উশৃংখলতাৰ কোনো বয়স নাই, উশৃংখলতাই নিবিচাৰে সমাজ, সংস্কৃতি আৰু সভ্যতা৷ উশৃংখলতা এটা দুৰাৰোগ্য ব্যাধিৰ দৰে বৰ্তমান আমাৰ সমাজখনৰ সকলো বয়সৰ মানুহৰ মাজতে সোমাই পৰিছে৷ কিন্তু তাৰ বাবে কেৱল যুৱক সকলক একপক্ষীয়ভাৱে আঁজুৰি থকাটো উচিত হৈছেনে? বৰ্তমান সমাজত দেখা দিয়া অনিশ্চয়তা, অস্থিৰতা, কৃত্ৰিম-যান্ত্ৰিক জীৱনযাত্ৰাত স্বপ্ন হেৰুওৱা যুৱকসকলৰ উশৃংখলতাৰ কাৰণবোৰ আমি সহৃদয়তাৰে বিচাৰ কৰা উচিত নহয়নে? আহক আমি ভাবি চাওঁ আমাৰ সমাজত কি ঘটি আছে, কি ঘটিবলৈ ধৰিছে৷ ইয়াৰ বাবে জগৰীয়া কোন ? শৈশৱত স্কুলতে সকলো ল’ৰা ছোৱালীৰ চৰিত্ৰ গঢ় লয়৷ নিয়মানুৱৰ্তিতা, শিষ্টাচাৰ লাভ কৰে৷ এখন সুষ্ঠ সমাজৰ প্ৰথম ভেটি গঢ়ি উঠে৷ কিন্তু ‘উপদেশতকৈ আৰ্হি ভাল’ নীতি কিমানজন শিক্ষকে পালন কৰে সেই কথা বিচাৰ্য্য বিষয়৷ গতানুগতিক পাঠ্যক্ৰম, নিয়মমাফিক ৰুটিন আদিৰ উপৰিও ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ পৰা আশা কৰে নিজৰ আদৰ্শ ব্যক্তিজনৰ ছবি৷ কিন্তু কিমানজন শিক্ষক স্বপ্নহৈ জিলিকে তেওঁলোকৰ চকুত? আমাৰ স্কুলত এজন ইংৰাজীৰ শিক্ষক আছিল৷ ইংৰাজী ভাল শিকাইছিল, কিন্তু আমি তেওঁৰ বেতঁৰ কোবত ভয় কৰিছিলোঁ যদিও কোনো দিনে সন্মান কৰা নাছিলোঁ, কাৰণ চাৰে প্ৰতিদিনেই সন্ধিয়া নিজৰ ছাত্ৰ-ছাত্ৰীৰ ঘৰতে মদ খাই ৰাস্তাত পৰি আছিল আৰু কোনোবা ছাত্ৰই তুলি আনি ঘৰত থৈ আহিছিল৷ একেদৰেই বিশ্ববিদ্যালয়ত পঢ়োঁতেও এদিন দেখিছিলোঁ কোনোবা ছাত্ৰীৰ লগত অসৎ কাৰ্য্য কৰা বাবে এজন অধ্যাপকৰ নাম অশ্লীলভাৱে লিখি বিশ্ববিদ্যালয়ৰ গছ, দেৱাল সকলোতে আঁৰি দিয়া হৈছিল৷ প্ৰতিজন শিক্ষকেই আদৰ্শ শিক্ষক হৈ উঠিব নোৱাৰে, কিন্তু এটা কোমল মনৰ শিশুৰ মনত আদৰ্শৰ পাঠ দিবলৈ যাওঁতে প্ৰায়ে এনে ঘটনাবোৰে বিৰূপ প্ৰভাৱ পেলায়৷ কাৰণ প্ৰতিজন শিশুৰ মনতে সুপ্ত হৈ থাকে উশৃংখলতাৰ বীজ৷
