Wednesday, December 8, 2010

অসমীয়া ভাষাৰ সংকট আৰু ভৱিষ্যত

গুৱাহাটী মহাবিদ্যালয়ত পাঠ কৰা গৱেষণা-পত্ৰৰ সংক্ষিপ্ত ৰূপ৷

           অসমীয়া ভাষা অসমৰ উত্তৰ-পূব প্ৰান্তৰ এটা অতি শক্তিশালী ভাষা৷ ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি চৰকাৰীভাৱে স্বীকৃত অসমীয়া ভাষা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক সংযোগী ভাষা হিচাপেও প্ৰচলিত হৈ আছে৷ অসমৰ ২,৬৬,৩৮,৪০৭ জন (২০০১ চনৰ লোকপিয়ল অনুসৰি) লোকৰ আধা সংখ্যকৰ বাবেই অসমীয়া ভাষা প্ৰধান ভাব বিনিময়ৰ মাধ্যম৷ সেয়েহে এক স্বকীয় ভাষা শৈলীৰে জোনাকী যুগৰ পৰা আজিৰ অৱস্থাত উপনিত হোৱা অসমীয়া ভাষাৰ ভৱিষ্যত বোৱতী নদীৰ দৰেই বহ্নিমান৷ তথাপি সময়ে সময়ে অসমীয়া ভাষাৰ সংকট আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন উত্থাপন নোহোৱাকৈ থকা নাই৷ সময়ৰ পৰিৱৰ্তন, উচ্চ শিক্ষা, ঔদ্যোগিক বিকাশ আৰু ন-ন আধুনিক বৈজ্ঞানিক সঁজুলিৰ ব্যৱহাৰে এখন সমাজলৈ বিভিন্ন পৰিৱৰ্তন কঢ়িয়াই আনে৷ সমাজৰ এই পৰিৱৰ্তনে পোন প্ৰথমে আমাৰ অজ্ঞাতে পৰোক্ষভাৱে প্ৰভাৱ পেলাই সমাজখনত প্ৰচলিত হৈ থকা ভাষাটোৰ ওপৰত৷ কাৰণ সমাজ এখনৰ ভাবৰ আদান প্ৰদানৰ প্ৰধান আহিলাই হ’ল ইয়াৰ ভাষা৷ বৰ্তমান অসমীয়া ভাষাৰ ৰূপটোলৈ লক্ষ্য কৰিলে দেখা যায় যে, উপৰোক্ত কাৰকসমূহে অসমীয়া ভাষাৰ মাজত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে৷ প্ৰধানতঃ ইংৰাজী, হিন্দী আৰু বাংলা শব্দৰ প্ৰভাৱে অসমীয়া কথিত আৰু লিখিত দুয়োটা ৰূপতে প্ৰভাৱ বিস্তাৰ কৰি বহুতো পূৰণি অসমীয়া শব্দৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে৷
     এটা জাতিৰ জাতীয় ভাষাটো কথিত আৰু লিখিত দুয়োটা ৰূপতে জীয়াই থাকে৷ ভাষাৰ কথিত ৰূপটোৱেই ভাষা এটাক জীয়াই ৰখাৰ প্ৰধান সম্বল যদিও ইয়াৰ লিখিত ৰূপটোৱেও বহু সময়ত ভাষাটোক প্ৰভাৱিত কৰা দেখা যায়৷ ভাষাৰ লিখিত ৰূপটো জীয়াই থাকে প্ৰচলিত সাহিত্যৰ মাধ্যমেৰে৷ লিখিত ভাষাই ভাষাটোৰ শুদ্ধ ৰূপ আৰু জাতীয় শব্দসমূহক ধৰি ৰাখি ভাষাটোক আন আন জাতিৰ ওচৰত আত্মমৰ্য্যদাৰে জীয়াই থকাৰ পথ ৰচনা কৰে৷ কিন্তু বৰ্তমান অসমীয়া ভাষাৰ লিখিত সাহিত্যৰ মাজত অনেক দেশী-বিদেশী শব্দৰ প্ৰচলনে নিভাজ অসমীয়া শব্দসমূহৰ ব্যৱহাৰত বাধাৰ সৃষ্টি কৰিছে৷ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সংবাদ-পত্ৰ, বিভিন্ন আলোচনী আৰু দূৰদৰ্শনৰ ব্যক্তিগত নিউজ চেনেলসমূহৰ লগতে এফ.এম ৰেডিঅ’সমূহে৷
     এটা কথা অনস্বীকাৰ্য্য যে, ভাষা পৰিৱৰ্তনশীল৷ গতিয়েই ভাষা একোটাৰ প্ৰাণ৷ স্থিতিশীল ভাষাই কেতিয়াও প্ৰাণ পাই উঠিব নোৱাৰে৷ সময়ৰ লগত খাপ খাবলৈ যাওতে বা উদ্যোগ আৰু বিজ্ঞানৰ ন-ন সঁজুলিৰ লগত জীৱন যাপন কৰোঁতে, সেই বস্তুসমূহক ব্যৱহাৰ কৰোঁতে দেখা যায় যে, বৰ্তমান অসমীয়া ভাষাত তাৰ প্ৰতিশব্দৰ অভাৱৰ বাবেই হওক বা সময়ৰ লগত খোজ মিলাবলৈ যাওতে হাতৰ কাষতে পোৱা ইংৰাজী শব্দকে আমি গ্ৰহণ কৰোঁ৷ ইয়াৰ ফলত অসমীয়া ভাষালৈ হোৱা পৰিৱৰ্তনে সুদূৰ ভৱিষ্যতে এক গভীৰ সংকট কঢ়িয়াই অনাৰ সন্দেহ নুই কৰিব নোৱাৰি৷

অসমীয়া ভাষাৰ জন্ম আৰু সাম্প্ৰতিক অসমত ইয়াৰ ব্যৱহাৰ:

