দেশ্য আগত ৰাখি কৰা সকলো পূজাই সমাজ এখন পবিত্ৰময় কৰি তুলিব পাৰে৷

Monday, June 20, 2011

পূবেৰুণ : অসমীয়া ইউনিক'ড কী-ব'ৰ্ড

দৈনিক জনমভূমিৰ 20 জুন 2011 তাৰিখে প্ৰকাশিত লেখা-

Monday, June 6, 2011

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি!

(এনাজৰী ডট্ কমৰ জুন মাহৰ সংখ্যাত প্ৰকাশিত)
অসমত জুন মাহটো অহাৰ লগে লগেই সকলো কলাপ্ৰেমী মানুহৰ মুখতেই এটা নাম শুনা যায়৷ অৱশ্যে নাম নুশুনা ব্যক্তি বা উচ্চ শিক্ষিত মানুহৰ সংখ্যা যে কম নহ’ব এনে নহয়৷ সেই নামটোৱেই হ’ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা৷ অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতি, গীত-নৃত্য, অভিনয় সকলো ক্ষেত্ৰতে বিষ্ণু ৰাভাৰ অৱদান অনস্বীকাৰ্য৷ তেওঁ জাতি-ভেদ, উচ্চ-নীচ ভেদে এখন বৃহত্তৰ অসমীয়া সমাজ প্ৰতিষ্ঠাৰ বাবে গোটেই জীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল৷ তেওঁ ইয়াৰ বাবে যি বিপ্লৱৰ পোষকতা কৰিছিল সেই আদৰ্শৰ আজি সঠিক মূল্যায়ন হৈছে বুলি ক’ব নোৱাৰি৷ বৰ্তমান সময়ত অনুষ্ঠিত কৰি অহা “ৰাভা দিৱস” সমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে কেৱল মাত্ৰ কেইটামান গীত-নৃত্যৰ প্ৰতিযোগিতাৰে বা বক্তৃতানুষ্ঠানৰ মাজেৰে বছৰ ধৰি পাহৰি থকা এজন ব্যক্তিক স্মৰণ কৰা হয়৷ এই অনুষ্ঠানসমূহ মূলতঃ বিষ্ণু ৰাভাৰ নামত এক চৰম প্ৰহসনতহে পৰিণত হোৱা দেখা যায়৷ য’ত বিষ্ণু ৰাভাৰ আদৰ্শ, তেওঁৰ স্বপ্ন আৰু কলা-সংস্কৃতিৰ অন্তৰালত থকা তেওঁৰ ত্যাগ কষ্ট কোনোবা ৰচনাৱলীৰ মাজতে বন্দী হৈ পৰে৷ ইয়াৰ মূলতে হ’ল বিষ্ণু ৰাভাই যিখন সমাজ প্ৰতিষ্ঠাৰ বাবে গোটেই জীৱন ত্যাগ আৰু কষ্টৰ মাজেৰে সাধাৰণ হালোৱা-হজুৱাৰ মাজত কটাইছিল সেইখন সমাজক এই বৰ্জোৱা সমাজে কোনো দিনাই সমৰ্থন কৰা নাছিল৷ সেয়ে আজি বিষ্ণু ৰাভাক কেৱল কলাৰ পূজাৰী হিচাপেই মনত ৰাখিবলৈ চেষ্টা কৰি অহা হৈছে৷ কিন্তু সেই কলাৰ অন্তৰালত থকা তেওঁৰ সপোনটোক সততে ভৰিৰে মোহাৰি পেলাবলৈ এচাম মধ্যবিত্ত সদা প্ৰস্তুত থাকে৷
        বিষ্ণু ৰাভাৰ বিপ্লৱী সত্তা জাগ্ৰত হৈ উঠিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মাজেৰেই৷ মহাত্মা গান্ধীৰ দৰে তেওঁ এখন শ্ৰেণীহীন সমাজৰেই পোষকতা কৰিছিল যদিও ভাৰতৰ স্বাধীনতা লাভৰ পিছত এচাম নেতা-মন্ত্ৰীৰ কাৰ্যকলাপে তেওঁক সন্তুষ্ট কৰিব পৰা নাছিল৷ সেয়ে তেওঁ ভাৰতৰ স্বাধীনতাৰ পিছতে উদাত্ত কণ্ঠৰে চিঞৰি উঠিছিল “ইয়ে আজাদী ঝুঠা হ্যায়” আৰু হাতত বন্দুক তুলি সাধাৰণ হালোৱা-হজুৱা কৃষক সমাজৰ মুক্তিৰ কামনাৰে এটা নতুন বিপ্লৱৰ জন্ম দিছিল৷ যিদৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা অনেক স্বাধীনতা সংগ্ৰামীয়ে স্বাধীনতা লাভ কৰাৰ পিছত চৰকাৰ গঠন কৰি নিজৰ ভোগ-বিলাসৰ স্বাৰ্থত গান্ধীৰ সপোনৰ ৰাম ৰাজ্যক ভৰিৰে মোহাৰি পেলাইছিল, সেইদৰে বিষ্ণু ৰাভাৰ নতুন সংগ্ৰামী আন্দোলনকো মষিমূৰ কৰিবলৈ চেষ্টা কৰিছিল৷ সাধাৰণ কৃষকৰ মাজত সোমাই থকা বিষ্ণু ৰাভাক কেইবাবাৰো অসম চৰকাৰে বন্দী কৰি কোনো বিচাৰ নোহোৱাকৈয়ে জে’লত ভৰাই ৰাখিছিল৷ আনকি ১৯৬২ চনৰ নৱেম্বৰ মাহত ভাৰতবৰ্ষত চীনৰ আক্ৰমণৰ অগ্ৰগতি লাভ কৰাৰ কথা বিয়পি পৰাৰ লগে-লগে ভাৰত ৰক্ষা আইনৰ অধীনত ১৯ নৱেম্বৰত কংগ্ৰেছ চৰকাৰে বিষ্ণু ৰাভাক বন্দী কৰি তেজপুৰ জেলত আৱদ্ধ কৰি ৰাখে আৰু পিছদিনা হাতত হেণ্ড-কাফ লগাই কঁকালত শকত জৰীৰে বান্ধি প্ৰকাশ্যভাৱে আলিয়েদি তেওঁক অন্য জেললৈ চালান দিছিল৷ 