উশৃংখলতা কেৱল বাইকত উঠি কিৰীলি পাৰি চিঞৰি যোৱাই নহয়, উশৃংখলতা কেৱল তিনিআলি, চাৰিআলিৰ চুকত মদ, চিগাৰেট খাই আড্ডা মাৰি থকাই নহয় বা পাৰ হৈ যোৱা কোনোবা ষোড়শীক সুহুৰি মৰাই নহয়৷ সমাজত ঘটি থকা ধৰ্ষণ, বলাৎকাৰ, দুৰ্নীতি, ঘোচখোৰ, প্ৰলোভন আদি সকলোৱেই উশৃংখলতাৰ একো একোটা কাৰণ৷ যৌৱনৰ তাড়নাত, বল-বীৰ্য্যৰ পিৰপিৰণিত, কোনোবা গাভৰুৰ অৰ্দ্ধ-উন্মুক্ত শৰীৰৰ কমনীয়তাত উলাই অহা সুহুৰিটো, তিনিআলি চুকৰ আড্ডাটোৱে আমাৰ সমাজখনত যিমান ক্ষতি কৰি আছে, তাতোকৈ হাজাৰ গুণে বেছি ক্ষতি কৰি আছে আমাৰ সমাজৰ প্ৰৌঢ় উশৃংখলতাৰ আভ্যন্তৰীণ কাৰণবোৰে৷ ৰাজনীতিৰ দেখদেখ দুৰ্নীতি, ঘোচৰ প্ৰকোপত মাটি-বাৰী বেচিব লগা হোৱা যুৱকৰ কাহিনী, কোনোবা চৰকাৰী গাড়ীত অসৎ কাৰ্য্য কৰি নিলম্বিত হোৱা চৰকাৰী বিষয়া, মন্ত্ৰী-বিধায়কৰ বৰ বৰ সভাৰ শেষত খালী হৈ পৰা মদৰ বটলবোৰ, পিতৃসম ব্যক্তিৰ হাতত সকলো হেৰুৱা কোনোবা গাভৰুৰ চিঞৰবোৰক আওকাণ কৰি আমি যুৱ উশৃংখলতাৰ ভাষণ দিওঁ৷ শ-শ ডেকা ল’ৰাক (অসমৰ প্ৰেক্ষাপটত) ছালফা সজাই টকা, গাড়ী, মদেৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰা প্ৰৌঢ় মন্ত্ৰী-বিধায়ক, অসমৰ যাউতি যুগীয়া সাহিত্য অনুষ্ঠানটোৰ মাজতো টকা আৰু ক্ষমতাৰ ৰাজনীতিয়ে কোঙা কৰা অসমৰ সাহিত্য সাধনা, সংস্কৃতিৰ নামত টকাৰ মোহত “ক্লাব” সংস্কৃতিৰে নতুন প্ৰজন্মক ধ্বংস কৰি দিয়া সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলৰ সন্মুখত “যুৱ উশৃংখলতা” এটা আওপুৰণি শব্দ৷ আমি এতিয়া চিন্তা কৰিব লাগিব “প্ৰৌঢ় উশৃংখলতা”ৰ কবলৰ পৰা আমাৰ নতুন যুৱ প্ৰজন্মক কেনেকৈ বচাই ৰাখি এখন নতুন সমাজ গঢ়িব পাৰোঁ৷
আজি একধৰণৰ অৰাজকতা বিৰাজ কৰিছে অসমৰ ৰাজনীতিত ৷ ৰাজনীতিয়ে আজি যেন আমাক পঙ্গু কৰি তুলিছে৷ ঘৰখনৰ পৰা আৰম্ভ কৰি চুবুৰি, অঞ্চল, সমষ্টি বিয়পি আজি গোটেই ৰাজ্য তথা দেশখনকে ই মেৰুদণ্ডহীন কৰি তুলিছে ৷কাৰণ আজি মন্ত্ৰী-বিধায়ক বা অন্যান্য নেতা-পালিনেতাৰ অপৰাধ আৰু দুৰ্নীতিৰ বিষয় চি বি আইৰ অনুসন্ধানৰ বিষয় হৈ থকা নাই সাধাৰণ শিশু এটাইও সকলো দেখিছে বুজিছে৷ মানুহে ঠেকি শিকে, দেখি শিকে৷ অসমীয়া জাতিয়েও আজি ঠেকিছে আৰু দেখিছে কিন্তু দুখৰ কথা শিকিব পৰা নাই৷ আনহাতে কোনোবা এটা ইচ্ছ্যু পালেই ৰাজপথ কপাই তোলা, অসম বন্ধৰে সাধাৰণ জনজীৱন ব্যাঘাত কৰি তোলা বিৰোধী দল সমূহেও অনৰ্থক হৈ হাল্লা কৰি মাথো নিজৰ অক্ষমতাৰ পৰিচয় দিছে৷ শাসনত থকা চৰকাৰ খনৰ কোনোবা মন্ত্ৰী-বিধায়কে কোনো অপৰাধ কৰিলে আৰু বিৰোধী দলে যদি তাৰ প্ৰতিবাদ কৰে তেন্তে “ৰাম ফেল, যদু ফেল গতিকে ময়ো ফেল”ৰ দৰে টুলুঙা মন্তব্যৰে নিজৰ অক্ষমতা তথা অপৰাধৰ ওপৰত এটা প্ৰলেপ দিবলৈ চেষ্টা কৰে৷ আচলতে অসমত এতিয়া নিজকে নিকা ৰাজনৈতিক নেতা বুলি গৰ্বৰে থিয় দি সদনত যুক্তিৰে বিষয় এটা দাঙি ধৰিব পৰা এজনো নেতা নাই ৷ সকলোৱেই কলংক, দুৰ্নীতি আৰু অপৰাধৰ বোকাত লুতুৰিপুতুৰি হৈ থাকি আনৰ বোকা দেখি হহাঁৰ নৈতিক সাহস কনো হেৰুৱাই পেলাইছে৷ গতিকে এতিয়া সকলো নিমাত৷ মুখ খুলিলেই জোলোঙাৰ মেকুৰী ওলোৱাৰ ভয়ত এতিয়া সকলো ত্ৰাসিত ৷ বাহ্যিকভাৱে দেখা যায় যে সকলো অপৰাধৰ লগত যুৱকসমাজ জড়িত হৈ থাকে কিন্তু সেই যুৱসমাজৰ মনত বিভেদৰ বীজ সিঁচি তেওঁলোকক নৈতিকভাৱে পদস্খলিত কৰিছে কোনে ? কাৰ স্বাৰ্থ পূৰণৰ আহিলাত পৰিণত হৈছে আজিৰ যুৱসমাজ৷ এই সকলো কথা আজি দিনৰ পোহৰৰ দৰেই সুস্পষ্ট৷ গতিকে কি শিকিব আজিৰ উঠি অহা নতুন পুৰুষে এই পৰিস্থিতিত৷ কি দৰে ৰচিত হ'ব অসমৰ সোণালী ভৱিষ্যত৷
শেহতীয়াভাৱে অসম সাহিত্য সভাৰ বিভিন্ন কলংকৰ বাতৰিয়ে এচাম উঠি অহা সাহিত্যনুৰাগী যুৱকৰ মনতো সাহিত্য-সংস্কৃতিৰ প্ৰতি বিতৃষ্ণাৰ সৃষ্টি কৰিছে৷ আজি কাক আদৰ্শ পুৰুষ হিচাপে তেওঁলোকে নিজকে আগবঢ়াই নিব৷ তাহানিতে “জোনাকী” সৃষ্টিৰে যি এচাম যুৱকে অসমীয়া ভাষা-সাহিত্যৰ নতুন প্ৰাণ প্ৰতিষ্ঠা কৰিছিল, অসমীয়া ভাষা-সাহিত্যক আজিৰ অৱস্থাত উপনীত কৰি “অসম সাহিত্য সভা”ৰ দৰে এটা অনুষ্ঠানৰ প্ৰতিষ্ঠা কৰিছিল সেই অনুষ্ঠানত এতিয়া এচাম প্ৰৌঢ় উশৃংখল ব্যক্তিৰ অসাহিত্যিক দপ্দপনি৷ তাহানিতে বেজবৰুৱাক “সাহিত্যৰথী” উপাধি প্ৰদান কৰাৰ সময়ত তেওঁ কৈছিল “সাহিত্য সভালৈ এনে এদিন আহিব যেতিয়া সভাই দিয়া কোনো উপাধি জগতে বহুমূলীয়া জ্ঞান কৰিব আৰু উপাধি পোৱা জনেও নিজক ধন্য মানিব” (বেজবৰুৱা-ৰচনাৱলী দ্বিতীয়, পৃ: ১৪৭০) কিন্তু আজি এই অনুষ্ঠানৰ মাজত সভাপতিৰ আসনৰ বাবে যি নিকৃষ্ট ৰাজনীতিৰ সৃষ্টি হৈছে তাক কল্পনা কৰিব নোৱাৰি৷ আজি কোন ধন্য হৈছে সেয়া পিছৰ কথা কিন্তু সমাজে যে তাক বহুমূলীয়া জ্ঞান কৰিবলৈ এৰি দিছে সেয়া নিশ্চিত৷ আমি ভাবো আজি প্ৰতিজন ব্যক্তিয়েই বেজবৰুৱাৰ তিনিওখন ৰচনাৱলী আকৌ এবাৰ পঢ়ক আৰু অনুভৱ কৰক অসমীয়া জাতি, সাহিত্য, সংস্কৃতিৰ প্ৰতি ভালপোৱাৰ অনুভৱ৷ আজি কলিকতাত ৰবীন্দ্ৰনাথ, বঙ্কিমচন্দ্ৰৰ ৰচনাৱলীৰ যি আদৰ অসমত সেই পৰিবেশ আজিও গঢ় লৈ উঠা নাই৷ ইয়াৰ মূলতে হৈছে অসমৰ একমাত্ৰ বৃহৎ সাহিত্য অনুষ্ঠানটো মানুহৰ মাজৰ পৰা আঁতৰি যোৱা ৷ আজিৰ যুৱক সমাজে নিজা উদ্যোগেৰে এই হেৰুৱা সাহিত্য সাধনা মানুহৰ মনত জাগ্ৰত কৰি সাহিত্যৰ মাধ্যমেৰে মনবোৰ সাংস্কৃতিক কৰি তুলিব লাগিব ৷ একোটা সাংস্কৃতিক মনতহে এক সুষ্ঠ পৰিবেশ বিৰাজ কৰিব পাৰে৷
দিনে দিনে আমাৰ সাংস্কৃতিক প্ৰমূল্যবোধ আমাৰ মনৰ পৰা হেৰাই যাব ধৰিছে৷ নিজৰ সংস্কৃতি, উৎসৱ-অনুষ্ঠান পাহৰি আমি ঢাপত গজা কিছুমান উৎসৱ-অনুষ্ঠানক আদৰি নিজৰ বাপতিসাহোন কলা-সংস্কৃতিক পাহৰি গৈছোঁ৷ কিন্তু ইয়াৰ বাবে আমি কাক জগৰীয়া কৰিম? অসমীয়া বাপতিসাহোন বিহু অনুষ্ঠানটো ৰং-ধেমালীৰ মাজেৰে উদ্যাপন কৰিব পৰাকৈ এটা সুষ্ঠ পৰিবেশ আমি লাভ কৰিছোঁনে? এই কথা ভাবি চাবৰ হ’ল যে আজি অসমৰ চৰকাৰী বন্ধৰ তালিকাত কাতি বিহুৰ বন্ধ নোহোৱা হ'ল৷ বহাগ বিহুৰ আনন্দ ৰং-তামাচা উদ্যাপন কৰিব নোৱাৰাকৈ অসমৰ সকলো শিক্ষানুষ্ঠানতে পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হয়৷ ইয়াৰ ফলত প্ৰতিজন শিশু, যুৱক-যুৱতীৰ মনত বিহু বুলিলেই আনন্দৰ যি এটা পৰিৱেশ বিৰাজ কৰে সি লাহে লাহে নোহোৱা হৈ পৰিছে৷ তেন্তে