        পৃথিৱীৰ বৃহত্তম ভাষাগোষ্ঠী ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ বিভিন্ন পৰিৱৰ্তনৰ ফলস্বৰূপে খ্ৰীষ্টীয় দশম-একাদশ শতিকাতে অসমীয়া ভাষাৰ জন্ম হয়৷  সেই সময়ৰ পৰা আজিৰ অৱস্থা পাওঁতে অসমীয়া ভাষাই বিভিন্ন ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্বিক পৰিৱৰ্তন বহন কৰিছে৷ ইয়াৰ লগে লগে অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰতো অনেক দেশী-বিদেশী শব্দই চহকী কৰিছে৷ এনে শব্দবোৰক ধাৰ কৰা শব্দ বা ঋণ শব্দ বুলি কোৱা হয়৷ দুটা ভাষা সম্প্ৰদায়ৰ মাজত সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক যোগাযোগৰ প্ৰধান মাধ্যম হ’ল এই ঋণ শব্দসমূহ৷ কোনো এখন সমাজত এটা উচ্চ শ্ৰেণীৰ ভাষাই প্ৰভাৱ বিস্তাৰ কৰাৰ পিছত নিম্ন শ্ৰেণীৰ ভাষা এটালৈ অনেক ধৰণৰ শব্দ কথিত আৰু লিখিত ভাষাৰ মাধ্যমেৰে প্ৰচলিত হয়৷ পিছলৈ এই শব্দসমূহেই স্থানীয় ভাষাটোত নিগাজিকৈ বহি সেই ভাষাৰ ব্যাকৰণীক ৰূপসমূহ গ্ৰহণ কৰি প্ৰতিষ্ঠা লাভ কৰে৷ শব্দৰ ধাৰে ভাষা এটালৈ যোগাত্মক প্ৰভাৱ কঢ়িয়াই আনে যদিও অত্যাধিক ধাৰ কৰা শব্দই ভাষা এটাক ক্ষতিও কৰিব পাৰে৷ সাম্প্ৰতিক অসমীয়া ভাষাৰ মাজত মন কৰিলে দেখা যায় যে কোনো বাচ বিচাৰ নোহোৱাকৈ ইংৰাজী, হিন্দী, বাংলা শব্দক ব্যৱহাৰ কৰা হৈছে৷ আনহাতে ভাব, কথনভঙ্গীৰ ক্ষেত্ৰতো হিন্দী, ইংৰাজী ভাষাৰ সুৰ-লয়ৰ প্ৰভাৱে আমাৰ ‘সুৱদী সুৰীয়া’ ভাষাক বিকৃত কৰিছে৷
          সাম্প্ৰতিক অসমীয়া ভাষাৰ ব্যৱহাৰৰ দিশটোলৈ লক্ষ্য কৰিলে দেখা যায় যে, ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলো ৰাজহুৱা ক্ষেত্ৰতে আমি সচেতন নহয়৷ আজি অসমত অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ কাৰো সদিচ্ছা নাই৷ প্ৰাথমিক পৰ্যায়ৰ কন কন শিশুৰ শিক্ষাৰ বাবে সৰ্বশিক্ষা, ডি.পি.ই.পি আদি যি শিক্ষা মিছন গঠন কৰিছিল সি বহুক্ষেত্ৰতে অসমীয়া ভাষাটোক বিকৃতহে কৰিছিল৷ ছপাখানাৰ ভুল আৰু অনভিজ্ঞ লোকৰ দ্বাৰা পাঠ্যপুথি প্ৰণয়নৰ ব্যৱস্থাটোৱে অসমীয়া ভাষালৈ বিভিন্ন সংকট নমাই আনিছে৷ আজি চিটিবাছৰ পৰা দল-সংগঠনৰ বেনাৰ, প’ষ্টাৰতো অশুদ্ধ-অদ্ভুত বানানৰ প্ৰয়োভৰ দেখা যায়৷ কোনো কাৰ্য্যলয়লৈ প্ৰয়োজনত এখন দৰ্খাস্ত দিবলগা হ’লে অসমীয়াত লিখাটো লজ্জাজনক কথা হৈ পৰিছে৷ দল-সংগঠনসমূহেও চৰকাৰলৈ কোনো দাবিসম্বলিত পত্ৰ প্ৰেৰণ কৰিব লগা হ’লেও অসমীয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰা অৱস্থা এটাই গা কৰি উঠিছে৷ ইয়াৰ মূলতে হ’ল চৰকাৰী কাৰ্য্যলয়সমূহত অসমীয়া ভাষা জনা আমোলাৰ অভাৱ বা অসমীয়া ভাষা নজনা কোনো ইংৰাজী মাধ্যমত অধ্যয়ন কৰা অসমীয়া ব্যক্তিৰ প্ৰয়োভৰ৷ এনেবোৰ কাৰণেই অসমীয়া ভাষাই পূৰ্বৰ আত্মমৰ্যাদা হেৰুৱাইছে৷
          অসমীয়া ভাষাৰ আন এক দুৰ্যোগৰ বাট কঢ়িয়াই আনিছে ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে৷ এই কথা অনস্বীকাৰ্য্য যে বৰ্তমান ইংৰাজী ভাষাৰ জ্ঞান আৰু ইংৰাজী শিক্ষাইহে ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতে স্বাৱলম্বি হোৱাত সহায় কৰিব পাৰিব৷ কিন্তু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ ফলত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত অসমীয়া ভাষাৰ চৰ্চ্চাৰ অভাৱে দেখা দিছে, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষা এলাগী হৈ পৰিছে৷ বিদ্যালয়ৰ পৰা ঘৰুৱা পৰিৱেশলৈকে সকলোতে ইংৰাজী ভাষাৰ ব্যৱহাৰ অসমীয়া ভাষাৰ অস্তিত্ব সংকটৰ আন এক কাৰণ বুলিব পাৰি৷ অসমীয়া সাহিত্য, সংস্কৃতি, জাতি আৰু মাটিৰ গোন্ধ নথকা পাঠ্যপুথিৰ ব্যৱস্থাইও ছাত্ৰ-ছাত্ৰীক মাতৃভাষানুৰাগী কৰি তুলিব পৰা নাই৷ অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানসমূহেও অসমীয়া ভাষাৰ শুদ্ধতা নিৰ্ণয়ৰ ক্ষেত্ৰত যিমান সচেতন আৰু দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনে ভূমিকা গ্ৰহণ কৰা দেখা পোৱা নাই৷ ইয়াৰ লগতে চৰকাৰৰ সদৃচ্চা আৰু শিক্ষা বিভাগৰ দায়িত্বহীনতাৰ অভাৱেও অসমীয়া ভাষালৈ সংকট নমাই আনিছে আৰু অসমীয়া ভাষাৰ অস্তিত্বক লৈ সন্দেহৰ সৃষ্টি হৈছে৷

সংবাদ-পত্ৰ আৰু অন্যান্য প্ৰচাৰ মাধ্যমে অসমীয়া ভাষালৈ নমাই অনা বিভিন্ন সংকটৰ দিশসমূহ:

          সংবাদ-পত্ৰ আৰু অন্যান্য প্ৰচাৰ মাধ্যমে অসমীয়া ভাষালৈ নমাই অনা সংকটসমূহ হ’ল প্ৰধানত অসমীয়া ভাষাৰ শব্দ আৰু ব্যাকৰণক কেন্দ্ৰ কৰি৷ অশুদ্ধ বানান আৰু উচ্চাৰণৰ ব্যৱহাৰৰ লগতে বিশেষণ আৰু ক্ৰিয়াৰ ব্যৱহাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমসমূহে সচেতন হোৱা দেখা পোৱা নাযায়৷ ইয়াৰোপৰি অসমীয়া বাক্যৰ মাজত অত্যাধিক ইংৰাজী আৰু হিন্দী শব্দৰ ব্যৱহাৰে অসমীয়া ভাষাক বিকৃত কৰা দেখা গৈছে৷ ভাষা এটা বিনিময়ৰ ক্ষেত্ৰত বা বজাৰত যেনেদৰে চলি আছে সেই দৰেই শব্দসমূহক আমদানি কৰি লিখিত সাহিত্যৰ মাজত ব্যৱহাৰ কৰাৰ ফলতে অসমীয়া ভাষাৰ মাজত সংকটে দেখা দিছে৷ উদাহৰণ স্বৰূপে “ইয়াতে চব্জী মাছৰ এখন ডেইলি বজাৰ বহে৷” (সাতসৰী, জানুৱাৰী ২০১০, পৃষ্ঠা-১৫)৷, “মটৰচাইকেলৰ ওপৰত বে-ফিটিৰভাৱে বহি থাকি৷” (সাদিন, ১৮ ডিচেম্বৰ, ২০০৯, পৃষ্ঠা-১৮), “আগতে সি ৰাতিপুৱা শুই উঠি নিউজ পেপাৰ পঢ়ে, ঈশিতাৰ লগত অলপদেৰি কথা পাতি ডিউটিলৈ যাবলৈ সাজু হয়, ডিউটিলৈ যাওঁতে কেণ্টিনত ব্ৰেকফাষ্ট কৰে, দুপৰীয়া ডিউটি শেষ হোৱাৰ পিচত লান্স কৰি ৰুমলৈ আহে৷” (সাদিন, ৮ জানুৱাৰী ২০১০) আদি বাক্যত মন কৰিলে দেখা যায় যে সহজভাৱে উপযুক্ত অসমীয়া শব্দৰে প্ৰকাশ কৰিব পৰা বাক্যৰ ক্ষেত্ৰটো হিন্দী, ইংৰাজী শব্দৰে অসমীয়া বাক্য সৃষ্টি কৰা প্ৰৱণতা এটা গঢ় লৈ উঠিছে৷ প্ৰচাৰ মাধ্যমসমূহত ব্যৱহাৰ হোৱা বিজ্ঞাপনসমূহতো বহু সময়ত বাংলা ভাষাৰ ‘র’ ব্যৱহাৰ হোৱাও লক্ষ্য কৰা দেখা যায়৷ তলত বিভিন্ন প্ৰচাৰ মাধ্যমসমূহে কি দৰে সংকট কঢ়িয়াই আনিছে তাৰ বিশদ আলোচনা আগবঢ়োৱা হ’ল৷

বাতৰি কাকতৰ মাধ্যমেৰে অহা বিভিন্ন সংকট:

       বৰ্তমান সময়ৰ অতি জনপ্ৰিয় সংবাদ মাধ্যম হ’ল বাতৰি কাকত৷ বাতৰি কাকত এখন কেৱল সংবাদ প্ৰচাৰৰ মাধ্যমেই নহয়, ই অনানুষ্ঠানিক শিক্ষাৰো এক মাধ্যম৷ বাতৰি কাকত এখনৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন জ্ঞান লাভ কৰাৰ উপৰিও নিজৰ ভাষা সম্পকীয় জ্ঞানো লাভ কৰে৷ সেয়ে এটা সময়ত বাতৰি কাকতৰ প্ৰচলন আৰু সাংবাদিকতাৰ বৃত্তিক এক সেৱা হিচাপে গ্ৰহণ কৰা হৈছিল৷ অসমীয়া বাতৰি কাকতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়া ভাষাক নিভাজ আৰু শুদ্ধ ৰূপত প্ৰয়োগ কৰি অসমীয়া ভাষা-সাহিত্যক জীয়াই ৰখাৰ স্বাৰ্থতে বাতৰি কাকতৰ জন্ম হৈছিল৷ বঙালী ভাষাৰ ঠাইত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰাত, অসমীয়া ভাষাৰ প্ৰচাৰ আৰু চৰ্চ্চাত, বহিঃজগতৰ ভাবধাৰাৰ লগত অসমীয়া পাঠকৰ মানসিক সংযোগ স্থাপন কৰাত ‘অৰুনোদই’ কাকতে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ উজনি অসমৰ কথিত ভাষাক সাহিত্যৰ ভাষাৰ মৰ্য্যাদা দান কৰে ‘অৰুনোদই’ কাকতেই৷ ইয়াৰ পিছতো হেমচন্দ্ৰ বৰুৱাৰ ‘আসাম নিউজ’, চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘সাদিনীয়া অসমীয়া’, নীলমণি ফুকনৰ ‘দৈনিক বাতৰি’ আদি সংবাদ-পত্ৰই প্ৰকৃততে সেৱাৰ মনোভাৱেৰে অসমীয়া ভাষা-সাহিত্যক উজ্বলাই তুলিছিল৷ কিন্তু সাম্প্ৰতিক সময়ত বাতৰি কাকতৰ প্ৰচাৰ আৰু সংবাদ সংগ্ৰহ এক ব্যৱসায়লৈ ৰূপান্তৰিত হোৱা বাবে সাংবাদিকসকলৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ সৃষ্টি হৈছে৷ এইসকল সংবাদদাতাৰ ক্ষীপ্ৰ আৰু আকৰ্ষণীয় ৰূপত সংবাদ পৰিৱেশন কৰাই মূল উদ্দেশ্য হোৱা বাবে ভাষাৰ শুদ্ধতালৈ মনোযোগ দিয়া দেখা নাযায়৷ ফলত অশুদ্ধ বানান, বাক্যগাঁঠনী আৰু বিসঙ্গতিপূৰ্ণ বিশেষণ আৰু ক্ৰিয়াৰ প্ৰয়োগে অসমীয়া ভাষাক বিকৃত কৰা দেখা গৈছে৷ প্ৰকৃত অসমীয়া শব্দলৈ মন নকৰি প্ৰায়ে বিভিন্ন স্থানীয় কথিত ভাষাতে সংবাদসমূহ প্ৰচাৰ কৰাৰ ফলত অসমীয়া ভাষালৈ প্ৰতিদিনে অলেখ ন-ন শব্দৰ আমদানি হৈছে৷ এই প্ৰসঙ্গত সাংবাদিক-সাহিত্যিক হোমেন বৰগোহাঞিয়ে উল্লেখ কৰিছে যে, “মোৰ নিজৰ হিচাপ মতে অসমীয়া বাতৰি কাকতৰ কল্যাণত প্ৰতি মাহে গড়ে পাঁচটামান বাংলা তদ্ভৱ শব্দ অসমীয়াত প্ৰৱেশ কৰে৷”(প্ৰজ্ঞাৰ সাধনা, পৃষ্ঠা-১০২)৷
      সম্প্ৰতি অসমীয়া বাতৰি কাকতে কঢ়িযাই অনা এটা ডাঙৰ সংকট হ’ল অসঙ্গত বিশেষণৰ প্ৰয়োগ৷ উদাহৰণ স্বৰূপে অসমীয়া ‘তাণ্ডৱ’ শব্দটো বাতৰি কাকতসমূহত প্ৰায়ে ‘বন্যহস্তীৰ তাণ্ডৱ, ধুমুহাৰ তাণ্ডৱ, বানপানীৰ তাণ্ডৱ, উগ্ৰপন্থীৰ তাণ্ডৱ, মেলেৰিয়াৰ তাণ্ডৱ, চিটিবাছৰ তাণ্ডৱ’ এনেদৰে প্ৰয়োগ দেখা যায়৷ প্ৰকৃত শব্দটোৰ গভীৰতা উপলব্ধি নকৰাকৈয়ে সকলো শব্দৰ পিছতে প্ৰয়োগ কৰাৰ ফলত শব্দটোৰ প্ৰকৃত অৰ্থ লোপ পোৱা পৰিলক্ষিত হৈছে৷

আলোচনীৰ মাধ্যমেৰে অহা বিভিন্ন সংকট:

    অসমীয়া আলোচনী সাহিত্যৰ ইতিহাসত জোনাকী যুগৰ পৰা বৰ্তমান সময়লৈকে বিভিন্ন আলোচনীয়ে অসমীয়া ভাষা-সাহিত্য চহকী কৰি আহিছে৷ ইয়াৰ লগে লগে ন-ন লেখক-সাহিত্যিকৰ সৃষ্টিয়েও অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰ কলা-কৌশলৰো নানান পৰিৱৰ্তন হৈছে৷ একেদৰে নতুন নতুন লেখকসকলৰ সৃষ্টি কৰ্মৰ মাজতো ভাষা, বাক্যগাঁঠনি আৰু শব্দ প্ৰয়োগৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা পোৱা গৈছে৷ অসমীয়া সাহিত্যৰ যুগ নিৰ্ণয়কাৰী জোনাকী, বাঁহী, আৱাহন, ৰামধেনু আদি আলোচনীৰ মাজতো সময়ৰ পৰিৱৰ্তনে অসমীয়া ভাষাৰ ব্যাপক পৰিৱৰ্তনৰ সৃষ্টি কৰিছিল৷ কিন্তু অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত এই আলোচনীসমূহৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ৷ অশুদ্ধ বানান, অশুদ্ধ বাক্যগাঁঠনি আৰু বিদেশী শব্দ প্ৰয়োগৰ প্ৰতি এই আলোচনীসমূহ সদা সতৰ্ক আছিল৷ অসমীয়া সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ বহুতো ৰচনাৰ মাজত আমি ঋণ শব্দ দেখা পাওঁ যদিও বেজবৰুৱাই অনাহকত কোনো প্ৰয়োজন নোহোৱাকৈ অসমীয়া ভাষাৰ মাজত বিদেশী শব্দ ব্যৱহাৰ কৰাৰ পক্ষপাতি নাছিল৷ তেওঁ বিদেশী শব্দটোক জীণ নিয়াই নিজৰ ভাষাৰ উপযোগী কৰি তাক ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ সেয়েহে বেজবৰুৱাই তেওঁৰ বিভিন্ন লেখাৰ মাজত কেতিয়াবা বিদেশী শব্দ (ইংৰাজী, আৰৱী, হিন্দী, পাৰ্চি) ব্যৱহাৰ কৰিলেও যতদূৰ সম্ভৱ তাৰ সমান্তৰালকৈ অসমীয়া সমাৰ্থক শব্দটোকো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ মাজত দেখা দিয়া অসংখ্য ইংৰাজী শব্দৰ লগতে অন্যান্য দেশী-বিদেশী শব্দৰ প্ৰয়োগে অসমীয়া ভাষালৈ সংকটৰ বাৰ্তা কঢ়িয়াই আনিছে৷ বৰ্তমান লেখক-সাহিত্যিকসকলে সময়ৰ লগত খাপ খুৱাই গল্প-উপন্যাস ৰচনা কৰোঁতে প্ৰতিটো চৰিত্ৰৰ মুখত দৈনন্দিন ব্যৱহাৰ হোৱা অনেক ইংৰাজী শব্দৰ হুবহু ৰূপ দিবলৈ চেষ্টা কৰা দেখা যায়৷ যাৰ ফলত সাহিত্যই প্ৰাণ পায় উঠে যদিও ইয়ে অসমীয়া ভাষাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা দেখা যায়৷ মনৰ ভাব প্ৰকাশৰ বাবে হাতৰ কাষতে পোৱা ইংৰাজী শব্দটোৰ লিপ্যন্তৰ(Transliterate) ৰূপটোকে ব্যৱহাৰ কৰাৰ ফলত বহুতো অসমীয়া শব্দ বৰ্তমান হেৰাই যাবলৈ ধৰিছে৷ এনেবোৰ শব্দ ব্যৱহাৰৰ অভাৱত পাহৰণিৰ গৰ্ভত লুকাই গৈছে৷ এই কথা অনস্বীকাৰ্য্য যে বৰ্তমান অসমীয়া অভিধানত নতুন নতুন অসমীয়া শব্দ (প্ৰকৃততে যিবোৰ ঋণ শব্দ) অন্তৰ্ভুক্ত হৈছে৷ কিন্তু অভিধান এখনত থকা আধা সংখ্যক পুৰণি শব্দৰ ব্যৱহাৰ অসমীয়া সাহিত্যৰ মাজত বৰ্তমান দেখা পোৱা নাযায়৷ অসমীয়া অভিধানসমূহত থকা বহুতো পুৰণি অসমীয়া শব্দ সংগ্ৰাহালয়ত থকা বস্তুৰ দৰে অসমীয়া শব্দৰ ভঁৰাল চহকী কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত নতুন শ্ৰেণী যুৱক-যুৱতীৰ বাবে এনেবোৰ শব্দৰ ব্যৱহাৰ আওপুৰণি বস্তুৰ দৰেই মূল্যহীন হৈ পৰিছে৷ এনে ধৰণৰ পৰিৱৰ্তনে বৰ্তমান অসমীয়া ভাষালৈ গভীৰ সংকট নমাই আনিছে৷
      সাম্প্ৰতিক সময়্ত এনেবোৰ শব্দ উচ্চ শিক্ষিত লোকসকলৰ দৈনন্দিন জীৱনৰ ভাব প্ৰকাশৰ মাজত ব্যৱহাৰ হোৱা দেখা যায়৷ কিন্তু কথিত ভাষাৰ মাজত ব্যৱহাৰ হোৱা এনেবোৰ শব্দই যেতিয়া লিখিত সাহিত্যৰ মাজত আত্মপ্ৰকাশ কৰে স্বাভাৱিকতে ভাষাৰ সংকটে দেখা দিয়ে৷ বৰ্তমান আমাৰ সমাজত সাধাৰণ ঘৰুৱা শব্দত পৰিণত হোৱা টেবুল, কাপ, পেন, অফিচ, স্কুল, কলেজ, টিভি আদি শব্দবোৰৰ ফলত নিভাজ অসমীয়া শব্দ ক্ৰমে মেজ, পিয়লা, কলম, কাৰ্য্যলয়, বিদ্যালয়, মহাবিদ্যালয়, দূৰদৰ্শন আদি শব্দবোৰ প্ৰায় এলাগি হৈ পৰিছে৷ এনে পৰিপেক্ষিততে ওপৰৰ শব্দবোৰৰ ফলটো এদিন বহুতো অসমীয়া শব্দ হেৰাই যোৱাৰ সন্দেহ নুই কৰিব নোৱাৰি৷ আনহাতে বহু সময়ত আমি প্ৰকৃত, নিভাজ অসমীয়া শব্দ থকাৰ পিছটো ইংৰাজী শব্দৰ সহায় লোৱাও দেখা পোৱা যায়৷ উদাহৰণ স্বৰূপে- গুৰু ট্ৰেইনিং, টাউন-চহৰ (গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৫০) ইত্যাদি৷

