আজিৰ পৰা বিশ বছৰৰ আগতে localization (স্থানীয়কৰণ) এটা বৃত্তি আৰু উদ্যোগ হিচাপে আমাৰ মাজত প্ৰচলিত নাছিল৷ আনকি চফট্ৱেৰ প্ৰকাশকসকলেও ইয়াৰ বিষয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল৷ ১৯৮০ চন মানৰ পৰাহে চফট্ৱেৰ প্ৰকাশকসকলে স্থায়ী-অস্থায়ীভাৱে কিছুমান ব্যক্তিক নিয়োগ কৰি নিৰ্দিষ্ট কিছুমান ভাষাত তেওঁলোকৰ উৎপাদিত দ্ৰব্য (product)সমূহৰ বিভিন্ন তথ্যপাতি স্থানীয় ভাষালৈ অনুবাদ কৰিছিল৷ কিন্তু একাধিক ভাষাত অনুবাদ কৰিবলৈ তেওঁলোকৰ হাতত কোনো অনুবাদক নাছিল৷ ১৯৮০ চনৰ মাজ ভাগত পোন প্ৰথমবাৰৰ বাবে পৃথিৱীৰ বিভিন্ন ভাষাৰ সেৱা প্ৰদান কৰিবৰ কাৰণে multi-language vendors (MLVs) স্থাপন কৰা হয়৷ সেইসময়তে INK (এতিয়া Lionbridge), IDOG (এতিয়া Bowne) আদিৰ দৰে নতুন কোম্পানীসমূহে বিভিন্ন ভাষাত কাৰিকৰী নথিপত্ৰ আৰু চফট্ৱেৰ সমলসমূহ অনুবাদ কৰাক বিশেষভাৱে গুৰুত্ব দিয়ে৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে ১৯৯০ চন মানৰ পৰা localization প্ৰায়বিলাক সফল ভাষা স্থানীয়কৰণ কোম্পানীতে, বিশেষকৈ চফট্ৱেৰ, দ্ৰব্য নথিভুক্তকৰণ আৰু ই-বাণিজ্যিক ক্ষেত্ৰসমূহত সাধাৰণভাৱে ব্যৱহৃত এটা শব্দত পৰিণত হৈ পৰে৷ ইণ্টাৰনেটৰ জনপ্ৰিয়তাৰ লগে লগে চফট্ৱেৰ প্ৰকাশকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ আন্তঃৰাষ্ট্ৰীয়কৰণ (internationalize) কৰাত অধিক মনোনিবেশ কৰে আৰু সাধাৰণ মানুহৰ বোধগম্য হোৱাকৈ তাক সজায় তোলাৰ ওপৰত গুৰুত্ব দিয়ে৷ বৰ্তমান ভাৰতবৰ্ষত একাধিক এনে ভাষা-অনুবাদ কৰা কোম্পানী গঢ়ি উঠিছে৷ ইয়াৰে বেছিভাগ উদ্যোগে বাহিৰত থাকি কাম কৰা ব্যক্তি (freelancer)-ৰ হতুৱাই কাম কৰাই যদিও স্থায়ী কৰ্মচাৰী ৰাখিও কাম কৰা দুই এটা কোম্পানী আছে৷
Translation (অনুবাদ) আৰু localization (স্থানীয়কৰণ) প্ৰায় সমসাময়িক শব্দ হ’লেও অৰ্থ আৰু ইয়াৰ কাৰ্য্য পদ্ধতিৰ ফালৰ পৰা দুয়োটাৰ মাজৰ প্ৰভেদ আছে৷ বৰ্তমান সময়ত মাইক্ৰ’চফ্টৰ বিভিন্ন অপাৰেটিং চিষ্টেমসমূহ (Windows Vista, Windows-7 আদি) বিভিন্ন স্থানীয় ভাষাত অনুবাদ কৰা দেখা পোৱা গৈছে৷ ইয়াৰ বিভিন্ন সংলাপ বাকচ, আইকন, সহায় তথ্য আদি সকলো অংশ localization প্ৰক্ৰিয়াৰে কৰা হৈছে৷ প্ৰধানতঃ localization প্ৰক্ৰিয়াত এটা নিদিষ্ট পৰিৱেশ বা অঞ্চলত