Monday, December 13, 2010

দূৰবীক্ষণৰ লেন্সত অসম, অসমীয়া ইত্যাদি...

            স্বাধীনতাৰ ষাঠি বছৰৰ পিছটো এই কথা ভাবি দুখ লাগে যে আজিও অসমৰ বাহিৰত শিক্ষিত দুই এজন ব্যক্তিয়ে সোঁধে “গুৱাহাটী” ক'ত? অসমত সমতল ঠাই আছেনে? নে অসম পাহাৰ-পৰ্বতৰে আগুৰা অঞ্চল৷ ভাৰতবৰ্ষ স্বাধীন হোৱা অত বছৰ হ’ল, এসময়ৰ সাতভণী বিভাজন হৈ একো একোখন সুকীয়া ৰাজ্য হোৱাৰো ক’ত বছৰ হ’ল অথচ আজিও মানুহে সোঁধে শ্বিলং, দাৰ্জিলিং অসমৰ ক’ত? অসমৰ সকলো মানুহ খ্ৰীষ্টান নেকি? এয়া সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি শিক্ষিত মানুহলৈকে সকলোৰে প্ৰশ্ন৷ অসমৰ বাহিৰৰ ৰাজ্যত বা বিভিন্ন দেশত থাকি আজি এচাম অসমীয়া ব্যক্তিয়ে একোটা অনুষ্ঠানৰ দৰেই অসমীয়া জাতিটোৰ বাবে বহুত কিবাকিবি কৰি আছে৷ কিন্তু অসমৰ ভিতৰতে সেই সকলো কাম কৰিবৰ বাবে আজি এটা সুষ্ঠ পৰিবেশৰ অভাৱ৷ এবাৰ মই বৰ্তমান থকা ঠাই মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা ঘৰলৈ যাবলৈ ৰে’ল ষ্টেচনত ৰৈ থাকোতে লগৰ যাত্ৰী এজনে প্ৰশ্ন কৰিছিল ক’ত যাব? মই “অসম” বুলি কোৱাৰ লগে লগে তেওঁ ভয় খাই মোৰ মুখলৈ চাই আছিল৷ মোৰ বুজিবলৈ বাকি নাছিল যে তেওঁৰ মনত অসম কিমান ভয়ঙ্কৰ এখন ৰাজ্য৷ ৰাজ্যখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত জনসাধাৰণৰ দ্বাৰা সৃষ্ট কোনোবা নেতাই হওক বা আন দল-সংগঠনৰ নেতাই হওক সকলোৱেই এবাৰ নিজৰ মুখখন নিস্বাৰ্থৰ আইনাত চাই অসমৰ স্থবিৰতাৰ কাৰণবোৰ বিশ্লেষণ কৰক৷ নেতাগিৰীৰ পোচাকি সাজযোৰ সলাই এজন সাধাৰণ ব্যক্তিহৈ প্ৰত্যেকজন সাধাৰণ ব্যক্তিৰ মনত সৃষ্টি হোৱা প্ৰশ্নবোৰৰ উত্তৰ ভাবক৷ কিন্তু এই কাম কোনেও কৰিব  নোৱাৰে, কাৰণ নিকৃষ্ট ৰাজনীতিৰ অন্ধ ক্ষমতাত উদবাউল হৈ থকা সকলো ৰাজনৈতিক ব্যক্তিৰ কাৰণেই এইবোৰ কথাৰ কোনো মূল্য নাই আৰু প্ৰকৃত জাতীয়তাবোধৰ অবিহনে ই কেতিয়াও হৈ উঠিব নোৱাৰে৷