ব্যক্তিগত নিউজ চেনেলসমূহৰ পৰা অহা সংকট:

    সম্প্ৰতি অসমত বহুলভাৱে প্ৰচাৰিত দূৰদৰ্শনৰ ব্যক্তিগত নিউজ চেনেলসমূহৰ মাজতো অসলগ্ন বাক্যগাঁঠনি আৰু অত্যাধিক ইংৰাজী শব্দৰ ব্যৱহাৰে অসমীয়া ভাষালৈ সংকট নমাই আনিছে৷ এই ক্ষেত্ৰত অতি সাধাৰণভাৱে অসমীয়া বাক্যৰ মাজত ব্যৱহাৰ কৰা ইংৰাজী শব্দ ‘So’-ৰ অত্যাধিক ব্যৱহাৰে অসমীয়া ভাষাক বিকৃত কৰাই নহয়, ‘সেইকাৰণে’, ‘সেইবাবে’ আদি শুৱলা অসমীয়া শব্দবোৰৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে৷ অসমীয়া ভাষাৰ ক্ষেত্ৰত ব্যক্তিগত নিউজ চেনেলসমূহত দেখা এটা সংকট হ’ল অসমীয়া ‘হলন্ত’ৰ ব্যৱহাৰ৷ প্ৰায়েই দেখা যায় যে কিছুমান শব্দ উচ্চাৰণ কৰোঁতে অনৰ্থক ‘হলন্ত’ ব্যৱহাৰ কৰি অসমীয়া শব্দক বিকৃত কৰি তোলে৷ উদাহৰণ স্বৰূপে- ৰণ্‌কৌশল (ৰণকৌশল), দেহ্‌ৰক্ষী (দেহৰক্ষী), দল্‌পতি (দলপতি) (News Live, বাতৰি, ৪ জানুৱাৰী, ২০১০) ইত্যাদি শব্দত অনৰ্থক হলন্তৰ ব্যৱহাৰ কৰা দেখা যায়৷ ইয়াৰোপৰি প্ৰায়েই ‘ৰ’-কাৰ যুক্ত শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ‘ৰ’-কাৰ প্ৰয়োগ কৰা দেখা নাযায়৷ উদাহৰণ স্বৰূপে- ‘মন্ত্ৰী’ শব্দৰ উচ্চাৰণ কৰা দেখা যায় ‘মন্তী’ হিচপে৷
     ইংৰাজী, হিন্দী ভাষাৰ আৰ্হিৰে এনেধৰণৰ নিউজ চেনেলসমূহ পৰিচালনা কৰিবৰ চেষ্টা কৰাৰ কাৰণে বহু সময়তে সঠিক অসমীয়া ভাষাৰ অভাৱত কিছুমান সংলগ্নহীন শব্দ ব্যৱহাৰ কৰা দেখা যায়৷ চেনেলসমূহত প্ৰায়ে দেখা যায় কোনো অনুষ্ঠানৰ মাজত বিজ্ঞাপন দিব লগা হ’লে ঘোষক-ঘোষিকাই অসমীয়াত ঘোষনা কৰে ‘এটা সৰু বিৰতি’৷ ‘বিৰতি’ শব্দৰ লগত ‘সৰু’ শব্দৰ ব্যৱহাৰ অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ বুলিব নোৱাৰি৷ একেদৰে ব্যক্তিগত চেনেলসমূহত অসমীয়া ভাষাৰ ক্ৰিয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰতো অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ হৈছে বুলি ক’ব নোৱাৰি৷ যোৱা ১৫ জানুৱাৰীৰ ‘নিউজ লাইভ’ৰ ৭ বজাৰ বাতৰিত দেখা পোৱা কেইটামান বাক্য আছিল এনেধৰণৰ “মাটিৰ তলত ছোৱালীজনীক পোতা হৈছে কিয়?”, “ৰাইজে পুতিছে গাঁতত”, “বিঘাই বিঘাই কৰিছে ধানৰ খেতি” ইত্যাদি৷ ইয়াত ‘হৈছে’, ‘পুতিছে’ আৰু ‘কৰিছে’ ক্ৰিয়া কেইটাৰ ব্যৱহাৰ অসমীয়া ভাষাৰ ব্যাকৰণৰ মতে শুদ্ধ বুলিব নোৱাৰি৷ কিন্তু সম্প্ৰতি অসমীয়া ভাষাৰ চেনেলৰ পৰা আৰম্ভ কৰি বাতৰি কাকতলৈকে সকলোতে এনেধৰণৰ বাক্যই ভৰি পৰা দেখা গৈছে৷ এনে চেনেলসমূহত ব্যৱহৃত ভাষাৰ বিষয়্ত সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে মন্তব্য আগবঢ়াইছে যে “অসমীয়া ভাষাৰ কথা শুনিবলৈ ভয়লগা হৈছে৷ ব্যক্তিগত নিউজ চেনেল আৰু এফ-এম ৰেডিঅ’ই অসমীয়া ভাষাৰ নতুনত্ব প্ৰদানত যিদৰে উঠি-পৰি লাগিছে, তাৰ নমুনা এনেধৰণৰ- পৰাগ দাসৰ হত্যাৰ বিচাৰত মূল অভিযুক্ত প্ৰমাণ নোহোৱাৰ দিনা, এটা চেনেলত এগৰাকী যুৱতী সাংবাদিকে পৰাগ দাসৰ মাতৃক সুধিলে- এই বিচাৰৰ জাজমেণ্ট শুনি আপোনাৰ চাগে বেয়া লাগিছে ন...”৷ (সাদিন, ৩০ অক্টোবৰ, ২০০৯, পৃষ্ঠা-১১)৷ কেৱল ব্যৱসায়িক স্বাৰ্থতে ভাষা নজনা, অসমীয়া সমাজ-সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নথকা এচাম ন-ন সাংবাদিকৰ আগমনেই অসমীয়া ভাষাৰ এনে আসোঁৱাহৰ মূল কাৰণ বুলিব পাৰি৷    
  