        বিষ্ণু ৰাভাৰ দোষ কি আছিল? চৰকাৰৰ শোষণ-শাসন আৰু অন্যায় অত্যাচাৰৰ বিৰুদ্ধে সাধাৰণ জনগণক সজাগ কৰি দিয়াই আছিল তেওঁৰ অপৰাধ৷ সেয়ে সাধাৰণ হালোৱা-হজুৱা কৃষক শ্ৰেণীৰ বুকুৰ মাজতে সোমাই থকা বিষ্ণু ৰাভাক চৰকাৰে বিচাৰি উলিয়াব নোৱাৰি তেওঁক জীৱন্তে বা মৃত ধৰিব পৰাজনলৈ দহ হাজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল৷ কিন্তু তেওঁ সেই দহ হাজাৰ টকীয়া পুৰষ্কাৰৰ বিপদ বুকুত বান্ধিও গাঁৱৰ বুকুৰ পৰা অসমীয়া সোণসেৰীয়া সংস্কৃতিৰ গীত-মাত বুটলি আনিছিল৷ প্ৰকৃত কলাৰ সৃষ্টিৰে অসমীয়া সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিল৷ বিষ্ণু ৰাভাই মূলতঃ মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তি ৰাজৰেই কামনা কৰিছিল৷ তেওঁ আশা কৰিছিল যিদিনা সমাজত পঞ্চায়তৰ বিকাশ হ’ব, সকলো মানুহে সম অধিকাৰৰ মাজেৰে জীয়াই থাকিব সেইদিনাই ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিব৷ তেওঁ আছিল প্ৰকৃততে এজন দেশ প্ৰেমিক আৰু সমাজ সেৱক৷ পিতৃ পদত্ত আঢ়ৈ হেজাৰ বিঘা মাটি সাধাৰণ কৃষকৰ মাজত বিলাই দি, বৃটিছ চৰকাৰে দিয়া ডি-এছ-পি চাকৰিও পৰিত্যাগ কৰি বিষ্ণু ৰাভাই সেয়ে সাধাৰণ মানুহৰ মাজতেই জীয়াই থাকি কৃষক সমাজৰ বাবেই জীৱন আত্মনিয়োগ কৰিছিল৷
        আজি বিষ্ণু ৰাভাৰ নামেৰে “ৰাভা দিৱস” উদযাপন কৰোঁতে এই সকলোবোৰ কথা ক’ৰবাত এলাগি হৈ পৰে৷ লাখ লাখ টকা খৰছ কৰি পঞ্চায়ত বা বিধান সভাৰ দলীয় টিকট কিনি নিজকে ধোঁৱা-তুলসীৰ পাত সজায় শাসন গাদিলৈ অহা জননেতাসকলে বিষ্ণু ৰাভাৰ সেই দহ হাজাৰ টকীয়া মূৰত মাল্যদান কৰি বক্তৃতা দিয়ে৷ তেওঁৰ নৃত্য-গীতৰ প্ৰশংসাৰে, কবিতা আবৃত্তিৰে মানুহক আমোদ দিয়ে৷ কিন্তু সততে ৰাভাৰ সেই আদৰ্শ আৰু স্বপ্নৰ পৰা আঁতৰি থাকে৷ আজিৰ বাস্তৱ সমাজখন যেন বিষ্ণু ৰাভাৰ স্বপ্নৰ পৰা বহু পৃথক৷ সেয়া পঞ্চায়তীৰাজেই হওক বা বিধান সভাই হওক৷ বিধান সভাৰ ক্ষেত্ৰটো বিষ্ণু ৰাভাৰ মত আছিল “প্ৰকৃত ৰাইজৰ কামত অহা ৰাইজৰ দৰবাৰ” প্ৰতিষ্ঠা কৰা৷ ৰাইজৰ কামত নহা অপ্ৰয়োজনীয় বাদ-বিবাদবোৰ আৰু ৰাইজৰ অৰ্থৰ অপচয়বোৰ তেওঁ আঁতৰ কৰিব বিচাৰিছিল৷ কিন্তু অসমৰ ৰাজনৈতিক নেতাসকলে ৰাভাই যি দুটা দিশক অধিক অগ্ৰাধিকাৰ দিছিল তাকেই উপেক্ষা কৰি তেওঁক অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ সুৰৰ পূজাৰী হৈ আজি বিষ্ণু ৰাভা সকলোৰে প্ৰাণত জীয়াই আছে আৰু অসমীয়া জাতি থাকে মানে জীয়াই থাকিব কিন্তু সেয়াই বিষ্ণু ৰাভাই পাব লগা প্ৰকৃত স্বীকৃতি বুলি একেষাৰে ক’ব নোৱাৰি৷