খাপ খাব পৰাকৈ কোনো পাঠ (বিভিন্ন চফট্ৱেৰ প্ৰ’গ্ৰাম) অনুবাদ কৰা হয়৷ এই নিৰ্দিষ্ট পৰিৱেশ বা অঞ্চলটোকেই ক’ব পাৰি “locale” বা “স্থানীয়”৷ সাধাৰণ অৰ্থত “locale” বা “স্থানীয়” শব্দটোৱে এটা সৰু ক্ষেত্ৰ বা অঞ্চলক বুজা যায় যদিও বৰ্তমান এই স্থানীয় শব্দটোৱে সাধাৰণ অৰ্থত ব্যৱহাৰ কৰা অৰ্থতকৈ কিছু বিস্তৃত ৰূপ পৰিগ্ৰহণ কৰিছে৷ The Localization Industry Standards Association (LISA)- ৰ মতে “Localization involves taking a product and making it linguistically and culturally appropriate to the target locale (country/region and language) where it will be used and sold.” বৰ্তমান সময়ত “locale” শব্দটোক কাৰিকৰী দিশত অধিক প্ৰয়োগ কৰা হয়৷ যি কোনো এটা নিৰ্দিষ্ট ভাষা, সম্প্ৰদায় আৰু ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰে৷ উদাহৰণ স্বৰূপে অসমীয়াভাষী কম্পিউটাৰ ব্যৱহাৰকাৰী এজনে মাতৃভাষাতে তেওঁৰ নিজৰ কম্পিউটাৰটো ব্যৱহাৰৰ উপযোগি কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হয়৷ এটা স্থানীয়কৰণ কোম্পানীত সাধাৰণতে তলত উল্লেখ কৰা কাৰ্য্যকাৰিতাসমূহ দেখা যায়৷
(ক) প্ৰকল্প পৰিচালনা৷
(খ) অনুবাদ আৰু চফট্ৱেৰৰ কাৰিকৰী দিশসমূহৰ পৰীক্ষা৷
(গ) অনুবাদ, কাৰিকৰী পৰীক্ষা আৰু অনলাইন সহায় বা ৱেব সমলৰ পৰীক্ষণ৷
(ঘ) বিভিন্ন নথিপত্ৰৰ অনুবাদ আৰু ডি.টি.পি৷
(ঙ) মাল্টিমিডিয়া আৰু কম্পিউটাৰ আধাৰিত উপাদানসমূহৰ প্ৰশিক্ষণ৷
(চ) স্থানীয়কৰণ কৰা চফট্ৱেৰ বা ৱেব প্ৰয়োগসমূহৰ (application)-ৰ কাৰ্য্যকাৰিতা পৰীক্ষণ৷
প্ৰশ্ন হয় ভাষা অনুবাদ কৰা কোম্পানীসমূহে অনুবাদৰ ক্ষেত্ৰত Translation (অনুবাদ) শব্দটোৰ পৰিৱৰ্তে localization (স্থানীয়কৰণ) শব্দটো কিয় ব্যৱহাৰ কৰিব লগা হ’ল৷ কিছুমান ব্যক্তিৰ মতে ইয়াৰ কাৰণ হ’ল- পূৰ্বতে বিভিন্ন অনুবাদৰ ক্ষেত্ৰত সকলো শব্দ বা সমলকে নিৰ্দিষ্ট ভাষাটোলৈ অৰ্থগত অনুবাদ কৰি দিয়াৰ ফলত কিছুমান শব্দ আৰু অৰ্থৰ ক্ষেত্ৰত এটা হাস্যকৰ পৰিৱেশ দেখা দিছিল৷ যাৰ বাবে গোটেই বিষয়বস্তুটোৱেই ৰম্য-ৰচনাৰ শাৰীলৈ গতি কৰিছিল৷ এই ক্ষেত্ৰত প্ৰধান সমস্যা হৈ দেখা দিছিল ইণ্টাৰনেট আৰু কম্পিউটাৰত ব্যৱহৃত বিভিন্ন নতুন নতুন শব্দৰ অনুবাদৰ ক্ষেত্ৰত৷ কম্পিউটাৰ, ম’বাইল আদিত ব্যৱহাৰ কৰা অনেক