এফ.এম ৰেডিঅ’ৰ মাধ্যমেৰে অহা বিভিন্ন সংকট:

        বৰ্তমান অসমত বহুলভাৱে প্ৰচাৰিত এফ.এম ৰেডিঅ’ অনুষ্ঠানসমূহেও অসমীয়া ভাষাৰ উচ্চাৰণ আৰু বাক্যগাঁঠনিৰ ক্ষেত্ৰত এক সংকটৰ বাৰ্তা কঢ়িয়াই আনিছে৷ গাঁৱে-ভূঞে সকলোতে বিয়পি পৰা এফ.এম ৰেডিঅ’ দোকান-পোহাৰৰ বাহিৰেও এতিয়া ৰিক্সা, অট’ৰিক্সা, বাছ আদিটো যাত্ৰীক শুনোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা দেখা যায়৷ আনকি ম’বাইল ফোনটো সহজতে উপলভ্য হোৱা বাবে এফ.এম ৰেডিঅ’ই সকলোৰে সাজত জনপ্ৰিয়তা লাভ কৰিছে৷ কিন্তু এনে সহজলভ্য মাধ্যমত দেখা যায় যে, হিন্দীমাৰ্কা ষ্টাইলেৰে নিজকে তথাকথিত আধুনিক সজোৱাৰ মানসেৰে ঘোষক-ঘোষিকাসকলে প্ৰায়েই বিকৃত অসমীয়া ভাষা ব্যৱহাৰ কৰে৷ তেওঁলোকে হিন্দী, ইংৰাজী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰনেৰে এক মিশ্ৰিত ভাষা ব্যৱহাৰ কৰে৷ যি অলপ অচৰপ অসমীয়া ভাষা ব্যৱহাৰ কৰে সেইখিনিতো ভাষাটোৰ শুদ্ধ প্ৰয়োগ দেখা পোৱা নাযায়৷ বাক্যগাঁঠনিত অত্যাধিক সুৰ-লয়ৰ ব্যৱহাৰে নিভাজ শুৱলা অসমীয়া বাক্যক সততে বিকৃত কৰি তুলিছে৷ ইয়াৰ ফলত কেৱল অসমীয়া কথিত ভাষাইযে বিপদাপন্ন হৈছে এনে নহয়, হয়টো সুদূৰ ভৱিষ্যতে অসমীয়া লিখিত সাহিত্যৰ মাজতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে৷
        মিশ্ৰিত ভাষা ব্যৱহাৰে অনুকৰণপ্ৰিয় সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে৷ উদাহৰণস্বৰূপে গুৱাহাটীৰ এফ.এম অনাতাঁৰ কেন্দ্ৰ এটাৰ অনুষ্ঠানত সঘনাই ব্যৱহাৰ হোৱা এটা বাক্য হ’ল – “শুনক শুনাওক লাইফ বনাওক”৷ এই বাক্যটো এটা মিশ্ৰিত ভাষাৰ বাক্য৷ ইয়াৰ অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ নাই৷ লগতে এই প্ৰতিষ্ঠানসমূহৰ বিজ্ঞাপন সমূহতো ইয়াক কোৱাৰ ধৰণেই ব্যৱহাৰ কৰা হয়৷ আনহাতে অসমীয়া সমাজত প্ৰচাৰিত, অসমীয়া সংস্কৃতিৰ বাৰ্তা বাহক এই অনুষ্ঠানবোৰত নিজৰ পৰিচয় দিয়াৰ ক্ষেত্ৰতো ‘হাই’, ‘হেল্লো’ আদি শব্দৰ ব্যৱহাৰ কৰা দেখা যায়৷ একেদৰে এই কথা প্ৰায়েই লক্ষ্য কৰা দেখা যায় যে ঘোষক-ঘোষিকাসকলে কাৰোবাৰ ঘৰলৈ যাবলৈ হ’লে বা কাৰোবালৈ ৰৈ থাকিবলৈ হ’লে ব্যৱহাৰ কৰে “মই এতিয়া খগেন মহন্তৰৰ ঘৰলৈ যায় আছোঁ৷” আৰু “মই তেওঁৰ বাবে ৰখি আছোঁ” এনে ধৰণৰ বাক্য৷ ইয়াত ব্যৱহাৰ কৰা ‘যায়’ আৰু ‘ৰখি’ শব্দ দুটা সম্প্ৰতি সকলো শ্ৰেণী মানুহৰ মাজতে ব্যৱহাৰ হ’বলৈ ধৰিছে৷ সাধাৰণ মানুহৰ মাজত কথিত ভাষাত কি ব্যৱহাৰ হয় সেইটো কোনো গুৰুত্বপূৰ্ণ কথা নহয় যদিও সেই ভাষা যেতিয়া প্ৰচাৰ মাধ্যমত ব্যৱহাৰ কৰা হয় তেতিয়াই ই ভাষালৈ সংকট নমাই অনা বুলিব পাৰি৷ নতুন প্ৰজন্মৰ মাজত বহুলভাৱে প্ৰচাৰিত এফ.এম ৰেডিঅ’ৰ ঘোষক-ঘোষিকাসকলৰ ভাষাৰ ব্যৱহাৰৰ বিষয়ে অনুৰাধা শৰ্মা পূজাৰীয়ে কেইটামান অতি গুৰুত্বপূৰ্ণ উদাহৰণ দাঙি ধৰিছে- “আপুনি কুকিং কৰি ভাল পায়নে? আপোনাৰ স্কুল গয়িং বাচ্ছাটোৰ টিফিন বনাবলৈ টাইম এডজাষ্ট কেনেকৈ কৰে? আমি এতিয়া যায় আছো, গায়িকা দীপালী বৰঠাকুৰৰ ঘৰলৈ, যদিও তেওঁ এতিয়া গান নাগায়, তেওঁৰ পুৰণা গানচব বজাম৷” (সাদিন, ৩০ অক্টোবৰ, ২০০৯, পৃষ্ঠা-১১)৷

সংকট মোচনৰ বিভিন্ন দিশসমূহ:

        আমাৰ গৱেষণা পত্ৰত উল্লেখ কৰা বিভিন্ন সংকটসমূহে অসমীয়া ভাষাৰ আভ্যন্তৰিণ ক্ষেত্ৰত ভাষাটোক ক্ষতি কৰা দেখা গৈছে৷ এই সংকটৰ পৰা অসমীয়া ভাষাক ৰক্ষা কৰিবলৈ হ’লে সংবাদ-পত্ৰৰ পৰা আৰম্ভ কৰি সকলো প্ৰচাৰ মাধ্যমে সতৰ্কতা অৱলম্বন কৰিব লাগিব৷ ভাষাটোক জীয়াই ৰাখিবলৈ কথিত আৰু লিখিত দুয়োটা মাধ্যমতে ভাষাটোৰ শুদ্ধ প্ৰয়োগ অতি প্ৰয়োজনীয় বিষয়৷ সাধাৰণতে কথিত ভাষাৰ শব্দ আৰু লিখিত ভাষাৰ শব্দৰ মাজত কিছু পাৰ্থক্য বা ব্যৱধান ৰাখি চলিলেহে নিভাজ অসমীয়া ভাষাৰ শব্দসমূহ জীয়াই থাকিব বুলি আশা কৰিব পাৰি৷  ইংৰাজী শব্দৰ ব্যৱহাৰৰ প্ৰ্ৰয়োজন নোহোৱা বা ভাব প্ৰকাশৰ বাবে উপযুক্ত অসমীয়া শব্দ থাকিলে তাক ব্যৱহাৰ কৰাৰ প্ৰতি গুৰুত্ব দিলেহে অসমীয়া ভাষাৰ চাহিদা বৃদ্ধি পাব৷ এই প্ৰসঙ্গতে ডঃ গকুল গোস্বামীয়ে মত আগবঢ়াইছে যে, “নিজৰ শব্দৰ ব্যৱহাৰ অটুট ৰাখি আৱশ্যকানুযায়ী আন ভাষাৰ শব্দ গ্ৰহণ কৰিলে, ভাষাৰ মৃত্যু নঘটে বৰং উৎকৰ্ষহে হয়৷... কিন্তু যেতিয়া, বিশেষকৈ লিখিত ভাষাত নিজস্ব শব্দক উঘালি আন ভাষাৰ শব্দক বৰপীৰা পাৰি দিয়া হয়, তেতিয়াই ভাষা মৃত্যুমুখী হয়৷” (গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৪৮)৷
     ইয়াৰ পিছতে সংবাদ মাধ্যমত প্ৰকাশিত বিজ্ঞাপনসমূহৰ ভুল বানান আৰু আশুদ্ধ বাক্যগাঁঠনিসমূহ শুদ্ধৰূপত প্ৰচাৰৰ বাবে বিজ্ঞাপন প্ৰতিষ্ঠানসমূহে চিন্তা কৰা উচিত৷ বাতৰি কাকতত বিজ্ঞাপন দিওঁতা ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী কৰ্তৃপক্ষৰ বিজ্ঞাপনসমূহ প্ৰচাৰ কৰা নকৰাটো সংবাদ পত্ৰ বা অন্যান্য প্ৰচাৰ মাধ্যমসমূহৰ নিজস্ব কথা যদিও এই ক্ষেত্ৰত সংবাদ-পত্ৰসমূহে কিছু ভূমিকা গ্ৰহণ কৰিব পাৰে৷ ভাষাৰ শুদ্ধতাৰ স্বাৰ্থত বিজ্ঞাপনৰ শব্দবোৰ শুদ্ধ কৰাৰ লগতে বিজ্ঞাপনদাতালৈ সেইবোৰ ওভতাই পঠোৱাৰো ব্যৱস্থা কৰিব পাৰে৷
     বৰ্তমান সময়্ত সাংবাদিকতাৰ প্ৰশিক্ষণত সংবাদ সংগ্ৰহৰ বিভিন্ন দিশসমূহ আলোচনা কৰা হয় যদিও ভাষাৰ ব্যৱহাৰৰ দিশটো বিচাৰ কৰা নহয়৷ সঠিক ভাষা প্ৰয়োগৰ বাবে বিভিন্ন ভাষাতত্ত্ববিদৰ জড়িয়তে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা প্ৰয়োজন৷ কাৰণ সাংবাদিক বৃত্তিৰ অতি প্ৰয়োজনীয় দিশটোৱেই হ’ল ভাষা৷ অৰ্থাৎ কোনো এটা বিষয়ক সঠিকভাৱে বুজাব পৰাকৈ কোনো এটা ভাষাৰ অভিধান আৰু ব্যাকৰণৰ জ্ঞান অতি আৱশ্যক৷
 
অসমীয়া ভাষাৰ ভৱিষ্যত:

         অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে সময়ে সময়ে বিভিন্ন চিন্তাবিদে বিভিন্ন মত দাঙি ধৰিছে৷ ভাষা এটাৰ ভৱিষ্যত নিৰ্ভৰ কৰে প্ৰধানত দুটা বিষয়ৰ ওপৰত: (ক) যদি ভাষাটো ব্যৱহাৰ কৰা ব্যক্তিৰ সংখ্যা দিনে দিনে কমি আহে আৰু (খ) যদি ভাষাটোৰ মাজত অধিকভাৱে আন ভাষাৰ শব্দই বৰপীৰা পাৰি বহে৷ সাম্প্ৰতিক অসমীয়া ভাষালৈ লক্ষ্য কৰিলে ওপৰৰ দুয়োটা কাৰণেই কম বেছি পৰিমাণে লক্ষ্য কৰা দেখা যায়৷ ভাৰতৰ লোকপিয়লৰ পৰিসংখ্যাত শেহতীয়াভাৱে এই কথা প্ৰকাশ পাইছে যে, অসমত অসমীয়াভাষী লোকৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে৷ লোকপিয়লৰ তথ্যত প্ৰকাশ পোৱা তথ্য মতে ১৯৯১ আৰু ২০০১ চনত অসমৰ জনসংখ্যা আছিল ক্ৰমে ২২,৪১৪,৩১২ আৰু ২৬,৬৩৮,৪০৭ আৰু শতকৰা বৃদ্ধিৰ হাৰ আছিল ১৮.৯৷ ১৯৯১ চনত অসমীয়া, বাংলা, হিন্দী আৰু অন্যান্য জনগোষ্ঠীয়-ভাষীৰ সংখ্যা (হেজাৰ হিচাপত) আছিল যথাক্ৰমে ১২,৯৫৮, ৪,৮৫৭, ১,০৩৫, আৰু ৩,৫৬৪৷ আটাইকেইটা ভাষীৰ লোকৰ বৃদ্ধিৰ হাৰ একে বুলি ধৰিলে (১৮.৯%), ২০০১ চনত অসমীয়াভাষী লোকৰ সংখ্যা হ’ব লাগে (হেজাৰত) ১৫,৪২০ জন৷ কিন্তু ২০০১ চনৰ প্ৰকৃত তথ্যলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়াভাষী লোকৰ সংখ্যা হয় (হেজাৰত)১৩,১৭৫ জন৷ অৰ্থাৎ ১৯৯১ চনৰ পিয়লৰ অনুসাৰে ২০০১ চনৰ পিয়লত মাতৃভাষা অসমীয়া বুলি লিখিবলগীয়া ২,২৪৫ হেজাৰ লোকে অসমীয়া বুলি নিলিখিলে৷ (গোস্বামী, গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৪৮)৷ উক্ত প্ৰৱন্ধত ১৯৯১ আৰু ২০০১ চনৰ ভিতৰত নগাঁও, বৰপেটা, দৰং, শোণিতপুৰ, মৰিগাঁও, লখিমপুৰ আৰু ধেমাজি আদি সাতখন জিলাত পোন্ধৰ লাখ লোকে মাতৃভাষা সলোৱাৰ এক ভয়ঙ্কৰ তথ্যও দাঙি ধৰিছে৷ ইয়াৰে প্ৰায় দুই-তৃতীয়াংশই মাতৃভাষা বাংলা আৰু বাকীখিনীয়ে অন্যান্য জনজাতীয় ভাষাকে মাতৃভাষা বুলি মানি ল’লে৷ স্বাভাৱিকতেই অসমলৈ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশ তথা শেহতীয়াকৈ এই অনুপ্ৰৱেশকাৰীসকলে নিজকে বঙালীভাষী বুলি পৰিচয় দিয়া বাবেই ৰাজ্যখনৰ ভাষিক জনগাঁথনিৰ এনে অস্বাভাৱিক পৰিৱৰ্তনৰ মূল কাৰণ বুলি ভাবিব পাৰি৷ আনহাতে তথাকথিত স্বায়ত্বশাসনৰ সংঘাতেও বৃহত্তৰ অসমীয়া জাতি গঠনত বাধাৰ সৃষ্টি কৰিছে৷ ইয়াৰ লগে লগে সেই জনজাতিসমূহে নিজৰ থলুৱা ভাষাকে মাতৃভাষা হিচাপে গ্ৰহণ কৰাৰ বাবেও অসমীয়া ভাষালৈ সংকট নামি আহিছে৷ ১৯৯১ চনৰ পৰা ২০০১ চনৰ সময়ছোৱাত অসমৰ প্ৰতি দহ হেজাৰ লোকৰ ভিতৰত অসমীয়াভাষী লোকৰ সংখ্যা ৮৩৭ হ্ৰাস পোৱাৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা ৬২৪ বৃদ্ধি পাইছে৷ এনেদৰে হিন্দীভাষী লোকৰ সংখ্যা ১৩৫, নেপালীভাষী লোকৰ সংখ্যা ২২, উৰিয়াভাষী লোকৰ সংখ্যা ২৫ বৃদ্ধি পাইছে৷ (অসমীয়া প্ৰতিদিন, ৬ জানুৱাৰী ২০০৮)৷
       ওপৰৰ তথ্যৰ পৰা এটা কথা প্ৰতিয়মান হয় যে প্ৰতি বছৰে অসমীয়াভাষী লোকৰ সংখ্যা হ্ৰাস পায় আহিছে৷ যিটো অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ বিষয়৷ এনে এক সন্দেহৰ আধাৰতে ২০২০ চনত অসম বাংলাদেশীৰ দখললৈ যাব বুলি জাৰ্মান চৰকাৰৰ সংস্থা ‘জাৰ্মান এডভাইজাৰি কাউন্সিল ফৰ গ্ল’বেল চেঞ্জ’ নামৰ প্ৰতিষ্ঠানটোৱে এক তথ্যভিত্তিক প্ৰতিবেদনো প্ৰকাশ কৰিছে৷
    অসমীয়া ভাষাৰ ভৱিষ্যত নিৰ্ভৰ কৰা আনটো দিশ আলোচনা কৰি চালে দেখা যায় যে সাম্প্ৰতিক অসমীয়া ভাষাৰ মাজত সকলো ক্ষেত্ৰতে ইংৰাজী, হিন্দী আৰু বাংলা ভাষাৰ প্ৰভাৱে থলুৱা অসমীয়া শব্দসমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ এনে সন্দেহৰ আধাৰতে হোমেন বৰগোহাঞে ‘মিচিং আগম কৌবাং’ৰ মুকলি সভাত “ঘাতক ভাষা ৰূপে ইংৰাজীয়ে ক্ষুদ্ৰ ভাষাবোৰক ধ্বংস কৰিব” বুলিও মত প্ৰকাশ কৰে৷ তেওঁৰ মতে “এইটো ধ্ৰুব সত্য যে আৰু এশ বছৰৰ পিছত পৃথিৱীত মাত্ৰ পোন্ধৰটা জীৱন্ত ভাষা ৰূপে চলি থাকিব৷ আনহাতে আৰু ১৫০ টা ভাষা মাত্ৰ জীয়াই থাকিব৷ এই ১৫০ টা ভাষা মাত্ৰ ঘৰুৱা ব্যৱহাৰতে সীমাবদ্ধ থাকিব৷” (আমাৰ অসম, ১৫ নৱেম্বৰ ২০০৯)৷ আমাৰ ওপৰৰ আলোচনাত সাম্প্ৰতিক লিখিত আৰু কথিত প্ৰচাৰ মাধ্যমসমূহে কিদৰে ইংৰাজী ভাষা ব্যৱহাৰ কৰিছে তাৰ এক সম্যক ধাৰণা দিয়া হৈছে৷ ইয়াৰোপৰি দেখা যায যে মধ্যবৃত্ত বেছিভাগ লোক আজিও মাতৃভাষানুৰাগী হৈ উঠিব পৰা নাই৷ শিক্ষাৰ মাধ্যমৰ লগতে ঘৰুৱা ভাব বিনিময়টো বেছিভাগ লোকেই মাতৃভাষা ব্যৱহাৰ নকৰি নিজৰ সন্তানৰ লগত ইংৰাজী ভাষা ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷ অসমৰ সাধাৰণ চাহ-তামোলৰ দোকানৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠানসমূহ নামফলক, কাৰ্য্যলয়ৰ জাননী, গোহাৰীপত্ৰ বা চিঠী আদি আজিও অসমীয়া ভাষাত বাধ্যতামূলকভাৱে ব্যৱহাৰ হোৱা নাই৷ এনে বিভিন্ন কাৰণ বিশ্লেষণ কৰি অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে বিভিন্নজনৰ মনৰ মাজত সন্দেহ জাগ্ৰত নোহোৱাকৈ থকা নাই৷ কিন্তু সকলো সন্দেহৰ মাজতো অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে বহুতো ভাষাবিদে কিছু আশা ব্যঞ্জক মত আগবঢাইছে৷
     ভাষাবিদ ডঃ গোলোক চন্দ্ৰ গোস্বামীৰ মতে “অসমীয়া পৃথিৱীৰ শক্তিশালী ভাষাবোৰৰ অন্যতম৷ এই ভাষাৰ ভৱিষ্যত অতি উজ্জ্বল৷ এই শক্তিশালী ভাষাৰ কোনো দিন মৃত্যু হ’ব নোৱাৰে বা লুপ্ত হ’ব পাৰে বুলি কৰা আশংকাও অমূলক৷” (আমাৰ অসম, ১৬ নৱেম্বৰ ২০০৯)৷ অসমীয়া ভাষাৰ মাজলৈ বিভিন্ন সংকট নামি আহিলেও অসমীয়া ভাষাৰ মৃত্যু হ’ব বুলি একেষাৰে ক’ব নোৱাৰি৷ অসমৰ বিভিন্ন জনগোষ্ঠীসমূহে অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে চিনাকী নিদিলেও এই কথা নিশ্চিত যে, সামাজিক ভাবৰ আদান প্ৰদানৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকলে, বড়োসকলে আৰু আন আন জনগোষ্ঠীসমূহে অসমীয়া ভাষাকে ব্যৱহাৰ কৰে৷ শিক্ষা আৰু সংস্থাপনৰ বাবে এই জনগোষ্ঠীয় লোকসকল যিমানেই বাহিৰলৈ ওলাই আহিছে সিমানেই অসমীয়া ভাষা ক’বলৈ আৰম্ভ কৰিছে৷ মুঠৰ ওপৰত বৃহৎ সংখ্যক ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৱে অসমীয়া ভাষাকে যোগাযোগৰ একমাত্ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে৷ আনহাতে ১.৩১ কোটি অসমীয়াৰ মাজত অসমীয়া ভাষা চিৰদিন জিলিকি থাকিব৷ এক লাখ শব্দৰে হেমকোষৰ পূৰ্ণতা, দুই লাখ অসমীয়া শব্দৰ পূৰ্ণাঙ্গ ‘জাতীয় অভিধান’ৰ সৃষ্টিও অসমীয়া ভাষাৰ উজ্জ্বল ভৱিষ্যতৰ এক সম্ভাৱনাপূৰ্ণ দিশ৷ অসমীয়া ভাষাৰ শব্দক বিশ্বৰ যিকোনো প্ৰান্তত চাব পৰাকৈ ‘শব্দ’ (http://www.xobdo.org/) নামৰ এখন অনলাইন অসমীয়া অভিধানো বৰ্তমান ইণ্টাৰনেটত উপলভ্য হৈছে৷ প্ৰায় ২২০০০ অসমীয়া শব্দৰ ইংৰাজী প্ৰতিশব্দৰ লগতে এই অভিধানখনত অসমীয়া ভাষাৰ অনেক ফকৰা-যোজনাও সংলগ্ন কৰা হৈছে৷ অসমীয়া ভাষাত এখন ইন্টাৰনেট বিশ্বকোষ প্ৰণয়নৰ কাৰণেও ৱিকিপেডিয়া (http://www.as.wikipedia.org/) নামৰ ৱেবচাইটটোৱে অসমীয়া ভাষাত যথেষ্ট কাম হাতত লৈছে৷ সাম্প্ৰতিক সময়ত অসমীয়া আখৰ কম্পিউটাৰত ব্যৱহাৰ কৰিব পৰাকৈ বিভিন্ন প্ৰযুক্তিৰ উদ্ভাৱন কৰা হৈছে৷ মাইক্রছ‌ফ্‌টৰ দৰে ছ‌ফ্‌টৱেৰ কোম্পানিসমূহেও বৰ্তমান অসমীয়া ভাষাক কম্পিউটাৰত ব্যৱহাৰৰ বাবে বিভিন্ন আচঁনী গ্ৰহণ কৰিছে৷ এই ক্ষেত্ৰত মাইক্রছ‌ফ্‌টৰ প্ৰাক্তন পৰিচালক সঞ্চালক বিল গেটছৰ এক সুদূৰ প্ৰসাৰি কাম হ’ল Windows Vista আৰু Windows-7 নামৰ নতুন ‘অপাৰেটিং ছিষ্টেম’ দুটা অসমীয়া ভাষাত অনুবাদ কৰা৷ ইয়াৰ ফলত কম্পিউটাৰ এটাৰ মনিটৰত ভাহি উঠা সকলো আদেশ, বাক্য, শব্দ, সহায় আদি অসমীয়া ভাষাত ব্যৱহাৰ কৰিব পৰা হ’ব৷ ইয়াৰ লগে লগে Nokia-ৰ দৰে ম’বাইল কোম্পানিসমূহেও অসমীয়া ভাষাক ম’বাইল পৰিচালনাত সহায় হ’ব পৰাকৈ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিছে৷ এই ফালৰ পৰা অসমীয়া ভাষাৰ ভৱিষ্যতকলৈ কোনো ধৰণৰ শংকা বা সন্দেহৰ অৱকাশ নাই৷ কিন্তু এই আস্বাসৰ মাজতো আমি এই কথা পাহৰিলে নহ’ব যে ভাষা এটাৰ সঠিক শুদ্ধ ৰূপটো জীয়াই থাকে লিখিত সাহিত্যৰ মাজেৰেহে৷ সেয়েহে অসমীয়া ভাষাৰ নিভাজ শব্দসমূহক কেৱল অভিধানৰ মাজতে সীমাবদ্ধ নাৰাখি তাক ব্যৱহাৰৰ মাধ্যমেৰেহে অসমীয়া ভাষাক জীয়াই ৰাখিব পৰা হ’ব৷ ইয়াৰ ওপৰতেই অসমীয়া ভাষাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব৷