উপসংহাৰ :বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি!
তুমি সাৰে আছা
সাৰে আছে প্ৰীতি...
 কবিৰ প্ৰশ্নটোৰ যেন এতিয়া সহজেই উত্তৰ দিব পৰা হৈছে৷ হয় “বিষ্ণু ৰাভা এতিয়া বহু ৰাতি” গোটেই জীৱন হাবিয়ে-জঙ্গলে সাধাৰণ জনজীৱনৰ মাজত উজাগৰে (সাৰে) থাকি নিস্বাৰ্থভাৱে দেশ আৰু মানুহৰ বাবে গান ৰচা বিষ্ণু ৰাভাৰ সেই উজাগৰি নিশাৰ ত্যাগ কষ্টৰ সন্মান অসমবাসীয়ে ৰক্ষা কৰিব নোৱাৰিলে৷ মাথো তেওঁৰ সেই ভালপোৱা “প্ৰীতি” সকলো জীয়াই থাকিল এটা নিৰ্দিষ্ট দিনত কোনোবা জকমকীয়া অনুষ্ঠানত বা এচাম মুখা-পিন্ধা মানুহৰ কণ্ঠত৷ সকলোৱেই যেন পাহৰি গ’ল বিষ্ণু ৰাভাৰ আদৰ্শ, ত্যাগ আৰু তেওঁৰ বৈপ্লৱিক চেতনাৰ অন্তৰালত থকা এখন শ্ৰেণীহীন, স্বাৰ্থহীন সমাজৰ স্বপ্নটো৷ এতিয়া আৰু তেওঁক প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি‌!”