      নিজৰ ৰাজ্যখনৰ ভিতৰত থাকি যি কথা অনুভৱ কৰিব পৰা নাছিলো, তাক আজি অনুভৱ কৰিছোঁ৷ আমি কিমান পিছলৈ গৈ আছোঁ৷ সকলো ফালেই অস্থিৰতা, দলাদলি, স্বাৰ্থপৰতাই গোটেই অসমখনকে আজি স্থবিৰ কৰি তুলিছে৷ ৰাজনৈতিক সদিচ্ছাৰ অভাৱত শিক্ষা, স্বাস্থ্য, অৰ্থনীতি, সকলোফালে উন্নতিত বাধাৰ সৃষ্টি হৈছে৷ মাজে মাজে দুই এটা চমক লগোৱা উন্নতি আৰু প্ৰতিশ্ৰুতিয়ে ৰাইজক আভুৱাভৰুৱাৰ বাদে আন সামূহিক উন্নতি আজিও আনিব পৰা নাই৷ যি উন্নতি আৰু প্ৰগতিয়ে অসমক বাহিৰত নিজৰ পৰিচয় দিব পাৰে৷ ভাবিলে আচৰিত লাগে অসমত সামান্য ৰাজহুৱা কামটোৰ পৰা আৰম্ভ কৰি বৃহত কামলৈকে দুৰ্নীতি নোহোৱাকৈ নাথাকে৷ সকলো দুৰ্নীতিয়ে স্পষ্ট আৰু সৰ্বজনবিদিত৷ অসমৰ মন্ত্ৰী আমোলাসকলে সততে ৰাইজৰ টকা খৰছ কৰি অসমৰ উন্নতি কৰিবলৈ দেশ-বিদেশ ভ্ৰমণ কৰি আহে, অথচ এই কথা কোনো দিনেই জানিব নোৱাৰি যে প্ৰকৃততে তেওঁলোকে কি ‘সোণৰ সোলেং’টো আনিবলৈ গৈছিল৷ অথচ অসমৰ গাতে লাগি থকা অন্যান্য বহু ৰাজ্যই শিক্ষা, অৰ্থনীতি আদিৰ ক্ষেত্ৰত চকুৰ আগতে উন্নতি কৰি আছে৷ ক’ৰবাত কিবা এটা গণ্ডগোল আছে৷ হয়টো অৰ্থ, ক্ষমতাই মানুহক বিবেকহীন কৰি তুলিছে নহয় মানুহৰ মনৰ মাজত জাতীয় চেতনাৰ বিলোপ ঘতিছে৷ সকলোফালেই মাথো কৃত্ৰিম, বাহ্যিক উন্নতিৰ ফুলজাৰি৷ কিবা এটা হোৱাৰ আশাত, কিবা এটা পোৱাৰ আশাত ৰাজনৈতিক নেতাৰ পিছত দৌৰি থকা আধুনিক যুৱকসকলৰ মুখতো প্ৰচণ্ড ক্ষোভ আৰু হতাশাৰ মাজত লুকাই আছে সেই একেই কৃত্ৰিম হাঁহি আৰু আনন্দ৷ কিন্তু নিৰ্বাচনৰ পিছত কাৰোবাৰ জীৱনলৈ সেই আনন্দ, ফূৰ্তি ঘূৰি আহিছেনে? মাথো সুবিধাবাদী এচাম ব্যক্তিয়ে ক্ষমতাৰ অপব্যৱহাৰে নিজৰ জীৱনটো সুন্দৰ কৰি চলাই আছে৷ কিমান দিন, কিমান দিন আমি এই একেই নাটকৰ অভিনয় চাই থাকিম? কিমান দৌৰি থাকিম ভুৱা, অৰ্থহীন কিছুমান কামৰ পিছে পিছে৷ এটা পৰিবৰ্তনৰ প্ৰয়োজন৷ নতুন স্বাৰ্থহীন শক্তিৰ প্ৰয়োজন৷ এবাৰ, মাথো এবাৰ প্ৰয়োজন সেই প্ৰকৃত জাতীয়তাবোধৰ চেতনা৷ যি চেতনাই জাতিটোক আগবঢ়াই নিব পাৰে৷
       আজি অসমৰ ভাল খবৰ (যদিও অসমত এতিয়া ভাল খবৰ কমেই থাকে) অসমৰ বাহিৰৰ বাতৰি কাকতত দেখা পোৱা নাযায়৷ হত্যা, বোমা-বাৰুদৰ সংবাদে অসমৰ প্ৰতি বাহিৰৰ ব্যক্তিৰ মনত বেয়া ইমেজ প্ৰতিফলিত হৈ উঠিছে৷ কোনো বাহিৰৰ ৰাজ্যৰ পৰা যোৱা কোনো বিশেষ অনুষ্ঠানৰ প্ৰতিনিধিসকলক যদি আমি