উপসংহাৰ:

     আমাৰ গৱেষণা পত্ৰত সংবাদ-পত্ৰ, আলোচনী, ব্যক্তিগত নিউজ চেনেলসমূহ আৰু এফ.এম ৰেডিঅ’ৰ মাধ্যমে অসমীয়া ভাষালৈ নমাই অনা বিভিন্ন সংকটৰ দিশসমূহ আলোচনা কৰাৰ লগতে তাৰ সমাধানৰ দিশসমূহো আলোচনা কৰা হৈছে৷ কিন্তু বাস্তৱিকতে ওপৰোক্ত মাধ্যম কেইটাই অসমীয়া ভাষাৰ সংকটৰ মূল কাৰণ নহয়৷ ইয়াৰ মূল কাৰণ হ’ল ১৯৬০ চনত চৰকাৰী ভাষা আইন গৃহিত হোৱাৰ পিছতো আজিলৈকে অসমত এই আইন চৰকাৰীভাৱে গৃহিত হোৱা দেখা নগ’ল৷ ইয়াৰ লগতে ৰাজহুৱা স্থানত বা অন্যান্য প্ৰচাৰ মাধ্যমত ভুলকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ৰাজহুৱাভাৱে মাত মতা দুই-এজন ব্যক্তিৰ বাহিৰে কোনো দল-সংগঠন দেখা পোৱা নাযায়৷ অসমত অসমীয়া ভাষাৰ বাবে ১৯৪৬ চনৰ পৰা ১৯৭২ (অসমীয়া মাধ্যম আন্দোলন) চনলৈকে যিদৰে সংগ্ৰাম কৰিব লগা হৈছিল ভাৰতৰ আন কোনো ৰাজ্যতে তেনে আন্দোলন গঢ়ি উঠা নাছিল৷ কিন্তু অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ বাবে ১৯৬০ চনত ভাষা আন্দোলনৰ গুৰি ধৰা নেতাসকলেই ১৯৮৫ চনত ‘অসম গণ পৰিষদ’ দল গঠন কৰি চৰকাৰ গঠন কৰাৰ পিছতো চৰকাৰী কাৰ্য্যলয়সমূহত অসমীয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰাটো সচাই পৰিতাপৰ কথা৷ মনকৰিবলগীয়া যে অসমতকৈ তিনি বছৰ পাচত চৰকাৰী ভাষা আইন গৃহিত হোৱা কৰ্ণাটকত চৰকাৰী কাৰ্য্যলয়বোৰত ইংৰাজী মুদ্ৰণ লিখন যন্ত্ৰ আঁতৰাই তাৰ ঠাইত কানাড়া মুদ্ৰণ যন্ত্ৰ দিয়া হয়৷ আনকি কৰ্ণাটকত এতিয়া কানাড়া ভাষা নজনা কোনো ব্যক্তিয়ে চৰকাৰী ভাষাৰ বাবে আৱেদন কৰিব নোৱাৰে৷ একেদৰে মালয়েছিয়া চৰকাৰে দেশখনত মালয় ভাষাটো ভুলকৈ ৰাজহুৱা নামফলক আদিত লিখিলে ১০০০ ৰিংগ্ৰিট অৰ্থাৎ ১২,২০০ টকা পৰ্যন্ত জৰিমনা বিহাৰ কথা বিবেচনা কৰিছে৷ কিন্তু চাৰিওফালে অসমীয়া ভাষাৰ অশুদ্ধ ব্যৱহাৰ হৈ থকাৰ পিছতো অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷ অসমীয়া ভাষাৰ সংকটৰ বিভিন্ন দিশ সময়ে সময়ে বিভিন্ন সংবাদ-পত্ৰ, আলোচনীত আলোচনা কৰি থকাৰ পিছতো আজিলৈকে কাৰ্য্যক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল৷ ১৯৩৭ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সপ্তদশ অধিবেশনৰ সভাপতিৰ ভাষণত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে এষাৰ কথা কৈছিল- “আমাৰ ইমান ওচৰতে গাতে লাগি থকা যিবিলাক অসমীয়া ভাষা নজানা মানুহ আছে তেওঁলোকক আমি আকৰ্ষণ কৰি আনিব নোৱাৰিলে তেওঁলোকে নিজে আমাৰ ভাষা, কৃষ্টি-সংস্কৃতি অকলে মন দিব বুলি আশা কৰিব নোৱাৰি৷” কিন্তু বাস্তৱত দেখা গৈছে সৌ সিদিনা স্বায়ত্বশাসন গঠন কৰা বড়ো জনগোষ্ঠীয়ে নিজৰ বি.টি.এ.ডি এলেকাত নিজস্ব বড়ো ভাষাৰে চৰকাৰী কাম-কাজ চলোৱাৰ কথা ভাবিছে৷ অথচ অসমীয়া ভাষা সংখ্যা আৰু মানত ডাঙৰ হৈয়ো নিজৰ চৰকাৰী কাৰ্য্যলয়তে এলাগী হৈ পৰি আছে৷ হয়তো এনেদৰে থাকিলে সুদূৰ ভৱিষ্যতে অসমীয়া ভাষা কেৱল বিদ্যালয়ৰ পাঠ্যপুথিৰ মাজতে আৱদ্ধ হৈ থাকিব৷ সাম্প্ৰতিক সময়ত দূৰদৰ্শনৰ চেনেলসমূহত গ্ৰহণ কৰা সাক্ষাৎকাৰসমূহত দেখা যায় আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষা গ্ৰহণ কৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধ অসমীয়া ভাষাত এটা বাক্যও সম্পূৰ্ণ কৰিব নোৱাৰে৷ উদাহৰণ স্বৰূপে যোৱা ১৫ জানুৱাৰী ২০১০ চনৰ ‘নিউজ লাইভ’ৰ ৭ বজাৰ বাতৰিত সূৰ্য্য গ্ৰহণৰ বিষয়ে সাংবাদিকে এগৰাকী ছাত্ৰীক সোধাত তেওঁ উত্তৰ দিছিল এনেদৰে “Sunটো আৰু earthটোৰ মাজত moonটো আহি গৈছিল৷” আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ মুখৰ এনে ভাষাই অসমীয়া ভাষাৰ ভৱিষ্যত সংকটৰ আন এক কাৰণ বুলিব পাৰি৷
      যেতিয়ালৈকে অসম সাহিত্য সভাই বৃহত্তৰ অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰাৰ দাবী কৰিব নোৱাৰে, অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, যেতিয়ালৈকে চৰকাৰী আমোলা, বিষয়াই অসমীয়া ভাষা জনাতো বাধ্যতামূলক কৰিব নোৱাৰে, ইংৰাজী বিদ্যালয়সমূহত জাতীয় ভাষা হিচাপে অসমীয়া ভাষা জনাটো বাধ্যতামূলক কৰিব নোৱাৰে, ৰাজহুৱা প্ৰতিষ্ঠান, দোকান, বেনাৰ, পোষ্টাৰত অসমীয়া ভাষা ভুলকৈ লিখিলে জৰিমনাৰ ব্যৱস্থা কৰিব নোৱাৰে তেতিয়ালৈকে অসমীয়া ভাষা অসমতেই এলাগি হৈ থাকিব আৰু বিভিন্ন সংকটৰ ব্যাধি কঢ়িযাই কঢ়িয়াই কেৱল লিখিত অভিধান, ব্যাকৰণ আৰু কিতাপৰ মাজতেই আৱদ্ধ হৈ পৰিব৷

( অনুগ্ৰহ কৰি কোনো তথ্য প্ৰতিলিপি নকৰিব)

2 comments:

  1. সু লিখিত আৰু সু বিশ্লেষিত প্ৰৱন্ধটিৰ বাবে ধন্যবাদ।

    ReplyDelete