Monday, May 23, 2011

চহৰীয়া ছোৱালী

হুদিনৰ পিছত হৰকান্ত পথাৰলৈ বুলি ওলাল৷ বিয়া বুলিলে বাৰু কমখন সমস্যানে, তাতে নিজৰ বিয়া৷ বৰষুণে জাগল পাতিছে যদিও উপায় নাই৷ ছোৱালীৰ বোলে এতিয়া পৰীক্ষা-চৰীক্ষা নাই, ব'হাগতে নাপাতিলে একেবাৰে মাঘ-ফাগুন পাবগৈ৷ আনপিনে হৰকান্তৰো লৰালৰি৷ মাক অকলশৰীয়া৷ বোৱাৰী এজনী নহ'লেই নহয়৷ খোবাহীৰ পিছতে আলহী বুলিবলৈ কোনোৱেই নাথাকিল৷ আজিকালি সকলোৰে ঘৰতে যেন একেটাই সমস্যা৷ সকলো অকলশৰীয়া৷ হৰকান্তই আজি পুৱাই পথাৰখনকে চাই আহো বুলি বিচনাৰ পৰা উঠি দেখে কাষত মিনতি নাই৷ ন-বোৱাৰী পুৱা সোনকালে উঠি আগচোতাল সৰাত লাগিল বুলি হৰকান্তই উঠিয়েই আগফাল পালেহি৷ পিছে মিনতি নাই৷ মুখত ব্ৰাছডাল লৈ কুঁৱাপাৰলৈ গৈয়ো দেখে মিনতি নাই৷ হৰকান্তই ইটো-সিটো ৰুম চাই মেলি দেখে সঁচাই মিনতি নাই৷ দুই-এবাৰ মিনতি.. মিনতি.. বুলি মাতিও যেতিয়া মিনতিৰ মাত নাপালে হৰকান্তৰ মনত নানান চিন্তাই আমনি দিবলৈ ধৰিলে৷ মাকক চিঞৰি চিঞৰি মাতি বোৱাৰীয়েক নথকাৰ কথা কোৱাৰ পিছতে একেজাপে মাক উঠি আহি আগচোতাল পালেহি৷ ইতিমধ্যে কাষৰ কেইঘৰ মানুহৰ বোৱাৰীকেইজনীয়ে আগচোতাল সৰা আৰম্ভ কৰিছে৷ মাকে উত্কন্ঠা সামৰিব নোৱাৰি ইপিনে-সিপিনে থকা বোৱাৰী কেইজনীক মিনিতৰ কথা সুধিবলৈহে পালে, লগে লগে হৰকান্তৰ চোতালত হাতে হাতে বাঢ়নী লৈ মাইকী মানুহৰ এখন ফুচফুচিয়া মেলেই বহিল৷ মুখ ফুটাই নকলেও ন-বোৱাৰী মিনতিৰ চৰিত্ৰত ধৰি ভোন-ভোন আৰম্ভ হ'লেই৷ কডো বাঁহত জুই দিবলৈহে যেন বাকি আছিল৷ কাষৰ ঘৰৰে হলিৰামে দৌৰি আহি ফোপাই-জোপাই যি সম্বাদ দিলে তাক শুনি সকলোৰে চকু কেইটা বাটলু গুটিটো যেন হ'ল৷ মিনতিয়ে দীঘল চোলা এটা পিন্ধি ৰাষ্টাই ৰাষ্টাই কোবাকুবিকৈ গৈ আছে৷ সি ৰাষ্টাৰ কাষৰ পথাৰখনত হাল বাই থাকোতে দেখি আহিছে৷
কথা শুনি হৰকান্ত পিৰালিতে বহি পৰিল৷ মাকে খালে খালে, মৰতিয়ে মোৰ ল'ৰাটোৰ মুৰটো খালে বুলি চিঞৰি বোৱাৰীয়েকৰ ৰুম পালেগৈ৷ নাই নাই হাতত একো নিয়া নাই৷ গহনাখিনি, কাপোৰ-কানি সকলো আছে৷ ইতিমধ্যে মাইকী মানুহবিলাকৰ মাজত চলি থকা ফুচ-ফুচনিবিলাক এইবাৰ ডাঙকৈয়ে ওলাল৷ এজনী ক'লে "কাৰোবাৰ লগত কিবা লেতি-পেতি আছিল যদি আমাৰ ল'ৰাটোৰ জীৱনটোনো কিয় ধ্বংস কৰিব লাগে?" আন এজনীয়ে আকৌ ক'লে "সেই কাৰণে মই কৈছিলোঁ, বোলো চহৰৰ ছোৱালী বিয়া পাতিব নালাগে, কাৰ লগত লীলিমাই কৰি থাকে ধৰিবকে নোৱাৰি৷" সিপিনে মাকৰ খঙে চুলিৰ আগ পাইছেগৈ৷ পিছে হৰকান্তই পিৰালিতে জুপুকা মাৰি ভাবিছে, ক'ত ভুল হ'ল তাৰ৷ বিয়াৰ আগতেটো তাইৰ লগত সি মুকলিভাৱেই কথা পাতিছে৷ কিছুসময়ৰ পিছত ন-বোৱাৰীৰ সাত-পুৰুষ উধাৰি গালি পাৰি যেতিয়া সকলো মানুহ ঘৰা-ঘৰি যাবলৈ ধৰিছে, মিনতি আহি চোতালত উপস্থিত৷ ৰাতিপুৱাই ইমানবোৰ মানুহ দেখি মিনতিয়ে তল মুৰ কৰিয়েই ভিতৰলৈ বুলি যাবলৈ ধৰিলে৷ কিন্তু মাকে দৰজাৰ মুখতে আগভেটা দি কিছু টানকৈয়ে সুধিলে-ক'ত গৈছিলা? শাহুৱেকৰ প্ৰশ্নটোত থতমত খাই মিনতিয়ে লাহেকৈ কওঁ নকওঁকৈ ক'লে - ম..ম..ম..মৰনিংওৱাক কৰিবলৈ গৈছিলোঁ৷ বোৱাৰীয়েকৰ কথা শুনি শাহুৱেকৰ লগতে সকলোৰে মুখৰ মাত হৰিল৷ মাকে মৰমতে বোৱাৰীয়েকৰ মুৰত হাত ফুৰাই ক'লে - মই জানো নহয় আমাৰ বোৱাৰীয়ে এনেকুৱা কেতিয়াও নকৰে বুলি৷ যা আই ভিতৰলৈ যা, চাহ-তাহ কৰগৈ !!!