অসমৰ বিষয়ে এটা ভাল ইমেজ দেখুৱাব নোৱাৰো তেন্তে আমি কেতিয়াও অসমৰ বিষয়ে বাহিৰত এটা ভাল ইমেজ আশা কৰিব নোৱাৰোঁ৷ এই ক্ষেত্ৰত অসমৰ সংবাদ পত্ৰসমূহৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ কিন্তু সংবাদপত্ৰসমূহে কৰিব কি? প্ৰকৃত সত্য সংবাদ প্ৰকাশ কৰাৰ পিছতো জনসাধাৰণ সজাগ হ’ব পৰা নাই৷ জনসাধাৰণ কিয় সজাগ হ’ব পৰা নাই? সংবাদপত্ৰ এখন কিনি পঢ়াৰ পিছতো, নিউজ চেনেল এটাত সকলো দেখাৰ পিছতো কিয় তেওঁলোকে বিশ্বাস কৰিবলৈ বাধ্য নহয়? কোনো এজন মন্ত্ৰীৰ দুৰ্নীতি, নাগৰিকত্ব, শিক্ষা, অপৰাধ আদিৰ বিষয়ে একেটা সংবাদকে যদি দহখন সংবাদপত্ৰই একেদৰেই প্ৰকাশ কৰে তেন্তে জনসাধাৰণে এক উমৈহতীয়া ৰায় গ্ৰহণ কৰি তেওঁক কিয় পদচ্যুত কৰিব নোৱাৰে৷ দলীয় স্বাৰ্থ, ব্যক্তি স্বাৰ্থৰ ঠেক গণ্ডীৰ মাজত মানুহে আৰু কিমান নিজক ফাকি দিব, নিজকে নিজে প্ৰতাৰণা কৰিব৷ আজি এচাম অশিক্ষিত, অৰ্দ্ধশিক্ষিত, পৰিচয়হীন, থানাত নাম পঞ্জীয়নভুক্ত অপৰাধীয়েই আমাৰ নেতা৷ লাখ-লাখ উচ্চ শিক্ষিত, জ্ঞানী সমাজপ্ৰিয় জনসাধাৰণৰ প্ৰতিনিধি৷ কোনে পঠাইছে তেওঁলোকক সেই আসনলৈ?  আমি৷ গতিকে আমিয়েই আমাৰ আজিৰ অৱস্থাৰ বাবে জগৰীয়া, আমিয়েই আমাক, আমাৰ সন্তানক এখন অন্ধকাৰ সমাজৰ মুখলৈ থেলি নি আছোঁ৷ সেইবাবেই আমি নিজকে ফাকি দিবলৈ তেওঁলোকৰ অপৰাধবোৰৰ ওপৰত প্ৰিয় নেতাৰ প্ৰলেপ লগাই, এটাই আনটোক বিৰোধী দলৰ পৰিকল্পনা বুলি জাতিটোৰ উন্নতিত কুঠাৰঘাট মাৰিছোঁ৷ সকলো কথা কেৱল ব্যক্তিস্বাৰ্থৰ গণ্ডিৰ মাজত ভৰাই লক্ষ্য কৰিলেও কেতিয়াও শুভফল আশা কৰিব নোৱাৰি৷ কাৰণ অসমত এই কথা প্ৰায়েই লক্ষ্য কৰা দেখা যায় যে ৰাজনৈতিক দলসমূহৰ পৰা আৰম্ভ কৰি অন্যান্য অৰাজনৈতিক দলসমূহৰো প্ৰধান লক্ষ্য হৈ পৰে সামূহিক উন্নতিৰ চৰ্ত আগত ৰাখি সেই চৰ্তৰ মাজেদি নিজৰ ব্যক্তিস্বাৰ্থ পূৰণ কৰা৷ যাৰ ফলত ব্যক্তি স্বাৰ্থৰ উৰ্দ্ধত ৰাজহুৱা কামটো প্ৰায়েই এলাগি হৈ পৰে৷ এতিয়া এনেদৰেই এলাগি হৈ পৰা অনেক কামেই অসমৰ স্থবিৰতাৰ মূল কাৰণ৷ প্ৰগতিৰ প্ৰধান হেঙাৰ৷ (লিখাৰ সময় মে' মাহ 2009)৷ ( প্ৰকাশিত)৷

No comments:

Post a Comment