শব্দই সাধাৰণ মানুহৰ মাজত প্ৰচলিত হৈ পৰে আৰু তেনে বহু শব্দই স্থানীয় ভাষাটোৰ মাজত নিগাজিকৈ স্থান লাভ কৰে৷ তেনে শব্দবোৰক অনুবাদ কৰি মানুহৰ মাজত প্ৰচাৰ কৰিলে কিছু অসুবিধাৰ সৃষ্টি হয়৷ চফট্ৱেৰ প্ৰকাশকসকলৰ মূল উদ্দেশ্য হৈছে পৃথিৱীৰ চুকে-কোণে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰা৷ সেয়ে তেওঁলোকে স্থানীয় ভাষালৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ নিৰ্দেশাৱলীসমূহ অনুবাদ কৰাই সাধাৰণ মানুহক জনাব বিচাৰে৷ এই ক্ষেত্ৰত তেওঁলোকে অনুবাদৰ দ্বাৰা নতুন শব্দ সৃষ্টি কৰাতকৈ স্থানীয় ভাষাটোত প্ৰচলিত শব্দৰ ওপৰত অধিক গুৰুত্ব দিয়ে৷
ভাষা স্থানীয়কৰণ কোম্পানীসমূহে সাধাৰণতে কিছুমান নিৰ্দিষ্ট ব্যক্তিক লক্ষ্য কৰি তেওঁলোকৰ উৎপাদিত দ্ৰব্যসমূহ কোনো এটা ভাষালৈ অনুবাদ কৰায়৷ উদাহৰণ স্বৰূপে Samsung-ৰ দৰে বৃহৎ ম’বাইল কোম্পানীয়ে ভাষা স্থানীয়কৰণৰ বাবে শেহতীয়াভাৱে প্ৰস্তুত কৰা নিৰ্দেশাৱলী (guidelines)-ত এনেধৰণৰ ব্যৱহাৰকৰ্তাসকলক (Target users) লক্ষ্য কৰি লৈছিল৷ (১) ম’বাইল ব্যৱহাৰ কৰে অথচ কোনো ভাষাকেই লিখিব বা পঢ়িব নাজানে৷ (২) ইংৰাজী নাজানে গতিকে মাতৃভাষাত হ’লে সুবিধা হয়৷ (৩) ইংৰাজী শব্দ জানে, কিন্তু মাতৃভাষাত লিখা থাকিলে বুজাত সহায় হয়৷ (৪) ইংৰাজী ভালদৰে জানে কিন্তু ইয়াৰ লগতে মাতৃভাষাক লৈ গৰ্ব অনুভৱ কৰে৷ আৰু (৫) ইংৰাজী জানে, সেয়ে মাতৃভাষা থকাৰ কোনো প্ৰয়োজন নাই৷ ইয়াৰে প্ৰথম তিনি ধৰণৰ ব্যৱহাৰকৰ্তাৰ কথা আগত ৰাখিয়েই দ্ৰব্য এটা স্থানীয়কৰণৰ কাৰণে নিৰ্বাচন কৰা হয়৷ বৰ্তমান বহুটো দেশৰ কম্পিউটাৰ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ স্থানীয় ভাষাত চফট্ৱেৰসমূহ ব্যৱহাৰ কৰি কাম কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে৷ সাধাৰণতে এনে কোম্পানীত কাম কৰিবৰ কাৰণে এজন ব্যক্তিৰ কেইটামান বিষয়ত দক্ষতা থকা অতি প্ৰয়োজন৷ তাৰ ভিতৰত-
(ক) কাম কৰিব বিচৰা ব্যক্তিজন ভাষাটোৰ মাতৃভাষী লোক হ’ব লাগিব৷
(খ) কম্পিউটাৰ এপ্লিকেশ্বনসমূহৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে জানিব লাগিব৷
(গ) কম্পিউটাৰত ব্যৱহৃত বিভিন্ন সঁজুলি (tools)-ৰ বিষয়ে জ্ঞান থাকিব লাগিব৷
(ঘ) বিভিন্ন বিষয়ত (subject) দক্ষতা থাকিব লাগিব৷ যেনে-চিকিৎসা বিজ্ঞান, আইন ইত্যাদি৷