Friday, April 8, 2011

যেন হেৰাই গৈছে এটা সেউজীয়া সপোন৷

বিহু বুলিলেই অসমীয়া জাতিৰ বুকুলৈ যিদৰে এটা নতুন উল্লাহৰ ঢৌ বাগৰি আহে, প্ৰকৃতিৰ সেউজীয়া আন্দোলিত ৰূপে যিদৰে মানুহৰ বুকুলৈ প্ৰেমৰ বন্যতা নমাই আনে, কপৌফুলৰ সোবাসে যিদৰে নাচনি গাভৰুৰ খোপাত এখোপা হৈ পাহুৱাল ডেকাৰ বুকুত ভালপোৱাৰ জন্ম দিয়ে তাক পৃথিৱীৰ কোনো জাতিয়েই অনুভৱ কৰিব নোৱাৰে৷

মাহ-হালধি সানি নদীৰ ঘাটত নোৱাবলৈ লৈ যোৱা গৰুবোৰৰ হেম্বেলনি, আনন্দ, চাটৰ পৰা চটিয়াই দিয়া 'লাও খা, বেঙেনা খা'ৰ সন্মিহলি শব্দবোৰ, পৰিষ্কাৰ গৰুবোৰক নতুন পঘা দিবৰ বাবে তুলসী, দুবৰি আৰু ৰঙা সূতাৰে বন্ধা সেই আনন্দবোৰ, গধুলি খোৱাবৰ বাবে বনোৱা পিঠাগুৰিৰ লাডুবোৰ, ধোৱাৰে আৱৰি ধৰা জাগটো... ক'ত বিচাৰি পোৱা যাব৷

জাক জাক শিশুৰ পৰা নামঘৰৰ ভকতসকলৈলে যোৰা-যোৰে আহি চোতালত হৰিধ্বনি দি গোৱা হুঁচৰি, বিহুনাম, হৰিনাম, বিহুগীতৰ মোখৰিত শব্দ, মিচিং ভাই-ভণীৰ মিচিং সুৰত গোৱা ঐনিতম... ঘৰে ঘৰে লাডু পিঠা দৈ সান্দহ খাই শেষ কৰিব নোৱাৰা সমন্বয়ৰ প্ৰতিক এই বিহুৰ আনন্দ অসমীয়া জাতিৰ জাতীয় সংস্কৃতিৰ বাহক৷

