বৰ্তমান টিভিত শিশুৰ বাবে কেইবাটাও চেনেলত বিভিন্ন এনিমেশ্বন ধাৰাবাহিক প্ৰচাৰ কৰে৷ যিবোৰ এতিয়া শিশুৰ বাবে অধিক মনোৰঞ্জনৰ আহিলা হৈ পৰিছে৷ মিকি-মাউচৰ দৰে হাঁহি উঠা এনিমেশ্বনবোৰ অৱশ্যে চাই থাকিলে কেতিয়াবা নিজৰো মনটো পাতল লাগে৷ আনপিনে বাল গনেশ, বাল হনুমান, শ্ৰীকৃষ্ণ আদিৰ দৰে এনেমেশ্বন চিৰিয়েলবোৰেও শিশুৰ মনত অনেক প্ৰভাৱ বিস্তাৰ কৰিছে৷ ইয়াৰ দ্বাৰা শিশুসকলক আমাৰ পৌৰাণিক কাহিনীৰ শিক্ষা দিয়াটোও উচিত পদক্ষেপ বুলিব পাৰি৷ কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান অভিভাৱকৰ পৰা শুনা যায় তেওঁলোকৰ শিশুসকলে এতিয়া টিভিৰ সন্মুখৰ পৰা উঠিবলৈকে মন নকৰে৷ আনকি বাহিৰত খেলা-ধূলা কৰাৰ পৰাও বিৰত থাকে৷ আন এচামৰ মতে আকৌ ডাঙৰ সকলে কেতিয়াবা টিভিৰ ৰিম'ৰ্ট ল'বলৈকে সুবিধা নাপায়৷ চেনেল সলনি কৰিলেই চিঞৰ-বাখৰ!
মোৰ ইয়াত মানে ইন্দ'ৰত এঘৰ অসমীয়া পৰিয়াল আছে৷ তেওঁলোকৰ এহাল সৰু ল'ৰা-ছোৱালী আছে৷ মই প্ৰায় বন্ধ দিনত তালৈ যাওঁ৷ দিনটো সিহঁত এনিমেশ্বন ধাৰাবাহিক চাই থাকে৷ দেউতাক বা মই চাওঁ বুলিও বাতৰি এটা বা চিনেমা এখন চাবলৈ নাপাওঁ৷ সিহঁত বাহিৰলৈ গ'লে আমি চল-চাতুৰি কৰি চেনেলটো সলনি কৰোঁ আৰু ৰিম'ৰ্টো লুকুৱাই থওঁ৷ কিন্তু সিহঁত আহিয়েই ৰিম'ৰ্টটো নাপালে টিভিটোতে পুনৰ চেনেল সলনি কৰি দিয়ে৷ গতিকে আকৰীৰ সৈতে গৃহ বাস কৰিবলৈ হ'লে অকৰা হ'ব লগা হোৱাৰ দৰে আমিও কাৰ্টুন হ'বলৈ ৰাজি হ'লো৷ যোৱা দেওবাৰে ভাত খাই উঠি ল'ৰা-ছোৱালীহালৰ লগতে টিভি চাই আছোঁ৷ মই সিহঁতক মাজে মাজে এইটো কোন, সেইটো কোন আদি সুধি থাকো আৰু সিহঁতে মোক আনন্দতে কাহিনীটো কৈ থাকে৷ এখন ধাৰাবাহিক চাই থাকোতে এবাৰ সুধিলোঁ এইটো কোন?
ছোৱালীজনীৰ উত্তৰ- ভীম
আকৌ সুধিলোঁ সেইটো কোন?
তাই পুনৰ ক'লে - টাৰজান
মই চক্ খাই গ'লোঁ৷ লগে লগে তাইৰ দেউতাক আৰু মই চকুৱে চকুৱে চালোঁ৷ ক'ত মহাভাৰতৰ ভীমৰ কাহিনী আৰু ক'ত আধুনিক টাৰজানৰ কাহিনী৷ এই এনিমেশ্বন ধাৰাবাহিকবোৰে মানে এনেদৰেই পৃথিৱীৰ সমষ্ট সাধুকথাবোৰক খিচিৰি কৰি এটা নতুন কাহিনী কৰিছে৷ আমি তাকে সিহঁতৰ আগত মেলি ধৰিছোঁ৷ কাহিনীটোত মন কৰিলোঁ "টাৰজানৰ বাঘ পোৱালীএটাক এটা চিকাৰীয়ে জালত বন্দী কৰিছে আৰু ভীমে গৈ তাক মোকোলাই আনিছে"৷ কিযে হাঁহি উঠা৷ হাঁহি হাঁহি চকুৰ পানী ওলাই গ'ল৷
মই তাইক ক'লো ভীম আৰু টাৰজান কেনেকৈ একেলগ হ'ল? তাইৰ সহজ উত্তৰ "কিয়া পতা?" (তাই অসমীয়া, ইংৰাজী জানে যদিও সৰু সুৰা উত্তৰ দিওঁতে হিন্দীতে কয়)৷ হয় সিহঁতেনো কেনেকৈ জানিব৷ আমিয়েই বাৰু সিহঁতক শিকাবলৈ যত্ন কৰিছোঁ জানোঁ৷ আমাৰ "বুঢ়ি আইৰ সাধু", "পঞ্চতন্ত্ৰ"ৰ সাধু এতিয়া ক'ৰবাত পৰি ভেকুৰ লাগিছে৷ মনতে ভাবিছিলোঁ এই সাধুবোৰকো কোনোবাই এনিমেশ্বন ধাৰাবাহিক হিচাপে তৈয়াৰ কৰা হ'লে! কিন্তু আমি মাক-দেউতাকক আমনি নকৰাকৈ, বাহিৰৰ ধূলি-বালি নেখেলাকৈ, শান্ত-শিষ্টভাৱে টিভিৰ সন্মুখত বহি থকা শিশু কেইটাক দেখি আনন্দ পাওঁ৷ গৌৰৱ কৰোঁ আমাৰ মইনা বৰ ভাল৷ অকনো আমনি নকৰে৷ টিভিটো পালে তাক একোকে নালাগে!!
হয়৷ হয়৷ হয়৷ আমাক একোকে নালাগে৷
অলপ ডাঙৰ হ’লে, শব্দ.সংঘই এক প্ৰকল্প ল’ব পাৰে... এতিয়া ই মাত্ৰ পাচ বছৰীয়া শিশু৷
ReplyDelete