কেনেকৈ শিকিব নতুন শিশুসকলে অসমৰ সংস্কৃতি আৰু জাতিটোক জীপাল কৰি ৰখা উৎসৱ-অনুষ্ঠানসমূহক৷ কিন্তু ইয়াৰ বিপৰীতে অসমীয়া সংস্কৃতিত কোনো দিনে জীন যাব নোৱাৰা পূঁজাকে আদি কৰি অন্যান্য বহুতো অনুষ্ঠান আৰু উৎসৱৰ কাৰণে চৰকাৰী বন্ধৰ সীমা সংখ্যা নাই৷ আমি আমাৰ সংস্কৃতি, উৎসৱ-অনুষ্ঠানক জীয়াই ৰাখিবলৈ আমিয়েই যদি চেষ্টা নকৰোঁ, সংস্কৃতিৰ বিষয়তো যদি ৰাজনীতিৰ স্বাৰ্থপৰতাৰে কলুষিত কৰিব বিচাৰোঁ তেন্তে আনে আমাৰ সংস্কৃতি-সভ্যতাৰ ওপৰত বৰ পিৰা পাৰি বহিবই৷ ক্লাব, বাৰ, ৰেস্তোৰাঁৰ মাজত বিহুৰ নামত উদ্যম নৃত্যৰে অপসংস্কৃতিৰ বীজ সিঁচিবলৈ যোৱা এচাম ব্যক্তিয়ে অৰ্থ আৰু নিজৰ স্বাৰ্থ পূৰণৰ বাবেই যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰিছে৷ আনহাতে আমি সাংস্কৃতিক সন্ধিয়াৰ নামত, “বিহু ফাংচন”ৰ নামত বাৰেভচহু সংগীত আৰু নৃত্যৰে যি পৰিচয় বহন কৰিছোঁ সিও আমাৰ বাবে শুভ লক্ষণ নহয়৷ কোনোবা অসমীয়া যুৱক-যুৱতীৰ “হাৰ্টথ্ৰ’” শিল্পীয়ে যদি মদৰ ৰাগীত মঞ্চত নুঠি তামোল গছত বগাবলৈ যায় তেন্তে আমি সচাকৈয়ে ক’ব লাগিব “বহুত হ’ল আৰু শান্ত হোৱা”৷ আমি ভাবো অসমৰ বিভিন্ন জাতি-জনজাতীৰ মাজত যি বাৰেবৰণীয়া সংস্কৃতি বিৰাজ কৰিছে সেই সকলোবিলাকৰ মাজেৰেই অসমীয়া জাতিয়ে নিজৰ পৰিচয় বহন কৰক৷ আনৰ বজৰুৱা পিঠাৰে বৰঘৰ শুৱনী নকৰি “এবাতি লাল চাহ আৰু এটা ঘীলা পিঠাৰেই বাহিৰৰ আলহী সোধক”৷ অসমৰ প্ৰতিজন যুৱক-যুৱতীয়েই নিজৰ মাজত সেই সাংস্কৃতিক প্ৰমূল্য যি দিনা অনুভৱ কৰিব, অসমীয়া বুলি গৌৰবেৰে আনৰ আগত পৰিচয় দিব সেই দিনা সচাকৈয়ে অসমৰ বুকুৰ পৰা সকলো অপসংস্কৃতি আঁতৰি মানুহৰ মনবোৰ ফৰকাল হৈ পৰিব৷
বাহিৰৰ ৰাজ্যত অসমীযা জাতিৰ সৰলতা, ধৈৰ্য্য আৰু পৰোপকাৰিতা গুণত আন মানুহ মোহিত হয়৷ কিন্তু আজি দুখ আৰু পৰিতাপৰ কথা যে অসমৰ নাম শুনিলে প্ৰতিজন মানুহেই নানান প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তোলে৷ এই সকলোৰে বাবে সাধাৰণ সহজসৰল অসমীয়া