সময়ৰ পৰিৱৰ্তন জীৱনৰ ব্যস্ততা, সন্থাপনৰ চিন্তাই হয়টো হাজাৰ-হাজাৰ অসমীয়াৰ বুকুত এটা কঠিন প্ৰশ্নৰ সৃষ্টি কৰিছে৷ তাহানিতে কোনোবা গাঁৱৰ শিক্ষিত নিবনুৱাই হয়টো এই বিহু, এই প্ৰকৃতি, এই গাঁৱৰ সৰলতাৰ মোহ এৰিব নোৱাৰি চাকৰিৰ সন্ধানত নিজৰ পৈত্তিক সম্পত্তি বিক্ৰী কৰিয়েই গাঁৱৰ মাজতেই থকাৰ কথা ভাবি মনৰ কথা প্ৰকাশ কৰিছিল

পঢ়িলোঁ শুনিলোঁ  বি-এ পাছ কৰিলোঁ
 চাকৰি মুখলৈ চাই
ভেটি বন্ধক দিলোঁ  মাটিও বেচিলোঁ
 চাকৰি পাবলৈ নাই৷

কিন্তু সময়ৰ পৰিৱৰ্তন আৰু সংস্থাপনৰ চিন্তাই মানুহক আজি গাঁৱৰ মোহ এৰিবলৈ বাধ্য কৰিছে৷ জীয়াই থকাৰ তাড়নাত আজি মানুহে নিজৰ শিক্ষা সামৰ্থ অনুসৰি নিজৰ জাতিৰ সীমা এৰি আঁতৰি আহিছে এখন নতুন সমাজলৈ৷ সমাজৰ পৰিৱৰ্তনে জন্ম দিছে এটা নতুন ৰুটিন মাফিক জীৱন৷ নিজৰ কৃষ্টি-সংস্কৃতিৰ আনন্দৰ মূৰ্হুত্বত কামৰ বোজা মুৰত লৈ আনৰ কৃষ্টি-সংস্কৃতিত কামৰ পৰা আঁতৰি থাকি আনন্দ কৰাৰ যন্ত্ৰনা হয়টো কোনো স্বদেশৰ মানুহেই বুজিব নোৱাৰিব৷হয়টো আজি প্ৰবাসত থকা প্ৰতিজন অসমীয়াৰে প্ৰাণত এবাৰলৈ হ'লেও বাজি উঠিছে নিজৰ গাঁৱৰ পৰা, আপোনজনৰ পৰা আঁতৰি থকাৰ যন্ত্ৰনা৷ হয়টো মনটো উৰা মাৰিছে নিজৰ গাঁৱখনলৈ, বিহুৰ বতৰত লগেভাগে এসাঁজ ভাত খাবলৈ, চুবুৰিৰ আইতাৰ হাতৰ গাখিৰ দিয়া সান্দহ খাবলৈ, নিজৰ আপোন ভালপোৱা মানুহৰ সংগত অলপ হাঁহিবলৈ...!

বিহু বুলিলেই ডেকা-গাভৰুৰ প্ৰাণত জাগি উঠে প্ৰেম আৰু ভালপোৱা৷ প্ৰকৃতিৰ ন-কুঁহিপাতে সেউজীয়া কৰি তোলা মন প্ৰাণত জগাই তোলে অনাবিল ভালপোৱা৷ গাঁৱৰ পৰা চহৰলৈকে প্ৰতিখন দোকান, ৰেষ্টোৰা, প্ৰতিঘৰ মানুহৰ ঘৰতে বাজি উঠা বিহুগীতৰ সুৰে, প্ৰেম আৰু যৌৱনৰ উন্মাদনি শক্তিয়ে মনলৈ কঢ়িয়াই আনে জীয়াই থকাৰ প্ৰেৰণা৷ ডেকা-গাভৰুৰ সুখ-দুখ বিৰহ-বেদনা, প্ৰেম, হৰ্ষ-বিষাদ, আশা-আকাঙ্খাৰ প্ৰতিক এই বিহুগীত শুনিলে আজিও দৌৰ মাৰে নিজৰ বন্ধু-বান্ধৱীৰ সংগত জীৱনৰ দুখবোৰ বিলাই দিবলৈ৷ আজি যেন চকুৰ চাৱনিত জীপাল হৈ উঠা সেই হৃদয়ৰ ভালপোৱা ম'বাইলৰ মুখেৰে কুণ্ডলি পকাই পকাই যান্ত্ৰিক হৈ পৰিছে৷ চেনেহৰ গামোচাখন নহ'লেও কিনি দিয়া ৰুমালখন, খোপাৰ কপৌফুল নহ'লেও দোকানৰ পৰা আনি দিয়া পাৰ্ফিউমটোৱেও যেন জীয়াই ৰাখিছে পৰিৱৰ্তনশীল সময়ৰ বিহুৰ পৰম্পৰা৷ কিন্তু শিক্ষাজীৱনৰ পৰীক্ষাৰ তাগিদা আৰু কোম্পানী চাকৰিৰ ব্যস্ততাই যেন ক্ৰমে ক্ৰমে শেষ কৰি দিছে এটা সেউজীয়া সপোন, জীৱনৰ মাদকতা৷