(ঙ) কাম কৰাৰ সময়সূচী, লেন-দেন আৰু কামৰ মানদণ্ডৰ ক্ষেত্ৰত নিষ্ঠাবান হ’ব লাগিব৷
(চ) পাৰিভাষিক (terminology) শব্দৰ বিষয়ে সাধাৰণ জ্ঞান থাকিব লাগিব৷
বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন অনুবাদ বিদ্যালয়সমূহে ওপৰৰ বিষয়সমূহক সামৰি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে আৰু কোম্পানীসমূহৰৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰি নিয়োগ কৰিছে৷ আনহাতে বিভিন্ন ব্যক্তিয়ে নিজাকৈ ওপৰৰ অৰ্হতাসমূহ আহৰণ কৰিও বিভিন্ন ভাষা স্থানীয়কৰণ কোম্পানীসমূহত সফলতাৰে কাম কৰি আছে৷ তথাপি এই বিষয়ে উচিত শিক্ষাৰ প্ৰয়োজনীয়তা নথকা নহয়৷
বৰ্তমান সময়ত ভাষা স্থানীয়কৰণ এটা অতি লাভজনক উদ্যোগত পৰিণত হৈছে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে বিভিন্ন অত্যাধুনিক সা-সৰঞ্জামে আমাৰ বজাৰ দখল কৰিছে৷ এনে বিভিন্ন সা-সৰঞ্জামসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰ্ৰত শিক্ষিত-অশিক্ষিত কোনো লোকেই বাদ পৰা নাই৷ সেয়েহে একেবাৰে অশিক্ষিত ব্যক্তিসকলৰ বাবে ভাষা স্থানীয়কৰণৰ প্ৰয়োজন আহি পৰিছে৷ বৰ্তমান ভাৰতবৰ্ষত বহুটো এনে সৰু-বৰ কোম্পানী গঢ় লৈ উঠিছে৷ আমি অসমতো এনে একোটা কোম্পানীৰ কথা ভাবিব পাৰোঁ৷ ইয়াৰ বাবে প্ৰয়োজনীয় আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে কাম আৰু সময়ৰ প্ৰতি থাকিব লগা দায়বদ্ধতা৷ ইয়াৰ লগতে কম্পিউটাৰ, বিভিন্ন অনুবাদ সঁজুলি, পাৰিভাষিক শব্দাৱলীৰ জ্ঞানৰ লগতে ভাষা-সাহিত্য-সংস্কৃতি দিশৰো জ্ঞানৰ অতি প্ৰয়োজন৷ তেনে পাৰ্গত এজন ব্যক্তিৰ পৰাহে আমি ভাল অনুবাদ আশা কৰিব পাৰোঁ৷ ভাষা স্থানীয়কৰণক এক সন্মানজনক বৃত্তি বুলি অনুভৱ কৰিব পাৰিলেহে ইয়াৰ পৰা ভাল ফলাফল আশা কৰিব পাৰি৷ কাৰণ এটা বিদেশী ভাষাক স্থানীয় ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত অনুবাদ কৰা ব্যক্তিজন সচেতন নহ’লে ভাষাটো বিকৃত ৰূপত প্ৰকাশ হ’ব পাৰে৷ এজন অনুবাদকৰ ওপৰতে এটা ভাষাৰ ভৱিষ্যত বহুখিনি নিৰ্ভৰ কৰে৷
প্ৰসঙ্গ পুথি-
Ø A practical guide to localization By Bert Esselink
Ø Perspectives on localization By Keiran J. Dunne
Ø The moving text: localization, translation, and distribution By Anthony Pym