মানুহ জগৰীয়া নহয়৷ আনহাতে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ কোনো জাতি নাই, ধৰ্ম নাই কোনো মানৱীয় প্ৰমূল্যবোধ নাই৷ কিন্তু এই সকলোবোৰৰ বাবে জগৰীয়া আমাৰ সমাজ ব্যৱস্থা৷ আমাৰ দলীয় ৰাজনীতিৰ অন্ধ আনুগত্য৷ আমাৰ এই সৰলতা, আমাৰ উদাসীনতাৰ ফলত আমাৰ ঘৰতে শত্ৰু আহি আমাৰ বুকু সুদা কৰি কোনোবা আপোনজনক কাঢ়ি নিছে, অথবা আমাৰ চোতালতে বৰ পিৰা পাৰি বহিছে৷ অথচ আমি সজাগ হ’ব পৰা নাই৷ এটা দুঃখদায়ক স্মৃতি বুলি তাক পাহৰি প্ৰতিবাৰেই সেই পুৰণি ভুলকে সোঁৱৰি আছোঁ৷ সমাজত চামে চামে মানুহ আহে চামে চামে আঁতৰি যায়৷ সময়ৰ পৰিবৰ্তনক স্বীকাৰ কৰি আমি নতুন উদ্যম আৰু বিচাৰ-বিশ্লেষণেৰে এখন নতুন সমাজ সৃষ্টি কৰিব হ’ল৷ এই কাম কৰিব পাৰিব মাথো সমাজ এখনৰ যুৱক-যুৱতীসকলে৷ লাগে মাথো সুষ্ঠ মন আৰু মানসীকতা৷
উলূৱনিত জুই লগাই আঁতৰৰ পৰা ৰং চোৱা এচাম মানুহ প্ৰতিখন সমাজত থাকিবই৷ সেই দৰে সকলো আদৰ্শ, সংস্কাৰ লাভ কৰাৰ পিছটো নিজকে সামাজিক অপৰাধত লিপ্ত কৰি সমাজত বিভেদৰ বীজ সিঁচি সন্ত্ৰাসৰ সৃষ্টি কৰা এচাম যুৱক থাকিবই৷ কিন্তু সেই বুলি সেই এমুঠিমান মানুহৰ বাবে আমি আমাৰ সমাজ-সংস্কৃতি-সভ্যতাক শেষ হৈ যাবলৈ দিমনে ? এতিয়া আমাক এনে সাধনাৰ প্ৰয়োজন যি আমাৰ হেৰুৱা বিবেকক জাগ্ৰত কৰিব পাৰে৷ এই কাম কৰিব পাৰিব কেৱল উঠি অহা নতুন যুৱকসমাজে৷ সময় থাকোঁতেই আমাৰ মনৰ সকলো সংকীৰ্ণতা, ভেদা-ভেদ, জাতিভেদ, উচ্চ-নীচ পাহৰি আমি এক হ’বৰ হ’ল৷ সমাজৰ অশুভ শক্তিবোৰক প্ৰতিহত কৰিবলৈ একতাই হ’ব পাৰে আমাৰ মূল আহিলা ৷
কোমল বাঁহৰ লেকেচি ভাঁজ কৰাৰ দৰেই সহজ কোনো উশৃংখল যুৱকক এটা শুদ্ধ পথ দিয়া৷ লাগে মাথো এখন সুষ্ঠ সমাজ, সুষ্ঠ সাংস্কৃতিক বাতাবৰণ৷ আহক আমি ভাবি চাওঁ প্ৰৌঢ় উশৃংখলতাক কি দৰে নিৰাময় কৰিব পাৰি৷ কি দৰে আমি আমাৰ উঠি অহা প্ৰজন্মক এখন সুষ্ঠ সমাজ দিব পাৰোঁ, কেনেকৈ আপোনাৰ সন্তানটোক বচাই ৰাখিব পাৰে….! এই উশৃংখলতাৰ পৰা৷
No comments:
Post a Comment