হয়টো আজি বহু প্ৰবাসিয়ে একেলগে গোটখাই স্বেদেশ বা বিদেশ সকলোতে ৰঙালী উত্সৱ পালন কৰিব৷ কিন্তু জাকজমকিয়া লাইটৰ পোহৰত, হাতে-হাতে পিজা, বাৰগাৰ কাটাচামুচলৈ আনন্দ কৰাৰ যন্ত্ৰনা হয়টো প্ৰতিজন অসমীয়াৰ বুকুতেই দাগ কাটি যায়৷ তথাপি সেই আনন্দ, অসমীয়া কৃষ্টি-সংস্কৃতিক বাহিৰৰ পৃথিৱীৰ মানুহৰ আগত প্ৰকাশ কৰাৰ সেই সত প্ৰচেষ্টাই কিছু সময়লৈ হ'লেও নিজৰ মনত শান্তি দিয়ে, এৰি অহা আৰু যাব নোৱাৰা যন্ত্ৰনাক শান্ত কৰে৷

(সকলো পাঠকলৈ ব'হাগ বিহুৰ শুভেচ্ছ যাচিলোঁ)

Tuesday, March 22, 2011

অসমীয়া ইনস্ক্ৰীপ্ট কীবোৰ্ড

ইনস্ক্ৰীপ্ট (ভাৰতীয় লিপি) কীবোৰ্ড কম্পিউটাৰত ভাৰতীয় পাঠ ইনপুট কৰিবলৈ ব্যৱহাৰ কৰা হৈছে৷ এইটো হৈছে অসমীয়া লিপিত লিখা স্থায়ী ব্যৱস্থা৷ ইয়াৰ দ্বাৰা এজন ছিষ্টেম ব্যৱহাৰকাৰীয়ে সহজতে কোনো বেলেগ চফ্টৱেৰ বা কীবোৰ্ড সংস্থাপন নকৰাকৈ অসমীয়া লিখিব পাৰে৷ তলত এই ব্যৱস্থাৰ কিছু আভাষ প্ৰদান কৰা হ'ল৷

ছিষ্টেম আৱশ্যকতা:
Windows Vista
Windows 7


নিৰ্দেশাৱলী: (নিৰ্দেশাৱলীসমূহ অসমীয়াত দিবলৈ চেষ্টা কৰা হৈছে)৷

Windows Vista আৰু Windows 7-ত

1.নিয়ন্ত্ৰণ কক্ষলৈ যাওক
2.যদি আপুনি সাধাৰণ দৰ্শনত আছে, তেন্তে ঘড়ী, ভাষা আৰু ক্ষেত্ৰৰ পৰা কীবোৰ্ড আৰু অন্য ইনপুট পদ্ধতি পৰিৱৰ্তন কৰক চয়ন কৰক৷
3.যদি আপুনি ক্লাছিক দৰ্শনত আছে, তেন্তে ক্ষেত্ৰীয় আৰু ভাষা বিকল্পসমূহ চয়ন কৰক৷
4.যদি আগতে ইয়াক চয়ন কৰা নাই তেন্তে কীবোৰ্ডসমূহ আৰু ভাষাসমূহ টেব চয়ন কৰক৷ তাৰপিছত কীবোৰ্ডসমূহ পৰিৱৰ্তন কৰক... বুটাম চয়ন কৰক৷
5.সাধাৰণ টেবৰ ভিতৰত যোগ কৰক বুটাম ক্লিক কৰক৷
6.সূচীৰ পৰা প্ৰয়োজন হোৱা ভাষা (অসমীয়া) চয়ন কৰক আৰু + চিন ব্যৱহাৰ কৰি ইয়াক বিস্তাৰ কৰক৷ তাৰপিছত, কীবোৰ্ড আইটেম বিস্তাৰ কৰক আৰু আপোনাৰ প্ৰয়োজনীয় কীবোৰ্ড লেআউট  (অসমীয়া – ইনস্ক্ৰীপ্ট) চয়ন কৰক৷ ঠিক ক্লিক কৰক৷
7.এতিয়া আপুনি অসমীয়া – ইনস্ক্ৰীপ্ট দেখা পাব৷ পৰিৱৰ্তনসমূহ সংৰক্ষণ কৰিবলৈ ঠিক ক্লিক কৰক৷

ইনস্ক্ৰ্ৰীপ্ট লেআউট মান্য 101 কীবোৰ্ড ব্যৱহাৰ কৰে৷ বৰ্ণসমূহৰ মেপিং এনেদৰে কৰা হৈছে যাতে সকলো ভাৰতীয় ভাষাৰ (বাঁও ফালৰ পৰা সোঁ ফাললৈ লিখা) কাৰণে সমান হয়৷ ইয়াৰ সকলো কী সমান হোৱা বাবে কোনো এটা ভাষাত পাৰ্গত এজন ব্যৱহাৰকৰ্তাই অন্য এটা ভাষা সহজতে টাইপ কৰিব পাৰে৷

ইয়াত মজুত থকা কীবোৰ্ডৰ আটাইটকৈ ডাঙৰ সুবিধা হৈছে ভাৰতীয় লিপিৰ পৰা লেটিন আৰু ইয়াৰ ৱিপৰীত দিশলৈ স্থানান্তৰ কৰিব পৰাটো৷ আপুনি Alt + Shift দবায় ইংৰাজীৰ পৰা অসমীয়া বা অসমীয়াৰ পৰা ইংৰাজীলৈ কীবোৰ্ড পৰিৱৰ্তন কৰিব পাৰে৷


ইনস্ক্ৰীপ্ট কীবোৰ্ড লেআউটত তলত দিয়াৰ দৰে কীসমূহ দেখা যায়:

Shift ব্যৱহাৰ নকৰাকৈ:



 Shift ব্যৱহাৰ কৰি:




বৰ্ণ লিখন:

এটা বৰ্ণ টাইপ কৰিববলৈ আপুনি কীবোৰ্ড লেআউট পৰীক্ষা কৰা উচিত (অসমীয়া কীবোৰ্ড পৰিৱৰ্তন কৰাৰ সময়ত আপোনাৰ ছিষ্টেমৰ বাঁও ফালৰ তলৰ সঁজুলি দণ্ডিকাত AS দেখা পাব৷)  এতিয়া তলৰ নিয়ম ব্যৱহাৰ কৰি বৰ্ণ টাইপ কৰক৷ কিছুমান বৰ্ণ কীৰ সৈতে Shift ব্যৱহাৰ কৰি টাইপ কৰা হয়৷ আন কিছুমান বৰ্ণ টাইপ কৰিবলৈ Shift কীৰ প্ৰয়োজন নহয়৷


উদাহৰণ:  K = ক,  Shift + k = খ


মাত্ৰা লিখন:

মাত্ৰাৰ সৈতে এটা বৰ্ণ টাইপ কৰিবলৈ, বৰ্ণ টাইপ কৰক আৰু তাৰপিছত আপোনাৰ প্ৰয়োজন হোৱা মাত্ৰা টাইপ কৰক৷

পা = h+e, পী = h+r,  পি = h+f,  পু = h+ g,  পূ = h+ t, পে = h+s,  পৈ = h+w, পো = h+a,  পৌ = h+q


শব্দ লিখন:

ভাৰত = Shift + y + e + j + l

কিৰণ = k + f + j + Shift + c
বিদ্যালয় = y + f + o + d + Shift + / + e + n + /
ৰাষ্ট্ৰীয় = j + e + Shift + , + d + ’ + d + j + r + /
এক = Shift + s + k  
দুই = o + g + Shift + f  
তিনি = l + f + v + f  
সোমবাৰ = m + a + c + y + e + j
মঙ্গলবাৰ = c + Shift + u + d + I + n + y + e + j


বাক্য লিখন:

আপোনাৰ খবৰ ভালনে?
Shift + e + h + a + v + e + j shift + k + y + j  shift + y + e + n + v + s ?


(অনুগ্ৰহ কৰি কীবোৰ্ড লেআউট দুখন প্ৰতিলিপি কৰিলেও অন্য কোনো স্থানত প্ৰকাশ নকৰিব৷ ব্যক্তিগতভাৱে চাবৰ কাৰণেহে দিয়া হৈছে৷)